ফটাঢোল

মেলা আৰু যাত্ৰাৰ ৰং-ৰঞ্জিত কুমাৰ শৰ্মা

আমাৰ গাঁৱত দুখন ৰাজহুৱা পূজা বহু বছৰৰ পৰা চলি আছে৷ ইয়াৰে এখন হ’ল লক্ষ্মীপূজা আৰু আনখন কালীপূজা৷ লক্ষ্মীপূজাখন শাৰদীয় বতৰতে হয় যদিও কালীপূজাখন পুহ মাহত হয়৷ এই মেলাত নিশা যাত্ৰাদলৰ নাটক হৈছিল, এতিয়াও হয়৷ এতিয়া অৱশ্যে আগৰ যাত্ৰাদল নাই, উন্নত হ’ল৷ আমাৰ গাঁৱতে দুটা যাত্ৰাদল আছিল৷ সেই সময়ত পশ্চিম অসমত বহু যাত্ৰাদল আছিল আৰু যিকোনো ৰাজহুৱা বা সাৰ্বজনীন পূজাৰ মেলাৰ মুখ্য আকৰ্ষণ আছিল যাত্ৰাদলৰ নাটক৷ আমাৰ গাঁৱৰ দুয়োখন ৰাজহুৱা পূজাতেই দুই-তিনিদিন মেলাও বহে৷ আজিকালি নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আদিও হয় যদিও আমি স্কুলত পঢ়ি থকা সময়ত নিশাৰ ভাগত ঘাইকৈ যাত্ৰাদলৰ নাটকহে হৈছিল৷ দিনৰ ভাগত মহিলাৰ নাম আৰু খাৰাতাল নৃত্য হৈছিল৷ এতিয়াও হয় যদিও তাহানিৰ আমেজ সুকীয়া আছিল৷ আমি প্ৰাথমিক পৰ্যায়ত পঢ়ি থাকোঁতে গাঁৱৰ পূজাথলী দুখনত নাটকৰ বাবে যি দুখন মঞ্চ আছিল, সেয়া আছিল মাটিৰে সজা৷ দুই-আঢ়ৈ ফুটমান ওখ কৰি মাটিৰে সজা আছিল মঞ্চদুখন৷ তেতিয়া গাঁৱত বিজুলী যোগান নাছিল৷ চাৰিডাল পূৰঠ ভীমকলৰ গছ (কাণ্ড) আছিল মঞ্চ একোখনৰ মূল খুঁটা, মানে প’ষ্ট৷ চাৰি-পাঁচটামান মেন্থেল লেম্পে (আমি হেচাক লাইট বুলি কওঁ) দিয়া পোহৰতেই হৈছিল নাট্যাভিনয়৷ লেম্পবোৰ ওলোমাই দিয়া হৈছিল৷ মাজে-সময়ে সেই লেম্পকেইটা নমাই লৈ পাম্প দিয়া হৈছিল৷ মন্দিৰ আৰু পূজাথলীৰ দোকানবোৰতো মেন্থেল লেম্প, হাত লেম্প, কেৰাচিনৰ চাকি, মমবাতি আদিয়েই আছিল পোহৰৰ উৎস৷

তেতিয়াৰ নাটবোৰৰ ভিতৰত পৌৰাণিক, বুৰঞ্জীমূলক আৰু দস্যু-ডকাইত থকা নাটক বেছি আছিল৷ সামাজিক নাটক যে নাছিল তেনে নহয়, সেয়াও আছিল৷ বাংলা নাটকৰ অসমীয়া ৰূপান্তৰো কৰা হৈছিল৷ এই নাট মঞ্চস্থৰ সময়ত মাজে-সময়ে ৰসাল ঘটনাও ঘটিছিল৷ তেনে কিছু ৰসাল কথা ‘ফটাঢোল’ৰ পাঠকৰ বাবে লিখিবলৈকে এই পাতনি মেলিবলগা হ’ল৷

এবাৰ কি হ’ল জানেনে? এখন নাটকত এটা যুদ্ধৰ দৃশ্যত অসুৰ এটা নিধন হ’ল৷ মঞ্চত বাগৰি পৰা অসুৰটোৱে লুটি খাই একেবাৰে মঞ্চৰ সন্মুখ পালে৷ মাটিৰ মঞ্চখন আঢ়ৈ ফুটমানহে ওখ আছিল আৰু সন্মুখৰ অংশখিনি এঢলীয়া আছিল৷ ফলত অসুৰৰ ভাও লোৱা অভিনেতাজন বাগৰি আহি মঞ্চৰ তলত পৰিল৷ অভিনেতাজনে মঞ্চৰ তলতেই মৰাৰ ভাও লৈ পৰি থাকিল৷ দৃশ্যটো তেতিয়াও শেষ নোহোৱাত তেওঁ তাৰ পৰা উঠিবও নোৱৰা হ’ল৷ 

সেইসময়ত দৰ্শক বহিবলৈ সন্মুখৰ ফালে তিৰ্পাল বা ধানখেৰ পাৰি দিয়া হৈছিল৷ পিছফালেহে দৰ্শকৰ বাবে বেঞ্চ আছিল৷ কোনো কোনোৱে আকৌ ঘৰৰ পৰাই মাটিত পাৰিবলৈ কাপোৰ-কঠ আদি আনিছিল৷ সন্মুখৰ ফালে ঘাইকৈ শিশু, চেমনীয়া আৰু মহিলাসকল বহিছিল৷ 

অসুৰৰ ভাও লোৱা অভিনেতাজন মঞ্চৰ পৰা বাগৰি তললৈ অহাত তেওঁ সন্মুখৰফালে বহি থকা দৰ্শকৰ কাষ পালে৷ ‘অসুৰ’টোক সন্মুখতে পাই দৰ্শকৰূপে সন্মুখৰ ফালে বহি থকা এজাক শিশু কিৰীলি পাৰি উঠিল৷ তাৰ পাচত আৰম্ভ হ’ল অসুৰৰ ওপৰত আক্ৰমণ৷ কেইটামান ল’ৰাই আৰম্ভ কৰিলে ‘অসুৰ নিধন’ ভাওনা৷ কোনোবাই যদি অভিনেতাজনৰ কাণ পকালে, কোনোবাজনে আকৌ অসুৰৰূপী অভিনেতাৰ নকল মোছতেই হাত দিলে৷ কোনোৱে আকৌ তেওঁৰ নাকত খেৰ সুমুৱাবলৈ চেষ্টা কৰিলে৷ সেই সময়ত বেচেৰা ‘অসুৰ’ৰ অৱস্থা ‘ফাট মেলা বসুমতি পাতালে লুকাও’ৰ দৰে হৈছিল৷ দৃশ্যটো ভলণ্টিয়াৰৰ চকুত পৰাত দুজনমানে দৌৰী গৈ অসুৰক আক্ৰমণ কৰা সেনাবাহিনীক ডাবি-ধমকিৰে পিছলৈ ঠেলিলে যদিও তাৰ মাজতেই দুই-এটাই পাপৰ-বুটভজা খোৱা কাগজৰ সৰু সৰু টুকুৰাৰ বল বনাই দলিয়াবলৈ এৰা নাছিল৷ ভাগ্যে যেনিবা অসুৰ বাগৰাৰ পাছত নাটকৰ দৃশ্যটো বেছি দীঘলীয়া নহ’ল৷ নাট্যদলৰ দুজনে সন্মুখৰ আঁৰ কাপোৰ টানি দিয়াৰ লগে লগে (তেতিয়া দুফালৰ পৰা দুজনে আঁৰ কাপোৰ টানিছিল), অসুৰৰ ভাও লোৱা অভিনেতাজন তলৰ পৰা উঠি আঁৰ কাপোৰ দাঙি ভিতৰলৈ দৌৰ মাৰিলে৷ পিছে এই দৃশ্যয়ো দৰ্শকৰ মাজত হাঁহিৰ খলকনি তুলিলে৷

নাটক চলি থকা সময়ত অভিনেতা-অভিনেত্ৰী বা আন কণ্ঠশিল্পী-নৃত্যশিল্পীলৈ পুৰস্কাৰ প্ৰদানৰ নামতো ৰসাল কৰ্ম-কাণ্ড হৈছিল৷ নাটকৰ দৃশ্যৰ অন্তৰালত মাজে-সময়ে পুৰস্কাৰ সম্পৰ্কীয় ঘোষণা শুনিবলৈ পোৱা গৈছিল৷ যেনে ধৰক, ‘প্ৰেমলতাৰ ভাৱত সন্তুষ্ট হৈ চেনীখোৱাৰ দিম্পল কলিতাই এটা শকত ধনৰ টোপোলা আগবঢ়াইছে, আমি দাতাক ধন্যবাদ জনাই টোপোলাটো সাদৰেৰে গ্ৰহণ কৰিছোঁ’, এনেধৰণৰ৷ ইয়াত হোৱা জমনিটো হ’ল— ধৰক আপুনি নাটক চাই আছে, হঠাৎ ঘোষণা এটি শুনিলে যে নাটকৰ নায়িকাৰ চৰিত্ৰত কৰা অভিনয়ত সন্তুষ্ট হৈ আপুনি অভিনেত্ৰীগৰাকীক শকত ধনৰ টোপোলা এটি আগবঢ়াইছে৷ ঘোষণাটো শুনি আপোনাৰ কাষত থকাসকলে কিৰীলি পাৰিলে৷ কিন্তু প্ৰকৃততে আপুনি শকত ধনৰ টোপোলা আগবঢ়োৱাতো দূৰৰে কথা, এইবিষয়ে একোৱেই নাজানে৷ সেই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা হ’ব বাৰু? ভাগ্যে সেই সময়ত টি ভি নিউজ চেনেল বা ৱেব প’ৰ্টেল নাছিল, নহ’লে এনে ধেমালিৰ চিকাৰ হোৱাজনক টিভি বা ৱেব প’ৰ্টেলৰ সাংবাদিকে সুধিয়েই পেলালেহেঁতেন— ‘আপোনাৰ অনুভৱ কেনেকুৱা?’ এই পুৰস্কাৰ দিয়া কাৰবাৰটো তামাম চলিছিল যদিও এয়া ধেমালিহে আছিল আৰু চিনাকিৰ মাজতহে এনে ধেমালি হৈছিল৷ এই ধেমালিত কিন্তু জ্যেষ্ঠসকলৰ কোবটোও কম নাছিল৷ অৱশ্যে কেতিয়াবা ইয়াকে লৈ সৰু-সুৰা কাজিয়াও যে নহৈছিল তেনে নহয়৷ তেতিয়া স্ফূৰ্তিবাজ লোকৰ অভাৱ নাছিল৷ পূজা সমিতিতো তেনে লোক আছিল৷ অভিনেতা-অভিনেত্ৰীক শকত ধনৰ টোপোলা আগবঢ়োৱা বুলি যিসকলৰ নাম ঘোষণা কৰা হৈছিল, সেইসকলৰ ভিতৰত কেইজনমানৰ নাম বেছিকৈ চৰ্চা হৈছিল৷ তাৰ পৰাই বুজিব পাৰি যে এয়া সম্পূৰ্ণ ধেমালিহে আছিল৷ বেছিকৈ শুনিবলৈ পোৱা নামবোৰৰ ভিতৰত এগৰাকী বয়সীয়া তিৰোতাও আছিল৷ বৰ জমনি আছিল মানুহগৰাকী৷ নাটকৰ প্ৰতি বৰ নিচা থকা মহিলাগৰাকীয়ে বেছিভাগ সময় খেৰ বা তিৰ্পালত বহিয়েই নাটক চাইছিল৷ গ্ৰীণৰূমৰ পৰা কৰা ঘোষণাত শকত ধনৰ টোপোলা আগবঢ়োৱা বুলি তেওঁৰ নাম ঘোষণা হ’লে তেওঁক চিনি পোৱাসকলে হাতচাপৰি বজাইছিল৷ কেতিয়াবা মানুহগৰাকীয়ে উচ্চস্বৰত ‘কায়তো মৰণ নাহা…, ইগ’তো কাৰ কাম অয়…, নিজৰ তিৰিৰ নামত দিবা নাপাৰিছ…’ এনেধৰণৰ দুই-এটা গালিসূচক মন্তব্যও কৰিছিল৷ পিচে মানুহজনীও কম নাছিল৷ তেওঁৰ নামটো কোনে ব্যৱহাৰ কৰিব পাৰে সেয়া অনুমান কৰি তেনে ব্যক্তিৰ নামত তেৱোঁ ‘শকত ধনৰ টোপোলা’ আগবঢ়াইছিল৷ জমনি কথাটো হ’ল, কেতিয়াবা তৃতীয় কোনো এজন ব্যক্তিয়েই দুজন ব্যক্তিৰ নামত অভিনেতা-অভিনেত্ৰীলৈ ‘শকত ধনৰ টোপোলা’ আগবঢ়াই ৰং চাইছিল৷

খাৰাতাল নৃত্যতো পুৰস্কাৰৰ এই ধেমালি হৈছিল৷ খাৰাতালত বাদ্যযন্ত্ৰ বজোৱা (হাৰমনিয়ম, খোল আৰু দোতাৰা) আৰু গীত গোৱাসকল এখন দলিচাৰ মাজত বহে৷ তেওঁলোকৰ চাৰিওফালে নাচনি চাৰি-পাঁচজনে ঘূৰি ঘূৰি নৃত্য কৰে৷ ‘জনে’ বুলি কিয় লিখিলোঁ জানেনে? খাৰাতালত তেতিয়া চেমনীয়া আৰু যুৱকেই নাচনি হৈছিল, ইয়াত নাৰীৰ স্থান নাছিল৷ ৰঙীণ পোছাক পিন্ধা আৰু ভৰিত জুনুকা বন্ধা এনে নাচনিক আমি চুক্‌ৰি বুলি কৈছিলোঁ৷ ওজাপালিৰ ওজাৰ দৰে খাৰাতালতো এজন ব্যক্তিয়ে গীত আৰু বৰ্ণনাৰ গুৰি ধৰে, তেওঁৰ হাতত এটা দোতাৰা থাকে৷ খাৰাতালতো এজন ভাৱৰীয়া মানে ‘কমেডিয়ান’ থাকে, ঠিক চাৰ্কাছৰ ‘জ’কাৰ’ৰ দৰে৷ তেওঁৰ খুহুতীয়া কথা আৰু অংগী-ভংগী খাৰাতালৰ বিশেষ আকৰ্ষণ বুলি ক’ব পাৰি৷ খাৰাতাল কুশান নৃত্যৰ অন্তৰ্গত আৰু ইয়াক ৰঙিলী নৃত্য বুলিও কোনো কোনোৱে কয়৷ মেলাৰ সময়ত বিয়লিৰ পৰা নিশা সাত-আঠ বজালৈ চলা এই খাৰাতালৰ ভাৱৰীয়া আৰু চুক্‌ৰিৰ ভাও বা নৃত্যত সন্তুষ্ট হৈ পাঁচ-দহ টকা আগবঢ়োৱাৰ ধেমালিও চলিছিল৷ এবাৰ এই ধেমালিয়ে পৰিস্থিতি কিছু গৰম কৰি তুলিছিল৷ লক্ষ্মী পূজাৰ মেলাথলীৰ ওচৰতে থকা এঘৰ মানুহৰ মুৰব্বীজনৰ নাম লৈ পূজা সমিতিৰ দুজনমানে বিয়লিৰ ভাগত খাৰাতালৰ চুকৰিলৈ ধন আগবঢ়াইছিল৷ প্ৰতিবাৰে ঘোষণাটো কৰাৰ সময়ত মাইকৰ মুখখন সেই লোকজনৰ ঘৰৰফালে ঘূৰাই দিয়া হৈছিল৷ সেইসময়ত মাইকহে চলিছিল৷ চুকৰিক ধন দিয়া বুলি তিনি-চাৰিবাৰমান লোকজনৰ নাম মাইকত ঘোষণা হোৱাৰ পাছত তৰ্জন-গৰ্জন কৰি লোকজনে ঘৰৰ পৰা আহি পূজাথলী পাইছিল৷ অৱশ্যে চিনাকিসকলৰ লগতনো কি কাজিয়া কৰিব? কিছুসময় পাছত তেওঁ অৱশ্যে শান্ত হৈছিল৷ বাকী বিষয়ববীয়াই পূজাথলীত দায়িত্ব লৈ থকাৰ সময়ত সেই লোকজনে ঘৰত শুই আৰাম কৰি থকা বুলি ভাবি তেওঁৰেই বন্ধুসম দুজনমানে উক্ত কামটো কৰিছিল৷

 এনেকুৱা জমনিবোৰে কিন্তু বেলেগ আমেজ দিছিল দেই৷ বাৰু, এই যে শকত ধনৰ টোপোলাৰ কথা লিখিলোঁ, সেই শকত ধনৰ টোপোলাত কিমান ধন আছিল জানেনে? কাপোৰৰ টুকুৰা বা কাগজত পাঁচ পইচা, দহ পইচা, পঁচিশ পইচা, পঞ্চাশ পইচা আদিৰ মুদ্ৰা কেইটামান লগ কৰি ‘শকত ধনৰ টোপোলা’ বন্ধা হৈছিল৷ এইদৰে ধন প্ৰদানৰ ঘোষণাবোৰে দৰ্শককো আমোদ দিছিল৷ যাত্ৰা দলবোৰ স্থানীয় বা ওচৰৰ এলেকাৰ হ’লে অভিনেতা বা অভিনেত্ৰীসকল বেছিভাগেই চিনাকি মুখৰ হয়৷ গতিকে কাৰ নামত কালৈ ধন আগবঢ়োৱা হয় সেয়াও বিশেষ লক্ষণীয় আৰু ৰসাল হৈ পৰিছিল৷ অৱশ্যে এইটোও ঠিক যে সকলো সময়তে যে কেৱল ধেমালিয়েই হৈছিল তেনেকুৱা নহয়, অভিনয়-নৃত্য আদিত সন্তুষ্ট হৈ সঁচাকৈয়েই নিজাববীয়াকৈও কোনো কোনো দৰ্শকে শিল্পীলৈ ধন আগবঢ়াইছিল৷ এতিয়াও ঠায়ে ঠায়ে হয়তো দৰ্শকে তেনেকুৱা কৰে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *