ফটাঢোল

বৰ্তাৰ স্মাৰ্টফ’ন বাৰ্তা-লিকুমা শইকীয়া

ঘৰৰ বাৰাণ্ডাতে ফ’নটো টিপি বহি আছোঁ। তেনেকুৱাতে বৰদেউতা আহিল আমাৰ ঘৰলৈ। 

” হেৰৌ অকল ফোনটো টিপি থাক যে, কি পাৱনো তাত?”

“এহ বৰ্তা, ক’লে আপুনিও এৰিব নোৱাৰিব। ” মই হাঁহি ক’লোঁ।

 

তেনেতে ডেলিভাৰী বয়জন আহি আমাৰ চোতালত ৰ’লহি। পাৰ্চেল এটা আছিল মোৰ। মই ওলাই গৈ বস্তুটো ল’লোঁগৈ। ল’ৰাজন যোৱাৰ পিছত বৰ্তাই মোৰ ফালে সন্দেহেৰে চালে,

“ক’ৰ ল’ৰা ঔ এইটো? কি দি গ’ল তোক?”

” জোতা এযোৰ কিনিছোঁ বৰ্তা।” 

” তাক বেপাৰী নিচিনা নালাগিল দেখোন দেখাত! আৰু পইচা নিদিয়াকে কোন বেপাৰীয়ে তোক বস্তু দিব?”

” Prepaid order আছিল আকৌ। অনলাইন অৰ্ডাৰ দিছিলোঁ ফ’নত।”

 উঠি অহা হাঁহিটো কোনোমতে ৰখাই ক’লো।

” কি কৈছ জানো, এইবোৰ আমি বুজি – বাজি নাপাওঁ। ইউটোপ নে কি, তাত নাতিটোৱে দেখুৱাই কিবাকিবি পুতলা এগালমান উলিয়াই, সিহঁতে ইংৰাজীত কথা কয়। কি যুগ আহিল! নাতিটোৱেও দিনটো সৱ এৰি এইসোপা চাই থাকে। সাধু ক’বলেও আজিকালি এই বুঢ়া বুঢ়ীৰ দৰকাৰ নাই বুইছ…”

মনটো বেয়া লাগিল মোৰ হঠাতে বর্তাৰ গোমা মুখখন দেখি। সেইকাৰণে কাষতে বহি হৰিনামৰ ভিদিঅ’ এটা উলিয়াই চাবলৈ দিলোঁ। তাকে চাবলৈ দি মই চাহ বনাবলৈ ভিতৰলৈ গ’লোঁ। পিছদিনা বৰ্তা আকৌ হাজিৰ। ইউতোপত ভিডিঅ’ চোৱাৰ নিচা ভালকৈ লাগিল মানে। দুদিনমান পিছত মনে মনে মোক পইচা ৮ হাজাৰ দিছে বৰ্তাই,

“এই তোক যে ঘৰতে বস্তু দিয়ে ল’ৰাটোক ক’বি মোলৈ ফোন এটা আনি দিবলৈ। দামটো পাৰিলে অকমাণ চাই-চিতি দিবলৈ ক’বি আও। নামঘৰলৈ যাব নোৱাৰি কৰুণা বুলি, ঘৰত ইহঁতৰ সময়ে নাই মোৰ লগত কথা এটা পাতিবলৈ। সৱ নিজৰ নিজৰ কামত থাকে। অইন সময়ত এইটো চাই থাকে। ময়ো বাপ্পেকে দেখুৱাই দিম এই আঙুলিৰে ফোন চলায়।”

কথা শুনি মোৰ হাঁহিম নে কান্দিম লাগিল।

সেই এসপ্তাহ সদায় বৰ্তাই খবৰ লয়হি ফোন পালেহিনে বুলি। অৱশেষত সেই বহু আকাংক্ষিত বস্তুটো পালেহি। বৰ্তাই স্ফূৰ্তিতে চাহ মিঠায়ো খুৱালে যেনিবা। দুদিনমান বৰ্তাৰ দেখাদেখি নোহোৱা হ’ল।

টিংকৈ হোৱা মেচেজৰ শব্দত চকু মেলি চালোঁ। এটা আন-নৌন নম্বৰৰ মেচেজ ৱাটচ্ছাপত, এপাহ গোলাপ ফুলৰ সৈতে গুড মৰ্ণিং লিখা মেচেজ। ডিপি চাই গম পালোঁ সেইয়া বৰ্তা। বুজিবলৈ সময় নালাগিল যে এইয়া আৰম্ভণি মাথোঁ, ‘পিকচাৰ অভি বাকী হ্যে য়’। এইকেইদিন তাৰ মানে ট্ৰেইনিং চলি আছিল।

অলপ পিছত ফেচবুক নটিফিকেশ্যনত বৰ্তাৰ ফ্ৰেন্দ ৰিকুৱেষ্ট। গোটেই ফটোবোৰ লাইক কৰি  beautiful, qty, nice pic আদি কমেণ্টেৰে মোৰ প্ৰফাইল ওপচাই পেলালে। গম পালোঁ দুদিন পিছত forwarding message আৰু এইটো প’ষ্ট  ইমানজনলৈ নপঠিয়ালে আপোনাৰ দিনটো বেয়া হ’ব বুলি পুৱাই মেচেজ আহিব। বেছি ভাবি নাথাকি ব্লক কৰি থৈ দিলোঁ। পিছদিনা ৰাস্তাতে পাই কৈছে “তোৰ যে ফটোখন মোৰ ইয়াত নোলোৱা হ’ল, কেলেই ঔ?”

“ফ’নটো বেয়া হৈছিল অ’ বৰ্তা।” মই ফাঁকি দিলোঁ।

“ৰহ তোক বৰ ডাঙৰ খবৰ এটা দেখুৱাবলৈ আছে” বুলি বৰ্তাই মোক ইউটিউবত দহদিন পিছত পৃথিৱী ধ্বংস হ’ব বুলি থকা এটা ভিদিঅ’ দেখুৱালে। ৰাতিলৈ মই এটা ভয়ানক সপোন দেখিলোঁ,

‘বৰ্তাই ‘সাজি কাচি আহিছোঁ’ গানটোত ৰীল বনাই মোক টেগ কৰিছে আৰু পিছ মুৰ্হূততে পুতেকে যত কুটৰ ঘাই এইজনীয়ে বুলি মোক দা-খন লৈ খেদি আহিছে’।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *