ফটাঢোল

জংঘল-চন্দামিতা শৰ্মা

পূৰ্বৰাত্ৰিৰ সুৰাৰ ৰাগী একেবাৰে নাইকিয়া হৈ যোৱা নাই। চকু সামান্য উখহি আছে। কুহুমীয়া  পানীত গোলাপ জল মিহলাই কপাহৰ টুকুৰাৰে লাহে লাহে সামান্য হেঁচা দি চকুৰ তল মালিচ কৰিছোঁ। এনেয়ে আঠ বজাত সাৰ পোৱাই নহয়। পিছে আজি কথাটো অলপ বেলেগ । গুৰুত্বপূৰ্ণ অফিচ এটাৰ দায়িত্বশীল মুৰব্বীৰ লগতে সাহিত্য চৰ্চাৰ লগতো ওতোঃপ্ৰোতভাৱে জড়িত মই। সেই সুবাদতে কিছুমান সাহিত্যসেৱী লোকৰ যৌথ উদ্যোগত গঠিত হোৱা এটা সাহিত্যচৰ্চাৰ গোটে  সম্বৰ্দ্ধনা জনাবলৈ এখন সভা আয়োজন কৰিছে। গতিকে তালৈ যোৱাৰ বাবে অলপ ভাল প্ৰিপিয়াৰেশ্যনৰ দৰকাৰ। কেইজনেনো পাইছে এনেকুৱা বঁটা! হঠাতে ঠুংকৈ হোৱা শব্দত লাহেকৈ ঘূৰি চালোঁ। আয়াজনীয়ে গ্ৰীণটিৰ কাপটো টেবুলখনত থওঁতে উঠা শব্দটো হজম নহ’ল। এনেই মুৰটো অকণমান টিংটিঙাই আছে। বিৰক্তিভৰা চাৱনি সহ্য কৰিব নোৱাৰি আয়াজনীয়ে লাহেকৈ আতৰি গ’ল। সিটো ৰুমৰ পৰা ভাহি আহিছে ৰাইমছৰ শব্দ । তাৰমানে ৰিকী অৰ্থাৎ মোৰ পাঁচবছৰীয়া ছোৱালীজনী কেতিয়াবাই উঠিল। 

চৰম যান্ত্ৰিকতাৰে বহাৰ পৰা উঠি সৰু টেবুল এখনৰ পৰা নিউজপেপাৰৰ দেহটো উঠাই ল’লোঁ। হেডলাইনকেইটা চাই থোৱা ভাল । নহ’লে সকলোৰে আগত মুখ মেলিবলৈ দিগদাৰ!

সেই একেবোৰ খবৰ। একো নতুনত্ব নাই। দেশে লাভ কৰা প্ৰগতিৰ দীঘল তালিকা, পুলিচৰ গুলিত  নিৰীহ জনতাৰ মৃত্যু , জনতাৰ ক্ষোভ ইত্যাদি ইত্যাদি। ধুৰ ! ফুলজাৰিৰ দৰে মুখৰ পৰা ছিটিকি পৰে বুদবুদ গ্ৰীণটিৰ কণিকা। লেতেৰা হয় নিউজপেপাৰ।

লাহে লাহে খোজ ল’লোঁ বেডৰুমলৈ, নিৰ্বিকাৰ ভংগীত শুই থকা স্বামীলৈ চালোঁ। একো প্ৰতিক্ৰিয়া নেদেখুৱাই ৱাল আলমাৰিটো খুলি এফালৰ পৰা ঠাক- ঠাককৈ জাপি থোৱা কাপোৰ চাই গ’লোঁ। মুগাত সৰু সৰু বুটাবছা কাপোৰ সাজ নিৰ্বাচন কৰিলোঁ। আফটাৰঅল সাহিত্যৰ অনুষ্ঠান ।  

ৰাইমছ বন্ধ হয় আৰু ৰিকী ওলাই আহে। হঠাত নিউজপেপাৰখন হাতত তুলি লয়। এয়া কি মাম্মী? আন্টিজনীক পুলিচে কিয় হাতত ধৰি আছে? পুলিচভেনত কিয় উঠাব খুজিছে? আন্টিজনীৰ নিজৰ গাড়ী নাই নেকি? মাম্মী, নামাতা কিয়? কোৱানা কিবা এটা।

ক’বলগা একো নাই। সাৱধান নহ’ল বাবে ধৰা পৰিল। মোৰ দৰে হ’লে কোনো চিন্তা নাই! কোনো প্ৰতিক্ৰিয়াই নাই। আচলতে মগজুৰ অংশবোৰে একে সময়তে ভালেমান কাম কৰি থাকে। কিছুমান কাম সকলো অংশৰ সামগ্ৰিক কাৰ্যৰ ফল, বেছিভাগেই অংশবিশেষৰ স্বতন্ত্ৰ কাম।এতেকে সমান্তৰালভাৱে বহু কাম একেলগে কৰিব পাৰি। কাকত পঢ়িব পাৰি, ৰিকীৰ কথা শুনিব পাৰি, দিনটোৰ চিকাৰৰ পৰিকল্পনা কৰিব পাৰি। সকলো কৰিব পাৰি। ৰিকীক কপালত চুমা এটা  দি আয়াজনীক মাতি তাইক নিবলৈ দিলোঁ।

তাৰ পিচত বহুত কা। ওঁঠৰ মাজত ধূমায়িত চিগাৰেট লৈ গা ধোৱা ঘৰত সোমোৱা। চিগাৰেট খোৱা মানা, কিন্তু কিয় জানো এৰিব পৰা নাই! তাৰপিছত ডায়েটিচিয়ানৰ পৰামৰ্শমতে প্ৰস্তুত কৰা ব্ৰেকফাষ্ট। তাৰপিছত অফিচ। যাওঁতে বাটত ৰিকীক স্কুলত ড্ৰপ।

কিন্তু স্কুলৰ পৰাই পোনে পোনে অফিচ নহয়। আন ভালেমান কাম থাকে। আজি আছে স্বামীৰ বাবে বজাৰ। সন্ধিয়া প্ৰʼগ্ৰামটোত পিন্ধিবৰ বাবে মুগাৰে তৈয়াৰী  কূৰ্টা পায়জামা এযোৰ। এইজন মানুহৰ বাবেইতো ইমান ফ্ৰী পাইছোঁ । তেওঁক এটা এনজিঅʼৰ মুৰব্বী পাতি থৈছোঁ। সুৰাত আসক্ত মানুহজনক টকা পালে আৰু একো নালাগে। সাংঘাটিক কামচোৰ মানুহ।

অফিচ পাওঁতে চাৰে বাৰ। ধেৎতেৰি পলমেই হ’ল। দেখিলোঁ গোটেই অফিচটো উঠি গৈ টিভি থকা কোঠাটোত ভিৰ কৰিছেহি। অফিচাৰেই বাহিৰত যেতিয়া টেনছন কিহৰ! আজি ৱানডে মেচ্চ এখন চলি আছে। চাৰি আৰু ছয়ৰ বাহাৰ।উত্তেজনাই উত্তেজনা। নিজৰ কোঠাত সোমালোঁ। আধাঘন্টাহে বহিম। পাৰ্লাৰ এখনত এপইণ্টমেণ্ট লোৱা আছে। চাহকাপ আহিল। পিছে পিছে সোমাই আহিল এজাক কেলেহুৱা।

-কি হ’ল? কি লাগে?

-আমাৰ ফাইলকেইটা আপোনাৰ টেবুলত আছে।

-মোৰ টেবুলত?

-হয়।

-নাই নাই। একো ফাইল মোৰ টেবুলত নাই।

-অনুগ্ৰহ কৰি চাওকচোন। হাতযোৰ কৰিছোঁ। আমাৰ অৱস্থা নোহোৱা হৈছে। ফাইলৰ চহী হ’লেহে কেইটামান পইচা পাম। ঘৰৰ অৱস্থা কাহিল।

-আজিলৈ যাওকচোন। কিবা এটা কৰিম।আজি খুবেই ব্যস্ত ।

ওলাই গ’ল সেইসোপা। উফ ৰক্ষা! কাম এনেকৈ হয় নেকি? মুৰ্খ ক’ৰবাৰ।

আগৰ চাহকাপ ঠাণ্ডা হ’ল। গৰম চাহ একাপ আহিল, লগত সুস্বাদু নাস্তা। জৈনবাবু পিছে পিছে আহিল। হাঁহি এটা মাৰি নিজৰ কান্ধত ওলমাই লোৱা বেগটোৰ পৰা পলিথিনেৰে মেৰিয়াই অনা শকত টোপোলা এটা মোৰ টেবুলত থৈ গ’লগৈ।

সিদিনাৰ চহীটোৰ মূল্য।

পাৰ্লাৰৰ পৰা ওলাই মুগাৰ কুৰ্তা পায়জামাযোৰ আৰু ৰিকীৰ বাবে ড’মিনজৰ পৰা পিজ্জা এটা লৈ ঘৰ পালোঁহি। সন্ধিয়া সাজি-কাচি মুগাৰ মেখেলা চাদৰ আৰু গলধনত পৰা খোপাৰে নিজকে ধুনীয়া দেখিলোঁ। ৰিকীক আয়াৰ লগত খেলি থাকোঁতে দুগালত চুমা খাই গাড়ীত বহিলোঁ। আজি ড্ৰাইভাৰক অনা নাই। সকলোতে নিব নোৱাৰোঁ নহয়।ড্ৰাইভিং ছিটত খমখমীয়া মুগাৰ কূৰ্টা পায়জামা পিন্ধি মালেছিয়ান পাৰফিউমেৰে সুবাসিত স্বামী। আয়োজক কমিটিয়ে আথে-বেথে আগবঢ়াই নিলে। মূল প্ৰগ্ৰাম এঘণ্টাৰ। এই কʼভিড কালত বেছি দীঘলীয়া কৰিব নোৱাৰি প্ৰʼগ্ৰাম শেষ হোৱাৰ পিছতহে হোটেল গ্ৰেণ্ডত সৰু পাৰ্টি এটা। বেছিভাগেই ডাবল ভেকচিন লোৱা আৰু অফিচাৰেই যেতিয়া চিন্তা কৰিবলগীয়া নহয় । খুব সুন্দৰকৈ সভা আৰম্ভ হ’ল। দেখিলোঁ স্বামীয়ে অলপ উচপিচ লগাইছে। আচলতে এইখিনি তেওঁৰ লগৰবোৰৰ লগত পাৰ্টিৰ সময়,  তাতে আকৌ আজি বন্ধুমহলৰ পাৰ্টি এটাৰ ইনভাইটেচন আছে। সভাৰ মাজতে তেওঁক লাহেকৈ ক’লো – বেছি দিগদাৰি লাগিছে যদি যোৱা। এনেও তেওঁ এইচব সাহিত্য-চাহিত্য ভাল নেপায়। পিছে সমস্যাটো হ’ল গাড়ীখনক লৈ হে। আজি যে ড্ৰাইভাৰ অনা নাই।

লাহেকৈ ক’লো- গাড়ীখন লৈ যোৱা। মোক আয়োজক কমিটিয়ে  থোৱাৰ ব্যৱস্থা কৰিব।

নকৈ পাৰোঁনে? অদূৰত বহি মোৰ পিনে এবাৰো নোচোৱাকৈ থকা সাহিত্যিক মহাশয় থাকোঁতে মোৰ চিন্তা কিহৰ! ৰক্ষা পৰিলোঁ তেওঁ যাম বুলি কোৱাত। পিছে তেওঁ মোৰ প্ৰস্তাৱত আধাহে মান্তি হ’ল, মানে মোৰ গোটেই প্ৰʼগ্ৰাম শেষ হোৱাৰ পিছত মই তেওঁক কল কৰিম আৰু তেওঁ মোক পিক আপ কৰিব। অগত্যা মান্তি হ’লোঁ মই। একো বেয়া আইডিয়া নহয়।

নিৰ্দিষ্ট সময়ত সভা শেষ হ’ল। জাউৰি জাউৰি হাত চাপৰিৰ মাজত সম্বৰ্দ্ধনা গ্ৰহণ কৰিলোঁ। বুকু আত্মপ্ৰশংসাত গদগদ হ’ল। সভাৰ পিছত হোটেললৈ গ’লো, সাহিত্যিক মহাশয়ৰ লগত তেখেতৰ গাড়ীত! বুকুত নতুন উছাহ। তাৰপিছত বায়ুবেগে গাড়ী গৈ হোটেলৰ পদূলিত। নিমন্ত্ৰিত অতিথি দুই এজন গোট খাইছে। সাংবাদিক কেইজনক এটা এটা খাম দিলোঁ। নিউজ আহিব লাগিব যে সম্বৰ্দ্ধনাৰ, তাকো ডাঙৰ ডাঙৰ হৰফেৰে। পাৰ্টিত সকলো মচগুল। খুলি পেলাইছে অলপ আগতে সভাত ধাৰণ কৰা কৃত্ৰিমতাৰ আৱৰণ। দুদিনীয়া জীৱন,  কচুপাতৰ পানীৰ দৰে। মৌজ – মস্তি নকৰিলে জীৱনৰ স্বাগেই নাথাকিবচোন!

অলপ অনুজ্জ্বল পোহৰে লুকা-ভাকু খেলি থকা ঠাইত আৰামেৰে বহি ল’লো সাহিত্যিক মহাশয়ৰ লগত। বহাৰ লগেলগে মোৰ মেনিকিউৰ কৰা হাত তেওঁৰ হাতৰ মুঠিত।

-বহুদিনৰ পিছত। দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত।

– কিয় লাষ্ট উইকত লগ পাইছোঁ দেখোন।

– হ’লেও। বাই দ্য ৱে, কেনে চলিছে সংসাৰ? ৰিকীৰ কেনে?

– একেই। পাৰ্থক্য কেৱল ৰিকী। তাইৰ লগত কিছু সময় কাটি যায়। তোমালোকে ভবা নাই?

-মই ভাবিছিলোঁ, কিন্তু ৱাইফে ইচ্ছা কৰা নাই। এতিয়াই হেনো জঞ্জাল চপাবৰ মন নাই।

-“…”

-কি হ’ল?

-এয়া লোৱা। কেৱল তোমাৰ বাবে এইটো ডায়মণ্ড খটোৱা হাতঘড়ী।

-আজি তাৰমানে চিকাৰ ভাল।

মুখেৰে একো নকলোঁ। মাত্ৰ আমাৰ বাবে গোপনে ঠিক কৰি থোৱা কোঠাটোত সোমালোঁ। 

 …

ৰেডী কৰি থোৱা স্কটচৰ বটল শেষ হ’ল। মূষলধাৰ বৰষুণজাকৰ দৰে সময়খিনি পাৰ হোৱাৰ পিছত বিৰাজকৰা থমথমীয়া মৌন পৰিৱেশ ভংগ কৰি সদম্ভে বাজি উঠিল মোবাইলটো। স্ক্ৰীণত চকু থোৱাৰ লগে লগে ঢককৈ এটা খুন্দা মাৰিলে বুকুত। খৰধৰকৈ কাণত লৈ ক’লো,

–  কোৱা।

তোমাৰ পাৰ্টি শেষ হ’ল নে?

-হা? অ’অ’। এই ধৰা শেষেই। নিব আহিছা নেকি?

-মানে এটা কথা হ’ল নহয়। তুমি বাৰু কিবা মেনেজ কৰিব পাৰিব নেকি? আই মিন মই অলপ এফালে আহিছিলোঁ। এতিয়া গৈ আছোঁ।

-এফালে মানে? ক’লৈ? তোমাৰতো বেলেগ ঠাইলৈ যোৱাৰ কথা নাছিল?

-নহয় মানে? ফ্ৰেইণ্ড এজনীক ড্ৰপ কৰিবলগা হ’ল।

-ফ্ৰেইণ্ড এজনী? কোন? কোন ফ্ৰেইণ্ড ওলাল হে?

খং উঠিল মোৰ। মোৰ পইচাৰ বাবেই  ইমান লাহ-বিলাহত  চলি আছে৷ এতিয়া মোকেই কৈছে কোনোবা ফ্ৰেইণ্ডক থ’বলৈ যোৱাৰ বাবে মোক পিক আপ কৰাত অসুবিধা হ’ব বুলি। ইমান সাহস!

কাণ-মূৰ গৰম হৈ আহিল। এই নিশা লোকৰ তিৰোতা এগৰাকীক লিফ্ট দিবলৈ হ’লে কম এলাপেচা বন্ধু হ’ব নালাগিব। নে এয়া কিবা পূৰ্বপৰিকল্পিত আয়োজন?

উৰি গ’ল স্কটচৰ ৰাগী। খঙতে জোৰেৰে চিঞৰি সুধিলোঁ- কোন ফ্ৰেইণ্ড? 

– ইমান চিঞৰিছা কিয়? তুমি চিনি পোৱা।

– মই  চিনি পাওঁ?

– উম। তোমাৰ সেই সাহিত্যিক বন্ধু যে , তেওঁৰ ৱাইফ…।

আটকধুনীয়া  ৰুমটোত ভূঁইকঁপৰ এটা সৰু জোকাৰণি অনুভৱ কৰিলোঁ।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    সুন্দৰ ব্যংগ। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *