ফটাঢোল

ফাগুনৰ বতৰাৰে প্ৰেমৰ উকমুকনি-ৰাজশ্ৰী শৰ্মা

ফেব্ৰুৱাৰী মাহ বুলিলেই মনটো বৰ ভাল লাগে মোৰ। ফেব্ৰুৱাৰী মানেই মন মতলীয়া কৰা বাউলি ফাগুন, ফেব্ৰুৱাৰী মানেই শিৱ বাবাৰ দিন শিৱৰাত্ৰি, আকৌ ফেব্ৰুৱাৰী বুলিলেই অমুকীৰ এই ধৰাত আৱিৰ্ভাব হোৱাৰো দিন আৰু আটাইতকৈ ‘Exciting’ কথাটো হ’ল যে পশ্চিমীয়া সংস্কৃতিৰ যিবোৰ দিন বাৰ আমি পালন কৰি উলাহৰ মাদলি হৈ ফুৰোঁ, সেইবোৰৰ মাজত অন্যতম প্ৰেমৰ দিন ‘ভেলেণ্টাইন ডে’টোও ফেব্ৰুৱাৰীতেই। ভেলেণ্টাইন ডে বোলোতেই আৰু এটা লোকেল ভেলেণ্টাইন ডেৰ কথাও মনলৈ আহিলে, সৰস্বতী পূজা! এইটোও ভেলেণ্টাইন ডে’তকৈ কমনে কিবা? 

ভেলেণ্টাইন ডে:ৰ কথানো কি ক’ম! হুমুনিয়াহ এটাহে ওলাই মনত পৰিলেই। আগতে স্কুল কলেজৰ দিনত আমিও ভাবোঁ ধুনীয়াকৈ Archie’sৰ কাৰ্ড আমাকো দিব কোনোবাই, লগত এটা অকমাণিকে টেডী!  দিয়েও, নিদিয়াও নহয়; কিন্তু সেই ‘তোমাৰ লগৰজনীক বা তোমাৰ সেই অমুক নামৰ বাজনীক মোৰ খুব ভাল লাগে, এইটো দি দিবা দেই। তোমাক ডেইৰী মিল্ক খুৱাম এটা’ – ইয়াতেই শেষ। ময়ো ডেইৰী মিল্ক খাই গ’লো, ওজনো বাঢ়ি গৈ থাকিল। কিন্তু মোৰ নামত লিখা Archie’s ৰ কাৰ্ড এখনহে কেতিয়াও নাপালোঁ। এটা সময়ত শুনিলোঁ দোকানেই বন্ধ হৈ গ’ল। এতিয়া ছোৱালীহঁতৰ দেউতাকক খোজোঁ প্ৰতি বছৰেই, আৰু তেঁৱো নিজৰ পেটেণ্ট কৰি ৰখা বিখ্যাত ভস্মাসুৰৰ চাৱনিটোও দিয়ে। ভেলেণ্টাইন ডে’ৰ মাদকতা তাতেই ভস্মীভূত! তাতকৈ আমাৰ সৰস্বতী পূজাই ভাল।

সৰস্বতী পূজা বুলিলেই মন ৰাইজাই কৰা আছিল এটা সময়ত। কি পিন্ধিম ক’ত খিচাৰি খাম ইত্যাদি ইত্যাদি চিন্তাৰে ভাৰাক্ৰান্ত মন! স্কুলীয়া দিনত অৱশ্যে স্কুল বাছত উঠি স্কুললৈ যোৱা আৰু গধূলি হ’লে ওচৰৰ গানৰ স্কুলত যোৱাতেই সৰস্বতী পূজা। সৰস্বতী পূজা বুলি মাৰ যত যিমান মেখেলা চাদৰ আছে, আটাইবোৰ এবাৰ এবাৰ পিন্ধি ট্ৰায়েল দিয়া হয়েই। মেটচিং গহণা নিজৰ নাথাকিলেও কথা নাই, ওচৰ পাজৰৰ বাইদেউ, ভণ্টী, লগৰ ছোৱালী আটায়ে সলনা সলনি কৰি ইয়েৰ ৰিং, খাৰু সৱ এসপ্তাহ আগতেই যোগাৰ কৰোঁ।

হায়াৰ চেকেণ্ডাৰীত পঢ়া সময়ৰ এটা ঘটনা। ফটাপ্ৰেম হ’ব নে লটিঘটিয়েই হ’ব ময়ো বুজি পোৱা নাই কিন্তু যিহেতু তেনেকুৱা ধৰণৰেই কাহিনীটো, আপোনালোকে ফটাপ্ৰেম বুলিয়েই পঢ়ক আৰু। সেই সময়ত মোৰ হঠাতে ভাল লাগিল আমাতকৈ এবছৰ চিনিয়ৰ মানে ক্লাছ টুৱেলভৰ ল’ৰা এজন। নামটো ‘বিকাশ’। পঢ়া শুনাত খুবেই ভাল, দেখাত নো কি ক’ম! আজিকালিৰ দিনৰ কোৰিয়ান এক্টৰবোৰৰ দৰে চেহেৰাৰ। ৰঙা বগা গাখীৰৰ সন্দেশ যেন গাল মুখ। হওঁতে দাড়ি মোচৰ অভাৱৰ বাবে লগৰ ল’ৰাবোৰে গাইমুৱা বুলি কৈছিল, কিন্তু সিহঁতে সেইবোৰ হিংসাতে কয় আচলতে। হাঁহিটো যে! বুকুৰ ভিতৰত যে এটা তেজ পাম্প কৰা এটা যন্ত্ৰ থাকে, সেইটোৰ শব্দ আহি নিজেই শুনা পোৱা যায় তেতিয়া। ক্লাছৰ মাজৰ ফাঁকে ফাঁকে আমি দুই তিনিজনী যাওঁ তাক চাবলৈ। মানে আমাৰ বহুত কেইজনীৰে সি উমৈহতীয়া ক্ৰাছ আছিল সেই সময়ত। কেতিয়াবা দেখোঁ, কেতিয়াবা নেদেখোঁ। দেখিলে ‘উফ্, আজি দিন বনি গ’ল’, নেদেখিলে ‘ধেই, আজি দিনটোৱেই বৰবাদ’। মুঠতে ক্লাছ ইলেভেনত পঢ়া দিনত আমাৰ আটাইৰে মুখত তাৰেই কথা। আমি ক্লাছ ইলেভেনৰ পৰীক্ষা দিম সেইবাৰ, সিহঁতৰ ক্লাছ শেষ, ফাইনেল পৰীক্ষা মাৰ্চত। সৰস্বতী পূজা ফেব্ৰুৱাৰী মাহত। পূজাৰ দিনাই বিকাশহঁতৰো লাষ্ট কলেজলৈ অহা। গতিকে সেইটো দিনতেই যদি ইমপ্ৰেছ কৰিব নোৱাৰোঁ আৰু কিডাল লাভ! গতিকে সৰস্বতী পূজাত কি পিন্ধিম বুলি চিন্তা কৰি কৰি শেষত মায়ে দুবছৰ আগতে চেন্নাই যাওঁতে কিনা ধুনীয়া বেঙুনীয়া শাৰী এখন পচন্দ কৰি ল’লো পিন্ধিবলৈ। মেটচিং জুৱেলাৰীও যোগাৰ কৰিলোঁ।

শাৰীখন যোগাৰ কৰিলোহে, এতিয়া পিন্ধো কেনেকৈ? স্কুলত পঢ়া দিনত আমি মেখেলা চাদৰ পিন্ধি গৈছিলোঁ। মেখেলা চাদৰ পিন্ধোতে সেইকাৰণে একেবাৰে অসুবিধা নাপাওঁ, কিন্তু শাৰী! ইমান পিছল, ইমান দীঘল কাপোৰখন সামৰোতেই বাৰ বাজি যায়চোন। মাহঁতে পিন্ধে, দুই মিনিটতে টিপ টপ তৈয়াৰ। মোক কেতিয়াবা জাপিবলৈ দিয়ে, এফালে জাপি গৈ থাকোঁ, আনফালে ওলাই গৈ থাকে। কোনোপধ্যেই সামৰিব নোৱাৰোঁ। তথাপি সেইবাৰ বোলো নাই, এতিয়া ডাঙৰ হৈছোঁ। শাৰীহে! হৈ যাব, ইমাননো কি দিগদাৰ হ’ব। পিন দুটামান মাৰি ল’ম, আৰু কি!

সৰস্বতী পূজাৰ দিনা পুৱাই সাজি কাচি ওলালোঁ। শাৰী পিন্ধাবলৈ ওচৰৰ বাইদেউক তেল মাৰি মাৰি মাতি আনিলোঁ, ইপিনে তাইৰো কলেজলৈ যাবলৈ পলম হয়। দহটামান পিন মাৰি কোনোমতে তাই পিন্ধাই দিলে যেনিবা! তাৰ পাছত লগৰ ছোৱালীৰ সৈতে অটোত উঠি প্ৰথমতে বি.বৰুৱালৈ গ’লোঁ। বি বৰুৱা কলেজৰ কাষতে আমাৰ স্কুল, গতিকে তালৈকো এপাক গ’লোঁ খোজ কাঢ়ি কাঢ়ি। শাৰী পিন্ধি খোজ কাঢ়োতে জোটপোট লাগিছে, তথাপিও হাৰ মনা নাই। স্কুলত গৈ আৰামচে বহি গৰম খিচিৰি, লাব্ৰা ভাজি, বিলাহীৰ টক খাই থাকোঁতেই এক বাজিবৰ হ’ল। চেৰেং চেৰেংকৈ কলেজলৈ মনত পৰিল। যদি বিকাশহঁত গুছি যায় বেছি দেৰি হ’লে, যদি দেখাই নাপাওঁ! আজি লগ নাপালেতো আৰু কেতিয়াও লগেই নাপাম। সিহঁতৰ পৰীক্ষাই আৰম্ভ হ’ব নেক্সট মাহত। ইফালে লগৰকেইজনীৰ আড্ডা শেষ নহয়হে নহয়। কি কৰোঁ, অকলেই গুচি যাওঁ নেকি বুলি ভাবি ভাবি অৱশেষত এজনীক জোৰ কৰিলোঁ মোৰ লগত যাবলৈ। স্কুলৰ পৰা ওলাই ফ্লাই অভাৰৰ মাজখিনি মান পাইছোঁহে, তাই দেখোন মোৰ হাতত জোৰকে চেপি ধৰিছেহি। 

: ঐ ৰাজ’ , মোৰ দেখোন পেটটো কামুৰিবলৈ ধৰিছেৰে। 

 মই বোলো সৰ্বনাশ! এপেটকে গৰম খিচিৰি খাইছিলি নহয়, বিলাহীৰ টকো একেবাৰে আঙুলি চেলেকি চেলেকি খালি। এতিয়া কি কৰ কৰ। 

: নহয় ৰে, মোৰ সঁচাকৈয়ে পাইখানা কৰিব লাগিছে। প্লিজ মোক বচা আজি তই।

মই মানে নিজৰে কপালত চপৰিয়াইছোঁ। হে আই সৰস্বতী, এইবোৰ কি পাল্লাত পেলালা ঔ বুলি। উপায় নাপায় আকৌ বি বৰুৱাতেই সোমালোঁ গৈ গৈ। এইবাৰ চিধাই বাথৰূমৰ লাইনত। তাইৰ বেগ, খাৰু, ৰুমাল  ইত্যাদি সামগ্ৰী মোক গটাই তাই বাথৰূমত সোমাল। ঘড়ীটোলৈ চাওঁ যে, তিনি বাজো বাজো। এতিয়ালৈকে চাগে কলেজত চকিদাৰ দাদাই ডেক্স বেঞ্চ সামৰিলেই। ইফালে চাৰি বজাতকৈ দেৰি কৰিলে মায়ে যে পদূলিমুখতে ভালদৰেই অভ্যৰ্থনা এভাগি কৰিব, সেইটোও ধূৰূপ। ময়ো নিজৰ ভাগ্যক দোষ দি জীৱনত কেতিয়াবা হ’লেও বিকাশ বৰুৱাৰ মুখামুখি হ’মেই বুলি নিজকে নিজে সান্তনা এভাগ দি সেইবছৰৰ সৰস্বতী পূজাৰ তাতেই সামৰণি মাৰিলোঁ।

*সমাপ্ত*

☆ ★ ☆ ★ ☆

2 Comments

  • মানসী

    হাঃ হাঃ গৰম খিচিৰি,লাবৰা আৰু বিলাহী টকৰ কি কামাল! ভাল লাগিল দেই।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ বা। মুঠতে প্ৰেম আৰু নহ’ল???

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *