স্মাৰ্ট ফোন – সোণটো ৰঞ্জন বৰুৱা
অনেক ফেচবুকৰ বন্ধুৱে আজিকালি ফেচবুকত কিয় নিস্ক্রিয় হৈ পৰিলোঁ বুলি প্ৰশ্ন কৰে।
আচলতে কিছুদিনৰ পৰা এক মানসিক সমস্যাৰ সন্মুখীন হৈছোঁ। যেতিয়াই ম’বাইলটোলৈ চাওঁ তেতিয়াই মনটোৱে যেন চিঞৰি উঠে “চাল্লা জীৱনটো এনেয়ে অতগাল বেমাৰৰে চেপি আছেই ,তাৰ পাছতো ভাল কোষ্ঠকাঠিন্য বেমাৰটো লম্ভাই লৈছ দেই।” এনেকুৱা লাগে যেন ফোন নহয় সৰু ল’ৰাৰ ললিপপহে, যি মোৰফালে চাই কুটিল হাঁহি মাৰি আছে।
এতিয়া মই এনে এক অৱস্থাত আছোঁ যেন কোনো জীৱনত কোনোদিনেই তামোলতীৰ মুখত নিদিওঁ বুলি সংকল্প লোৱা তামোলতীৰ আগত কোনোৱে তামোলৰ বটা এটা সজাই দিছে, শেষত……
চকু গৈ গাঁতত সোমালেগৈ, তথাপিও ‘মিনিটত জগত দৰ্শন’ৰ লোভ এৰিব পৰা নাই। এই সৰু বাকছটোত প্ৰতি পলেই আচৰিত মহাকুম্ভ হৈ থাকে।
কবিতা, কাহিনী, ভোজন, চিনেমা, যুদ্ধ শান্তি,পশু পক্ষী, পুৰস্কাৰ, হাঁহাকাৰ নানান বিষয় চলি থাকে। মই এই সকলোবোৰ চাই থাকোঁ। কিন্তু কিয় চাই থাকোঁ নিজেই গম নাপাওঁ। কিবা জ্ঞানটো বাদেই, এই কথাবোৰৰ পৰা ক’ৰ পৰা কি হ’ব, কি হ’লে ভাল হ’ব, তাৰ পৰা মোৰ কি লাভ হ’ব… আজি যোগসূত্রও মিলাব নোৱাৰোঁ।
যদি চকু মুদি কিবা যোগসূত্র উলিয়াবলৈ চেষ্টা কৰোঁ, ক’ৰবাৰ পৰা বেঙেনাৰ পিটিকাৰ ৰেচিপি, এনিভাৰ্চিৰিৰ ফটো (যাৰ নামেই মনত নাই), কাৰোবাৰ কমেণ্ট এটা (যি মোৰ তেজ এতিয়াও গৰম কৰি আছে), সেইটো পোষ্ট য’ত কমেণ্ট কৰিবলৈ মনে লকলকাই আছে, ভগৱানৰ ফটো, জিন্দাবাদ মূৰ্দাবাদৰ ফটো, বাইদৌ-ভণ্টিহঁতৰ ফটো, কোনো চহৰৰ গেলা নলাৰ কিনা মায়ৌনিজেৰে লেটপেট চেণ্ডৱিজৰ ফটো, ৰিলত অদ্ভুত নাচ দিয়া পেটেলা একোটাহঁতে অগাদেৱা কৰি সৱ সুতা চিঙি শেষ কৰি দিয়ে। লাভৰ মূৰত…
ভটিণ্ডাৰ কোনোবা এটা গলিত পোৱা বিশ্বপ্ৰসিদ্ধ চৌলে ভটুৰে বনোৱা চাই আছোঁ। কিয় চাই আছোঁ নিজেও নাজানো। জীৱনত যদি ভটিণ্ডা যাব লগা হয়ো সেই দোকানখনত খোৱাৰ কথা মনলৈ যে আহিব। ভটিণ্ডালৈকে বাৰু ঠিকেই আছে, এণ্ড্ৰ’মেডা তাৰকাপুঞ্জৰ বিষয়েও দুই তিনিঘন্টা খৰছ কৰোঁ। মই জানো বৰ্তমান সময়ত এণ্ড্ৰ’মিডালৈ বাচ টেম্পু আজি চলোৱাৰ কাৰো পৰিকল্পনা নাই। তথাপিও চাওঁ।
যৌৱনকালত নোপোৱা প্ৰসিদ্ধি, চেলিব্ৰিটি জীৱনৰ ভাটি বেলাত বিচৰা ভাইসকলৰ পোষ্টত। বাহ বা.. অদ্ভুত..বেয়া দিছে…একমত..বহুমত আদি শব্দৰে সেই প্ৰসিদ্ধি, চেলিব্ৰিটিৰ ফিল দিওঁ। আৰু যৌৱনকালত পোৱা চেলিব্ৰিটি ফিলিং পুনৰ ঘূৰাই পাবলৈ চেষ্টাৰত বাইদৌসকলৰ পোষ্টত অদ্ভুত কবিতা, বাকৰুদ্ধ, অভিভূত হ’লোঁ, হৃদয়স্পৰ্শী..মৰ্মস্পৰ্শী (কবিতা নহয়, ফটো).. নাইচ পিক, এডৰেব’ল, শব্দহীন আদি কমেণ্টেৰে সেই বাইদৌগৰাকীৰ একাকীত্বৰ সমভাগী হ’বলৈ চেষ্টা কৰোঁ।
যি কিতাপ দুঘণ্টাত শেষ হ’ব লাগে তাক দুদিনত পঢ়োঁ।
হেপ্পি বাৰ্থডে, হেপ্পী এনিভাৰচিৰি শুভকামনা আদি লিখি গৈ থাকোঁতে এদিন চকুত পৰিল ‘দেউতাৰ পঞ্চম পুণ্যতিথিত শ্ৰদ্ধাৰে সুৱৰিছো’। লগত দেউতাৰ ফটো। নাক বন্ধ, মুখ খোলা। নাকত কপাহ, মুখ হা কৈ মেল খাই আছে। হেৰৌ মুখত কপাহ অকণমান দিব নোৱাৰিলিনে?
খুৰীয়ে আজি দিনটোত চাৰিবাৰ প্ৰফাইল পিকচাৰ সলাইছে। বুজিলোঁ, খুৰীৰ তেজত rnc (ৰেড ন’টিফিকেশ্যন চেল)ৰ অভাৱ হৈছে। গতিকে চাৰিওখনতে চাৰিটা লালপানৰ ইম’জি দি সমাজসেৱা কৰি দিলোঁ।
ডবাৰমেন, পিটবুল, জাৰ্মানচেফাৰ্ড টাইপৰ কিছুমান মানুহে গোটেই চ’চিয়েল মিডিয়া পিটপিটাই ফুৰে।
এইসকলৰ ঘ্ৰাণশক্তিক নতমস্তক চালামহে বুলিলোঁ। কবিতা হওক বা কাহিনী, ব্যংগ, গদ্য প্ৰৱন্ধ সকলো শুঙিয়েই বিজেপি কংগ্ৰেচী সোঁপন্থী বামপন্থী ভাগ ভাগ কৰি পেলায়। তাৰপাছত এনে ভুকনি আৰম্ভ হয় যে পষ্টদাতাই ব্লকাস্ত্ৰ প্ৰয়োগ কৰিহে উশাহ ল’ব পৰা হয়গৈ। হ’লেও এইবিধ বাৰু সহ্য কৰিব পাৰিয়েই, আটাইতকৈ ডাঙৰ সমস্যাটোহে…
কিঞ্চিত অশ্লীল, বহুত জ্বলনশীল আৰু অত্যধিক প্ৰগতিশীল এটা শব্দ হৈছে…বুদ্ধিজীৱী (চকুচৰহা?)। বাদ, শিবিৰ নিৰ্বিশেষে চ’চিয়েল মিডিয়া অহাৰে পৰা বুদ্ধিজীৱী ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে। কিবা এটা বিষয় লাইমলাইটলৈ আহিবহে লাগে, বুদ্ধিজীৱী সাঁজু লগতে গোটেই সমাজ বুদ্ধিজীৱী লৈ…
কেতিয়াবা পুৱা ম’বাইল খুলিয়েই আচৰিত। দেখিব গোটেই চ’চিয়েল মিডিয়াসমাজে কোনো এটা বিষয়ক পাঞ্চিং বেগ বনাই পেলাইছে। যাৰ মন যায় ঘুচিয়াইছে। যাৰ মন গৈছে লঠিয়াইছে। হঠাৎ সেই বিষয়ক লৈ অনেক বিশেষজ্ঞ আবিৰ্ভাৱ হৈছে। আপোনাৰ লিষ্টৰ নগেন খগেন মালতি বিজয় অজয় সকলো সেই বিষয়ে বিশেষজ্ঞ হৈ গৈছে। এতিয়া আপুনি গোটেই দিনটো সকলোৰে ৰায়বোৰ পঢ়ক, শেষত দেখিব আপোনাৰো আত্মা বুদ্ধিজীৱীকৰণ হৈ গৈছে।
এতিয়া আপুনি তাক শান্ত কৰিবলৈ চ’চিয়েল মিডিয়াত পোষ্ট এটা বমি কৰি দিয়ক। কিন্তু তাত জানো আপুনি শান্তি পাব? কমেণ্ট বক্স চাওক, কিমান বিশেষজ্ঞ জঁপিয়াই পৰিছে। মান না মান ম্যে তেৰা মেহমান টাইপত যুক্তি যুদ্ধ লাগি থাকক এতিয়া…
গতিকে বন্ধুসকল নকিয়া ৩৩১০ এটা কিনি ল’লোঁ তাকে চলাওঁ, স্মাৰ্ট ফোন কেতিয়াবাহে হাতত লওঁ। আপুনিও ল’ব পাৰে। বহুত শান্তি পাব… বহুত শান্তি।
*****
9:23 am
ভাল লাগিল
7:23 pm
সুন্দৰকৈ লিখিলে ।