ফটাঢোল

বেচেৰা-অমিতাভ মহন্ত 

তাই এজনী বেয়া ছোৱালী আছিল৷ বেয়া মানে খুবেই বেয়া৷ সদায় ৰাতি ৰাতি ফোন কৰি দুই-তিনি বজালৈ কেৱল বকবক৷ নিজেও নুশুৱে, মোকো শুবলৈ নিদিয়ে৷ ফোন নকৰিলে হোৱাটচ্ এপত চাটিঙ৷ ফোনতে মোক “বাবু” বুলি মাতি নিনি খুৱাই দিয়ে৷ দিনত সত্তৰটামান চুমা! 

 মুঠৰ ওপৰত তাই মোৰ জীৱনত হাহাকাৰ কৰি দিছিল৷ না ঠিকমতে খাইছোঁ, শুইছোঁ, গা ধুইছোঁ, পঢ়িছোঁ৷ ধ্বংসৰ পথত গৈ আছিলোঁ৷

কিন্তু তাই মোক খুব মৰম কৰে, সেয়াও সত্য৷ নিজৰ ভুলবোৰ অনুভৱ কৰি তাই খুব কম সময়তে নিজকে সলনি কৰে পেলাইছে৷ কেৱল মোৰ বাবে, তাইৰ বাবুৰ বাবে৷ মাত্ৰ এসপ্তাহৰ ভিতৰত ইমান অবুজন ছোৱালীজনী এনেকৈ ভাল হৈ গ’ল ভাবিলেই মৰম লাগি যায়৷ আজিকালি তাই ৰাতি দহ বজাতেই শুই যায়৷ আনকি তাইৰ ইমান টোপনি ধৰে যে তাই ফোনৰ ডেটা অফ কৰিবলৈও পাহৰি যায়৷ সেইবাবেই তাইক গোটেই ৰাতি অনলাইন দেখুৱায়৷ ফেচবুকৰ এয়া এক বাজে নিয়ম৷ মানুহ টোপনিত থাকিলেওঁ সেউজীয়া লাইট জ্বলি থাকে৷

তাৰোপৰি তাই আজিকালি মোৰ খুব যত্ন লয়৷ মোৰ সময় নষ্ট হ’ব বুলি মই ফোন কৰিলেও দুই মিনিটৰ বেছি কথা নাপাতে৷ ‘তুমি খাই লোৱা৷ তুমি গা ধুই লোৱা৷ ৰাতি হৈছে, শুৱা৷”… আজিকালি এইবোৰেই চলি থাকে৷ মোৰ যে কি ভাল লাগে নহয়৷ ইমান কেয়াৰিং, মোক ইমান বুজে!

তাই মোক ইমানেই ভাল পায় যে নিজকে আজিকালি মোৰ যোগ্য বুলি নাভাৱে৷ এগৰাকী প্ৰকৃত শুভাকাঙ্খীৰ দৰে সদায় মোক কয়, ‘তুমি মোতকৈ ভাল ছোৱালী ডিজাৰ্ভ কৰা৷” মই না কৰিলেওঁ কথা নুশুনে৷ মোৰ বাবে বোলে বেলেগ এজনী চাইহে উশাহ ল’ব৷ কি যে পাগলী!

তাৰপাচত! এদিন কেৱল মোৰ বাবে তাই জীৱনৰ আটাইতকৈ ডাঙৰ ত্যাগ কৰে৷ ইমান ডাঙৰ ত্যাগ কোনেও হয়তো কেতিয়াও কৰা নাই৷ 

আমাৰ গলিৰে বুবু যে, তাৰ লগত মোৰ বহু পুৰণি কাজিয়া৷ তাক মোৰ এক বিন্দুও সহ্য নহয়৷ তাই মোৰ বাবে তাৰ সৈতে প্ৰেম কৰা আৰম্ভ কৰি দিলে৷ মই সকলো বুজোঁ৷ আচলতে সি চিভিলৰ বাবে পঢ়াশুনা কৰি আছিল৷ মই বুজিলোঁ তাই তাৰ প্ৰিপাৰেশ্যন খেলিমেলি কৰি দিব বিচাৰিছে, যাতে সি চাকৰি নাপায়৷ সি যাতে তাই মোক ভালপায় বুলি ধৰিব নোৱাৰে, সেইবাবে তাই মোক ফেচবুক  হোৱাটচ্ এপ, ফোন সকলোতে ব্লক কৰি দিছে৷ মই এদিন ৰাতি আঢ়ৈটাত দেউতাৰ ফোনৰপৰা দুয়োকে ফোন কৰি চাইছিলোঁ৷ ইয়েচ! বিংগ! দুয়োটা ফোন ব্যস্ত৷ তাই তাক শুবলৈ দিয়া নাই  পৰীক্ষাৰ বাবে সাঁজু হ’বলৈ দিয়া নাই৷ মোৰ শত্ৰুক কষ্ট দিবলৈ তায়ো শুৱা নাই৷ কি জবৰদস্ত চেক্ৰিফাইচ্৷

লগৰ পাপু, বিজুহঁতে মোক বুৰ্বক বুলি কয়৷ মই বোলে গৰু, গাধা৷ মই সকলো বুজোঁ৷ সিঁহতে মোক হিংসা কৰে৷ সিঁহতে নিজৰ প্ৰেমিকাক গিফ্ট কিনি দিয়ে, ৰেষ্টুৰেণ্টত খুৱায়৷ আৰু মোৰজনীয়ে মোৰ শত্ৰুৰ টকাৰে সেইবোৰ কৰে৷ হিংসা নহ’ব?  সেইবাবেই হিংসাত মোৰ প্ৰেমক লৈ উল্টাপুল্টা কথাবোৰ কয়, তাৰে অধিকাংশই অশ্লীল৷ কৈ থাক যি ইচ্ছা৷ মোৰ কি আহে, যায়?

মাজতে এদিন বুবুই মোক ফোন কৰিছিল, ‘দোস্তি, চৰী ভাই৷ যি হৈছে পাহৰি যাবি৷ আৰু পাৰিলে মাফ কৰি দিবি৷’

মনে মনে মোৰ অন্তৰ থৌকি বাথৌ৷ কেনে শিক্ষা পালি বপুৰা? গহীন ভাৱ এটা দি ক’লোঁ, ‘ ইটচ্ অলৰাইট বুবু, মই একো মাইণ্ড কৰা নাই৷’

‘তেম্তে বিয়াত আহিবি, ১৫ এপ্ৰিল৷ চিঠিখন হোৱাটচ্ এপত দিলোঁ৷’

মাথাটো লাহে লাহে হেং মাৰিব ধৰিছে৷ তাই কি সঁচাকৈ গাড্ডাৰী কৰিলে নেকি? পাপুহঁতে ঠিকেই কৈছিল নেকি? গোটেই ৰাতি ভাবিলোঁ৷ আচলতে কি জানে? তাই ঠিকেই বুজিছে বুবুৰ উন্নতি হ’লে মই কষ্ট পাম৷ যিহেতু তাই ইমান কষ্ট কৰাৰ পাচতো সি “এ পি এচ ছি” পালে গতিকে তাই এতিয়া তাৰ গোটেই জীৱন ধ্বংস কৰাৰ প্লেন কৰিছে, যাতে মই সুখী হওঁ৷ চেক্ৰিফাইচৰ কোব দেখি চকুপানী ওলাই আহিল৷

বুবুৰ নম্বৰটো চে’ভ আছিল৷ হোৱাটচ এপ ষ্টেটাছত দেখিলোঁ দুয়ো হনীমুনত চুইজাৰলেণ্ডলৈ গৈছে৷ এইবাৰ নিজকে ৰখাব নোৱাৰিলোঁ,  অট্টহাস্য কৰি হাঁহিছোঁ৷ বেচেৰা চুনুমুনু বুবুটো! চুইজাৰলেণ্ডত যি ঠাণ্ডা, বৰফৰো ফটো দেখিছোঁ৷ মৰিব মক্কেলটো ঠাণ্ডাত এইবাৰ৷

বেচেৰা!

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    সঁচাই বেচেৰালৈ বেয়াই লাগিল। হাঃহাঃ

  • কাবেৰী মহন্ত

    বেচেৰা!?

  • বাগ্মিতা

    দাদা,কি তামাম লিখে হে?????