ফটাঢোল

চাংবাদিক নামটোৰ ইতিহাস সম্পৰ্কে-পার্থ প্ৰতীম শৰ্মা

আজি কেইবছৰমান আগৰ কথা। চিনাকি দাদা দুজনমানে “এয়া চাওক/ আপোনালোকক দেখুৱাব খুজিছোঁ/ এয়া আপোনালোকে দেখিছে কিদৰে” এনেকৈ কেইটামান শাৰী মাতি ভিডিঅ’ কৰি ৰিপ’ৰ্টিঙৰ কাম কৰে। ৰিপ’ৰ্টিং মানে সেই ভিডিও কৰি উঠি যাৰ ভিডিঅ’ কৰে তেওঁক ভাবুকি দিয়ে- বোলে ইমান টকা নিদিলে ভিদিঅ’টো নিউজত দিম। এতিয়া যাৰ ভিডিঅ’ কৰিছে, তেওঁ নিশ্চয় সৰু-সুৰাকৈ হ’লেও কিবা এটা অনিয়মৰ কাম কৰিছে। গতিকে সন্মান লাঘৱ হোৱাতকৈ তেৱোঁ কিবা এটা দি ‘মেনেজ’ কৰিবলৈ যত্ন কৰে। তেওঁলোকৰ এই জালৰ পৰা মুঠতে কোনো সাৰি নগ’ল। হস্পিটেললৈ অলপ দেৰিকৈ আহি পোৱা ডাক্তৰ, কিবা ভেঁজাল কৰি বিক্ৰী কৰা বেপাৰী, অনিয়মিত শিক্ষক, বস্তু-বাহিনীৰ কিঞ্চিৎ ইফাল সিফাল কৰা অংগনৱাদীৰ কৰ্মী, মুঠতে কোনো সাৰি যোৱা নাই। এদিন বেছি উৎসাহী হৈ তেওঁলোক গৈ পালে লোকেল চুলাইৰ ঘাটিত। প্ৰথমতে দুয়ো তাতে তিনি গিলাছমান খাই লৈ লাহেকৈ কেমেৰাটো উলিয়াই ৰেকৰ্ডিং কৰিব ধৰিলে। চুলাইৰ ঘাটিৰ মূল মালিকজন কছাৰী মানুহ। সকলোৱে তেওঁক “কছাৰী”বুলিয়েই মাতে। তেওঁ প্ৰথমে এইবোৰ বুজিয়েই পোৱা নাই। তেওঁ আকৌ ভিডিঅ’ কৰা দেখি মনে মনে ভাল পাই কৈছে,

: থহঁতে আগথে খ’বা নৰা নেকি? মই অলফ ভাল খাপুৰ পিন্দী থাকলোঁ হয় না। ঐ বাচন্তী, মোৰ নথুন সেউজীয়া গামচা আৰু আৰনাই খান দিছোঁন। এহেতে ভিডিও কৰছি। টিভিত দিবো বোলে মোখ। 

ৰিপ’ৰ্টাৰৰ মাত হৰিল! কি কৰা যায়। দুই এটা শ্বট লৈ লাহেকৈ কছাৰীৰ ওচৰলৈ গৈ তেওঁক ক’লে,

: আপুনি ধেমালি বুলি ভাবি আছে ন? এইটো ভিডিঅ’ যেতিয়া টিভিত দিম তেতিয়া পুলিচে আহি আপোনাৰ এই গোটেই বস্তু ভাঙি থৈ যাব। 

: ফুলিছে ভাঙবো! কিয়া? সেহেতে দেখোন এতে আহে মাজে মাজে খাবা। মই ফ্ৰিতে খুৱাই ডিং সেহেন্তক! যোৱাৰ সময়ত ফকেটত অলপ টকাও দিওঁ না। মোৰ দোকান নাভাঙে এ।

: কিন্তু এইটো ভিডিঅ’ দিলে ভাঙিবই লাগিব। ওপৰৰ পৰা অৰ্ডাৰ আহিব ন। গতিকে পুলিচক দিয়াৰ দৰে আমাকো অলপ টকা দিয়ক। তেতিয়া আমি এইটো দিলিট কৰি দিম। 

: ঐ বাচন্তী, মোৰ দা খান দিছোঁন। চাল্লা, ইহঁতক মই চুলাইয়ো খুৱাম, ধুনীয়া খাপুৰ পিন্দী কথাও ক’ম আৰু সেহেতে মোৰ দোকান ভাঙাৰ কথা কয়।  আজি থহঁত দুয়োটাকে কাঠিম মই। 

ৰিপৰ্টাৰ আগে আগে দৌৰিছে। দা লৈ কছাৰী পিছে পিছে। ৰিপৰ্টাৰৰ উশাহ চুটি হৈ আহিছে। কছাৰীৰ লগত ক’তনো সমানে দৌৰিব পাৰিব। তেনেতে তেওঁলোকে এখন চাং দেখিলে! দুয়ো ততাতৈয়াকৈ তাৰ ওপৰলৈ উঠি গৈ চিঞৰিব ধৰিলে,

: ৰাইজ বচাওক। এই কছাৰীয়ে দা লৈ আমাক কাটিব ওলাইছে। পিচে তেওঁলোকৰ কথা সকলোৱে জানিছিল। সকলোৱে তেওঁলোকক দেখি হাঁহিবহে ধৰিলে। কছাৰীয়েও হাঁহি মাৰি ক’লে, 

: থহঁত চাঙত থাকি চাংবাদিক হ। থলত নামিলেই খাটিম মই। 

শুনামতে, এনেকৈয়ে চাংবাদিক নামটোৰ সৃষ্টি হৈছিল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *