ফটাঢোল

জন্মৰ ইতিহাস – ৰঞ্জিত কুমাৰ শৰ্মা

ঘৰৰ কলিং বেলটো বাজি উঠাত আদিত্যই দুৱাৰ খুলি দিলে৷ বাৰাণ্ডাত উঠা চিৰিৰ কাষত চাৰিজন লোক থিয় হৈ আছিল৷ তেওঁলোকৰ তিনিজনৰ মুখকেইখন আদিত্যই আগতে দেখিছে৷ এজনক দেখা মনত নপৰে৷ কিন্তু এজনক ভালকৈ জানে আদিত্যই৷ তেওঁৰ নাম চিদানন্দ৷ অৱশ্যে চিদা বুলিহে তেওঁ অধিক পৰিচিত৷ আদিত্যই তেওঁক চিদাদা বুলি মাতিছিল আৰু এতিয়াও ঘৰলৈ আহিলে তেওঁক লগ পালে চিদাদা বুলিয়েই মাতে৷ আজিও আদিত্যই তেনেদৰে মাতিলে৷

: অ’ চিদাদা দেখোন? আহক আহক৷

চিদানন্দৰ সৈতে কেউজনেই আদিত্যৰ ড্ৰয়িং ৰূমত আসন গ্ৰহণ কৰিলে৷ আদিত্যই লক্ষ্য কৰিলে— আটাইকেইজনৰে শাৰিৰীক গঠনৰ বিশেষ পাৰ্থক্য নাই৷ কম বয়সীয়াজন আন তিনিজনতকৈ কিছু শকত৷ চিদাদাৰ দৰে বাকী দুজনো খীণ৷ তেওঁলোকৰ শৰীৰত মাংস বুলিবলৈ বিশেষ নাই, হাড় আৰু ছালে প্ৰতিযোগিতা নকৰাকৈ যিখিনি ধৰি নাৰাখিলে নহয় সেইখিনিয়েই ধৰি ৰাখিছে৷ খীণ তিনিওজনৰে মুখ-হাতবোৰো মৰুভূমিৰ দৰে শুকান৷

: তই অহা বুলি কালি খবৰটো পালোঁ৷ কেইদিন থাক সেইটোতো ঠিক নাই, সেয়ে খবৰ পাইয়েই আহি গলোঁ৷

ছোফাত বহিয়েই চিদাদাই মাত লগালে৷

: অ’ পৰহিলৈ যাম৷ কিবা কাম আছিল নেকি?

আদিত্যই সুধিলে৷

: আমাৰ তিনিআলিৰ শিৱ মন্দিৰটো দেখিছনে?

: যোৱাবাৰ আহোঁতে বনাই থকা দেখিছিলোঁ৷ এইবাৰ ৰে’ল ষ্টেচনৰ পৰা অট’ এখন লৈ আহিলোঁ৷ সন্ধিয়া হোৱা বাবে নেকি, মন্দিৰটো মনেই নকৰিলোঁ!

চিদা ককায়েকৰ প্ৰশ্নৰ উত্তৰ দিলে আদিত্যই৷

: মন্দিৰটো হৈছে৷ এইবাৰ শিৱৰাত্ৰিত প্ৰভু ভোলানাথক পূজা-অৰ্চনাৰে ৰাইজে মন্দিৰটো ল’ব৷ পূজাৰ দিনাই দুপৰীয়া এম এল এ ছাৰে মন্দিৰটো উদ্বোধন কৰিব৷ সেইদিনাই আমি কেইজনমান বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনাম৷ তোকো সম্বৰ্ধনা জনোৱাৰ কথা ভাবিছোঁ৷ শিৱৰাত্ৰিলৈ কিছুদিন আছে অৱশ্যে৷ কিন্তু তইতো ইয়াত নাথাক, আৰু সঘনাই ঘৰলৈয়ো নাহ৷ সেয়ে তোক আগতীয়াকৈ জনাবলৈ আহিলোঁ৷ শিৱৰাত্ৰি মিলাই ছুটি লৈ হ’লেও আহিব লাগিব৷

চিদানন্দই কথাখিনি কোৱাৰ লগে লগে বাকী তিনিজনেও ‘হয় হয়, আহিব লাগিব কিন্তু’ বুলি হয়ভৰ দিলে৷

আদিত্যই লগে লগে একো নক’লে৷ ক্ষন্তেক তলমূৰ কৰি কি ক’ব তাকে ভাবিলে৷

: কি হ’ল? নোৱাৰিবি নেকি?

চিদাই সুধিলে৷

মূৰ তুলি বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ চাই আদিত্যই ক’লে,

: তাকেই ভাবিছোঁ৷ আচ্ছা, শিৱৰাত্ৰি কিমান তাৰিখে বাৰু?

শিৱভক্তৰ দলটোত থকা কনিষ্ঠজনে মাত দিলে,

: দাদা, এক মাৰ্চত৷

আদিত্যই ‘এক মাৰ্চ… এক মাৰ্চ’ বুলি দুবাৰমান উচ্চাৰণ কৰি ক’লে,

: চেষ্টা কৰিম বাৰু৷ কিন্তু আজিয়েই কৈ দিব নোৱাৰোঁ৷ বেংগালুৰুৰ পৰা আহোঁ বুলিয়েই আহিবও নোৱাৰি নহয়৷

: সেই কাৰণেইতো তই অহা বুলি খবৰ পাইয়েই আহিলোঁ৷ মানুহ মতা কামবোৰ আৰম্ভ কৰিবলৈ পলম আছে৷ কিন্তু তোক সময়ত ক’ত পাম? সেয়ে আগতীয়াকৈ ক’বলৈ আহিলোঁ৷ কিবাকৈ মেনেজ কৰিবি আৰু৷

চিদানন্দই ক’লে৷ বাকীকেইজনেও ‘হয় হয়, দাদাৰ কথাই আমাৰো কথা’ বুলি ‘চিদাদা’ক সমৰ্থন কৰিলে৷

: চেষ্টা নিশ্চয় কৰিম৷ ওপজা ঠাইত ভাল কাম এটা হ’ব, আহিব পাৰিলেতো ভালেই লাগিব৷

আদিত্যই কখাখিনি ক’লে যদিও ইমানপৰে কিন্তু এটা প্ৰশ্ন তাৰ মনলৈ আহিয়েই আছিল৷ প্ৰশ্নটো পোনে পোনে সুধিবনে নাই সেয়াহে সি ঠিৰাং কৰিব পৰা নাছিল৷ অৱশেষত সোধাই ভাল হ’ব বুলি আদিত্যই সুধিলে,

: কিন্তু চিদাদা, মোক কিয় সম্বৰ্ধনা জনাব লাগে? মইনো মন্দিৰটোৰ বাবে কি কৰিছোঁ?

: আৰে পাহৰিছ নেকি? তইয়েতো প্ৰথম বৰঙণি দিছিলি৷ আমি যে প্ৰথম শিৱপূজা পাতিছিলোঁ? কৃষ্ণচূড়াজোপাৰ তলত যে? তই যে বাছলৈ ৰৈ আছিলি! আমি, মানে মই, ৰিণ্টু আৰু বিজয়ে যে তোৰ পৰা প্ৰথম এশ টকা লৈছিলোঁ৷ মনত পৰিছে?

আদিত্যৰ প্ৰশ্নত একপ্ৰকাৰ উচপ খাই উঠা চিদানন্দই একে উশাহতে কোৱাৰ দৰে কথাখিনি ক’লে৷

: অ’…অ’, মনত পৰিছে, মনত পৰিছে৷ কৃষ্ণচূড়াৰ তলতে আপোনালোকে আৰম্ভ কৰিছিল…!

আদিত্যৰ কথা শেষ নহ’লেই৷ চিদাই পুনৰ ক’লে,

: আমাক মানুহে অকল ভঙুৱা বুলিয়েই ভাবিছিল৷ কিন্তু আমাৰো কিবা এটা কৰিবলৈ মন আছিল৷ সমাজৰ প্ৰতি আমাৰো দায়িত্ব আছে, সেয়া তাহানিতে বুজিছিলোঁ৷ আমি যে ধদুৱা নহয় সেই কথা সমাজখনক দেখুওৱাৰ প্ৰয়োজন আছিল৷ সেয়ে কিবা-কিবি কৰিলোঁ আৰু মন্দিৰটো হৈ উঠিল, এতিয়া সেইবোৰ ইতিহাস হৈ ৰ’ব৷

আদিত্যই চিদা ককায়েকৰ মুখলৈ চালে৷ সমাজৰ হকে কম কাম কৰিছেনে চিদাদাহঁতে? কেইটামান ভঙুৱাৰ আড্ডাই জন্ম দিলে এটা মন্দিৰৰ৷ ঠিকেইতো, এয়া ইতিহাস হৈ ৰ’ব৷ কমখন ইতিহাস হ’বনে এয়া?— আদিত্যই মনতে কথাখিনি আওৰালে যদিও মুখ খুলি একো নক’লে৷

কথাৰ মাজতে আদিত্যৰ মাকে সকলোকে চাহ-তমোল দিলে৷ চাহ-তামোল খোৱাৰ পাছত আদিত্যক পুনৰ দুবাৰমান শিৱৰাত্ৰিৰ নিমন্ত্ৰণৰ কথাটো কৈ চিদানন্দসহ কেউজনেই যাবলৈ উঠিল৷ তেওঁলোকক পদূলিমুখলৈ আগুৱাই দি আদিত্যই ঘৰত সোমায়েই এবাৰ অসমীয়া কেলেণ্ডাৰখনৰ পাত লুটিয়াই শিৱৰাত্ৰিৰ দিনটো চাই ল’লে৷ ‘চিদাদা’ই কোৱা ‘সেইবোৰ ইতিহাস হৈ ৰ’ব’ বোলা কথাষাৰ তাৰ পুনৰ মনলৈ আহিল৷

আদিত্য বেংগালুৰুত এটা বীমা কোম্পানীত কাম কৰে৷ পত্নী আৰু কণমানি ছোৱালীৰ সৈতে সি বেংগালুৰুতে থাকে যদিও মাজে-সময়ে আপোন ঘৰখনলৈ আহে৷ ঘৰত আদিত্যৰ পিতৃ-মাতৃ আৰু সৰু ভায়েক থাকে৷ এখন মফচলীয় সৰু চহৰত আদিত্যৰ পিতৃগৃহ৷ বাৰ বছৰমান আগতে আদিত্যই জিলাৰ সদৰত থকা এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত কাম কৰিছিল৷ তাত সি দুবছৰমান কাম কৰিছিল৷ সেই দুবছৰ নিজৰ চহৰখনৰ পৰা কুৰি কিলোমিটাৰমান আঁতৰত থকা জিলা সদৰস্থিত কৰ্মস্থানলৈ আদিত্যই বাছেৰেই অহা-যোৱা কৰিছিল৷ ঘৰৰ পৰা খোজকাঢ়ি দহমিনিটমান আহিলেই এটা তিনিআলি পোৱা যায়৷ তিনিআলিটোৰ কাষতে তেতিয়া তিনিখনমান দোকান আছিল৷ তাত থকা এখন চাহ-মিঠাইৰ দোকানৰ সমীপতে আৰু জিলাৰ সদৰলৈ যোৱা ৰাস্তাটোৰ কাষতে কৃষ্ণচূড়া এজোপা আছিল৷ চাহ দোকানখনৰ প্ৰায় গাতে লগাকৈ এখন সৰু চালি আছিল৷ চালিখনৰ তলত কোনোবাই বিদ্যুৎ বিভাগৰ পকী খুঁটা এটা পথালিকৈ আৰু অলপ ওখকৈ বহুৱাই দিছিল৷ বাছৰ বাবে কোনোবাই অপেক্ষা কৰিবলগা হ’লে তাত বহিব পাৰিছিল৷ আদিত্যইও মাজে-সময়ে বহিছিল তাত৷ কাষতে থকা চাহ দোকানখনৰ গ্ৰাহকসকলৰ অধিক সংখ্যকেই আছিল বস্তু কিনি হাতত লৈ যোৱা গ্ৰাহক৷ ভিতৰত বহি খোৱা লোকৰ সংখ্যা তেনেই তাকৰ আছিল৷ ইয়াৰ কাৰণ নথকাও নহয়৷ দোকানখন আছিল বৰ পুৰণি৷ তদুপৰি ভিতৰৰ ফালে এটা কোঠাত কেইজনমান লোকৰ আড্ডা আছিল নিয়মীয়া৷ আদিত্যইও এইকথা জানিছিল৷ লোককেইজনে তাত প্ৰায়েই ভাঙৰ আড্ডা পাতিছিল৷ আড্ডা দিয়াসকলৰ ভিতৰত চিদা, ৰিণ্টু, সঞ্জীৱ আৰু বিজয়ো আছিল৷

এদিনাখনৰ কথা৷ পুৱা নমান বজাত কৰ্মস্থলীলৈ যাবলৈ আদিত্য চ’কটোত উপস্থিত হৈ কৃষ্ণচূড়া গছজোপাৰ তলতে থিয় হৈ আছিল৷ এবাৰ গছজোপাৰ গুৰিটোত চকু পৰিল আদিত্যৰ৷ সি দেখিলে, কোনোবাই গছজোপাত ৰঙা কাপোৰ এডোখৰ মেৰিয়াই থৈছে৷ সি অৱশ্যে তাকে লৈ বিশেষ একো চিন্তা নকৰিলে৷ পিছদিনাখন ৰঙা কাপোৰডোখৰ আৰু গছজোপাৰ কাষতে দুডাল ত্ৰিশূলো তাৰ চকুত পৰিল৷ ত্ৰিশূল দুডালতো দুটুকুৰা ৰঙা কাপোৰ বান্ধি দিয়া হৈছিল৷ কোনোবা সাধু-সৈন্যাসীয়ে কামটো কৰা বুলিয়েই ভাবিলে আদিত্যই৷ কিন্তু দুদিনমান পাছতে আদিত্যই সকলো ৰহস্যৰ ভেদ হ’ল৷ গছজোপাৰ কাষৰ পৰা ভাঙৰ গোন্ধ আহি আদিত্যৰ নাকত লাগিছিল৷ তাৰ বুজিবলৈ বাকী নাথাকিল যে ভঙুৱাকেইটাই চাহ দোকানখনৰ পৰা ওলাই কৃষ্ণচূড়াৰ কাষ পাইছে৷

সেই বছৰটোৰে শিৱপূজাৰ সময়৷ শিৱপূজাৰ কেইদিনমান পূৰ্বে মাটিৰে সজা ডেৰফুটমান ওখ এটা শিৱলিংগই কৃষ্ণচূড়াজোপাৰ গুৰিটোত স্থান পাইছিল৷ আদিত্যৰ সেই কথাবোৰ এতিয়াও মনত আছে৷ শিৱলিংগটোৰ ওপৰৰ পিনে আধা পাক খাই আছিল গছৰ ডাল এটা। বেঁকা সৰ্পিল আকৃতিৰ আছিল ডালটো৷ ক্ৰিকেটৰ ষ্টাম্প এডালৰ সমান মোটা গছৰ ডালটোক সাপৰ ৰূপ দি কোনোবাই শিৱলিংগটোৰ ওপৰ অংশত বহুৱাই দিছিল৷ এনেদৰে ভঙুৱাকেইটাৰ উদ্যোগত বেলগছৰ সলনি কৃষ্ণচূড়াৰ তলতে থিতাপি লৈছিল হৰ হৰ মহাদেৱে৷ শিৱপূজাৰ আগদিনাৰ পৰা ৰঙা চন্দ্ৰতাপ এখনো শিৱলিংগটোৰ ওপৰত ওলোমাই দিয়া হৈছিল৷ সেইদিনাই চিদানন্দ, সঞ্জীৱ আৰু বিজয়ে আদিত্যৰ পৰা এশ টকা পূজাৰ চান্দা তুলিছিল৷ কৃষ্ণচূড়াৰ তলতে আৰম্ভ হৈছিল শিৱপূজা৷ পিছৰ বছৰ গছজোপাক মাজত ৰাখিয়েই সৰুকৈ টিনপাতৰ চালি এখনো থিয় কৰোৱা হৈছিল৷ সেইবাৰ শিৱপূজাত আদিত্যই দুশ টকা চান্দা দিবলগা হ’ল৷

আদিত্য বেংগালুৰু পালেগৈ৷ কৃষ্ণচূড়াজোপাৰ তলত বছৰে বছৰে শিৱপূজা হৈ থাকিল৷ আন সময়তো মাজে-সময়ে শিৱভক্তই তাত প্ৰসাদ আদি দিবলৈ ল’লে, শিৱলিংগত গাখীৰো ঢালি থাকিল৷ মাটিৰ শিৱলিংগৰ সলনি বজাৰত কিনিবলৈ পোৱা ক’লা শিৱলিংগ এটা প্ৰতিষ্ঠা কৰা হ’ল৷ ভক্তৰ সংখ্যাও বাঢ়ি থাকিল৷ এনেদৰে সাতবছৰমান অতিবাহিত হ’ল৷ অষ্টম বছৰতহে ঘটনাটো ঘটিল৷ মূল পথটো বহল কৰাৰ বাবে চৰকাৰে আঁচনি ল’লে৷ ফলত উচ্ছেদ কৰিবলগা দোকান-ঘৰৰ তালিকাত মন্দিৰটোও সোমাল৷ তেতিয়ালৈকে কৃষ্ণচূড়াজোপাত ফুল-পাত কমি আহিছিল যদিও ভাঙৰ গন্ধই ঠাইডোখৰত ভক্তিৰস বিলাইছিল৷ সৈন্যাসী এজনো তাত সংস্থাপিত হ’ল৷ গতিকে মন্দিৰ উচ্ছেদ কৰাটো চৰকাৰৰ অধৰ্মী কাম বুলি সমালোচনা হ’ল৷ প্ৰতিবাদত জাঙুৰ খাই উঠিল ভক্তিপ্ৰাণ ৰাইজ৷ মন্দিৰ ভাঙিবলৈ অহা ৰাজহ বিভাগৰ বিষয়া-আৰক্ষীক ভেটা দিলে ৰাইজে৷ পথ অৱৰোধ কৰা হ’ল৷ প্ৰথম দিনা পিছ হুহুকিল উচ্ছেদকাৰী দল৷ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে স্থানীয় বিধায়কৰ মধ্যস্থতাত পূজা সমিতি আৰু দহটামান সংগঠনৰ আঞ্চলিক সমিতিৰ নেতাসকল আলোচনাত বহিল৷ বিধায়কে ৰাজহ মন্ত্ৰীৰ সৈতেও কথা পাতিলে৷ অৱশেষত সমস্যাৰ সমাধান সূত্ৰ ওলাল৷ চ’কটোৰ ওচৰতে থকা চৰকাৰী খাচ মাটি এডোখৰলৈ অস্থায়ীভাবে মন্দিৰ স্থানান্তৰ কৰা হ’ল৷ পিছৰটো বছৰত ভূমি উপদেষ্টা বোৰ্ডে মন্দিৰৰ বাবে সেইখিনি ভূমিৰ আবণ্টন দিলে৷ সমূহীয়া ভৱন বুলি উল্লেখ কৰি মন্দিৰৰ বাবে বিধায়ক পুঁজিৰ ধনো আবণ্টন দিয়া হ’ল৷ তিনিবছৰ পাচত নতুন ভূমিত নতুনকৈ নিৰ্মাণ কৰা হ’ল শিৱ মন্দিৰটো৷

চিদানন্দই কোৱা সোণালী ইতিহাস এয়াই৷ এই ইতিহাসৰ পাতত আধ্যাত্মিক চিন্তা-চেতনাৰ জাগ্ৰত প্ৰহৰীৰূপে আদিত্যৰ নামো সোমাই থাকিব৷ বাহ্! প্ৰভু মহাদেৱৰ ডম্বৰু খৰকৈ বজালে হোৱা কম্পনৰ দৰে কম্পন তৰংগ আদিত্যৰ শৰীৰেৰে বাগৰি গ’ল৷ কিন্তু সম্বৰ্ধনা ল’বলৈ আহিবনে নাই সেই বিষয়তহে আদিত্যই এতিয়াই একো ঠিৰাং সিদ্ধান্ত ল’ব নোৱাৰিলে৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা৷ Cancel reply

Your email address will not be published. Required fields are marked *