ফটাঢোল

তোমালৈ তেনেকৈ কিয় চাই আছিলোঁ জানা সোণজনী – ডা° প্ৰাঞ্জলজ্যোতি দত্ত

বিয়াৰ কেইদিনমানৰ পিছৰ কথা। ঠাণ্ডাৰ দিন আছিল। খাই -বৈ উঠি আমি বিছনাত পৰিলোঁ। মানুহজনী বিছনাত উঠিয়েই টোপনি গ’ল। তেতিয়া ফেচবুক, ৱাটচএপ এইবোৰ বস্তুৰ ভূমিষ্ঠ হোৱাই নাছিল। কাজেই ৰাতি মানেই শোৱা। দুয়োটা শুলোঁ।

মাজৰাতি এটা ভয়ানক চিঞৰ শুনি উচপ খাই উঠিলোঁ। দেখিলোঁ মানুহজনী ঠকঠককৈ কঁপিব ধৰিছে। চকুহাল ভয়ত ডাঙৰকৈ মেল খাই উঠিছে। মেলি থোৱা চুলিৰে মানুহজনীক সাইলাখ ডাইনী (আজিলৈকে দেখা নাই অৱশ্যে, অনুমানহে কৰিছোঁ)জনী যেন লাগিছে। কিবা এটা ভোৰভোৰাই বলকি আছে আৰু হাতখন নদঙাকৈয়ে সোঁহাতৰ তৰ্জনী আঙুলিটো মোলৈ টোঁৱাই কিবাকিবি বিৰবিৰাই আছে। ‘তুমি..তুমি..’ এই শব্দদুটাহে বুজি পালোঁ। বাৰে বাৰে কৈ আছে শব্দদুটা আৰু মোৰফালে বৰ বেয়াকৈ চাই আছে।

উৱা এয়া কি? হঠাৎ মন কৰিলোঁ মই দেখোন বিছনাত শুই থকা নাই। মই আছোঁ মানুহজনীৰ ওচৰৰ বিছনাখনৰ কাষৰ পকা মজিয়াত থিয় হৈহে। কেতিয়া আহিলোঁ এইখিনিলৈ মই! কি কথা! সপোন নে দিঠক! ছে: কেতিয়া কেনেকৈ আহি এইখিনি ওলালোঁহি- মই দেখোন সৌখিনিতহে শুই আছিলোঁ।মানুহজনীয়েই দাঙি আনিলে নেকি মোক! ইমান গমকে নাপালোঁ নে? এই টিলিকি মনুষ্যজনীৰ ইমান শকতি নে? নাই হ’বই নোৱাৰে।

মানুহজনীয়ে তেতিয়াও বিৰবিৰাই আছিল। মই পানী এচলু মাৰি পঠিয়ালোঁ মানুহজনীৰ মুখলৈ আৰু হাতেৰেও ছতিয়াই দিলোঁ গালে মুখে। মানুহজনীৰ হুঁচ অলপ আহিল।গিলাছটোৰ পৰা পানী এঢোকো খালে। দীঘলকৈ উশাহ অকণমানো ল’লে। মুখেৰে মাত নামাতি কিছুসময় জলকা লাগি থাকিল। ভাবিলোঁ বোলো শাহুআইৰ ঘৰৰ পৰা লগত অনা কিবা বেমাৰ আজাৰেই হ’ব চাগৈ। ভয়ো লাগিল! আৰু বা কি দেখুৱায় ন-ছোৱালীয়ে। কি কি বা চাবলগীয়া আছে আৰু!

মানুহজনী অকণমান থিত লগাত চুলিত হাত বোলাই সুধিলোঁ,

: কি হ’ল নো? বেয়া সপোন চপোন দেখিলা নেকি?

তাৰপিছত মানুহজনীৰ মুখৰ পৰা যিখিনি শুনিলোঁ সেইখিনি কথাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিলে এনেকুৱা হ’ব-

শুবৰ সময়ত ঠিকেই শুইছিল। টোপনি গৈছিল। একোবত বাগৰ সলাওঁতে ন-ছোৱালীয়ে অকণমান সাৰ পাই চকুহাল মেলিছিল। মেলিছিলহে বোলে অকণমান। দেখিলে তেওঁৰ কাষতে হেনো মই পকা মজিয়াত থিয় দি অকণমান আগলৈ হাউলি আছোঁ আৰু মুখখন কিম্ভুতকিমাকাৰকৈ মেলি লৰচৰ নকৰাকৈ, চকু দুটা অদ্ভূত ডিজাইনত ডাঙৰকৈ মেলি ন-ছোৱালীলৈ একেথৰে চাই আছোঁ। তেওঁৰ মতে একেবাৰে দুৰ্গা পূজাত মহীষাসুৰে চকু টিপ নমৰাকৈ দেৱীলৈ চাই থকাৰ নিচিনাকৈ হেনো। লৰচৰো কৰা নাই। সাৰ সিকতি নোহোৱা শিলৰ মূৰ্ত্তিটোৰ নিচিনাকৈ। ডিম লাইটৰ পোহৰত তেওঁ কোৱামতে দৃশ্যটো হেনো আছিল অতি ভয়াবহ। মাতিব খুজিও একো ওলোৱা নাছিল মুখৰ পৰা। বহু চেষ্টাৰ মূৰত কেতিয়া চিঞৰটো ওলাল গমেই নাপালে হেনো।

মই শুনি থাকিলোঁ।

কথাখিনি শুনি মই ঠিকেই বুজিলোঁ। মেডিকেল পঢ়ি থাকোঁতে দেখা দিয়া বেমাৰটো ইমান দিনে মনে মনে থাকি ন-গোঁসানীৰ কাষ পাই আকৌ উকালেহি। মানে টোপনিত খোজ কঢ়া বেমাৰভাগ। হোষ্টেলত থাকোঁতে এবাৰ মজাৰ কথা এটা হৈছিল। ৰেগিঙৰ সময়ৰ কথা। ৰাতি দুইমান বজাত ৰেগিং খাই বন্ধু খিতীশ হোষ্টেলৰ বাৰান্দাৰে আহি আছিল। হওক মুখামুখি মোৰ সৈতে বাৰান্দাত। মই হেনো গপছত নাকৰ পোণেপোণে চাই গৈ আছিলোঁ। খিতীশে নাম ধৰি মোক মাতিলে। মই হেনো পাত্তাই নিদিলোঁ। গৈয়েই থাকিলোঁ।দুবাৰমান মাতিও একো ৰেচপঞ্চ নাপাই খিতীশৰ সন্দেহ হ’ল।ই বেটা এনেকৈ ইমান ৰাতি ক’লৈ যায়- মাতিলেও নামাতে। সি উভতি মোৰ পিছ লৈ মাতি মাতি আহি থাকিল পিছে পিছে।মোৰ পৰা একো উত্তৰ নাপাই এসময়ত আগচি ধৰি সি মোক জোঁকাৰি দিয়াত মই খকমককৈ সাৰ পাই তাকহে ওভোতাই সুধিলো-” কি হে খিতীশ ক’ৰ পৰা আহিছিল?” খিতীশে উত্তৰ নিদি কান্ধত হাতখনেৰে ধৰি মোক লৈ ৰূমত থৈ গ’লহি।

তাৰপিছতো মোৰ নৈশ-গমনে হওক বা নৈশবিহাৰেই হওক চলি থাকিল কেইবছৰমানমানলৈ। পিছলৈ নিজে নিজে নোহোৱা হৈছিলগৈ।

বিয়াখন পতাৰ পিছতে এনেকৈ ভুটুংকৈ সেই পুৰণি বেমাৰটোৱে উক দিবহি বুলি ভবাই নাছিলোঁ। মানুহজনীৰ ভয় তেতিয়ালৈকে আঁতৰাই নাছিল। কি কৰা যায়! ছে:-এৰি থৈ যাওঁ বুলি ক’ব লাগিলে মানুহৰ আগত নাক উলিয়াব নোৱাৰিম। বিয়াৰ পেণ্ডেলৰ পইচা দিয়েই আজৰি হোৱা নাই এথোন। পটৰা আৰু বুট দাইল খাই মৰা উগাৰ আহিয়েই আছে। ধেৎ তেৰি! বৰ বেয়া কথা হ’ল! কি কৰা যায়?..

শেষত মই মিলমিলিয়াকৈ হাঁহি এটা মাৰি মানুহজনীলৈ চাই ক’লো,

“আচলতে তোমালৈ তেনেকৈ কিয় চাই আছিলোঁ জানা সোণজনী? হে হে..কওঁ জানো!ওঁ ..কৈয়েই দিওঁ দিয়া..কথাটো হ’ল শুই থাকিলে তোমাক বৰ ধুনীয়াজনী দেখিহে। কচম চে!সেইবাবেহে ৰ’ব নোৱাৰি শোৱাৰ পৰা উঠি তেনেকৈ অকণমান চাই আছিলোঁগৈ- ভয় খালা ন! ছ’ৰী..ছ-অ-ৰী সোণজনী।

সোণজনীয়ে কি বুজিলে নাজানিলোঁ। ধপহকৈ ঘূৰি মোলৈ পিঠিটো দেখুৱাই শুই থাকিল। মই হ’লে ঠিকেই বুজিলোঁ কথাবোৰ। বেছ ফটফটিয়াকৈয়ে বুজিলোঁ।

*****

2 Comments

  • স্বপ্নালী কলিতা

    ছাৰ! বৰ ভাল লাগিল দেই

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে, ভয়ো লাগিল, ভালো লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *