ফটাঢোল

ফটালিমাৰিক-ধনজিৎ বৰুৱা

১) চিন্তা


সাতামপুৰুষীয়া ঘৰৰ বাটাম আছিল লুকাই পোক  

বাহিৰৰ খোলা একে ৰাখি কমোৱা নাছিল চোক 

পণ্ডিত ককায়েক  মাত্র কথাত

বাকীকেইটাৰ নাই সজাত

কুটকটনি শুনি ঘৰত বহি চিন্তাত থোলোক।


২) সাৱধান


আৰ্কিমিডিছৰ দৰে গা-ধোৱা ঘৰৰ পৰা ছিঙি তৰানৰা

ওলাই দৌৰিল বাটলৈ শ্রীমান  হতভাগা বৰা 

সাপৰ দৰে ক’লা দীঘল 

ভয়ত চাবোনতো খালে পিছল 

সাৱধানে থাকক দেই নকল চুলিৰ বেণীৰ পৰা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *