ফটাঢোল

প্ৰসাধন প্ৰমুখ্যে বিয়া খাবলৈ যোৱাৰ কিটিপ-সোমেশ্বৰ বৰা

প্ৰসাধনত নাৰীৰ একচেতিয়া অধিকাৰ।নিজকে আটাইতকৈ ধুনীয়া দেখুৱাবলৈ সকলো মানুহে চেষ্টা কৰে আৰু ভাবে কিন্তু এই ভাবধাৰা  নাৰীৰ মনত দকৈ শিপায়।ইয়াৰ বাবেই সৃষ্টি প্ৰসাধনৰ।বিউটি টিপচ বুলিলে মানুহৰ মনৰ কথা নক’লোৱেই যেনিবা।কিন্তু প্ৰসাধনৰ বাবেও লাগে সাধনা।অনেক সাধনা তথা অনুশীলন অবিহনে সুন্দৰ প্ৰসাধন অসম্ভৱ।

প্ৰসাধন সাধকসকলৰ সুনাম বিউটিচিয়ান।কোন যোৰা কাপোৰৰ লগত কোনটো ৰঙৰ লিপষ্টিক মিলিব,কোনটো ৰঙৰ নেইল পলিচ লগাব তাৰ একো আও ভাও নেপাই উগ্ৰ প্ৰসাধনেৰে নিজকে ভুচুংপহু সজোৱাৰপৰা এশহাত দূৰৈত অৱস্থান কৰিবৰ বাবেই ঢাপলি মেলে সকলো বিউটিচিয়ানৰ ওচৰলৈ।

বিউটিচিয়ানে ভোবোৰা উঠা চেলাউৰি উঘালি ধেনুভেৰিয়া কৰি দিব।চকুৰ নোম কেইডালো শ্ৰীদেৱীৰ চকুৰ নোমৰ দৰে থিয় কৰাই দিব।আই লাইনাৰ,আইচেদ’,মাষ্কাৰা লগাই চিনাকি চকুহাল মনোমোহা কৰি পেলাব।চকুৰ পাকৰ লগত মিলাই মুখৰ গঠনত সুৱগা চৰাকৈ বিন্দিটো।লিপ লাইনাৰে বাউণ্ডেৰী মাৰি কোন কালাৰৰ লিপষ্টিক মাৰি দিব ধৰিবই নোৱাৰিব।ববকাটতে যিটো নেঘেৰী খোপা বান্ধি দিব, এঘন্টাৰ পিছত আপুনি নিবলৈ আহোঁতে থতমত খাবই খাব।

ঐ তই আজিকালি বৰ ধুনীয়াজনী হলি অ’। থুতৰিৰ তিলটোৱে তাৰ মনটোক বৰ ইচাট বিচাটখন লগাই দিয়ে।যিদিনা সি তাইৰ থুতৰিৰ সোঁফালে থকা তিলটো বাওঁফালে দেখে সি একো বুজিবই নোৱাৰেচোন। 

হয়,মেক-আপ নকৰিলেও তাইক বৰ ধুনীয়া দেখি।কিন্তু সিও জানে, প্ৰসাধন বাহিৰৰ ৰং।ৰ’দ-বৰষুণ, ঘামত উটি যায় প্ৰসাধনৰ ৰং।তায়ো বাহ্যিক প্ৰসাধনক মান্যতা দি তাৰ কাষ চাপিব নোখোজে।হিয়াখন পৰিষ্কাৰ কৈ ধুই নিকা কৰি মেক আপ কৰিহে তাৰ বুকুত সোমাব খোজে তাই।

ন দৰাটো উঠি আহিছে।তাৰ শুধ বগা বনিয়ন চোলাত সেন্দূৰৰ দাগ??ওহোঁ ‘সাৰদা’ সেন্দুৰৰ টেমাটো আজি অতীত।ঘামত গলি নোযোৱা পেঞ্চিলডালে বেছি আদৰ পালে। Ponds powder, হিমানী টেমাটো,নকল চুলিকোছা, খোপাটো,আৰ্চী,ফণিখন অতীত হ’ল।

ন-বোৱাৰীয়ে ফোঁট লওঁতে সেন্দূৰ অকণ নাকৰ আগত পৰিল।  চাওঁতাই কৈয়েই দিলে, গিৰিয়েৰে মৰম কৰিব, নমচিবা।জন বিশ্বাস, নাকত সেন্দুৰ পৰা গৰাকীয়ে হেনো গিৰিয়েকৰ মৰম বেছি পায়।

কিন্তু আজি আৰু সেন্দূৰ নাকত নপৰে।কেৱল জোৰোণৰ সময়ত অথবা দৰাই পিন্ধাই দিয়াৰ সময় কণতহে সেন্দূৰৰ ব্যৱহাৰ।

কঁকালৰ তললৈ বৈ পৰা চুলিৰ গৰাকী আজি বিৰল।দুডলীয়া বেণীৰ আয়ুস মাতৃভাষাৰ বিদ্যালয়কেইখনৰ ছাত্ৰীৰ শিক্ষান্ত পৰীক্ষালৈকেহে।সুবিধা-অসুবিধাৰ প্ৰতি নজৰ ৰাখি ববকাট,বয়জকাট, ষ্টেপকাটত দুডলীয়া বেণীডাল মিলি গ’ল।কেঁকোৰা-কেঁকুৰ চুলিও চিধা হ’ল আৰু চিধাও কেঁকোৰা কেঁকুৰি হ’ল।বিনিময়ত পতি পৰমেশ্বৰৰ পকেট খালী হ’ল।বিদেশী বগী বাইটিক দেখি আমাৰ ৰহেদৈ ক’লিদৈহঁতেও কিচকিচিয়া চুলি কোছা হাইলাইট কৰিলে।

একেখন কাণতে কেইবাপাতো কাণফুলি, পেটে পিঠিয়ে টেটুৰ দখলে মেক আপ মেনকো উচপ খুৱাই দিয়ে।

তপা,তপা বুলিলেই ডেকাৰ নগুৰ-নাগতি।তপালৈ ছোৱালী বিয়া নহয়।ছোৱালী চাবলৈ যাওঁতে উইগ লগাই যাব লগা হয়।পিছত মধুযামিনীতহে ওলায় গোমৰ ফাঁক।পিছে তপাক বচোৱাৰ সংজ্ঞা ওলাল।তপা হেনো ধনী।আগতপা, মাজ তপা,পিছ তপা আদিৰ লগতে তপাৰো শনি,ধনী, বৰ জহনী আদি বিভিন্ন মুখৰোচক সংজ্ঞা আছে।

অৱশ্যে আজি কালি সবেই তপা।যিহে মূৰৰ চুলি খুৰাই আহিব,কোনোবা হানি বিঘিনি হ’ল বুলি আনে ভয়হে খাব।দাঁতিটো চাফাকৈ কাটি ওপৰত কুকুৰাই বাহ ল’ব পৰা পুৰুষৰ কেশবিন্যাসো আছে।তাহানিৰ তেল সানি টুপটুপীয়া কৰি চুলিখিনি ফণিয়াই লিপিট খুওৱা পদ্ধতি ওভোতাই জে’ল সানি থিয় হ’ল।

গায়ক,ঢুলীয়া, বায়ন,পাঠেকসকলৰ মাজত খোপাবন্ধা,বেণীগোঁঠা,দীঘলকৈ চুলি ৰখাৰ প্ৰৱণতা এটাই গা কৰি উঠিল।

জোৰোণ বুলি ক”লে জোৰোণত মেক আপৰ সামগ্ৰী কিছুমান লাগিব।তাহানিৰ KMP বুলি লিখা নাৰিকল তেলৰ টেমাতো,কেয়ো কাৰ্পিণ ফুল তেলৰ বটল এটা, কেঞা আঙুলিটোৰ মান চেন্টৰ চিচা এটা, কাজল এডাল,খোপা,কিলিপ,পিন কেইটামান হলেই হৈছিল একা।আজি আৰু সেই দিন নাই।বিউটি বক্সৰ সামগ্ৰী সলনি হ’ল।

দৰাৰ লগত যাবলৈ সাজি কাচি আহোঁতে কোনোবাই চেন্টৰ বটল এটা উলিয়াই আৰু কপাহ এচিকুটত এচেলেক সানি কাণত সুমুৱাই থোৱাও দেখিছিলো।

নোৱাই ধুৱাই ডাঙি আনি কইনাক নগাঢাৰি পাৰি গাঁৱৰে এগৰাকীয়ে সজোৱা আৰু জাউৰিয়ে জাউৰিয়ে বিয়া নাম গোৱা  প্ৰথা আজি আৰু নেচেল। প্ৰফেচনেল বিউটিচিয়ান ছয়মাহৰ আগতেই বুকিং কইনা সজাবলৈ।মেহেন্দিৰ দিনাৰ

মেকআপ বেলেগ আকৌ।এখোজ আগুৱাই আজিৰ কইনা সজায় প্ৰফেচনেল পুৰুষ বিউটিচিয়ানে।

ক্ৰমাৎ প্ৰসাধন আৰু উৎসৱৰ ধামখুমীয়াত 

গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, কুলাবুঢ়ী নচা,জোৰা নাম, কইনা নোওৱা আদি প্ৰথা কিছু পৰিমাণে ম্লান হ’ল।

ল’ব লগা সাৱধানতা::চেটিং কৰি অনা চুলি কোছাত বেছিকৈ বতাহ নলগাব।গাড়ীৰ আইনা নুখুলিব,সদায় এ চি অন কৰিব দিব।বিয়াঘৰত ফেনৰ তলত বা এ চিৰ পোনে পোনে বহিবলৈ চাব। প্লেটত তিঁয়হ দুচকল,ৰুমালী ৰুটী এখন আৰু লে’গপিছ এটাতে সন্তুষ্ট থাকিব।

**

ক্ৰমাৎ সৌন্দৰ্যক লৈ সচেতন হ’ল মানুহৰ মন।সৌন্দৰ্য চৰ্চাই মানুহৰ ৰূপৰ লগতে মনতো ৰং সানে।সৌন্দৰ্য চৰ্চাই শৰীৰ চৰ্চাতো সচেতনতা আনিলে। ক্ৰমান্বয়ে বিলাসী হ’ল শৰীৰ তথা সৌন্দৰ্যৰ পৰিকল্পনা।

সলনি হ’ল জীৱনৰ লগতে সৌন্দৰ্যৰ সমীকৰণ।বৰ্তমান জীৱনৰ অপৰিহাৰ্য হৈ পৰা বিউটি পাৰ্লাৰসমূহৰ যোগেদি আৰ্থিক দিশত বহুজন উপকৃত হ’ল।সৌন্দৰ্য চৰ্চাৰ বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠিল।

টেলিভিছন পৰ্দাৰ বিভিন্ন শিতানত বিউটি টিপচৰ বহু প্ৰশিক্ষক আগুৱাই আহিছে আপোনাক সৌন্দৰ্য সম্পৰ্কীয় সকলো কৌশল আৰু সমিধান দিবৰ কাৰণে।আপোনালোকেও তেখেতৰ লগত সহযোগ কৰিছে।মা-কচম ! কাৰনো মন নেযায় নিজকে আটাইতকৈ ধুনীয়াকৈ সজাবলৈ।সৌন্দৰ্য চৰ্চাৰ শিতান সকলো ধৰণৰে আলোচনী,খবৰ কাকতত সন্নিবিষ্ট হ’ল।

ক্ৰমাৎ সৌন্দৰ্যক লৈ সচেতন হ’ল মানুহৰ মন।সৌন্দৰ্য চৰ্চাই মানুহৰ ৰূপৰ লগতে মনতো ৰং সানে।সৌন্দৰ্য চৰ্চাই শৰীৰ চৰ্চাতো সচেতনতা আনিলে। ক্ৰমান্বয়ে বিলাসী হ’ল শৰীৰ তথা সৌন্দৰ্যৰ পৰিকল্পনা।সলনি হ’ল জীৱনৰ লগতে সৌন্দৰ্যৰ সমীকৰণ।বৰ্তমান জীৱনৰ অপৰিহাৰ্য হৈ পৰা বিউটি পাৰ্লাৰ সমূহৰ যোগেদি আৰ্থিক দিশত বহুজন উপকৃত হ’ল।সৌন্দৰ্য চৰ্চাৰ বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠিল।

সুযোগ বুজি বিভিন্ন দেশী বিদেশী প্ৰসাধন সামগ্ৰী ওলাল।প্ৰসাধনৰ বজাৰখনে গা-টঙাই এতিয়া নিগাজী হ’ল।

গতিকে এই সুযোগতে বিয়া খাবলৈ যাওঁতে সদ্যহতে পৰিলক্ষিত দুটামান অনুকৰণীয়  কিটিপ জনহিতাৰ্থে তলত দিয়া হ’ল।

১)একেযোৰ কাপোৰকে কেতিয়াও একাধিক বিয়ালৈ পিন্ধি যোৱা উচিত নহয়।

২)জোৰোণ দিবলৈ যাওঁতে বা জোৰোণত উপস্থিত থাকোঁতে কাপোৰৰ ৰং মিলি গ’লে ভাল।বিশেষকৈ পাট মুগা ৰংটো আজিৰ সকলোৰে পছন্দৰ।

৩)ফুলৰ কলকাৰ লগত মিলাই গহনা পিন্ধা ভাল।

৪)বৰফ পৰি ঠেৰেঙা লাগিলেও চুৱেটাৰ পিন্ধি বিয়া খাবলৈ যোৱা অনুচিত।

৫)পতি পৰমেশ্বৰৰ হতুৱাই চাদৰৰ পিনটো মৰাৰ আগতে চেণ্ডেল ঢাকি চোঁচৰি যোৱাকৈ মেখেলাখন টানি দিবলৈ কোৱা উচিত।

৬)গহনা সলাই সলাই পিন্ধা উচিত।তাই চেইন পিন্ধিলে নিজে আঢ়ৈ তোলামানৰ চিটাহাড় এডাল পিন্ধা ভাল।হাড়ৰ লগত মিলাই বালা পিন্ধিব লাগে।আৰু ঘড়ী,ধৈ ঘড়ী আউতডেটেদ।

৭)ঘৰৰ ভিতৰত চেণ্ডেল নিষিদ্ধ যদিও বিয়া বুলি এলাউড। দ্ৰেচিং টেবুলৰ আগত কাপোৰৰ লগত মিলাই কাপোৰ যোৰ চোঁচৰি যোৱাকৈ পিন্ধি দুপাকমান ঘূৰি ঘূৰি কাপোৰৰ লগতে খোজ কেইটাৰ লয়লাস চাবলৈ কেটৱাক যোৰ ভিতৰতে পিন্ধিব লাগে।

৮)কাপোৰ যোৰ এবাৰ মেলি এবাৰ পিন মাৰি দাপোনত চাই ল’ব লাগে।আৰু পতি পৰমেশ্বৰক কোন ধৰণে ভাল লাগিছে সুধিব লাগে।শেষত জধলা পতিয়ে যি যোৰ কাপোৰ পিন্ধিবলৈ কয় সেইযোৰ নিপিন্ধি তাৰ ওলোটা কাপোৰ যোৰ পিন্ধি ল’ব লাগে।

৯)পাৰ্লাৰত কাটোতে কাটোতে মূৰত চুলি কমি যোৱাৰ যুগ।খোপাৰ প্ৰশ্নই নাহে।ষ্ট্ৰেইটনাৰটোৱে দুচাটমান টানি চুলিখিনি চে’ট কৰি ল’লে ভাল।

১০)লিপ লাইনাৰটোৰ পিছত ওঁঠটো বোলাই দুই ওঁঠ দুবাৰ মান জপাই জপাই দিব লাগে।

১১)শেহতীয়াকৈ বাথৰুমৰ আইনাখনত ওচৰৰপৰা  চাইহে লিপষ্টিকৰ ফাইনেল টাচ্চ আৰু বাথ ৰুমৰপৰা আহি চেলফি এখন লৈ বিয়ালৈ যাব পাৰি।

১২)আধাঘন্টাৰ আগৰেপৰা গাড়ী উলিয়াই বিৰক্ত হৈ ভোৰভোৰাই থকা পতি পৰমেশ্বৰক দমন কৰাৰ অজুহাতত গাড়ীৰ দৰৱাজা ধমহকৈ শব্দ হোৱাকৈ মাৰি তেওঁৰ ফালে নোচোৱাকৈ পতিক ব’লা বুলি ক’ব লাগে।

১৩)গাড়ীতে পলিথিনটো বখলিয়াই ৰঙীন পেকেটটো লৈ মিলিকিয়াই চিধাই দৰা/কইনাক উপহাৰটো দি কাষত থিয় হৈ ফটো চেচন।সেই সময়ত আঁচলটো চোঁচৰি যোৱা হোৱাটো লক্ষনীয়।

১৪)ষ্টাৰটাৰ/কফি কাপত চুমুক দিব।ডাইনিং হলত গৈ তিঁয়হ এচকল,ৰুমালী ৰুটী দুখন আৰু চিকেন অকণ খুউৱ সাৱধানে খাব। খাওঁতে লিপষ্টিকৰ হানি বিঘিনি হ’লে বাথৰুলৈ গৈ ওঁঠত পুতুককৈ একটাচ্চ দি আহিব পাৰি।।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *