ফটাঢোল

মনৰ কথা… ক’ৰ পৰা ক’লৈ….

এখন ই-আলোচনীৰ সম্পাদক…. তাতে ফটাঢোল নামৰ গোটটোৰ..! নিজকে ইয়াৰ যোগ্য বুলি কোনোদিনেই ভবা নাছিলোঁ। ফটাঢোল গোটটিৰ লগত জন্মলগ্নৰে পৰাই আছোঁ যদিও গোটটি আগবঢ়াই নিয়াত একো ভূমিকা গ্ৰহণ কৰিব পৰা নাছিলোঁ। এটাই ভাৱ আছিল যে, গোটটিক মনে-প্ৰাণে ভাল পাই পেলাইছিলোঁ। গোটৰ বিপক্ষে এটা বেয়া কথাও হজম কৰিব পৰা নাছিলোঁ। প্ৰথম ই-আলোচনী এখন প্ৰকাশ কৰাৰ কথা মনলৈ অহাত আমি কিমান উৎফুল্লিত হৈ পৰিছিলোঁ, ভাবিলে আজিও শিহৰণ অনুভৱ কৰোঁ। অভিজিতেই (অভিজিত কলিতা)  প্ৰথমে প্ৰস্তাৱটো আগবঢ়াইছিল। আমি বিশেষকৈ মই ই-আলোচনী উলিওৱাৰ টেকনিকেল দিশটোৰ বিষয়ে একেবাৰেই অজ্ঞ আছিলোঁ। সেয়ে প্ৰথম দুটামান খণ্ড প্ৰকাশ হওঁতে আলোচনী টিমৰ লগত পোনপটীয়াকৈ সহযোগ কৰিব পৰা নাছিলোঁ। কিন্তু বাকী কামত সম্পাদকক সহায় কৰিবলৈ সদা প্ৰস্তুত আছিলোঁ। সেই তেতিয়াৰ পৰাই এই আলোচনীখনৰ প্ৰতি আমাৰ এক আৱেগ সংযুক্ত হৈ আছে। আলোচনীখন ফটাঢোল গোটটিৰ এক পৰিচয়, যাক লৈ আমি গৌৰৱ কৰোঁ। এই আলোচনীখনৰ  এটা খণ্ড সম্পাদনা কৰা মোৰ বাবে ইমান সহজ কথা নহয়। ভাতৃ দেৱজিৎ আৰু ৰিণ্টুৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰি নানানটা অযুহাত দেখুৱাইছিলোঁ। বিশেষকৈ মোৰ নিজাকৈ এটা কম্পিউটাৰ নাই। লেখা-মেলা, বানান চোৱা কামবোৰ ম’বাইলতে কৰি আহিছোঁ। সেয়ে অলপ ভয় খাইছিলোঁ। কিন্তু নাচোৰবান্দা ভাই দুজনৰ আগত একো অযুহাতে কাম নিদিলে। শেষত হাত-ভৰিকেইটা বুকুত বান্ধি এডমিন গোটৰ “আমি আছোঁ নহয়” জাতীয় অভয় বাণীত নিজকে সাজু কৰিলোঁ। মনত এক শিহৰণ। বহুকেইজন বাঘা বাঘা ব্যক্তিয়ে  ইতিমধ্যে এই আলোচনীখন সম্পাদনা কৰি আমাক ধন্য কৰি গৈছে। নিজকে তেওঁলোকৰ সমপৰ্যায়ৰ নহয় বুলি জানো, কিন্তু গুণগত মানদণ্ড হ্ৰাস নোপোৱাকৈ এইটো খণ্ড কেনেকৈ আগবঢ়াম এই লৈ মই বহুত চিন্তিত আৰু শংকিত হৈ আছিলোঁ। পঢ়ুৱৈ সমাজে আলোচনীখন আগ্ৰহেৰে আকোঁৱালি ল’লে কৃতাৰ্থ হৈ ৰ’ম।

আলোচনী টিমৰ কৰ্মস্পৃহাক সদায়েই শ্ৰদ্ধা কৰি আহিছোঁ। অসমৰ এজন বিশিষ্ট লোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা আলোচনীখনৰ  আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। কোনে, কাক সাক্ষাৎকাৰ ল’বলৈ যাব সেই লৈ দেৱজিত শৰ্মা, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য আৰু হিমাংশু ৰাজখোৱা সদা প্ৰস্তুত। সহযোগ আগবঢ়াবলৈ গোটৰ উৎসাহী সদস্যসকল আছেই। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। আৰম্ভণিৰ পৰাই বিভিন্নজনৰ লগত যোগাযোগ কৰা হ’ল। শেষত মুকুট ভট্টাচাৰ্যদেৱৰ সহযোগত এইমাহত বিশিষ্ট অভিনেতা ‘অতুল পাচনী’দেৱৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আমি নিশ্চিত হ’লোঁ। এই ক্ষণতে মই মুকুট ভট্টাচাৰ্যদেৱক আন্তৰিক ধন্যবাদ জনালোঁ। লগতে দিম্পল কলিতা আৰু দেৱজিত শৰ্মাই সাক্ষাৎকাৰ গ্ৰহণত আগবঢ়োৱা সহযোগিতাৰ বাবে আৰু ৰেকৰ্ডিং কৰি অনা কথাখিনি লিখিত ৰূপত আগবঢ়াই দি সহায় কৰা বাবে দুয়োকে ধন্যবাদ জনালোঁ। আলোচনীৰ সকলো টেকনিকেল দিশ নিয়াৰিকৈ আগবঢ়াই মোক প্ৰতি পদে পদে সাহস আৰু সহায় আগবঢ়াই অহা  ভাতৃপ্ৰতীম দেৱজিৎ শৰ্মাক কি বুলি ধন্যবাদ জনাম ভাষা বিচাৰি পোৱা নাই। ‘ধন্যবাদ’ শব্দটি তেওঁৰ বাবে তেনেই  সামান্য। তেওঁ মোৰ ‘মাগ-দৰ্শক’। অশেষ ধন্যবাদ দেৱজিৎ।

আলোচনীখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বৰ্ণাশুদ্ধি। প্ৰতিটো লেখাৰ শুদ্ধ বানানৰ লগতে নিয়মানুসৰি লেখাটো সজাই দিয়াতো বৰ জৰুৰী। এই সকলোখিনি কাম বানান টিমে কৰে। বানান টিমৰ প্ৰতিগৰাকী সদস্য যেনে- চবিনা য়াচমিন, ৰিমঝিম বৰঠাকুৰ, ঋতুপৰ্ণা মহন্ত আৰু পৰীস্মিতা গগৈক মই অন্তঃকৰণেৰে ধন্যবাদ জনাই তেওঁলোকৰ ওচৰত কৃতাৰ্থ হৈ ৰ’লোঁ। তেওঁলোকৰ অবিহনে মই অচল। আলোচনীখনৰ তেওঁলোকেই প্ৰাণস্বৰূপা। বহু সমস্যাৰ মাজতো নিস্বাৰ্থভাৱে তেওঁলোকে এই দিশটো নিয়াৰিকৈ চম্ভালি আহিছে। ধন্যবাদ বানান টিম।

আলোচনীখনৰ অন্যতম হোতা ৰিণ্টুমণি দত্ত আৰু হেমন্ত কাকতি দাদা। দুয়োজনে আৰম্ভণিৰে পৰাই আলোচনীখন প্ৰকাশৰ বাবে যিমানখিনি কৰিছে আমি নিজেই দেখি আহিছোঁ। দিন ৰাতি একাকাৰ কৰি কাম কৰে তেওঁলোকে।দুয়োজনক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিলোঁ। অভিজিত কলিতা, নামেই যাৰ পৰিচয়, সেইজনৰ নাম নল’লে ক্ষমাৰ অযোগ্য হৈ ৰ’ম। তেঁৱেই আমাৰ পথ প্ৰদৰ্শক, আলোচনীখনৰ প্ৰকাশৰ মূলতে তেওঁ। তেওঁৰ প্ৰচেষ্টাতে ফটাঢোল ই-আলোচনীখনে আজিৰ অৱস্থা পাইছেহি। এই ক্ষণতে তেওঁকো অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আলোচনী টিমৰ অন্যতম সদস্য বিজয় মহন্ত, ডলী তালুকদাৰ, নীলাক্ষী কাকতি, ৰাজশ্ৰী শৰ্মা, যোগেশ ভট্টাচাৰ্যই প্ৰতি পলে পলে মোক উৎসাহ যোগাই মোৰ হতাশা ভাৱ নিৰ্মূল কৰি আহিছে। তেওঁলোক আটাইকে মোৰ মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। 

আলোচনীখনৰ প্ৰথমেই চকুত পৰা অংশটোৱেই হৈছে ‘বেটুপাত’।  বেটুপাতখনি আটকধুনীয়াকৈ অংকণ  কৰি সজাই তোলাত আৰাধনা বৰুৱা আৰু দিগন্ত কুমাৰ ভট্টাচাৰ্যই প্ৰতিমাহে নিস্বাৰ্থভাৱে কৰা কামক প্ৰশংসা নকৰিলে নহ’ব। এইবাৰো  ব্যতিক্ৰম নহ’ল। আলোচনীখনৰ এইটো সংখ্যালৈয়ো তেওঁলোকে জনোৱা সঁহাৰিত আপ্লুত হৈ পৰিছিলোঁ। ভাতৃপ্ৰতীম দিগন্ত আৰু ভগ্নীসম আৰাধনাক মই মনেৰে ধন্যবাদ জনালোঁ। 

কণমানি ভাতৃ চন্দন বৰী। ল’ৰাজনৰ প্ৰতিটো কাম বৰ নিখুঁত। আলোচনী অলংকৰণ, প’ষ্টাৰ তৈয়াৰ কৰা, প্ৰচাৰ চলোৱা, গোহাৰিখন ৰূপসজ্জাৰে সজাই মনোমোহা কৰি তোলাত তেওঁ দক্ষ। তেওঁৰ অকৃপণ প্ৰচেষ্টাক চেল্যুট জনালোঁ লগতে মৰমৰ ভাইটিটোক বহুত মৰম যাচিলোঁ। আগবাঢ়ি যোৱা বহু আগলৈ শুভকামনা সদায় আছে।

আলোচনীৰ বাবে ডক্ ফাইলত অহা লেখাসমূহ সুন্দৰকৈ ইউনিক’ড লৈ কনভাৰ্ট কৰি দিলে পুত্ৰসম দিম্পল কলিতা আৰু ভাতৃসম দেৱজিত শৰ্মাই। দুয়ো ধন্যবাদৰ পাত্ৰ। 

আলোচনীখনৰ ‘ফটাপ্ৰশ্ন’  শিতানটোও বৰ আকৰ্ষণীয়। এই শিতানৰ প্ৰশ্নসমূহ নিয়াৰিকৈ যুগুতাই সহায় কৰিলে ৰাজশ্ৰী শৰ্মা আৰু যোগেশ ভট্টাচাৰ্যই। দুয়োলৈ মোৰ মৰম আৰু ধন্যবাদ যাচিলোঁ। লগতে প্ৰশ্নসমূহৰ ৰসাল উত্তৰেৰে শিতানটি মনোগ্ৰাহী কৰি তোলাত ‘ফটহু কাইটি’কো মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।  

আলোচনীখন প্ৰকাশ হৈ অহাৰ মূল চালিকা শক্তি হৈছে আপোনালোকৰ সঁহাৰি। আলোচনী এখন পাঠকৰ বাবে মনোগ্ৰাহী কৰি তুলিবলৈ সদায়ে প্ৰয়োজন হয় সুন্দৰ সুন্দৰ লেখাৰ। আমাৰ হাস্য-ব্যংগ আলোচনীখনিৰ বাবেও আপোনালোকে জনোৱা ইতিবাচক সঁহাৰিয়ে সংখ্যাটিৰ মানদণ্ড অটুট ৰখাৰ লগতে আলোচনীখনৰো সৌষ্ঠৱ বৃদ্ধি কৰিলে। আপোনালোকৰ প্ৰত্যেককে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। 

আলোচনীখনৰ চিনেমা শিতানটোৱে সকলো পাঠককে  আমোদ দি আহিছে। এইক্ষেত্ৰত ডলী তালুকদাৰে আমাক প্ৰায় প্ৰতি মাহতে একোখন হাস্য ৰসেৰে ভৰপূৰ বোলছবি নাট্যৰূপত আগবঢ়াই আহিছে। এইমাহতো ডলী ক্ৰিয়েশ্যনৰ অন্যতম সৃষ্টি “বাৰ্বীডল” চিনেমাখনেও পাঠকৰ মন জয় কৰি মুখৰ হাঁহি বিৰিঙাব বুলি মোৰ দৃঢ় বিশ্বাস। মৰমৰ ভগ্নী ডলী তালুকদাৰক এই ক্ষণতে মই ধন্যবাদ জনালোঁ। 

আলোচনীখনৰ ‘কাৰ্টুন’ শিতানটি  অবিনাশ শৰ্মাই সুন্দৰ কাৰ্টুনেৰে ভৰাই তুলি আমাক সহায় কৰাত তেওঁকো ধন্যবাদ জ্ঞাপন কৰিলোঁ।

শিল্পী পৰিচয় শিতানটিত অসমৰ এজন অখ্যাত ব্যক্তিক ৰাইজৰ সন্মুখত চিনাকি কৰাই দিবলৈ এটি প্ৰয়াস কৰা হৈছে। এইবাৰ মৰিগাঁও জিলাৰ জাগী ভকত গাঁৱৰ সংস্কৃতিৱান যুৱক স্বৰ্গীয় সীমান্ত বৰাৰ কলাসুলভ কৰ্মসমূহৰ চমু ইতিহাস সুন্দৰকৈ দাঙি ধৰিছে দেৱজিৎ শৰ্মাই। ধন্যবাদ দেৱজিৎ। সীমান্ত বৰাৰ সৃষ্টিৰাজীয়ে তেওঁক ৰাইজৰ মাজত জীয়াই ৰাখক, মনেৰে কামনা কৰিলোঁ।

আলোচনীখনৰ শেষৰ ভাগটো হৈছে আপলোডিং। প্ৰতিটো লেখা শিতান অনুযায়ী আপলোডিং কৰা হয়। এই কামটো নিয়াৰিকৈ কৰি দিলে দেৱজিৎ শৰ্মা, ৰিমঝিম বৰঠাকুৰ আৰু ৰিণ্টুমণি দত্তই। এই কামত সদায়েই পৰামৰ্শ আগবঢ়াই আহিছে হেমন্ত কাকতি দাদাই। আটাইকেইজনকে  মই অন্তঃকৰণেৰে ধন্যবাদ জনালোঁ। 

শেষত, এখন হাস্য-ব্যংগ আলোচনী আমাৰ সাধ্যানুসৰি মনোগ্ৰাহী কৰি তুলি ৰাইজৰ আগলৈ আগবঢ়াই নিয়াত অৰিহণা যোগোৱা প্ৰতিজন সদস্য, আলোচনী টিম আৰু পাঠক সমাজক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়তো  আলোচনীখনত বহুতো ভুল-ক্ৰুতি ৰৈ গৈছে। পঢ়ুৱৈ সমাজ আৰু শুভাকাংক্ষী ৰাইজে আমাৰ ভুলবোৰ আঙুলিয়াই দি সু- পৰামৰ্শ আগবঢ়ালে কৃতাৰ্থ হৈ ৰ’ম। বিগত মাহবোৰৰ দৰে এইটি সংখ্যাও পঢ়ুৱৈ সমাজে আস্থাৰে গ্ৰহণ কৰি আকোঁৱালি ল’ব বুলি আশাৰে বাট চালোঁ। ফটাঢোল ই-আলোচনীখনি অসমীয়া ব্যংগ সাহিত্য জগতত ভোটা তৰাৰ দৰে উজ্বলি উঠক, লগতে ছপা আকাৰত প্ৰকাশ কৰাৰ আমাৰ আকাংক্ষা বাস্তৱত পৰিণত হওক, তাৰেই কামনাৰে….

জয়তু ফটাঢোল।

বিনম্ৰতাৰে–

প্ৰণীতা গোস্বামী বৰঠাকুৰ।

☆ ★ ☆ ★ ☆

8 Comments

  • ভাল লাগিল বা৷

    Reply
  • ৰিণ্টু

    বা, আপোনালৈ আন্তৰিক ধন্যবাদ

    Reply
  • জুমণী পাঠক

    বৰ সুন্দৰ কৈ লিখিলি। ভাল লাগিল পঢ়ি। আলোচনী খনৰ বাকী লিখা পঢ়ি আছো। তোলৈ বহুত শুভকামনা জনালো।

    Reply
    • Pranita Goswami

      পঢ়া বাবে বহুত ধন্যবাদ। লেখাবোৰো পঢ়িবি।

      Reply
  • মানসী

    সকলো কথা সামৰি বৰ সুন্দৰকৈ লিখিলে বা।জয়তু ফটাঢোল।

    Reply

Leave a Reply to নীলাক্ষি কাকতি Cancel reply

Your email address will not be published. Required fields are marked *