ফটাঢোল

ফটাপ্ৰশ্ন

১)তাবিনী য়াচেং:

মডেলবিলাকে ৰেম্পত দিয়া খোজকেইটাক কিয় ‘কেটৱাক ‘ বুলি কয় ? এলিফেন্ট ৱাক বা বাফেল’ ৱাক বুলি কিয় নকয় ?

উত্তৰঃ- মেকুৰীৰ দৰে লয়লাসে, শব্দ নোহোৱাকৈ খোজকাঢ়ে বাবে সেইটোক কেটৱাক বুলি কোৱা হয়, বুলি ফটহুৱে নেমানে। ফটহুৰ মতে যিবোৰ কাপোৰ কেটৱাক কৰোঁ‌তে পিন্ধা হয়, সেইবোৰ নৰ্মেল মানুহে কেতিয়াও নিপিন্ধে, বা পিন্ধিব নোৱাৰে। পাৰে যদি পোহনীয়া মেকুৰীকহে পিন্ধাব পাৰিব, গতিকেই…।

২)অৰ্চন শৰ্মা:

নাৰীয়ে সকলো ধৰণৰ ব্ৰত পালন কৰে।কিন্তু মৌন ব্ৰত কিয় পালন কৰিব নোৱাৰে ফটহুকাই?

উত্তৰঃ- নাৰীয়ে মৌনব্ৰত ধৰিলে হাওঁফাওঁ আৰু হাৰ্টত জোৰ পৰি পেট বিষ হৈ মূৰৰ কামোৰৰ লগতে মাইগ্ৰেইনৰ বিষ আৰু এপেণ্ডিছাইটিছ বঢ়াৰ লগতে কিডনীত পাথৰ জমা হয় বাবে নাৰীয়ে মৌনব্ৰত ধৰা স্বাস্থ্যসন্মত নহয়।

৩)ভূপালী দেৱী:

সংসাৰ ধৰ্ম পালন কৰাত মহিলাসকলেই সদায় আগভাগ ল’ব লাগে কিয়?

উত্তৰঃ- ধৰ্মৰ কামবোৰ মহিলালৈ পেলাই, পুৰুষসকলে আন জাগতিক কামবোৰত মনোনিবেশ কৰিবলৈ। চলিতো থাকিব লাগিব নহয় কেনেবাকৈ।

৪)সুশান্ত কুমাৰ শৰ্মা:

বোৱাৰীৰ ক্ষেত্ৰত ‘লখিমী’ অভিধা দিয়া হয়, তেন্তে ল’ৰাৰ ক্ষেত্ৰত অভিধাটো কি হ’ব?

উত্তৰঃ- জোঁৱাইক ‘কুবেৰ’ অভিধা দিব পাৰিলেই শাহুসকল সন্তুষ্ট হয় আৰু।

৫)শ্ৰুতিমালা মিশ্ৰ:

নতুন SOP ওলোৱাৰ লগে লগেই কেইজনমান সাংবাদিকে একদম হাঁপানী বেমাৰীৰ দৰে উশাহ নোপোৱাকৈ পুনৰাবৃত্তি কৰি কৰি একেখন SOPকে দিনে-ৰাতিয়ে হৰিনাম গোৱাৰ দৰে কিয় গায় ?

উত্তৰঃ- দৰমহাকেইটা পাই থাকিবৰ বাবে, নহ’লেনো তেওঁলোক চলে কেনেকৈ? চলি থকা মেইন।

৬)জয়ন্ত দাস:

এনেকুৱা কি প্ৰশ্ন আছে যাৰ উত্তৰ প্ৰত্যেক মুহূৰ্ততে সলনি হৈ থাকে ?

উত্তৰঃ- এতিয়া কিমান বাজিলে অ’? 

৭)জয়ন্ত কুমাৰ ডেকা:

ভাৰতৰে দক্ষিণৰ বোলছবি জগতৰ লগত অসমীয়া বোলছবিৰ তুলনাত মাত্ৰ এটা বাক্য লিখিবলগীয়া হ’লে ফটহুকাইয়ে কি বাক্য লিখিব ?

উত্তৰঃ- ব্যৱসায়িকভাৱে সফল আৰু বিফল।

৮) বিপুল শৰ্মা:

(ক) টুথপেষ্ট যে হয় টুথক্ৰীম কিয় নহয়?

উত্তৰঃ- পেষ্ট বোলা বস্তুটো অত্যাৱশ্যকীয়, ক্ৰীম বিলাক প্ৰসাধন। বেছি আজিকালি টুথক্ৰীমো ওলাইছে বোলে, দাঁ‌তৰ প্ৰসাধনৰ বাবে।

(খ) চুলি সৰি যে মূৰ টকলা হয়,

দাড়ি সৰি গাল কিয় টকলা নহয়?

উত্তৰঃ- দাড়িও সৰি টকলা হয়, পিছে ৰাইজে তেওঁক গাইমুৱা বুলি কৈয়েই দায়িত্ব সাৰে। তাতে দাড়ি আকৌ চুলিতকৈ ১৫-২০ বছৰ বয়সত সৰু, গতিকে দাড়ি বুঢ়া হৈ সৰালে দাড়িৰ মালিকেই সিফলীয়া হয়গৈ।

☆ ★ ☆ ★ ☆

2 Comments

  • কৰবী দেৱী

    কি সুন্দৰ উত্তৰ। শলাগ ল’লোঁ।

    Reply
  • ৰাজু কুমাৰ নাথ

    ফটহুকাই,সুন্দৰ উত্তৰ দিছে দেই।

    Reply

Leave a Reply to কৰবী দেৱী Cancel reply

Your email address will not be published. Required fields are marked *