ফটাঢোল

………………শৈশৱ আৰু জীৱনৰ আখৰবোৰ-ভাস্কৰজ্যোতি দাস

চৰকাৰী বন্ধৰ দিনটোত সম্পাদকীয় লিখিবলৈ পুৱাই ডেস্কটপটো খুলি প্ৰথমেই ভাব এটা আহিল; কি লিখিম! লিখিবলগীয়াতো একোৱেই নাই৷ সকলোৱে সকলো কথা জানেই৷ অন্ততঃ মোতকৈ বেছি ভালদৰে জানে৷ তেন্তে কি লিখিম মই! মোৰ দৰে আউটডেটেড মানুহ এটাই আলোচনীৰ সম্পাদকীয় কি লিখিম! 

কি লিখিম, কি লিখিম বুলি ভাবি থাকোঁতে হঠাতে ল’ৰা দুটামানে ওচৰতে কথা পাতি থকা যেন শুনিবলৈ পালোঁ৷ বাহিৰলৈ গৈ দেখিলোঁ ৬-৭ টামান ল’ৰাই চাইকেল চাৰিখন লৈ কথা পাতি আছে৷ বয়স ১৩-১৪ বছৰমান হৈছে সিহঁতৰ৷ দিনটোৰ প্লেন কিছুমান আলোচনা কৰি আছে৷ আজি দৰিকা নদীৰ ঔগুৰি ডুবিত জাল পেলাব৷ প্ৰথমেই মাছধৰা চাবলৈ যাব, তাৰপাছত পোনজানৰ কাষত বগৰী পাৰিবলৈ যাব৷ তাৰপাছত দিখৌৰ পাৰত গৈ ঢেকীয়া বুটলিব, এটাৰ ঘৰত গোটেইকেইটাই মিলি দিনৰসাঁজ খাব আৰু পিছবেলা লক্ষ্মী টকীজত গৈ নতুন চিনেমাখন চাবগৈ৷ চিনেমা শেষ কৰি এটাৰ ঘৰত থকা পুখুৰীটোত নাও চলাব৷ মুঠতে দিনটোৰ কাৰ্যসূচীখিনি ভালদৰেই পৰিকল্পনা কৰি লৈছে সিহঁতে৷ কিছুসময় ইহঁতৰ কাৰবাৰটো চাই থকাৰ মাজতে হঠাতে কোনোবাই মোৰ পিঠিত এছাৰিৰ কোব এটা দি সুধিছে – “মহাত্মা গান্ধীয়ে ভাৰতত বুনিয়াদী শিক্ষা কোন চনত আৰম্ভ কৰিছিল সেইটো নজনা তহঁতকেইটাই বন্ধৰ দিনত এনেকৈ টলৌ-টলৌকৈ ঘূৰি থাকিবলৈ লৈছ!” পিছলৈ ঘূৰি চাইহে সম্বিত ঘূৰি আহিল৷ চুলতান আহমেদ ছাৰ৷ ছাৰ ৰুগীয়া হৈছে এতিয়া৷ কৈছে -“স্বাস্থ্য অতি বেয়া ভাস্কৰ৷ উশাহ লোৱাত কষ্ট হয়৷ ৰিটায়াৰমেণ্টলৈ বেছি দিন নাই৷ আহিবলগীয়া পৌৰসভা আৰু স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনবোৰৰ ডিউটিৰ পৰা মোক আঁতৰাই ৰাখিবা৷” ছাৰক ভালদৰে বিদায় জনাই আকৌ ডেস্কটপটোৰ আগত বহি পৰিলোঁ৷ সলনি হোৱা সময়বোৰৰ কথা ভাবিলোঁ৷ 

কি লিখিম! একোকে মনলৈ অহা নাই৷ কথা এসোপামানেৰে মনটো ভৰি আছে যদিও একোৱেই লিখিব নোৱাৰোঁ দেখোন৷ এইদৰে কিছুসময়ৰ বহি থাকোঁতে ঘটনা এটা মনত পৰিল৷ ন-দহ বছৰমানৰ আগৰ ঘটনা৷

ব্যস্ত জীৱনশৈলীৰ মাজত চলি থকা এটা সাধাৰণ দিন। সেই দিনকেইটাত কাৰ্যালয়ৰ কামৰ গতিয়ে ব্যস্ততা বঢ়োৱাৰ লগতে দেহ-মনৰ অৱশ ভাবটোও বঢ়াইছে৷ ভাবিলোঁ কাৰ্যালয়লৈ অলপ সোনকালে যাম। বহুতো কাম পেন্দিং হৈ আছে। নমান বজাতেই মোৰ পিঠিত অফিচ বেগ আৰু হাতত বাইকৰ চাবি। বাৰান্দাত ভৰি থৈছোঁহে মাথোঁ, দেখিলোঁ গে’টৰ বাহিৰত ৩ টা সৰু সৰু ল’ৰা-ছোৱালী। ডাঙৰ ছোৱালীজনীৰ বয়স ১১-১২ বছৰমান হ’ব। মলিন চেহেৰা, অপৰিষ্কাৰ দেহ আৰু ক্ষীণ, ক’লা দেহটোত ওলমি থকা মেৰুণ ৰঙৰ এটা ফ্ৰক। বাকী দুটাৰ বয়সো ৫ বছৰৰ পৰা ৮ বছৰৰ ভিতৰতে হ’ব। মাজুটো ল’ৰা।…….হয়টো খোজনীয়া।

: দাদা, ১০ টকা এটা দিয়কনা, আজি ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই

ডাঙৰজনীয়ে আৰম্ভ কৰিলে। মই সুধিলোঁ,

: তহঁতৰ ঘৰ ক’ত? মা-দেউতা নাই নেকি? 

: নাই দাদা। মা-বাপৰ বিয়া হৈছে, মাটোৰ ওচৰতে আমি আছিলোঁ, মাৰ মানুষটোৱে আমাক তাত থাকিব নিদিয়ে আৰু বাপটোৰ তাত গ’লেভি মাইকীটোৱে আমাকে খেদি দিয়ে, বাপটো মৰিছে।

ডাঙৰজনীৰ অস্পষ্ট কথাখিনিত মনটো সেমেকি গ’ল।

তাই কোৱা কথাবোৰৰ পৰা গম পালোঁ যে সিহঁত চাহবাগানৰ লোক। ইতিমধ্যে মাজু ল’ৰাটো চোতালত এটা ডাঙৰ পৰুৱাৰ লগত ব্যস্ত হৈ আছে। হাতত এডাল খেৰ। সৰুজনী বাৰান্দালৈ উঠি অহা ষ্টেপ এটাত বহি আছে। দৃশ্যটো আৰু ইয়াৰ প্ৰেক্ষাপতৰ কথা ভাবি মনটো ভৰি পৰিল। আকৌ ভাবিলোঁ কিজানিবা তাই মিছা কথাই কৈছে। হ’লেও দৃশ্যটোৰ বৰ্তমানক লৈ মনত থকা সন্দেহভাব কিছু আঁতৰালোঁ আৰু জেপত হাত দি চালোঁ। খুচুৰা হিচাপে ত্ৰিশ-পঁয়ত্ৰিশ টকামান আছে। তাৰে ত্ৰিশ টকা তাইৰ হাতত তুলি দিলোঁ। আজিৰ তাৰিখত ১০ টকাৰেনো ইহঁতি কি খাব। এনেতে মা আহি বাৰান্দা পালেহি ।

তাই মাক দেখি এইবাৰ আৰম্ভ কৰিলে,

: ভাত-চাত কিবা আছে নেকি? কালিৰ পৰা ভাত খাবলৈ পোৱা নাই। 

মই মাক ঘটনাটো বুজাই ক’লোঁ। মায়ে সিহঁতক বাৰান্দাত বহিবলৈ কৈ ভিতৰলৈ গ’ল। মোৰ প্ৰশ্নও চলি থাকিল। এইবাৰ জীৱনৰ প্ৰশ্ন। 

: খুজি-মাগি জীৱনটো পাৰ কৰিবি নেকি? ভাই-ভনীকেইটাৰ কি হ’ব?

তায়ো অস্পষ্ট উত্তৰ দি গ’ল। মাজতে ঘড়ীটোৰ ফালে মন কৰিলোঁ। এনেতে তিনিখন দিচপ’জেবল প্লেট লৈ মা বাৰান্দাত উপস্থিত হ’লহি। ভাত, তৰকাৰি ইত্যাদিবোৰ বাঢ়ি দিলে আৰু সিহঁতকেইটায়ো পৰম তৃপ্তিৰে খাবলৈ আৰম্ভ কৰিলে। মায়ে সুধিলে মোক,

: ইহঁতকেইটাক ঘৰতে ৰাখি থওঁ নেকি? কামত কিবা সহায় হয়েই বা। 

বিভিন্ন কাৰণ দেখুৱাই মই প্ৰস্তাৱটো অগ্ৰাহ্য কৰিলোঁ। ইফালে ঘড়ীৰ কাঁটাও ঘূৰি আছে। মাক ক’লোঁ,

: মই যাওঁ দে। তই ইহঁতৰ কাৰণে কিবা কাপোৰ-কানি আছে যদি চাবি।

কাৰ্যালয় আৰু মোৰ ঘৰৰ দূৰত্ব ১.৫ কিঃমিঃমানহে হ’ব। লাহে লাহে আগবাঢ়িলোঁ। মনত বহুকেইটা প্ৰশ্ন…. 

“কি হ’ব ইহঁতকেইটাৰ?

…জীৱনত কি কৰিব ইহঁতে?

…মগনীয়াৰ হৈয়ে পাৰ কৰিব নেকি?

…বেমাৰ যদি হয় তেন্তে কোনে চাব ইহঁতক?…. ইত্যাদি ইত্যাদি।”

 

বৰপুখুৰী পাৰৰ আৱৰ্ত ভৱনৰ কাষৰ শ্লপিংটো পাইছোঁহি মাথোঁ। হঠাতে মনত পৰি গ’ল জয়সাগৰস্থিত “আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ”ৰ কথা। এইখন শিৱসাগৰ জিলাৰ একমাত্ৰ অনাথ আশ্ৰম (কেৱল শিশুৰ)। যোৱাবছৰৰ স্বাধীনতা দিৱসত জিলা প্ৰশাসনৰ কাৰ্যসূচীৰ ভিতৰত আমাৰ ক্লাব “বহ্নিমান সংঘ”ৰ তৰফৰ পৰা তাত দুটা ফিল্টাৰ, শিক্ষণ সামগ্ৰী আৰু খাদ্যবস্তু বিতৰণৰ কথা চূড়ান্ত কৰা হৈছে। আন আন সংঘয়ো স্বাধীনতা দিৱস উপলক্ষে জিলা কাৰাগাৰ, অসামৰিক চিকিৎসালয় আদিবোৰত অনুৰূপ কাৰ্যসূচী লৈছে। মইতো ইহঁতকেইটাক তাতে ৰখাৰ ব্যৱস্থা কৰাই দিব পাৰোঁ। তাত সিহঁতে জীৱনৰ নিম্নতম সুবিধাখিনি হ’লেওতো পাব। পিচে ইহঁতকেইটা তালৈ যায় বা নাযায়। বাইক ঘূৰাই ঘৰলৈ উভতিলোঁ। মনতে এটা প্ৰশ্ন (ভয়)— ইহঁতকেইটা গ’লগৈ নেকি আকৌ? ঘৰৰ চোতালত বাইক ৰখাই চালোঁ। ৰক্ষা, ইহঁত যোৱা নাই। কাপোৰ-কানি সামৰি আছে। ডাঙৰজনীক সুধিলোঁ,

: পঢ়া-শুনা কৰিবি? স্কুল যাবি স্কুল? 

তাই উত্তৰ দিলে,

: পইচা লাগিব স্কুল যাবলৈ। 

উত্তৰটো ভাল নালাগিল। আকৌ সুধিলোঁ,

: লিখা-পঢ়া কৰাৰ মন আছে? আৰু খেলা-ধূলা কৰিবলৈ?

মুখৰ ভিতৰতে তাই কিবা এটা ভোৰভোৰালে। একো বুজি নাপালোঁ।

এইবাৰ মই আৰম্ভ কৰিলোঁ,

: মই তহঁতক এনে এখন স্কুললৈ লৈ যাম য’ত তহঁতক পইচা নালাগে। তাতে তহঁতে পঢ়িবও পাৰিবি, খেলা-ধূলাও কৰিব পাৰিবি, ফুৰিবও পাৰিবি, কাপোৰ-কানিও পাবি। 

মই কথাৰ মাজতে ডাঙৰ দুটাৰ চকুলৈ চালোঁ। সিহঁতৰ চকুত যেন অযুত সপোন। মুখেৰে একো নকৈ মোলৈ একেথৰে চাই আছে। সিহঁতৰ নিমাত সন্মতি তথা সিহঁতৰ কল্পনাৰ সপোনবোৰ দেখি মোৰ কান্দি দিবৰ মন গ’ল। মেনেজমেণ্টৰ লগত যোগাযোগ কৰাই দিলোঁ সিহঁতৰ। বগা ৰঙৰ মাৰুতি ভানত উঠি গুচি গ’ল সিহঁত, লগতে সিহঁতৰ সপোনবোৰ আৰু মায়ে দিয়া কাপোৰৰ টোপোলাটো।

৩ আগষ্ট ২০১২ তাৰিখে মোৰ লগত এই ঘটনাটো ঘটিছিল আৰু এই কথাখিনি এনেকৈ লিখি মই ফেচবুকৰ অন্যতম সাহিত্যচৰ্চাৰ গোট অসমীয়াত কথা-বতৰাত প’ষ্ট কৰিছিলোঁ৷ অসমৰ প্ৰথমখন ই-আলোচনী “সাহিত্য ডট অৰ্গ”ৰ ১ ভাদ (১৪ আগষ্ট, ২০১২) সংখ্যাত এই লেখাটো প্ৰকাশ পাইছিল৷ কলেজীয়া দিনৰ লেখা-মেলাৰ পাছত মোৰ এইটো লেখা এটা দীঘলীয়া বিৰতিৰ পাছত যিকোনো মাধ্যমত প্ৰকাশিত প্ৰথমটো লেখা আছিল৷ লেখা বুলি নধৰি আচলতে এইবোৰ কিছুমান আখৰ মই সজাইছিলোঁ বুলি ক’লেহে শুদ্ধ হ’ব৷ এটা প্লট, কিছুমান আখৰেৰে এইটো এটা “লেখা” হৈছিল৷ 

“কিনো লিখিম?”, “মইতো একো লিখিব নেজানো!”, “একোকে মনলৈ অহা নাই৷” “বিভিন্ন ধৰণৰ কথাৰে মনটো ভৰি আছে৷ লিখিবহে নোৱাৰোঁ দেখোন৷” “মই আজিলৈকে একো লিখিয়েই পোৱা নাই৷” লেখা একোটা বিচাৰিলে সচৰাচৰ পোৱা উত্তৰ এইবোৰেই৷ বহুতৰে নিজৰ কলমটোৰ ওপৰত বা কলমটোক স্বাধীনতা দিয়াত অসুবিধা৷ 

এতিয়া উৎসৱ আৰু উদযাপনৰ সময়৷ নৱবৰ্ষ, ভোগালীয়ে হাত বাউলি দি মাতি আছে আমাক। জীৱনটোক ৰং দিবলৈ, অকণমান সুখ, অকণমান আনন্দৰ বাবে আমাৰ মন ব্যাকুল হৈ থাকে৷ কুঁৱলীৰ মিঠা পৰশত দুখৰ ক’লা ডাৱৰে ঢাকি ৰখা মনটো উচ্ছাসিত হৈ পৰে। সৰল অৰ্থত ক’বলৈ গ’লে এই উৎসৱ-পাৰ্বনবোৰ পৰিপূৰ্ণভাৱে জীয়াই থকাৰ কিছুমান মধুৰ অজুহাত। ৰবীন্দ্ৰ নাথ ঠাকুৰে সেয়ে লিখিছিল চাগৈ -“জীৱন-মৃত্যু পায়েৰ ভৃত্য। চিত্ত ভাবনাহীন” 

শৈশৱৰে পৰা আমি বৰদিন, নৱবৰ্ষ, ভোগালীৰ সাধুকথাবোৰ, শিল্পী দিৱসৰ সংকল্পবোৰৰ মাজতে ডাঙৰ হৈছোঁ৷ কিন্তু গতিশীল সময়ৰ আঁচোৰত তথা অপসংস্কৃতিৰ আগ্ৰাসনত আমাৰ উৎসৱবোৰ উপহাসহে হৈ পৰিছে। বয়-বস্তুৰ আকাশলংঘী দাম, কেউফালে অভাৱ-অনাটন, সমস্যা, সংঘাট আদিয়ে আমাক চেপি ধৰিছে। তাৰ মাজতো আমি ভাষাটোৰ বাবে কিবা-কিবি কৰি আছোঁ৷ কিবাকিবি লিখি আছোঁ৷ ধনাত্মক কথা এইবোৰ৷

লেখা একোটা লিখা নাযায়৷ নিজেই হৈ যায় লেখা এটা৷ মনটো মুকলি কৰি নিজৰ ওচৰে-পাঁজৰে ঘূৰি থকা প্লটবোৰেই একো একোটা লেখাৰ অভিভাৱক৷

শহুৰ, শাহু আৰু ছোৱালীজনীৰ লগত বহি টি.ভি. চাই আছোঁ৷ চিনেমা নে চিৰিয়েল কিবা এখন চলি আছে৷ টি.ভি-ৰ পৰ্দাত ছোৱালী এজনীক মাকে কান্দি-কাটি কৈ আছে -“কাৰ পাপ আনি পেটত গোটালি হেৰৌ! সমাজৰ আগত নাক উলিয়াব নোৱাৰা কৰিলি৷ হে ভগৱান! তুমি এয়া কি পৰীক্ষা লৈছা আমাৰ লগত৷” অখজা লগা পৰিস্থিতিটোৰ মাজতে আমাৰ পিছফালে ঘৰ মচি থকা বুলবুলিয়ে কৈয়েই দিলে – “হেই আঁকৰী এইজনী! ফাৰ্মাছীৰ পৰা পঞ্চাছটকীয়া টেবলেট এটা আনিব নোৱাৰিলি৷” – প্লট৷

চাৰ্কুল অফিচলৈ সদায় অহাৰ দৰে মাধৱী আজিও আহিছে৷ একেখিনি কথাকেই মোক কৈছে,

: ঐ ছাৰ, হুনক আকৌ৷ কালি মুখ্যমন্ত্ৰীয়েই ক’লে পট্টা দিয়াৰ কথা৷ মোৰ পট্টাখন দিয়ক আকৌ৷ জীয়ৰী ছোৱালী এজনী এনেকৈ ঘৰ-মাটি নোহোৱাকৈ থাকিব পাৰোঁ নেকি?

মই সদায় কোৱা কথাখিনি কওঁ,

: আপুনি যিটুকুৰা মাটিত বহি আছে সেয়া বেলেগৰ নামত আৱণ্টন দি থোৱা মাটি৷ সেয়া আপুনি নেপায়৷ গুৱাহাটীৰ ফালে মাটি লাগিলে দিয়াব পাৰিম৷ 

তাই “মোক বহি থকা মাটিকণেই লাগিব৷ এনেকৈ অন্যায় কৰিলে নহ’ব নহয়” বুলি ভোৰভোৰাই আঁতৰি যায়৷ মই জানো যে তাই কাইলৈ আকৌ আহিব আৰু একেখিনি কথাকেই ক’ব আৰু মই একেধৰণৰ উত্তৰ এটা সাজু কৰি ৰাখিব লাগিব৷ -প্লট

এনেকুৱা প্লট অজস্ৰ থাকে যিবোৰ আমাৰ চৌপাশে ঘূৰি থাকে৷ সেইবোৰ লিখিলেও জন্ম হয় লেখা একোটাৰ৷ এইবোৰ লেখা লিখিবলৈ গৱেষণা নেলাগে৷ লাগে এটা মন৷ সৰু-সুৰা কথা কিছুমানেৰে আকৌ লিখিবলৈ আৰম্ভ কৰিব লাগে৷ প্ৰথমে ভুল হ’ব৷ লাহে লাহে মসৃণ হৈ এটা সময়ত ভাল হ’ব৷ লেখক একোজনৰ নিজা লিখনশৈলী এটাৰ জন্ম হ’ব৷ এইদৰেই ভাষাটোৰ উত্তৰণ হ’ব৷ এইবোৰ এদিনতে হোৱা কথা নহয়৷ অ, আ, ক, খৰ পৰা বিশ্বকোষ নহ’লেও এটা গল্প হ’ব বা কিবা এটা গদ্য বা পদ্য হ’ব৷ মুঠতে লেখা বাঢ়িব লাগিব৷ জাতিৰ কথা কৈ কৈ ভাগ-ভাগ হোৱা অসমীয়াৰ সংজ্ঞাটোক জীয়াই ৰাখিবলৈয়ে ভাষা-সাহিত্য লাগিব৷ আখৰ লাগিব৷

অসমত হাস্য-ব্যংগৰ এক ইতিহাসৰ পাতনি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱাৰ মাধ্যমেৰে আৰম্ভ কৰিছিল৷ পিচে সেই ইতিহাসত তেতিয়াৰে পৰা এতিয়ালৈকে বেছিকৈ চন-তাৰিখ লিখিব পৰা হোৱা নাই৷ চিৰিয়াছধৰ্মী সাহিত্যৰ হেঁচাত হাস্য-ব্যংগই সেই স্থান বা সেই ভূমিকা সমাজত ল’ব পৰা হোৱা নাই৷ প্ৰয়াসবোৰ অব্যাহত থাকিব লাগিব৷ তেতিয়াহে চৰ্চাৰ জগতখনৰ নতুন দুৱাৰ-পদূলি আমি উঠি অহা লেখকচামলৈ খুলি যাব পাৰিম৷ 

এতিয়া সামাজিক মাধ্যমত চৰ্চাতকৈ সমালোচনা বেছি হোৱা দেখা যায়৷ ই সমাজখন সঠিক দিশত কিমান আগুৱাই নিব পাৰিছে সেয়া সন্দেহজনক৷ চৰ্চা চলি থাকিব লাগিব৷ চৰ্চাইহে ভাষা বা জাতিৰ প্ৰাপ্তিৰ পৰা পূৰ্ণতাৰ সোণোৱালী বাটত বাটকটীয়াৰ ভূমিকা ল’ব পাৰিব৷  

আহক আমি কল্পনা কৰোঁ যে ক’তো স্বৰ্গ নাই, নৰক নাই। ওপৰত আছে মাথোঁ আকাশ। কোনো দেশ, কোনো ধৰ্ম নাই৷ কল্পনা কৰোঁ যে সকলো মানুহে শান্তিৰে জীয়াই আছে। পৃথিৱীত সম্পত্তি বুলিও একো নাই। লোভ বা ভোক আমাৰ নাই৷ আছে মাথোঁ প্ৰেম আৰু ভাতৃত্ববোধ৷ কল্পনা কৰোঁ যে সপোনপিয়াসী এখিনি মানুহে সমগ্ৰ পৃথিৱীখন ভগাই একেলগে আছে। আশা কৰোঁ আমিও কোনোবা এদিন লগ পাম আৰু চৰ্চাৰ জগত এখনত সেইদিনা এসোপামান আখৰৰ মাজত পৃথিৱীখন এক হৈ পৰিব। 

পৰিশেষত…..

ফটাঢোল ই-আলোচনীৰ এই সংখ্যাটিয়ে ৰাইজৰ পৰা মৰম-আদৰ লাভ কৰিবলৈ সক্ষম হ’লে তাৰ কৃতিত্বৰ অধিকাৰী হ’ব এই সংখ্যাটোৰ সমূহ লেখক-লেখিকা  আৰু নেপথ্যৰ ব্যক্তিসকল৷ যদি কিবা ভুল ৰৈ গৈছে তেন্তে সেয়া হ’ব সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব লোৱা এই অভাজনৰ৷

হাস্য-ব্যংগ সাহিত্যচৰ্চাৰ কমাৰশাল “ফটাঢোল”ৰ জয়যাত্ৰা এইদৰে অবিৰত থাকক৷
জয়তু ফটাঢোল৷

শ্ৰদ্ধা সহকাৰে,

সম্পাদক,

ফটাঢোল ই-আলোচনী, পঞ্চম বৰ্ষ, ষষ্ঠ সংখ্যা

১ জানুৱাৰী, ২০২২ চন৷ শিৱসাগৰ।

47 Comments

  • শ্ৰুতিমালা মিশ্ৰ

    বৰ সুন্দৰ সম্পাদকীয় পঢ়িলোঁ ভাস্কৰ দা ।

    Reply
    • Anonymous

      ধন্যবাদ শ্ৰুতিমালা৷ সম্পাদকীয়ই যদি কিবা বাৰ্তা দিব পাৰিছে আমাৰ সাৰ্থকতা তাতেই৷

      Reply
      • শান্তনু চেতিয়া

        এটা সুন্দৰ সম্পাদকীয় উপহাৰ দিলা ভাস্কৰ। পঢ়া মানুহ কম ওলালেও লিখি যোৱা।

        Reply
  • Prosanta Sarmah

    Excellent Editorial Bhaskar.

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ প্ৰশান্ত দা৷ আপোনাৰ মতামত মোৰ বাবে অমুল্য৷

      Reply
    • বাগ্মিতা

      ভাল পালো পঢ়ি ভাস্কৰদা । আপোনাৰ দৰে মইও কল্পনা কৰো এনে এখন পৃথিৱীৰ য’ত কেৱল প্ৰেম আৰু ভ্ৰাতৃত্ববোধ থাকে,কোনো জাত,ধৰ্ম,ঈৰ্ষ,হিংসা নামৰ শব্দই নাথাকে।

      Reply
      • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

        ধন্যবাদ বাগ্মিতা৷ মুঠতে পৃথিৱীখন এক হৈ থাকিব লাগিব৷ আমি বহুত ভাগ-ভাগ হ’লোঁ৷ আৰু হ’ব নেলাগে৷

        Reply
    • বাগ্মিতা

      ভাল পালো পঢ়ি ভাস্কৰদা । আপোনাৰ দৰে মইও কল্পনা কৰো এনে এখন পৃথিৱীৰ য’ত কেৱল প্ৰেম আৰু ভ্ৰাতৃত্ববোধ থাকে,কোনো জাত,ধৰ্ম,ঈৰ্ষা,হিংসা নামৰ শব্দই নাথাকে।

      Reply
  • Anonymous

    সপোনপিয়াসী এখিনি মানুহে পৃথিৱীখন ভগাই আছোঁ… কিমান ধুনীয়া হৈ পৰিব এই পৃথিৱী!
    বৰ নিটোল সম্পাদকীয় দাদা৷ অভিনন্দন জনালোঁ৷ শুভ নৱবৰ্ষ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ৷

      Reply
  • জ্যোতিৰূপা

    সপোনপিয়াসী এখিনি মানুহে পৃথিৱীখন ভগাই আছোঁ… কিমান ধুনীয়া হৈ পৰিব এই পৃথিৱী!
    বৰ নিটোল সম্পাদকীয় দাদা৷ অভিনন্দন জনালোঁ৷ শুভ নৱবৰ্ষ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ জ্যোতিৰূপা৷ সম্পাদকীয় যদি কিবা ধৰণেৰে বাৰ্তাবাহী হৈছে; সেয়াহে বিচাৰৰ মাপকাঠী হ’ব৷ অশেষ ধন্যবাদ৷

      Reply
  • অভিজিৎ গোস্বামী

    দাদা ভাল লাগিল। অলপ বেলেগ সম্পাদকীয় পঢ়িলো বহুতদিন পাছত

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ অভিজিৎ৷

      Reply
  • rintumoni dutta

    খুব ভাল লাগিল ভাস্কৰ।

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ ৰিন্টু দা৷

      Reply
  • উদয় আদিত্য

    আপোনি অনুভৱী মানুহ । সম্পাদকীত আপোনাৰ দৈনন্দিনতা দেখিছো । দেখিছো এজন মানৱতাবাদী, দ‍ায়বদ্ধ,স্পষ্টবাদী, বাস্তববাদী জাতীয় চেতনাৰে উদ্বুদ্ধ অসমীয়াৰ প্ৰচ্ছায়া ।

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      অশেষ ধন্যবাদ উদয় আদিত্য ডাঙৰীয়া৷

      Reply
  • মানসী

    ব্যতিক্ৰম সম্পাদকীয়। সকলোৰে চিন্তাবোৰ আপোনাৰ দৰে হ’লে পৰিৱৰ্তন নিশ্চয় আহিব।সুন্দৰ বাৰ্তাৰে নিতুল লেখা। পঢ়ি ভাল পালো। অভিনন্দন আৰু শুভকামনা…

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      অশেষ ধন্যবাদ মানসী৷ মই ভাবো; মনবোৰ সকলোৰে ধণাত্মক হৈ থাকিব লাগে৷ পৰিৱৰ্তন আহিবই৷

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল পঢ়ি দাদা, আটাইৰে চিন্তা বোৰ আপোনাৰ দৰে হোৱা হ’লে… শেষত আপোনাৰ চহীটো যে কি ক’ম!

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ ৰাজশ্ৰী৷ তোমাৰ সহায় পাহৰিব নোৱাৰিম৷ টীম ফটাঢোলৰ প্ৰতিজন সদস্যই সাধুবাদৰ পাত্ৰ৷

      Reply
  • পদ্মলোচন ভৰদ্বাজ

    সদায় পঢ়াতকৈ ব্যতিক্ৰম হৈছে৷ বহুকেইটা দিশ সামৰি লৈ সুন্দৰকৈ লিখিলা৷ ভাল লাগিল ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      অশেষ ধন্যবাদ পদ্ম দা৷

      Reply
  • Anonymous

    সদায় পঢ়াতকৈ ব্যতিক্ৰম হৈছে৷ বহুকেইটা দিশ সামৰি লৈ সুন্দৰকৈ লিখিলা৷ ভাল লাগিল ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ৷

      Reply
  • Diganta K Bhattacharya

    ভাল লাগিল ভাস্কৰ। সুন্দৰ সম্পাদকীয়

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ দিগন্ত৷ চিৰিয়াছ লেখা বহুদিনৰ মুৰত লিখিলোঁ এইবাৰ৷ তুমি সুন্দৰ বুলি কৈছা যেতিয়া কিবা এটা হ’লগৈ বুলি ধৰি ল’ব পাৰি৷

      Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷ সুন্দৰ সম্পাদকীয়৷ সুন্দৰ অনুভৱ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      অশেষ ধন্যবাদ৷

      Reply
  • বহুত মননশীল হৈছে সম্পাদকীয়টো ভাস্কৰ৷ এনে এটা ব্যতিক্ৰমী আৰু ভাললগা সম্পাদকীয়ই আশা কৰিছিলোঁ৷ মানৱীয়তা, সমসাময়িক সমস্যাৰে ভাৰাক্ৰান্ত চৌপাশ আৰু উৎসাহজনক কথাখিনিক সহজভাৱে প্ৰকাশ কৰাত তুমি সফল হৈছা৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ৷ চিৰিয়াছধৰ্মী কথাবোৰ লিখিবলৈ চৰ্চা লাগে৷ বহুতো কাৰকৰ বাবে এতিয়া সেয়া কৰিবলৈ মোৰ সময় কম৷ তাৰ মাজতে কিবাকিবি অলপমান লিখিলো সম্পাদকীয়ৰ নামত৷ আচলতে সকলো কথা পজিটিভ হ’ব লাগে৷ সকলোৱে ভাবি লওক যে পৃথিৱীত ঋণাত্মক একো নাই৷ সকলো পজিটিভ৷

      Reply
  • আপোনাৰ বহুতো লেখা পঢ়িছো বিভিন্ন সময়ত। সুন্দৰ এটা সম্পাদকীয় পঢ়িলো । আচলতে ই এক ব্যতিক্ৰমী ধৰণেৰে লেখা সম্পাদয়ীক বুলি কলে বেছিকৈ কোৱা নহব।

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ অনন্ত৷ বহুদিন চিৰিয়াছ কথা লিখা নাই৷ অনুভৱখিনিকে সম্পাদকীয়ৰ ৰূপ দিলোঁ৷ বাকী বিচাৰ তোমালোকৰ৷

      Reply
  • দূৰ্লভ নাৰায়ণ, জাগুন

    দাদা, আপোনাৰ লেখা বহুদিন পঢ়িবলৈ নোপোৱাৰ দৰে হ’ল৷ অকবত আপুনি যিবোৰ মানবিশিষ্ট লেখা লিখিছিল সেইবোৰে আমাকো কিবাকিবি লিখিবলৈ অনুপ্ৰাণিত কৰিছিল৷ থাকিল কথা এই সংখ্যাৰ আলোচনীখনৰ৷ সাংঘাটিক ধুনীয়া হৈছে৷ সম্পাদকীয়টোৰ ক্ষেত্ৰত এটা কথাই ক’ম৷ যি মানুহে আপোনাক চিনি নেপায়, তেওঁ এই সম্পাদকীয়টো পঢ়িলে গম পাব আপুনি আচলতে কি হয়! হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে হৈছে৷ আপুনি চিন্তাৰ বাট মোকলাইছে সম্পাদকীয়ৰ মাধ্যমেৰে৷ এটা অতি উচ্চ মানবিশিষ্ট সম্পাদকীয় পঢ়িলোঁ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ৷ বহুদিন নিলিখাতো নোহোৱা নহয়৷ আকৌ লিখিম৷ বাকী বেছিয়েই ক’লা নেকি তুমি৷ মনৰ কথাবোৰকে মিলাই-মেলি সম্পাদকীয়ৰ নামত লিখি দিলোঁ কিবা এটা৷ আলোচনীখন ভাল হ’লে ইয়াৰ কৃতিত্ব মই নাপাওঁ৷ মই ইয়াৰ যোগ্যও নহয়৷ নেপথ্যৰ লোকসকলহে তেনে সন্মানৰ অধিকাৰী৷ ধন্যবাদ৷

      Reply
  • Anonymous

    বঢ়িয়া হৈছে ভাস্কৰ , একে উশাহতে পঢ়িলো ।

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ৷

      Reply
  • সুৰজিৎ বৰুৱা

    বঢ়িয়া হৈছে ভাস্কৰ, একে উশাহতে পঢ়িলো ।

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ সুৰজিৎ৷ বহুদিনৰ বিৰতিত এনেকুৱা দায়িত্ব এটা ল’লোঁ৷ আলোচনীখনৰ বাকী শিতানবোৰো পঢ়িবা৷

      Reply
  • Basu Sarmah

    বাবা দা, সম্পাদকীয়টো পঢ়িলোঁ ৷আপোনাৰ মনৰ পৰিচয়টো অনুধাৱন কৰিবলৈ এই সম্পাদকীয়টোৱেই যথেষ্ঠ ৷ আপোনাক অভিনন্দন জনালোঁ৷ বাকীখিনি পঢ়িম ৷

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      ধন্যবাদ বাসু৷ পঢ়িবা৷

      Reply
  • ড: বুবুল মহন্ত

    সম্পাদকীয়ত বহুকেইটা সুন্দৰ আৰু ধনাত্মক বাৰ্তা পালোঁ৷ অভিনন্দন ভাস্কৰ৷ তুমি এনেকৈ লিখামেলা কৰা বুলি নাজানিছিলো৷ লিখি থাকিবা৷ তোমাৰ হাত পৈণত৷ থমকিবলৈ নিদিবা৷
    তোমাৰ
    বুবুল দা

    Reply
    • ভাস্কৰজ্যোতি দাস, শিৱসাগৰ৷

      আপোনাৰ মতামতত উৎসাহিত হৈছোঁ দাদা৷ আগলৈও লিখি থাকিবলৈ চেষ্টা কৰিম৷

      Reply
  • হেমন্ত কাকতি

    আজি তৃতীয়বাৰ চকু ফুৰালো ভাস্কৰ৷ বৰ মন চুই যোৱা কথাবোৰ লিখিলা যিবোৰ পঢ়িবলৈ মোৰ ভয় লাগে৷ এনে বাস্তৱ কথাবোৰৰ পৰা আমি পলাই ফুৰো, কাৰন কথাবোৰে হাণি খুচি দিব খোজে৷

    সুন্দৰ সম্পাদকীয় এটা পাম বুলি জানিছিলোৱেই৷ কিন্তু ইমান সুন্দৰ! লিখি থাকিবা কথাবোৰ৷

    Reply
  • ডলী

    বহুত ভাল লাগিল সম্পাদকীয় পঢ়ি। যেন মনৰ কথাবোৰ এটা এটাকৈ ওলাইছে। সচাঁ কথা জীৱনৰ প্ৰত্যেক মূহুৰ্ততে থাকে একোটা প্লট। অভিনন্দন জনালোঁ। সুন্দৰ সম্পদকীয়, সুন্দৰ আলোচনী এখন আমাক উপহাৰ দিয়া বাবে ধন্যবাদ।

    Reply

Leave a Reply to দূৰ্লভ নাৰায়ণ, জাগুন Cancel reply

Your email address will not be published. Required fields are marked *