ফটাঢোল

কামত অহা বস্তু – ঈশানজ্যোতি বৰা

উপহাৰ দিয়াত আমাৰ চুবুৰীৰ ভদ্ৰেশ্বৰ খুড়াৰ এটা বিশেষ নাম আছে৷ খুড়াই লাপি-লুপা, অদৰকাৰী বস্তু মানুহক উপহাৰ নিদিয়ে৷ খুড়াই উপহাৰস্বৰূপে আগবঢ়াই ‘কামত অহা বস্তু’; যাক উপহাৰ-গ্ৰহণকাৰীয়ে ততালিকে কামত খটুৱাব পাৰে৷ বোধহয়, ভূ-ভাৰস্তৰ ক’তোৱেই ইমান নীতিনিষ্ঠ চিন্তা-ভাৱনা, ইমান সুগঠিত পৰিকল্পনা, অথবা পৰিশোধিত আঁচনি প্ৰস্তুত কৰি উপহাৰ দিয়া মানুহ নোলাব৷ খুড়াদেউৰ উপহাৰ নিৰ্বাচনৰ সমস্ত প্ৰক্ৰিয়া-পদ্ধতি মই মোটামুটি পোন্ধৰবছৰৰ পৰা স্বচক্ষুৰে দেখি আহিছোঁ৷ সেই চাক্ষুস অভিজ্ঞতাৰ ভিত্তিতে মই বুকু ডাঠ কৰি ক’ব পাৰোঁ যে, উপহাৰ প্ৰদানৰ সুবিশাল আৰু সুবিস্তৃত ইতিহাসত খুড়াদেউ এজন বিস্ময় পুৰুষ৷ উপহাৰ নিৰ্বাচনৰ বহুধাবিভক্ত আৰু তিনিটা বিকল্পযুক্ত পদ্ধতিটো চালেই খুড়াৰ এই অভিলাসী চিন্তাজগতৰ উমান পোৱা যাব৷

(ক) ক্ষেত্ৰ অধ্যয়ন- এইটো হৈছে উপহাৰ প্ৰদান কাৰ্যসূচীৰ প্ৰথমটো পৰ্যায়৷ খুড়াদেৱে নিৰ্দিষ্ট ব্যক্তিজনৰ ঘৰলৈ গৈ প্ৰায় এটা বেলা সেই ঘৰখনৰ অভ্যন্তৰীণ/বাহ্যিক পৰিৱেশ, মানসিক অৱস্থিতি/পৰিস্থিতিৰ আলেঙে-আলেঙে আভাস লয়৷ তাৰপিছত আগফাল-পিছফাল ঘূৰি তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক আদি দিশৰ উপৰি ঘৰখনে নিত্য-নৈমিত্তিক কৰ্মৰ বাবে ব্যৱহাৰ কৰি থকা আচবাব, সা-সঁজুলি আদি তন্ন-তন্নকৈ নিৰীক্ষণ/পৰ্যবেক্ষণাদি কৰে৷ কোনটো বস্তুৰ অভাৱ, কিহৰ অভাৱ, মানুহজনক কেনেধৰণৰ উপহাৰ দিলে গৃহস্থৰ দৈনন্দিন জীৱন পূৰ্বতকৈ সুচল হ’ব, কাজিয়া-পেচাল কমকৈ হ’ব-সেইয়া এসপ্তাহমানৰ আগতে খুড়াই ঠাৱৰ কৰে৷ উদাহৰণস্বৰূপে, একালৰ ছাত্ৰ বিনোদৰ বিবাহত উপহাৰ দিবলৈ গৈ খুড়াদেৱে ক্ষেত্ৰ অধ্যয়নযোগে দেখিলে যে, তাৰ পাছফালৰ বাৰীত মূৰ দাঙি উঠা ওখ-ওখ বন-ঘাঁহ, অপতৃণবোৰ কাটিবলৈ দীঘলনলীয়া দা এখন নাই৷ গোটেই বাৰীখনতেই জংঘল৷ সেইহেতুকে পৰিৱেশ-সচেতন খুড়াদেৱে বিনোদক বিয়াৰ ক্ষণত দীঘলনলীয়া দা এখন উপহাৰ দিলে৷ কাণ্ড দেখি বিনোদৰ চকুলো ওলাল৷ (যদিও মাকহঁতে ফিচিঙা-ফিচিঙি কৰি লজ্জা নিবাৰণৰ হেতু পাকঘৰত গৈ সোমাল৷)

(ক) মৌখিক বা টেলিফোনিক সাক্ষাৎকাৰ- গুৱাহাটী মহানগৰীৰ দৰে ঘন-জনবসতিপূৰ্ণ ঠাইত ক্ষেত্ৰ অধ্যয়ন কৰি ‘কামত অহা বস্তু’ বিচাৰিবলৈ কেতবোৰ শাৰীৰিক আৰু যাতায়াত-সম্বন্ধীয় অসুবিধা আহি পৰে৷ এপাৰ্টমেণ্টবোৰো ইমান গাতে গা লাগি থাকে যে, বহুমাত্ৰিক ক্ষেত্ৰ অধ্যয়নৰ কাৰণে জেগাই নোলায়৷ এই গুৰুত্বপূৰ্ণ জটিলতাটি আঁতৰ কৰিবলৈকে ভদ্ৰেশ্বৰ খুড়াই আৱিষ্কাৰ কৰিলে উপহাৰ-নিৰ্বাচনৰ দ্বিতীয়টো বিকল্প বা পৰ্যায়৷ এইটো পৰ্যায়ত খুড়াদেৱে বিশেষ ব্যক্তিজনৰ অঙহী-বঙহীৰ লগত বাটে-পথে, বজাৰে-হাটে লগ পালেই মৌখিক কথোপকথনত জড়িত হয়৷ নিমন্ত্ৰণ পোৱাৰ দুদিনৰ পাছতেই তেখেতে টেলিফোনিক সাক্ষাৎকাৰ আৰম্ভ কৰি দিয়ে৷ হাতত থাকে এখন প্ৰশ্নাৱলী৷ যোৱাটো মাহত নন্দনৰ ছোৱালীজনীৰ ‘গৃহপ্ৰৱেশ’ৰ সময়ত খুড়াদেৱে এইটো কায়দা প্ৰয়োগ কৰি ছোৱালীজনীক উপহাৰ দিলে এডাল নেইলকাটাৰ৷ মানে নখ কটা যন্ত্ৰ৷ কাৰণ, কেইবাটাও মৌখিক সাক্ষাৎকাৰত খুড়াদেৱে দেখিছিল যে, ঘৰখনৰ মানুহবোৰৰ নখসোপা দীঘল-দীঘল৷ নাকাটেই হ’বলা! আনহাতে ছোৱালীজনীৰো ফেচবুকৰ ফটোত চাৰি-পাঁচ ইঞ্চিমান দীঘল নখবোৰ বৰ লজ্জাজনকভাৱে ওলাই আছিল৷ সেয়েহে সাতে পাঁচে বাৰই মিলি খুড়াদেৱে উপহাৰ হিচাপে নিৰ্বাচন কৰিলে নেইল-কাটাৰ৷ কামত অহা বস্তু৷

(গ) বিশেষজ্ঞৰ লগত আলোচনা- এইটো ইণ্টাৰেষ্টিং কাৰবাৰ৷ দেখা গৈছে, ক্ষেত্ৰ অধ্যয়নত কিছুমান তথ্য শুদ্ধভাৱে আহৰণ কৰা সম্ভৱ নহয়৷ কাৰণ কিছুমান মানুহৰ মনস্তাত্ত্বিক জগতখন অতিশয় পাকলগা৷ গেটত তলা ওলোমাই থয়৷ ‘মানুহ নাই’ বুলি জীয়া ফাঁকি মাৰে৷ (অথচ লালচাহ এটোপা খোৱাবলৈহে আচলটো ভয়!) সিপিনে মৌখিক সাক্ষাৎকাৰো কিছুমান পৰিস্থিতিত হৈ পৰে চৰম গণ্ডগোলীয়া৷ মুখত এটা, কলিজাত এটা৷ ৰাইজে মুখেৰে সঁচা কথা নকয়৷ সিপিনে অভাৱৰ কথা খোলাখুলিকৈ নক’লে খুড়াদেউৰ উপহাৰটো মূল্যহীন (আক্ষৰিক অৰ্থতেই) হৈ পৰাৰ আশংকা৷ সেয়েহে খুড়াই সহায় লয় বিশেষজ্ঞৰ৷ যিটো ক্ষেত্ৰত খুড়াৰ দীৰ্ঘদিনীয়া সংগী হৈছে পুৰণি মিত্ৰ গৌতম ঠাকুৰ৷ পেছাত এজন মনস্তত্ত্ববিদ৷ কৰ্মস্থলী তেজপুৰৰ মানসিক চিকিৎসালয়৷ ঠাকুৰে কামটো স্বেচ্ছাই অতদিনে কৰি আহিছে৷ ঠাকুৰৰ মতে এয়া একধৰণৰ সমাজসেৱাই৷ ভদ্ৰেশ্বৰ খুড়াই যেতিয়া দেখে যে, (ক) আৰু (খ) কৌশলকেইটা দুৰ্দান্তভাৱে ‘ফেইল’ মাৰিছে অথবা, মানৱীয় মনৰ ৰহস্যময়, জটিলতম পাকত গোটেই প্ৰক্ৰিয়াটো সোমাই পৰিছে; তেতিয়াই খুড়াই ঠাকুৰলৈ উদ্যমেৰে ফোন কৰে আৰু কাৰ্ল গুস্তাভ য়াং, উইলিয়াম জেমছ, ছিগমাণ্ড ফ্ৰয়ড অথবা অইন কোনো বিজ্ঞানীৰ কোনটো তত্ত্বীয় ঠাঁচত উপহাৰ-নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সৰকাব পৰা যাব; তাৰ উপায় বিচাৰে৷ দুদিন পাছত ঠাকুৰলৈ পুনৰ ফোন কৰে৷ ঠাকুৰে মুখৰ আগত উত্তৰটো লৈ ৰৈ থাকে৷ এনে এটা উপহাৰ তেখেতে নিৰ্বাচন কৰি দিয়ে যে, খুড়াই অবাক-বিস্মিত ভাৱত ‘নমোঃ নমোঃ নাৰায়ণ’ বুলি ভক্তিত গদগদ হোৱাৰ বাহিৰে অইন কৰিবলগীয়া একোৱেই নাথাকে৷ যোৱাবেলি অৰুণ আৰু তৰালীৰ বিবাহ-বাৰ্ষিকীত ঠাকুৰৰ বুদ্ধিমতে, খুড়াই দম্পতীক উপহাৰ দিলে দুটা ‘শব্দ-প্ৰতিৰোধী হেডফোন’৷ যাতে দুৰ্ঘোৰ কাজিয়াত মত্ত হৈ থাকোঁতে ইজনৰ বেয়া গালিবোৰ আনজনে শুনা নাপায়৷ কাজিয়া কৰাৰ আগত সেইটো কাণত লগাই ল’লেই হ’ল৷ দম্পতীয়ে খুবেই শলাগিলে৷ ‘এইটো বৰ মস্তি বস্তু দিলে দেই খুড়া’৷

সকলো ঠিকেই আছিল৷ খুড়াদেউৰ উপহাৰ-বাছনিৰ পৰম্পৰা ঠিকেই চলি আছিল৷ মোটামুটি চহৰৰ সকলোৱেই খুড়াৰ পৰা ‘কামত অহা বস্তু’বোৰ পাইছে৷ কিন্তু গোলমালটো লাগিছে নতুন ‘কেচ’টোত৷ খুড়াৰ ভ্ৰাতৃ-সম্বন্ধীয় সুপুৰুষ এজনক শেহতীয়াকৈ বিদ্যুৎ খণ্ডৰ অধ্যক্ষৰ পদত বহুওৱা হৈছে৷ আগতে ডেকাই কৰিছিল চিনেমা, ভিচিডিত অভিনয়৷ সুন্দৰ, সাৱলীল, প্ৰভাৱশালী, অনবদ্য অভিনয় কৰি, কেইটামান হৃদয়-বিদাৰক চৰিত্ৰ ৰূপায়ন কৰি তেৰাই ৰাইজৰ মাজত অবিসম্বাদী জনপ্ৰিয়তাৰ ভাৱমূৰ্তি এটা ইতিমধ্যেই প্ৰতিষ্ঠা কৰি থৈছে৷ সেইটো ফালৰ পৰা মানুহজনে চিনেমা-তিনেমা কৰিয়েই জীৱনটো পাৰ কৰিব লাগিছিল৷ টকাও ‘কমাইছে’ বহুত৷ তেনে এক প্ৰেক্ষাপটত কিহৰ কাৰণে আৰু কিহৰ যাদুত ৰাজনৈতিক দলটোৰ দ্বাৰা এই বিশেষ পুৰুষজনক অধ্যক্ষৰ পদত বহুওৱা হ’ল- খুড়াই ভাবি তৎ পোৱা নাই৷ মূৰটো এশ আশী ডিগ্ৰী কোণত ঘূৰাই গৈছে৷ আচল বিপদ পিছে সেইটোও নহয়৷ আজি সন্ধ্যা সেই ডেকাজনৰ ঘৰত শুভেচ্ছা-পাৰ্টি এটা আছে৷ চহৰৰ আটাইবোৰ অঙহী-বঙহীকে মাতিছে৷ খুড়াকো মাতিছে৷ খুড়া নিশ্চয় যাব-তাত কোনো শংকা নাই৷ কিন্তু উপহাৰ! কি দিয়া যাব এই মানুহজনক! ক্ষেত্ৰ অধ্যয়ন, মৌখিক সাক্ষাৎকাৰ অথবা বিশেষজ্ঞ-কোনো এটা বিকল্পতেই খুড়া সন্তুষ্ট নহ’ল৷ সাংস্কৃতিক আৰু ৰাজনৈতিক জগতৰ এনে অসহজ সংমিশ্ৰণত মনস্তত্ত্ববিদ ঠাকুৰো হৈ পৰিছে ভীষণ ‘ডাম্বফাউণ্ডেড্’! সূক্ষ্মবোধসম্পন্ন মানুহজনে একোৱেই সহায় কৰিব নোৱাৰিলে দিশহাৰা খুড়াক৷ গতিকে আবেলি চাৰি বজালৈকে অৰ্থাৎ, পাৰ্টি আৰম্ভ হোৱাৰ দুঘণ্টা আগলৈকে খুড়াৰ হাতত উপহাৰ-সম্বন্ধে কোনো ‘ক্লু’ নাই৷ হাত খালী৷
পিছে ‘মিৰাকল’টো ঘটিল তাৰ ঠিক আধা ঘণ্টাৰ পিছতেই৷ যুৱকজনৰ খুউব পপুলাৰ চিনেমা এখন খুড়াই চাই আছিল৷ জানোচা, কিবা ‘ক্লু’ পায়েই-এই আশাত৷ খুড়াই দেখা পালে- এটা দৃশ্যত নায়কে নায়িকাৰ ছবি মনত আঁকি বিছনাত টোপনি গৈছে৷ তাৰপিছত ভালেমানপৰ, নায়কৰূপী সেই যুৱকজন সপোনতে নাচি-বাগি গোটেই অসম তহিলং কৰিছে৷ বচ! খুড়াৰ ‘ডিমাগ’ৰ লাইট উজ্জ্বল পোহৰেৰে জ্বলি উঠিল! ‘কামত অহা বস্তু’বিধ পাই গ’ল৷ খুড়া প্ৰায় দৌৰি যোৱাদি গৈ কাষৰে মধুসূদনৰ দোকানৰ পৰা এটা গাৰু, এখন বিছনা চাদৰ, এখন আঁঠুৱা আৰু এটা ‘অল-আউট’ লৈ আহিল৷ সেইবোৰকে সামৰি সন্ধ্যা ভদ্ৰেশ্বৰ খুড়া ৰাজনৈতিক আৰু সাংস্কৃতিক জগতৰ মানুহে দলদোপ-হেন্দোলদোপ কৰি থকা শুভেচ্ছা পাৰ্টিত গৈ হাজিৰ৷

খুড়াৰ হাতত উপহাৰৰ প্ৰকাণ্ড টোপোলাকেইটা দেখি উপস্থিত ৰাইজ কাষ চাপি আহিল৷ ‘কি বা আনিছে! ইমান ডাঙৰ!’ আনকি, স্বয়ং মুখ্যমন্ত্ৰী মহোদয়েও দেহৰক্ষীক আঁতৰতে এৰি খুড়াৰ কাষ পালেহি৷ প্ৰথমতে দেহৰক্ষীয়ে সুৰক্ষাৰ স্বাৰ্থত আহিবলৈ দিয়া নাছিল৷ কিন্তু মুখ্য মন্ত্ৰীজনাই কন্দনামুৱা হৈ ‘ধেৎ এইছা মট কৰো, মুঝে জানে দো’ বুলি আৰ্তনাদ কৰি উঠাত তেওঁলোকে নিৰূপায় হৈ বাট এৰি দিলে৷ তেওঁৰ পাছে পাছে পাৰ্টি বয় আমাৰ অধ্যক্ষ মহোদয়৷

: খুড়া, কি আনিলে?

অধ্যক্ষ মহোদয়ে অনুসন্ধিৎসু হৈ সুধিলে৷

: কামত অহা বস্তু৷

খুড়াদেৱে উপহাৰবোৰ খুলিবলৈ আৰম্ভ কৰিছে৷

: জানো, জানো৷ আপোনাৰ উপহাৰ দিয়াৰ কৌশলৰ বিষয়ে আমি অৱগত৷

নায়কৰ চকুত হাঁহি৷

পিচে যেতিয়া উপহাৰৰ টোপোলাৰ পৰা আঁঠুৱা, বিছনা চাদৰ, মহ মৰা কয়ল আদি এটাৰ পিছত এটাকৈ অদ্ভুত বস্তুবোৰ ওলাবলৈ ধৰিলে, তেতিয়া নায়কৰূপী অধ্যক্ষৰ চকুহাল বহল হৈ মূৰৰ ওপৰত উঠিলগৈ৷

: এইচব কি! মোৰ দেখোন বিছনা আছেই৷

: থাকিব পাৰে৷ কিন্তু এইকেইখনৰ উদ্দেশ্য বেলেগ৷

খুড়াই নায়কৰ ভুল ভাঙিলে৷

: মানে কি খুড়া?

মুখ্যমন্ত্ৰীও অবাক৷

: মানেটো শৰ্মা কৈছো শুনক৷ আমাৰ এই বোপাই আগতে চিনেমাহে কৰিছিল৷ চিনেমাত নাচিছিল, গাইছিল, খাইছিল আৰু শুইছিল৷ তেওঁ কোনোদিনেই বিদ্যুতৰ লগত জড়িত হোৱা নাছিল৷ আনকি তেওঁ ভল্টেজ আৰু কাৰেণ্টৰ মাজত পাৰ্থক্যটোৱেই ক’ব নজনা এজন নিমাখিত মানুহ৷ তেনে এজন মানুহে অধ্যক্ষ হৈ কি কাম কৰিব! আৰু শক্তি খণ্ডৰ ধাৰণাবোৰ ইমানেই জটিল আৰু বিস্তৃত যে, তাক নন-ছায়েণ্টিফিক মানুহে ৰাতিটোৰ ভিতৰতে পঢ়ি আয়ত্ব কৰিব নোৱাৰে৷ তেনে এক পৰিপ্ৰেক্ষিতত আমাৰ নতুন অধ্যক্ষই বিদ্যুৎ ক্ষেত্ৰ আৰু ইয়াৰ আনুষংগিক দিশ সম্বন্ধে কিডাল বৈপ্লৱিক সিদ্ধান্ত ল’বহে ! সংশোধনৰ কথা বাৰু বাদেই দিলোঁ৷ সেয়েহে নিজৰ অ’ফিচত টোপনি মাৰি শুই থকাৰ বাহিৰে তেওঁৰ কাম হ’ব কি! মাজে-মাজে উঠি ভৰি-হাতত কামুৰি থকা মহ-মাখি মাৰিব৷ বচ সেয়াই৷ সেয়েহে তেওঁৰ অনাগত সময়খিনি যাতে সুকলমে আৰু অসুবিধাহীনভাৱে পাৰ হয়-তাৰ প্ৰতি লক্ষ্য ৰাখি এইকেইটা উপহাৰ বাছনি কৰিলোঁ৷ আটাইকেইটাই কামত অহা বস্তু৷ বিছনা চাদৰখন ধুনীয়াকৈ পাৰি ল’ব৷ আঁঠুৱাখন তঁৰি ল’ব৷ গাৰুটো কোমল৷ বিশুদ্ধ কপাহ৷ শুই আৰাম পাব৷ আনহাতে অল আউটটো দিছোঁ মহ নাহিবলৈ৷ পিচে হেৰি নহয় বৰাদেউ; অল আউটটো কেনেকৈ লগায় জানে নহয় ন?

ভদ্ৰেশ্বৰ খুড়াই বহুমূলীয়া ভাষণটোৰ অন্তত নায়কৰ সাজ খুলি অধ্যক্ষৰ সাজ পিন্ধা বৰালৈ চালে৷ তললৈ মূৰ কৰি থকা নায়কৰ ফালৰ পৰা একো উত্তৰ নহা দেখি উপহাৰৰ টোপোলাটো তাতে এৰি খুড়া পশ্চিম দিশত থকা ‘ৰিচিপচন’ত সোমাই গ’ল৷ ভোক লাগিছে, কিবা এটা খাব লাগে৷ খুড়াৰ পাছে পাছে দুই-চাৰিজন নতুন প্ৰজন্মৰ যুৱক-যুৱতীও সন্তৰ্পণে লৰি গ’ল৷ তেওঁলোকক এই বিস্ময় পুৰুষজনৰ অট’গ্ৰাফ লাগে৷

*****

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *