ফটাঢোল

ভূঞাদাৰ চ্যুটকেচ- অৰবিন্দ গোস্বামী

ভূঞাদাই বোলে চ্যুটকেচ এটা কিনিলে।ভূঞা মানে পশু চিকিৎসক বুলি নিজকে জহাই ফুৰা সদানন্দ ভূঞাদাৰ কথা কৈছো।চ্যুটকেচটো কিনিবলৈহে পালে,তাৰ পিছদিনাৰপৰাই চ্যুটকেচটোতে হাথিয়াৰবোৰ,মানে পশু চিকিৎসাৰ বাবে প্ৰয়োজনীয় হাথিয়াৰবোৰ লৈহে ফিল্ডৰ কামলৈ যোৱা হ’ল।বৌৱে কিমান বুজালে বোলে……

“আপুনিনো গৰু ছাগলী খুচি বিন্ধি ফুৰা হাথিয়াৰবোৰ চ্যুটকেচত নিব লাগেনে?হেৰৌ মানুহে হাঁহিব।”

নাই, ভূঞাদাই নুবুজে।তেওঁৰ যুক্তি হ’ল চ্যুটকেচটো কিনি ঘৰত থৈ দিলে মানুহে কেনেকৈ জানিব যে তেওঁৰো চ্যুটকেচ এটা আছে।মুঠতে মানুহজনৰ ফুটনি মৰা স্বভাৱটো নগ’ল।

এদিন ভুঞাদাই ফিল্ডলৈ যাবলৈ ওলাই দেখে যে স্কুটীৰ চকা ফুটিল।অগত্যা সেইখন অৰ্চন মেকানিকক ভাল কৰিবলৈ দি ভূঞাদা চিটি বাচতে উঠি গন্তব্যস্থান পালেগৈ।কামখিনি বাৰু ঠিকমতেই হৈ গ’ল।পিছে ঘূৰি গৈহে দেখিলে যে অৰ্চনৰ দোকান বন্ধ।হয়তো সি ভাত খাবলৈ গ’ল।আকৌ সন্ধিয়া তেওঁ এবাৰ আহিব লাগিব স্কুটী নিবলৈ।যি কি নহওক,ফিল্ডৰ কামটো হোৱাৰ বাবে তেওঁ স্বস্তিৰ নিশ্বাস পেলালে।

অৱশ্যে সেইদিনা স্কুটী নিনিলে ভালেই হ’ল।বাচত যাওঁতে ভূঞাদাই দেখিলে যে এক কিলোমিটাৰমান আগত চেকিং চলি আছে।ভূঞাদাই আজি হেলমেটটোও আনিবলৈ পাহৰিলে।

কিবাকিবি চিন্তা কৰি মানুহজন ঘৰলৈ খোজ কাঢ়িয়েই উভতিল।অৰ্চনৰ গেৰেজৰপৰা ভূঞাদাৰ ঘৰলৈ আধা কিলোমিটাৰমান দূৰো নহয়।

ঘৰ পাই ভূঞাদাই ভাগৰুৱা দেহাৰে আনদিনাৰ দৰেই টেবুলতে বেগটো থেকেচা মাৰি বেগটোৰ লগতে শচমাযোৰ থৈ  লুঙি এখন আৰু কাটা গেঞ্জীটো পিন্ধি বাথৰুমলৈ গ’ল।মুখখন আৰু চকুকেইটাত পানী অকণমান লগাই সুখকণ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে।

বৌৱে ঠাই সাৰি আছিল।ভূঞাদাৰ হাথিয়াৰকেইপদ ঠিককৈ থওঁ বুলি তেওঁ চ্যুটকেচটো খুলিলে আৰু হঠাৎ………..

আ….আ…..আ…..আ……….

বৌৰ চিঞৰত কোঠাত থকা নিগনীকেইটা বেহুঁচ হৈ পৰিল।টিঙৰ ওপৰত থকা শালিকা চৰাইকেইটাই ধপধপাই নিজৰে পাখি সৰুৱাই উৰা মাৰিলে।বৌৰ চিঞৰত ঘৰৰ বাচন বৰ্তনবোৰতো প্ৰাবল্যযুক্ত শব্দতৰঙ্গৰ প্ৰচণ্ড খুন্দা লাগি “ঝিং” কৈ সৰু আৱাজ এটা হ’ল।

এই চিঞৰ শুনি কিছুপৰ আগতে ঠাণ্ডা পানীৰে মুখমণ্ডলত সুখানুভূতি ল’বলৈ চেষ্টা কৰি থকা ভূঞাদা কাৰেণ্ট লগা মানুহৰ দৰে বেচিনটোৰ ওচৰৰপৰা ওফৰি পৰিল।ঘৰত কিবা বাঘজাতীয় বস্তু সোমালহি বুলি ভাবি নলীয়া কটাৰী এখন হাততে পাই সেইখনেৰে ব্যাঘ্ৰনিধন কৰোঁ বুলি দৌৰি বৌ থকা কোঠা পালেহি।পিছে কোঠাৰ ভিতৰৰ অৱস্থা দেখি ভূঞাদাৰ এইবাৰ সঁচাকৈ ইলেকট্ৰিক শ্বক লগাহেন অৱস্থা হ’ল।মানুহজনে মুখেৰে একো মাতিব নোৱাৰিলে।ওঁঠ দুটা লৰাই তেওঁ কিবা ক’বলৈ চেষ্টা কৰিলে,কিন্তু মাতটোহে নোলোৱা হৈ থাকিল। মজিয়াত বহি কন্দনামুৱা হৈ পৰা বৌলৈ চাই তেওঁ এবাৰ হাতেৰে—-“নহয় নহয়”—–ধৰণৰ কিবা ইংগিত দিয়ে আৰু এবাৰ হাতৰ আঙুলিকেইটাৰে নিজৰ মুখখন হেঁচি ধৰে।চকুত আশ্চৰ্য্য আৰু মুখমণ্ডল কন্দনামুৱা।

কোঠাটোত অচিনাকি চুড়িদাৰ,চূৰ্ণী,মেখেলা-চাদৰ কিছুমান সিঁচৰতি হৈ পৰি থকাৰ উপৰিও চ্যুটকেচটোত লাগি ধৰি  তললৈ ওলমি আছিল দুই-এপদ নাৰীৰ নিষিদ্ধ দৰ্শনীয় বস্ত্ৰ।তদুপৰি কোঠাত দাঁত নিকটাই পৰি থকা লিপষ্টিক,ফোট,কাজল,লেডিজ বডী স্প্ৰে……….এই সকলো মিলি ভূঞাদাক বৌৰ কাঠগড়াত ইতিমধ্যে যে অক্ষমণীয় অপৰাধী বুলি প্ৰমাণ কৰিছে,সেই বিষয়ে ভূঞাদা নিশ্চিত হ’ল।

কিন্তু কেনেকৈ!তেওঁৰ চ্যুটকেচলৈ এইবোৰ বস্তু কেনেকৈ আহিল!এইবোৰ কাৰ! তেওঁতো নাজানে!!ক’ত পশু চিকিৎসাৰ তীক্ষ্ণ অস্ত্ৰ আৰু ক’ত নাৰীৰ সুকোমল বস্ত্ৰ!

এইবোৰ ভাবি থাকোঁতেই বৌৰ তীব্ৰ প্ৰাবল্যৰ কণ্ঠস্বৰে গৰজি উঠিল——

“কোন???কোন সেইজনী যাৰ লগত তুমি মোৰ চকুত ধূলি দি ইমানদিন লীলাখেলা চলাই থাকিলা।কোন সেইজনী যাৰ লগত তোমাৰ অবৈধ সম্পৰ্ক আছে?নে মনে মনে বিয়া কৰাই ক’ৰবাত তাইকো অন্ধকাৰত ৰাখি থৈছা?মোক উত্তৰ লাগে।”

বৌৰ মাতৰ তীব্ৰতা দুগুণে বাঢ়িল……

“বিশ্বাসঘাতকতা ! মোৰ লগত!!তুমি ইমান সাহস ক’ত পালা?মই তোমাক আজি…..”

বুলি কৈ বৌৱে ইফালে সিফালে চাই প্ৰথমে কাষত থকা ঝাৰুডালকে ভূঞাদাৰ গালৈ মাৰি পঠাইছিল,কিন্তু সেইডাল সন্মুখত থকা চকীখনত লাগি ছিটিকি পৰাত লক্ষ্যভ্ৰষ্ট হ’ল।

হঠাৎ বহুপৰ মাতটো উলিয়াবলৈ চেষ্টা কৰি থকা ভূঞাদা সফল হ’ল আৰু চিঞৰি উঠিল——

“নহয়! নহয়!! তুমি ভবাৰ দৰে একো নহয় সোণজনী!তুমি মোক ভুল বুজিছা।মোৰ কোনো পৰ নাৰীৰ লগত………।”

কথাষাৰ শেষ নকৰি ভূঞাদা ৰৈ গ’ল।কাৰণ তেওঁ প্ৰত্যক্ষ কৰিলে বৌৰ হাতত এটা মাৰ্টুল।

“হে প্ৰভু!কেনেকৈ হাতত লাগিল এইটো!”—–ভূঞাদাৰ জীৱটো যেন মাৰ্টুলৰ কোব খোৱাৰ আগতেই দেহাটো ত্যাগ কৰি ওলাই গুচি যাব,এনে ভাৱ হ’ল।

“না…না…এ…এনেকুৱা নকৰিবা।মোক তুমি এনেকুৱা কৰিব নোৱাৰা।না….চোৱা মোৰ ডাৰ্লিং…মাই দিয়েৰ…..।”

এইদৰে ভূঞাদাই কাবৌ কৰি থাকোঁতেই কিবা প্ৰকাৰে ভূঞাদাৰ হাতত পুৱা ঘৰত এৰি থৈ যোৱা হেলমেটটো লাগিল আৰু সেইটো খপজপকৈ মূৰত পিন্ধি ল’লে।বৌ কিন্তু নাচোৰবান্দা।খঙৰ ভমকত তেওঁ সিংহিনীৰ ৰূপ ধাৰণ কৰি গেঙেৰি মাৰি আহি মাৰ্টুলেৰে ভূঞাদাই পিন্ধি থকা হেলমেটটোৰ ওপৰতে তিনিকোব শোধালে।ভূঞাদা মজিয়াত বাগৰি পৰিল।অলপ সময়ৰ বাবে তেওঁ নিজৰ প্ৰাণটো শৰীৰৰপৰা ওলাই গ’ল বুলি ভাবিছিল।পিছে নিজে জীয়াই থকা বুলি গম পোৱাৰ লগে লগে তেওঁ পলম নকৰি ভিৰাই বাহিৰলৈ ওলাই দৌৰ মাৰিলে।আগ-পিছ গুণিবলৈ সময় নাছিল কাৰণ ইতিমধ্যে যমৰ ৰূপ ধাৰণ কৰা বৌৱে মাৰ্টুল লৈ ভূঞাদাক খেদি গৈছিল।

ভূঞাদাই লুঙি আৰু কাটাগেঞ্জী পিন্ধি মূৰত হেলমেট লগাই দৌৰাৰ দৰে বিৰল দৃশ্য বহুতো মানুহৰ দৰে অৰ্চনেও আঁতৰৰপৰাই প্ৰত্যক্ষ কৰিছিল।বহুতে ধৰিব পৰা নাছিল যে দৌৰি থকা বস্তুটো আচলতে কি।অৰ্চনেও একো বুজি পোৱা নাছিল।অৰ্চনে সেই সময়ত ভূঞাদাক কিবা এলিয়েন বুলিহে ভাবিছিল,মুখমণ্ডলো দেখা পোৱা নাছিল।ভূঞাদাৰ স্কুটীখন ঠিক কৰি চাবিটো লগাই এবাৰ নিজে চেক কৰি চাম বুলি ভাবোঁতেই এলিয়েনৰূপী ভূঞাদাৰ মাৰাথান দৌৰ।এনেতে ভূঞাদা আহি অৰ্চনৰ গেৰেজৰ সন্মুখতে নিজৰ স্কুটীখন চাবি লগাই থোৱা অৱস্থাত পাই চেল্ফেৰে ষ্টাৰ্ট কৰি পলাল।এইবাৰহে অৰ্চনৰ যেন চেতনা ঘূৰি আহিল।

“চোৰ….চোৰ….চোৰ”——-বুলি অৰ্চন দৌৰিল ভূঞাদাৰ পিছে পিছে।অৰ্চনৰ পিছত বৌ।

ভূঞাদাৰ স্কুটী থানাৰ ভিতৰলৈ সোমাই গ’ল।বাহিৰতে স্কুটীখন থৈ ভূঞাদাই—– “চাৰ মোক বচাওক,মোক বচাওক”—-বুলি চিঞৰি চিঞৰি ভিতৰলৈ সোমাই যাব খুজিছিল।কিন্তু কনিষ্টবল এজনে বাধা দিলে।থানাৰ অ.চি. দিম্পল কলিতাই কনিষ্টবলজনক ক’লে—-

“বৰাদা আহিবলৈ দিয়ক।”

অ’.চি.ডিম্পল কলিতাৰ সন্মুখত এগৰাকী আধুনিকা বোৱাৰী।সন্মুখত এটা চ্যুটকেচ…..খোলা অৱস্থাত।তাতে ভূঞাদাক ইতিকিং কৰি হাঁহি পৰি আছে ভূঞাদাৰ হাথিয়াৰ কেইপদে।দুয়োটা চ্যুটকেচৰ পাৰ্থক্য একো নাই।মানে…………..

ভূঞাদাই অ’.চি.ক আদ্যোপান্ত বিৱৰি ক’লে।পিছমূহূৰ্ত্ততেই থানাৰ অ’.চি. বহা কোঠালৈ অৰ্চন সোমাই আহিল।কনিষ্টবল চিদানন্দ বৰাই বাধা দিলে।অ’.চি.দিম্পল কলিতাই অৰ্চনক সোমাবলৈ দিবলৈ ক’লে।অৰ্চনে দৌৰি অহাৰ দৰে আহি অ’.চি.ৰ আগত চিঞৰি চিঞৰি ক’লে—–

“চোৰ..চোৰ….চাৰ আপোনালোকৰ থানাত চোৰ এজন সোমাইছে।মোৰ গেৰেজৰপৰা স্কুটী এখন চোৰ কৰি আনিছে।হয়তো এইজনেই চোৰ।”

ভূঞাদালৈ আঙুলি টোঁৱাবলৈ লৈ অৰ্চন তধা লাগিল।অৰ্চন আৰু আচৰিত হ’ল তেতিয়া, যেতিয়া সি ভালদৰে চাই দেখিলে যে অ’.চি.জন স্বয়ং দিম্পল কলিতা……অৰ্চনৰ কলেজৰ কট্টৰ দুচমন।

অ’.চি.ডিম্পল কলিতাই লগে লগে কনিষ্টবল চিদানন্দ বৰাক মাতি আনি অৰ্চনলৈ আঙুলি টোঁৱাই ক’লে——

“বৰাদা,ইয়াক লক্ আপত ভৰাই থওক।সন্ত্ৰাসবাদী আহি নিজে থানাত সোমাইছেহি।”

অ’.চি.ডিম্পল কলিতাৰ নিৰ্দেশত অৰ্চনক লক আপত ভৰাই থোৱা হ’ল।অৰ্চনে লক আপৰ ৰডকেইডালত ধৰি চিঞৰি চিঞৰি ক’লে—–

“মোৰ দোষ কি?দিম্পল,তই মোক কিয় লক আপত ভৰাবি?তই আইন হাতত তুলি লৈছ।ক্ষমতাৰ অপব্যৱহাৰ কৰিছ।মই তোৰ ওপৰত কেচ দিম।”

ইতিমধ্যে বাহিৰত মাৰ্টুল লৈ লম্ফ জম্ফ কৰি ৰখা বৌক থানাৰ ভিতৰলৈ অনা হ’ল।দুই তিনিজনীমান লেডিজ পুলিচে বৌক কাবু কৰি ৰাখিলে।অ’.চি.ৰ টেবুলত ভূঞাদাৰ হাথিয়াৰবোৰ দেখি বৌৱে যেন কিবা এটা বুজি পালে।বৌ শান্ত হ’ল।

অ’চি দিম্পল কলিতাই ক’লে——-

“তেতিয়াহ’লে কেচটো ক্লিয়েৰ হৈছে।আপোনালোক দুয়োৰে চ্যুটকেচ দুটা দেখাত একে আৰু দুয়োটা বাচত সলনি হৈছে।এয়া কোনো চুৰিৰ ঘটনা নহয়।আশা কৰোঁ বাকীখিনি আপোনালোকে নিজে মিলাই ল’ব পাৰিব।আৰু মিচেচ ভূঞা,যিকোনো কথাতে আবেগিক নহৈ অলপ ধৈৰ্য্য ধৰিব।”

ভূঞাদাই ক’লে……

“পিছে অৰ্চন মেকানিকক এৰি দিয়ক চাৰ।সি বৰ ভাল ল’ৰা।”

অৰ্চনে উত্তৰ দিলে——

“জানো,জানো তাৰ কথা।মই তাৰ লগত কলেজত একেলগে পঢ়া।এনেই সি বেয়া নহয়,কিন্তু ধূৰ্তৰো ধূৰ্ত…মহাধূৰ্ত।সি মোক আগতে বহুত জ্বালা দি থৈছে।গতিকে আজি তাক মই অলপ জ্বালা দিহে এৰি দিম।মাৰপিট নকৰোঁ,চিন্তা নকৰিব।অলপ দেৰি সি লক আপতে জিৰণি লওক।”

ভূঞাদা,বৌ আৰু থানাত বহি থকা লেডিজগৰাকী থানাৰপৰা বাহিৰলৈ ওলাই আহিল।ভূঞাদাই বৌক ক’লে——

“দেখিলানে?মোৰ গাত দোষ নাছিলেই।আচলতে মই অন্য লেডিজলৈ বেঁকাকৈও নাচাওঁ।”

বৌৱে মিহিকৈ গেঙেৰি এটা মাৰি ক’লে——

“থওক থওক!থানাৰ ভিতৰতে মানুহজনীলৈ কেনেকৈ ভেবা লাগি চাই আছিল,মই দেখা নাই বুলি ভাবিছে হবলা?ইঃ! এনে ধোৱা তুলসীৰ পাতখিলা!!!”

ভূঞাদাই সেপ অলপ ঢুকি মনে মনে থাকিল।আৰু নো কি কৰিব!!

☆ ★ ☆ ★ ☆

2 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    তামাম মজা৷

    Reply
  • বন্দিতা জৈন

    ইচ, ইমান বোৰ লটিঘটী

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *