ফটাঢোল

হোমেন বৰগোহাঞিৰ উপন্যাসত  অসমীয়া গ্ৰাম্য জীৱন-উপাসন‍া কাকতি

অসমীয়া সাহিত্য জগতৰ মহীৰূহসদৃশ যিয়ে অসমীয়া সাহিত্যক কিত‍াপৰ মুকুতাৰে সমৃদ্ধ কৰি থৈ গ’ল চিৰকাললৈ সেইগৰাকী প্ৰজ্ঞাৰ সাধকৰ উপন্যাসত অসমীয়া গ্ৰাম্যজীৱন প্ৰজ্জোল ৰূপত চিত্রিত হৈছে। অসমীয়া সাহিত্যৰ ৰামধেনু যুগ (১৯৫১-১৯৫৯)ৰ কথাশিল্পী বৰগোহাঞিদেৱৰ ৰচনাসমূহ তেখেতৰ গভীৰ অধ্যয়ন আৰু সমাজৰ প্ৰতি সজাগ সচেতনতাৰ ফচল। তেখেত সদায়ে এজন সফল কথা-সাহিত্যিক তথা সফল কাহিনীকাৰ হিচাপে সাধাৰণ পঢ়ুৱৈৰ হৃদয়ত স্থান লাভ কৰি থাকিব । 

বৰগোহাঞিদেৱৰ সৰহভাগ উপন্যাসতে গ্ৰাম্য জীৱনৰ নিৰ্ভেজাল ছবি ফুটি উঠিছে । তেওঁৰ প্ৰথম উপন্যাস ‘সুবালা’ (১৯৬৩) ত ইটালীয় ঔপন্যাসিক Alberto Moravia ৰ বিখ্যাত উপন্যাস The woman of Rome (১৯৪৮) ৰ কিছু প্ৰভাব, উপন্যাসখনৰ মুখ্য চৰিত্র Adriana আৰু সুবালাৰ জীৱনৰ কিছু মিল থকা বাবে কিছুলোকে এইদৰে মন্তব্য কৰে যদিও কথা-সাহিত্যৰ ক্ষেত্রত সুবালা উপন্যাসখনে অসমীয়া গ্ৰাম্য সমাজক সবলভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি অযুত আশা- আকাংক্ষা থকাৰ পিছতো বেশ্যাবৃত্তিৰ দৰে জীৱন এটালৈ নিজকে ঠেলি দিবলৈ বাধ্য হোৱা মুখ্য চৰিত্র  সুবালা সমগ্ৰ গ্ৰাম্য সমাজখনৰ দুখ-দুৰ্দশাৰ প্ৰতিনিধি‌। নিজ মাতৃয়ে প্ৰতীকী অৰ্থত গুঁঠি থকা জালখনৰ মাজত সোম‍াই পৰি সৰ্বস্ব হেৰুৱাই ৰিক্ত, নিঃস্ব হৈ পৰা সুবালাৰ মাজেৰেই বৰগোহাঞিদেৱে অসমীয়া গ্ৰাম্য জীৱনৰ সোঁৱৰণী দাঙি ধৰিছে। সুবালা পুনৰ হৈ পৰিছে গাঁৱৰ প্ৰকৃতিৰ মাজত গ্ৰাম্যজীৱনৰ লগত নিজকে বিলীন কৰি দিয়া, জাকৈৰে মাছ ধৰি থকা গাঁৱলীয়া ছোৱালী :

   “গধূলীৰ এন্ধাৰত নিৰ্জন পথাৰৰ এমূৰে থিয় হৈ কোনে যেন  মোক ৰিঙিয়াই মাতে, আৰু চাৰিওকাষৰ পাহাৰত, নদীৰ পাৰত, ওখ  ওখ গছবোৰত সেই মাত থেকা খাই প্ৰতিধ্বনিত হৈ উঠে।“ …….

                     (পৃষ্ঠা -৬) 

বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ ক্ষেত্রত  বৰঙণি যোগোৱা অন্য এখন উপন্যাস ‘হালধীয়া চৰাইয়ে বাওধান খায়’ (১৯৭৩) । এই উপন্যাসখনে এনে এখন অসমীয়া গ্ৰাম্য সমাজৰ চিত্ৰ অংকন কৰিছে, যিখন সমাজত ৰসেশ্বৰৰ দৰে মাটিকে আই বুলি ভবা গাঁৱলীয়া কৃষকসকলে অসাধু ৰাজনৈতিক নেতাৰ জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বলি হৈ উচ্ছেদিত হোৱাৰ উপক্ৰম হৈছে নিজৰ মাটি -ভেটিৰ পৰা। ৰসেশ্বৰৰ সাতোটাকৈ ল’ৰা ছোৱালী যেন অশিক্ষিত -অৰ্ধশিক্ষিত গ্ৰাম্য জীৱনৰ ফচল। কোনো ধৰণৰ পৰিকল্পনা অবিহনেই সিহঁত পৃথিৱীলৈ আহিছে। তথাপি ইয়াৰ মাজতো আধুনিক শিক্ষাৰ ঢৌ এটা অসমীয়া গ্ৰাম্য জীৱনৰ মাজেৰে পাৰ হৈ গৈছে, যিটোৰ অনুভৱ ৰসেশ্বৰৰ দৰে ব্যক্তিয়ে পাইছে ৰেডিঅ’ৰ জৰিয়তে : 

      “আজিকালি দেখোন ৰেডিঅ’ত প্ৰায়েই বেছি ল’ৰা ছোৱালী জন্ম দিব নালাগে বুলি কয়।…”       

                    (পৃষ্ঠা নং ৮)

কথা- সাহিত্যিক হিচাপে বৰগোহাঞিদেৱক প্ৰতিষ্ঠা কৰাত সহায় কৰা এখন উচ্চাকাংক্ষী উপন্যাস ‘পিতা-পুত্র’ (১৯৭৫)ত স্বাধীনোত্তৰ অসমৰ গ্ৰাম্য জীৱনৰ বিশ্বস্ত ছবি পৰিস্ফূত হৈছে। পিতা-পুত্র উপন্যাসখনৰ নামটোৱেই বহন কৰে উপন্যাসৰ বিষয়বস্তুৰ ইংগিত। অপেক্ষাকৃতভাৱে অনুন্নত গ্ৰাম্যাঞ্চল ম’হঘূলি গাঁৱৰ কৃষিজীৱী পৰিয়ালৰ দুটা প্ৰজন্মৰ পৰম্পৰাগত দৃষ্টিভংগী আৰু বিপৰীতমুখী চিত্ৰ, আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ তিনিটা দশকৰ ছবি অংকন কৰিছে। অসমীয়া গ্ৰাম্যজীৱন আৰু ব্যক্তিজীৱনলৈ অহা পৰিবৰ্তন আৰু সংঘাতক মুখ্য চৰিত্ৰ সৰু সুৰা জমিদাৰ শিৱনাথ আৰু তেওঁৰ তিনিপুত্রৰ মাজেৰে প্ৰকাশ কৰিছে। গাঁৱৰ বৰ্ণাঢ্য প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতেই আছে অসমীয়া গ্ৰাম্যজীৱনৰ প্ৰকৃত পৰিচয়। বৰগোহাঞিদেৱৰ শৈশৱৰ চাৰিকড়ীয়া নৈখনেই পিতা-পুত্রত ম’হঘূলি চাপৰিৰ ৰূপ লৈ পৰম্পৰাগত অসমীয়া গ্ৰাম্য সমাজখনক অবিকৃতভাৱে উপস্থাপন কৰাত সফল হৈছে।অসমীয়া  গ্ৰাম্য জীৱন মানেই প্ৰকৃতিৰ নিৰ্ভেজাল সুবাস : 

“ ……..বোন্দা কেঁচুৰ গোন্ধৰ বোকোচাত উঠে আৰু দুই-চাৰিটা গোন্ধ বহুদূৰৰ পৰা উটি আহে। যিবোৰে শিৱনাথৰ  চকুৰ আগত অন্য এখন জগতৰ ছবি দাঙি ধৰে সেই গোন্ধবোৰ হ’ল, শেৱালী ফুলৰ গোন্ধ, কলমৌ ফুলৰ গোন্ধ, পকাধানৰ গোন্ধ ।“…..

                   (পৃষ্ঠা নং -৩)

বিষয়বস্তুৰ দিশৰ পৰা ব্যতিক্ৰম হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’ (১৯৮৬) উপন্যাসখন ব্যতিক্ৰম। কিন্তু অসমীয়া গ্ৰাম্যজীৱনৰ এখন সৰল চিত্ৰ ইয়াতো অংকিত হৈছে। উপন্যাসখনৰ মুখ্য চৰিত্র, দিলীপৰ দেউতাক আঁতৰি যাব খোজা নাছিল গ্ৰাম্যজীৱনৰ মোহ এৰি। উপন্যাসখনত অসমীয়া গ্ৰাম্য জীৱনক সহজ-সৰল ৰূপত দেখুওৱা হৈছে, যাৰ বাবে দিলীপৰ পিতা মান্তি হোৱা নাছিল : “বাৰ্ধক্যৰ যন্ত্ৰণা সহ্য কৰিবলৈ মোৰ শক্তি আছে, কিন্তু চিনাকি গাঁওখন আৰু ঘৰখনৰ পৰা বিচ্ছেদ সহ্য কৰিবলৈ মোৰ শক্তি নাই।“ উপন্যাসখনৰ প‍াতে পাতে প্ৰকাশ পাইছে অসমীয়া গ্ৰাম্য জীৱনৰ খণ্ডচিত্ৰ : 

“ফাগুন মাহৰ উজ্জল পুৱাত গোটেই গাঁওখন জলমল কৰিছে। কাৰোবাৰ গোহালিত ঘৰৰ জীয়ৰী- বোৱাৰীয়ে গাখীৰ খীৰ‍াইছে। ছয় সাত বছৰীয়া ছোৱালী কেইজনীমানে বোকোচাত কেঁচুৱা লৈ এঘৰৰ পদূলিত থিয় হৈ কিবা এটা হীনবিধৰ আলোচন‍াত মগ্ন হৈছে । দুঘৰমানৰ বোৱাৰী – জীয়ৰী মিলি বিহুৰ গামোচাৰ কাৰণে তাঁত-বাতি কৰিবলৈ  আৰম্ভ কৰিছে।………”

তথাকথিত অসমীয়া গ্ৰাম্য জীৱনত  চলি থকা বৰ্ণ বৈষম্য, দৰিদ্ৰতাৰ পীড়াৰ এক বাস্তৱ ছবি কথা-সাহিত্যিক বৰগোহাঞিদেৱে প্ৰকাশ কৰিছে তেওঁৰ ‘মৎস্যগন্ধা’ (১৯৮৭) উপন্যাসখনত। ইয়াত অসমীয়া গ্ৰাম্য জীৱনৰ উচ্চ শ্ৰেণীৰ লোকসকলৰ নিম্ন শ্ৰেণীৰ প্ৰতি থকা ঘৃণা  তথা অস্পৃশ্য মনোভাৱৰ স্বৰূপ উন্মোচিত হৈছে। কৈবৰ্ত গ্ৰাম্য সমাজখনৰ একত্ৰিত প্ৰতিবাদ গুঞ্জৰিত হৈ উঠিছে দৰিদ্ৰ পীড়িতা মেনকা চৰিত্রটোৰ সবল যুক্তিৰ জৰিয়তে : 

 “জাতলৈ নমোৱা নাই, আজি তঁহতৰ এটাক জাতত তুলিলোঁ। ভয় নকৰিবি, তহঁতৰো বেছি দিন নাই। এটা এটাকৈ তহঁত আটাইবোৰকে জাতত নোতোলালৈকে মোৰ শান্তি নাই।….”

‘সাউদৰ পুতেকে নাও মেলি যায়'(১৯৮৭) উপন্যাসখন বৰগোহাঞিয়ে কথ‍া-সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা এক অমূল্য অৱদান। উপন্যাসখনত বাপুকণ অথবা বিক্ৰমৰ মাজেৰে অসমীয়া গ্ৰাম্যজীৱনৰ সৈতে সংপৃক্ত হৈ থকা প্ৰকৃতিৰ সৈতে নিবিড় আত্মীয়তা আৰু গ্ৰাম্য জীৱনৰ বিভিন্ন সামাজিক ক‍াম কাজত জড়িত হৈ লাভ কৰা বাস্তৱ উপলব্ধি প্ৰকাশ কৰিছে। বাপুকণ আৰু তাৰ শৈশৱক কৈশোৰৰ ৰহস্যময় জগতৰ লগত পৰিচয় কৰাই দিয়া ‘হেবাং’ অসমীয়া গ্ৰাম্য জীৱনৰ প্ৰতিনিধি। গ্ৰাম্যজীৱনৰ খণ্ডচিত্ৰই উপন্যাসখনক দিছে এক নতুন গতি : 

 “বাপুকণৰ দেউতাকে এহাতে বিচনী আৰু আনহাতে এখন কিতাপ লৈ চ’ৰাঘৰৰ বিচনাত দীঘল দিছে। মাকে পিৰালীত তামোলৰ বঁটাখন আগত লৈ তামোলৰ সেলেঙি লগাই কণপোনাৰ মাকৰ লগত বিয়নী-মেল পাতিছে আৰু দুবছৰীয়া 

পেটমোচা জীয়েকজনীৰ ঘামুচি ভাঙিছে।…..”                                                   

                     (পৃষ্ঠা নং -১) 

এয়া অসমীয়া গ্ৰাম্য জীৱনৰ দুপৰীয়াৰ চিৰপৰিচিত দৃশ্য, যিয়ে বৰগোহাঞিদেৱৰ কলমৰ মাধ্যমত কথা-সাহিত্যৰ ৰূপ লৈছে।

চাৰিকড়ীয়া নৈখনক আজীৱন নিজৰ মাজত সামৰি ৰখা বৰগোহাঞিদেৱৰ  অসমীয়া গ্ৰাম্য জীৱনৰ লগত আছিল এক আত্মিক সম্পৰ্ক। বাস্তৱবাদী আৰু বহল দৃষ্টিভংগীক আঁকোৱালি লোৱা বৰগোহাঞিৰ কথা -সাহিত্যত অসমীয়া গ্ৰাম্য জীৱনৰ সৰল অভিব্যক্তি দাঙি ধৰিছে যদিও তাৰ মাজতে জেতুকাৰ সেউজীয়াৰ আঁৰত খেলি থকা ৰঙৰ দৰে অসমীয়া গ্ৰাম্য জীৱনৰ কিছুমান কুসংস্কাৰো প্ৰকাশ পাইছে। গ্ৰাম্য জীৱনৰ সহজ -সৰল পৰিৱেশৰ মাজতো লুকাই থকা কলুষতাক বৰগোহাঞিদেৱে স্পষ্টভাৱে ব্যক্ত কৰিছে‌।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *