ফটাঢোল

গােলােকৰ বিয়া, গুণ দাইটি আৰু বাই-ইলেকচন- ডা° প্রাঞ্জল জ্যোতি দত্ত

মই : হেঃ হেঃ, গুণ দাইটি দেখােন। মুখখন তেনেই ওন্দোলা যে কথাটোনাে কি?

গুণ দাইটি :  তােৰ হাতত অকণমান সময় আছেনে অ’ কণপাই, কথা দুটামান ক’বলৈ মন গৈ আছে।

মই : এঃ দাইটি, কৈ দিয়ক কৈ দিয়ক, শুনিলে যদি আপােনাৰ মনটো শাত পৰে, কেলৈনাে নুশুনিম! শুনিম।

গুণ দাইটি : যােৱামাহৰ গােলােকৰ বিয়াখনৰ কথা মনত আছে নহয় তােৰ লুচি, মিহিদানা, ৰসগােল্লাৰে দেখােন তয়াে নেলু জোকাৰি খাইছিলি, তাৰ বিয়াখন পিচে কি হ’ল-বিয়াৰ এমাহৰ পিছতে গােলােকে কৈ নিদিলে জানাে এইজনী তিৰীৰ লগত নােৱাৰে সি সংসাৰ কৰিব। তাই বেচেৰী হিয়ালি-জিয়ালীজনী হৈ মাকৰ ঘৰ পালেগৈ, নাপায় অ’ কণপাই, নাপায় নহয় এনেকুৱা কৰিব। গােলােকে এইফেৰা কাম কৰিব মুঠেও নালাগিছিল। হেৰৌ, তিৰীজনী যদি তােৰ লায়েকৰ নহয়, তই তাইক ঘৰলৈ আনি সুমুৱাৰাে এমাহ ওকলালৈকে ৰ’ব লাগিছিলনে? বিয়াখনৰ আগতেই ভাবিব নালাগিছিলনে? বােলে মােৰ এইজনীত মনখােৱা নাই, নানাে বচ,  মছলাও বিলালি, গুৱা পাণাে যাচিলি ৰাইজখনে এই ক’ৰােনা বেমাৰৰ মাজতে আহি মূৰৰ চুলি ছিঙি আশীর্বাদো দিলেহি তােক জোলােকা জোলােকে। তই দাঁত দুপাৰি দিনৰ দিনটো এখন্তেকো নাসামৰাকৈ দুহাতপাতি ল’লিও সেয়া। দহ নে বাৰটাই আকৌ ক’ৰােনাও চপালে আক’ দেই গােলােকৰ বিয়াতে- মনত ৰাখিবি কণপাই। হু–আও এতিয়া বাউ, তাৰ কোন সতে মন গ’ল ঔ এইখন কৰিবলৈ হেৰৌ অধঃপাতে যােৱাটো।

কণপাই, তই শুনিছ নে নাই, অহামাহত গােলােকৰ আকৌ বিয়া কইনা ভাতেমৰাৰ জগত মাষ্টৰৰ সৰুজনী- ফুলেশ্বৰী। এতিয়া গােলােকে কৈ ফুৰিছে বােলে আচলতে ফুলেশ্বৰীহে হেনাে তাৰ সৈতে একেবাৰে খাজে-খাপে মিলি পৰা। আগৰজনীৰ কাষ বােলে কিবা ভুলতেহে চাপিছিল। হৰি বিষ্টু, হৰি বিষ্টু কণপাই! ..ৰভাৰ বৰ খুটা পৰিলেই। বােলে হেৰৌ এই আপদীয়া দিনত বাৰু এনেকৈ ৰাইজখনক নগুৰ-নাগতি কৰিব লাগেনে? ৰসগােল্লা, মিহিদানা খুৱাই মানুহ চপালিয়েই যেনিবা এগালমান, এই গা বাগৰা বিধ আকৌ বাৰু নবগাবনে ইটোৰ পৰা সিটোলৈ! বাপেৰৰ টকা আছে বুলিয়েই তেনেকৈ ছটিয়াবিনে? কিমান ঘাম সিচি নৰামে সেয়া কৰিলে, তই নুবুজিলেও অমুকাই বুজে নহয়৷ আৰু এটা কথা…..

মই : হ’ব হ’ব বুজিছােঁ সেইবােৰ। পিচে দাইটি, গােলােকৰ বিয়াখনৰ লগত আপােনাৰ ওফোন্দা মুখখনৰ কি সম্বন্ধ সেইটোহে নুবুজিলােঁ দেই।

গুণ দাইটি : (খঙেৰে উচাট মাৰি যায়গৈ) তহঁতে নুবুজ এইবােৰ নুবুজ কাৰণ ভাবিবই নােৱাৰ তহঁতে দেশখন যিদিনা উচন যাব তেতিয়াও নুবুজাকৈয়ে থাকিবি তহঁতগাল হুহ..!

এসঃ গুণ দাইটিৰ খঙেই উঠি গ’ল| কিনাে ভাবি গুণি থাকে জানাে এই মানুহটোৱে ধৰিবই নােৱাৰি!

ঠিক চাইকেলখনত উঠিব খােজোঁতেই জয়ন্ত ওলালহি মুখৰ আগতে। জয়ন্ত এটা ৰাজনৈতিক দলৰ কৰ্মী। ইয়াৰ আকৌ কি কথা ওলাল মােৰ সৈতে!

এনেয়ে কাষেৰে পাৰ হৈ গ’লেও নামাতে দেখােন! আজি এনেকৈ উপযাচি কাষ পালেহি দেখােন।

জয়ন্ত : কণপাই কাইদৌ, গম পাইছেই নহয়, বাই ইলেকচন মানে কি বােলে নে উপনির্বাচন পালেহিয়েই নহয়। এইবাৰ যােৱাবাৰ জিকাজন আমাৰ দলৰ প্রার্থী। আগৰ পাৰ্টি এৰিলে। চাব আৰু অকণমান দেই।

আচ্ছা! আচ্ছা! কথাবােৰ লাহে লাহে দেখােন ফটফটিয়া পানী যেন হৈ আহিছে৷ কথাবােৰ তেনেহ’লে সেয়াহে! আচ্ছা, ঠিক, ঠিক..আমি নুবুজোঁ কাৰণ আমি নাভাবােঁৱেই।  ডিঙিটোৰ ভিতৰৰ ফালে গােঁ-গােঁৱনিৰ নিচিনা শব্দ এটা হােৱা যেন লাগিল। কাণৰ লটি দুটাও গৰম গৰম লাগিল..

হঠাৎ মােৰ মুখেৰে বৰ জোৰেৰে ওলাই আহিল, 

গু…. দা—ই—টি..আপুনি কোৱা কথাবােৰ..ম..ই….দে..খাে..ন..বুজিব.. পা..ৰি..ছােঁ, ফটফটিয়াকৈ বুজিব পাৰিছােঁ…’বচোন ৰ’ব গু…..দা..ই..টি..

নাই গুণ দাইটি কোনােবাখিনি পাইছিলগৈ তেতিয়ালৈ। দেখিলোঁ মােৰ গােজৰণিৰ দৰে মাতটো শুনি জয়ন্তও কোবা-কোবিকৈ আঁতৰি গৈছে।

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী

    ভাল লাগিল

    Reply
  • Rintumoni Dutta

    খুব ভাল লাগিল দাদা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ বঢ়িয়া৷

    Reply
  • Anonymous

    ভাল লাগিল লিখাখিনি পঢ়ি।

    Reply
  • অবিনাশ পীড়াকটা

    ভাল লাগিল লিখাখিনি পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *