ফটাঢোল

পিকনিকত লটিঘটি-তবিবৰ ৰহমান

হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা সময়ৰ কথা। গাঁৱৰ দহজন ল’ৰাই লগ হৈ এবাৰ পিকনিকলৈ গৈছিলোঁ। সেই সময়ত   পিকনিক বুলি ক’লেই গা সাতখন-আঠখন লাগি আছিল। ওচৰ-দূৰ ঠাই বুলি কথা নাই, আগদিনা গোটেই ৰাতিটো পিকনিকৰ নামতে উজাগৰে পাৰ কৰিছিলোঁ।

সেইবাৰ যিহেতু ঘৰৰ পৰাই ছয়-সাত ঘণ্টামানৰ ৰাস্তা আছিল, সেয়েহে ৰাতি আঢ়ৈমান বজাতে ঘৰৰ পৰা ওলাইছিলোঁ। ৰাতিপুৱা আঠমান বজাতে পিকনিকস্থলী পোৱাত বস্তু – বাহানি নমাই এজনক সেইবোৰ ৰখিবলৈ থৈ আমি কেইজনমানে ঠাইখন এপাক ঘূৰিলোঁ। ঘূৰি আহি ধোৱা-পখলা কৰি ৰন্ধা – বঢ়াত লাগিলোঁ।

আমি কেইজনমানে এইবোৰ কৰি থাকোঁতেই তিনিজনে আকৌ ফুুৰিবলৈ বুলি উঠি গুচি গ’ল। সেই তিনিজনৰ মাজত আমি বিটলিচ উপাধি দিয়াজনো আছে। বিটলিচ উপাধি দিয়াৰ কাৰণ হ’ল সি দেখাত চুটি চাপৰ। চুটি চাপৰ হ’লেও বিটলিচ কিন্তু সাংঘাতিক বস্তু। আন  এজন আছে তাক আমি সকলোৱে টাৰ্জান বুলি মাতোঁ। গছত লফলফাই উঠিব পাৰে কাৰণে তাক টাৰ্জান বুলি মাতোঁ। বাকী থকাজন হ’ল অক্ষয় কুমাৰ। অক্ষয় কুমাৰ বোলাৰ কাৰণ হ’ল KHILADIYON KA KHILADI চিনেমাখন চাই সি অক্ষয় কুমাৰৰ দৰে য’তে-ত’তে যাৰে তাৰে লগত একচন দি থাকে। তাতে আৰু আমাৰ কাষৰে গাঁওখনত কেইদিনমান সি কাৰাটে- কুংফুৰ অনুশীলনো লৈ থৈছিল।

সিহঁতে যোৱাৰ পিছত আমিবোৰৰ কাম চলি থাকিল। এঘণ্টামান হৈ যোৱাৰ পিছতো যেতিয়া সিহঁতৰ দেখা-দেখি নাই, তেতিয়া এজনক সিহঁতক বিচাৰি যাবলৈ ক’লোঁ। যাক বিচাৰি যাবলৈ ক’লোঁ, সি এফালে দেখুৱাই দি ক’লে যে ক’তো যোৱা নাই দে, সেইফালে ফুৰিবলৈ গৈছে। আমি নিশ্চিন্তমনে ৰন্ধা বঢ়াৰ লগতে স্ফূৰ্তি কৰি থাকিলোঁ। ইয়াৰ মাজতে চাৰিজনে আকৌ ফুৰিবলৈ বুলি উঠি গ’ল। মই, এজন আৰু বিটলিচ গেঙক বিচাৰি যাবলৈ কোৱাজন থাকিলোঁ।

এঘণ্টামান পিছত অক্ষয় কুমাৰ গহীন-গম্ভীৰ হৈ আহিছে। আহিয়েই সি আমাৰ আগত সদায় দেখুওৱাৰ দৰে হাত-ভৰি দাঙি অক্ষয় কুমাৰৰ একচন দেখুৱাবলৈ ধৰিলে। আমি তিনিওজনে তাৰ একচন চাই হাঁহি আছোঁ। এইবাৰ সি মুখেৰে ‘হা হু ৱা থাচ থুচ’  উচ্চাৰণ কৰি হাত ভৰিৰ একচন দি দি একদম উৰি আছে। উৰি উৰি সিহঁতক বিচাৰি যাবলৈ কোৱাজনক তাৰ লগত কুংফু খেলিবলৈ মাতিলে।

সি কুংফু খেলিব নোৱাৰে বুলি কোৱাত নোৱাৰিলে নহ’ব বুলি কৈ তাক হাতত ধৰি টানি বহাৰ পৰা উঠাই দিলে। তথাপিও সি নেখেলোঁ বুলি কোৱাত অক্ষয় কুমাৰে ‘উ আ য়া’ বুলি একচন দি পেটত এমাৰ মাৰি দি খেলিবই লাগিব বুলি ক’লে। তাক পেটত মাৰি দিয়াৰ লগে লগে সি পেটত ধৰি বহি গ’ল। সি বহি যোৱাৰ পিছত অক্ষয় কুমাৰে চিনেমাৰ পালোৱান গুণ্ডাক মৰাৰ দৰে অনুভৱ কৰি জঁপিয়াই উল্টা কুষ্টি দি উল্লাস কৰিবলৈ ধৰিলে। উল্টা কুষ্টি দি থাকোঁতেই সি এবাৰ লুটি খায়ো পৰিল। লুটি খাই পৰি উঠি আকৌ ভৰি হাত মুখেৰে একচন দি দি মাৰ খোৱাজনৰফালে মাৰিবলৈ আগুৱাই গ’ল।

মই গৈ তাক বাধা দিলোঁ। মোকো সি একচন দেখুৱাবলৈ ধৰিলে যদিও মোক কিন্তু সি মৰা নাই। মাৰ খোৱাজনে খঙতে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে যে ই মদ খাই আহিছে ।  ইয়াৰ নিচা হৈছে । ই ক’ত আছে কাক মাৰিছে একো গমেই পোৱা নাই। সেইকাৰণে মোক আকৌ মাৰিবলৈ আহিছে। ইয়াক ভালকৈ ধৰ নহ’লে নিচাৰ কোবত মোক মাৰিয়েই থাকিব। এনেতে অক্ষয় কুমাৰে আকৌ ‘থাচ’ বুলি কৈ সি বহি থাকোঁতেই কিক্ এটা দি দিলে। 

মই অক্ষয় কুমাৰক ঠেলি দি হতবাক হৈ তাক সুধিলোঁ বোলো মদ ক’ত পালে!

সি ক’লে যে বিটলিচ, টাৰ্জান আৰু ই ইয়াৰ পৰা উঠি গৈ মদ খাবলৈ গৈছিল।

ইহঁতে মদ পালে ক’ত? -খঙতে মই আকৌ সুধিলোঁ। 

ৰাতিয়েই বিটলিচে যোগাৰ কৰি থৈছে । 

গম পাইছ যদি মোক কিয় নক’লি? মই মদ বাটতে পেলাই দিলোঁহেঁতেন!  

বিটলিচে ক’বলৈ মানা কৰিছে, সেইকাৰণে নক’লোঁ। 

নকৈ ঠিকেই কৰিছ দে! এতিয়া অক্ষয় কুমাৰৰ আৰু মাৰ খা।

লগত থকা আনজনে অক্ষয় কুমাৰক বাধা দি আছে যদিও নিচা হোৱা কাৰণে তাক বাধা দি ৰাখিব পৰা নাই। বাধানো দিব পাৰিব কেনেকৈ! মদ আগতে নাখায় বুলি জানো। নতুনকৈ মদ খাইছে। মদ পেটত পৰি একদম উৰি আছে।

তেনে সময়তে কিছুদূৰৰ পৰা এটা চিনাকি চিঞৰ ভাঁহি আহি কাণত পৰিল। সেইফালে চাই দেখোঁ যে এজোপা গছৰ তলত কিছু মানুহ জুম বান্ধিবলৈ ধৰিছে। আৰু আমাৰ এজনে মোৰ নাম লৈ এইফালে ‘তাৰাতাৰি আহ তাৰাতাৰি আহ’ বুলি উশাহ নসলোৱাকৈ চিঞৰি আছে। সি যেনেকৈ চিঞৰি আছে, মই আকৌ আমাৰ কোনোবাই কাৰোবাৰ লগত কাজিয়া লগা বুলি ভাবি ইহঁত দুটাক তেনেকৈ এৰি থৈ তালৈ দৌৰ দিলোঁ। 

গৈ দেখোঁ যে আমাৰ টাৰ্জানে গছত উঠি এটা ডালৰ পৰা আন এটা ডাললৈ জঁপিয়াই আছে। মই বুজিলোঁ যে ইয়াৰো বটলৰ নিচা হৈছে। মানুহবোৰে তাকেই চাই ফিচিঙা-ফিচিঙি কৰি আছে। মোক দেখিয়েই সি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে যে মই আজি বান্দৰ হৈছোঁ। চা মোক! মোক চা! বান্দৰৰ দৰে হৈছোঁ না ক। সেইবুলি কৈ সি বহি থকা ডালটোৰ পৰা আন এটা ডাললৈ জঁপিয়াই দিলে। মই তাৰ কাৰুকাৰ্য্য দেখি হতবাক! অ’ আই! পিকনিক খাবলৈ আহি ই আকৌ কি বান্দৰ হ’বলৈ ধৰিলে ! 

পৰিস্থিতি ভীষণ দেখি মই তাক ক’লোঁ যে তই বান্দৰ হয় দেই, কেৱল এতিয়া গছৰ পৰা নামি আহ। মোৰ কথা শুনি সি ক’লে যে, মই আজি গছৰ পৰা নানামোঁ। মই বান্দৰৰ দৰেই থাকিম। তাৰ পিছত সি ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াই জঁপিয়াই বান্দৰ নাচ দেখুৱাবলৈ ধৰিলে। ইতিমধ্যে ফুৰিবলৈ যোৱা বাকী কেইজনো আহি গছৰ তলত উপস্থিত হৈছে। তাৰ নাচ দেখি লগৰ কেইজনক ক’লোঁ যে, যিয়েই পাৰ গছত উঠি গৈ তাক নমাই আন। গছজোপা ওখ। তেনেকুৱা গছত কেৱল এক্সপাৰ্টসকলেহে উঠিব পাৰে। লগৰ কেইজনে কোনেও গছত উঠিব নোৱাৰে, ময়ো নোৱাৰোঁ। কি কৰোঁ কি নকৰোঁ একো উৱাদিহ নোপোৱা হ’লোঁ। ইফালে সি বান্দৰ নাচ দেখুৱাই থাকিল।    

হেন সময়তে এজনে নদীৰ ফালে দেখুৱাই দি ক’বলৈ ধৰিলে- “সৌৱা চা চা! বিটলিচক চা! নদীত নামি কি কৰিবলৈ ধৰিছে।”  মই বোলো বিটলিচ আৰু নদীত কিয়! ভালদৰে চাই দেখিলোঁ আঁঠু তল যোৱাকৈ পানীত নামি থপিয়াই থপিয়াই কিবা ধৰিবলৈ চেষ্টা কৰি আছে। নদীখনৰ সোঁত বহুত। বিটলিচে ইতিমধ্যে সোঁত থকা ঠাইলৈকে নামি গৈছেই। আৰু অলপ নামি গ’লে হয়তো সোঁতে উটুৱাই লৈ যাব। এনেই সি সাঁতুৰিব নোৱাৰে। সেইখিনিত নদীখন বেছি দ নহয় যদিও উটুৱাই নিলে শিলত খুন্দা খাই নমৰিলেও আধামৰা হোৱাটো খাটাং।

তিনিজনক টাৰ্জানৰ লগত থৈ মোৰ লগত এজনক লৈ ওপৰৰ পৰা নদীৰফালে নামি গলোঁ। যোৱাৰ সময়ত একে উশাহতে ইহঁতক কৈ গলোঁ যে যিকোনো প্ৰকাৰে বুজাই-বঢ়াই টাৰ্জানক গছৰ পৰা নমাই আন। নহ’লে পিকনিক খোৱা আজি নহ’ব। নামি গৈ নদীৰ কাষত থিয় হৈ “কি কৰি আছা” বুলি বিটলিচক মাত লগালোঁ। বিটলিচে মোৰ মাত শুনি পানীত থপিয়াই থাকিয়েই মোক মাছ ধৰা বুলি ক’লে। এবাৰ এক থাপ মাৰি ‘কি ডাঙৰ মাছ চা’ বুলি মোক দেখুৱাই দিলে। আৰু মাাছটো পাৰলৈ দলিয়াই দিলে। ইফালে তাৰ হাতখনত একোৱেই নাই। কেৱল হাতৰ পৰা দুই-এটোপ পানী সৰি আছে। 

মই মনতে ভাবিলোঁ বোলো ইয়াৰ পেটতো মদৰ পাগ উঠিছে। সি কেইবাবাৰো তেনেকৈ মাছ ধৰি ধৰি আমাক দুয়োকে দেখুৱাই থাকিল আৰু পাৰলৈ দলিয়াই থাকিল। হাতত কিন্তু একো নাই। মই তাক মাছ বহুত হোৱা বুলি কৈ নদীৰ পৰা উঠি আহিবলৈ ক’লোঁ। সি এইবাৰ ডাঙৰ মাছ এটা অহা বুলি কৈ মুখত আঙুলি থৈ আমাক চুপ- চাপ থাকিবলৈ ক’লে। তাৰ পিছত জঁপিওৱাৰ দৰে পানীত উবুৰি খাই পৰি ডাঙৰ মাছ ধৰা বুলি কৈ আমাক তাৰাতাৰি নামি যাবলৈ ক’লে। নহ’লে মাছটো গুচি যাব। 

মই ইতিমধ্যে লগৰ জনক কাপোৰ খুলিবলৈ ইংগিত দিয়েই থৈছিলোঁ। সি পেণ্ট খুলি সাজু হৈয়ে আছিল ময়ো তাৰ লগত কথা পাতি থাকিয়েই পেণ্ট কোঁচাই লৈছিলোঁ। সি মতাৰ লগে লগে আমি দুয়ো নামি গৈ তাক ধৰিছোঁ। তাক ধৰা কাৰণে সি আমাক গালি পাৰি পাৰি মাছটোহে ধৰিবলৈ কৈ থাকিল। মাছ বুলি সি পানীৰ তলত ডাঙৰ শিল এটাত ধৰি আছিল। তাৰ কথাত গুৰুত্ব নিদি তাক ওপৰলৈ লৈ আহিলোঁ। তাৰ হাতৰপৰা মাছটো খেদোৱা কাৰণে পাৰত উঠি সি পুনৰ গালি দিবলৈ ধৰিলে।

বিটলিচক আমি দুয়ো ভাত ৰন্ধা ঠাইলৈ লৈ আহিলোঁ। সি ইতিমধ্যে সম্পূৰ্ণৰূপে তিতি গৈছে। বাকী তিনিজনেও টাৰ্জানক গছৰ পৰা নমাই আনি আছে। মাৰ খোৱাজন আৰু লগত থকাজনে অক্ষয় কুমাৰক মাটিত বগৰাই উঠিব নোৱাৰাকৈ গবা মাৰি ধৰি আছে। গবা মাৰি ধৰি থাকিলেও তাৰ ভৰি দুখন আৰু মুখখনে কিন্তু তেতিয়াও ‘হা হু থাচ থুচ’কৈ হাৱাতে একচন চলায়ে আছে।

প্ৰথম প্ৰথম মদ খাই তিনিওজনে সেইদিনা আমি সাতজনক বিহু দেখুৱাই দিছিল।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *