ফটাঢোল

মুখা- চন্দামিতা শৰ্মা

বগাত সেউজীয়া আৰু কমলা ৰঙৰ সৰু সৰু বুটা বছা  কপাহী কাপোৰযোৰ পিন্ধি তেওঁ লাহে লাহে ধীৰে গতিৰে ঘৰখনৰ মুখ্য দুৱাৰখনৰ প্ৰায় সম্মুখত থকা তুলসীৰ ঢাপটোত  লহপহীয়া    তুলসী জোপাৰ গুৰিত এলোটা  পানী  ঢালিলে।   ৰূপৰে তৈয়াৰী   চিকচিকীয়া লোটাটো  সুদৃশ্য মাৰ্বলেৰে বনোৱা ঢাপটোৰ একোণত থৈ হাত দুখন  ওপৰলৈ নি   সুৰ্য্য   প্ৰণাম কৰিলে। 

ওচৰলৈ   দৌৰি আহি   ” আইতা ”  বুলি মাতি তেওঁক  সাবট মাৰি ধৰা আদৰৰ নাতি ল’ৰাটোক আলফুলেৰে দুগালত চুমা যাচি তাৰ লগত ধীৰে ধীৰে  ঘৰৰ  ভিতৰত সোমাল। 

খোৱা টেবুলত  একলগে ৰাতিপুৱাৰ  জলপান খাবলৈ  অপেক্ষা কৰি থকা স্বামীক সামান্য হাওঁলি ভৰি দুখন স্পৰ্শ কৰিলে। 

এক সন্ত্তুষ্টিৰ হাঁহি মাৰি লাহেকৈ তেওঁৰ মুৰ স্পৰ্শ কৰা স্বামীৰ ফালে একেই হাঁহিৰে প্ৰত্যুত্তৰ জনাই লাহেকৈ চকী এখন টানি আনি তেওঁ খাবলৈ বহিল। কাষত নাতি ল’ৰা।

সম্মুখৰ  বাটিত কোমল চাউল আৰু এঠা দৈ । জুলীয়া গুৰ অকণ অকণ কৈ বাটিটোত ঢালি লৈ আটাইখিনি সুন্দৰ ভাবে মিহলাই , এচামুচ নাতিটোৰ মুখত দিলে । তাৰ পিছৰ চামুচ মুখত সোমাই এক পৰম তৃপ্তিৰ  দৃষ্টিৰে স্বামীৰ পিনে  দৃষ্টি  নিক্ষেপ কৰিলে ।   

” একদম পাৰফেক্ট। ওৱাও মেম্। ইউ আৰ্ চিম্পলী  ফেবুলাচ্।” ইমানপৰে সুন্দৰ ভাবে  সকলো ৰেকৰ্ডিং কৰি থকা  জনপ্ৰিয়  ইউটিউবাৰ জনৰ প্ৰশংসাসূচক  মন্তব্যত ,  আৰাধনা  বৰাৰ ওঁঠেৰে   এক অহংমিশ্ৰিত হাঁহি    বাগৰি গল।

” তেওঁ সদায়েই পাৰফেক্ট। সকলো কাম কোনো খুঁত নৰখাকৈ  কৰাটো তেওঁৰ পুৰণি অভ্যাস ।” স্বামীৰ পৰা শুনা কথাষাৰে   তেওঁৰ অহংভাবটোক আৰু বঢ়াই তুলিলে। 

“তুমি কিন্তু ব্ৰেকফাষ্ট কৰি যাবা দে । মই অকণ ফ্ৰেচ হৈ লওঁ। সন্ধিয়াৰ প্ৰোগ্ৰামৰ বিষয়ে টো তোমাক আৰু নতুনকৈ জনাব লগীয়া নাইয়ে । ইমান সুন্দৰ তোমাৰ কাম। খালী সময়টো মনত ৰাখিবা। মন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰাৰ পিছতে বঁটা বিতৰণ কৰিব আৰু তাৰ পিছত  ভাষণৰ পৰ্ব। ।” 

ইউটিউবাৰ জনক ডাইনিং টেবুলত বহিব দি  আৰু  আয়াজনীক  নাৰ্চাৰীৰ পৰা  কালি  কিনি  আনি  ৰোৱা লহপহীয়া তুলসীজোপাত  ভালকৈ  পানী  দিবলৈ কৈ  ,  গম্ভীৰ  খোজেৰে  বেডৰুমলৈ সোমাই  যোৱা পত্নীৰ ফালে  মিষ্টাৰ বৰাই  চাই ৰ’ল।

” কি যে আচৰিত শক্তি এই মানুহজনীৰ!!! হাজাৰ প্ৰব্লেম হলেও সকলো পৰিস্থিতি সুন্দৰকৈ চম্ভালিব পৰা ক্ষমতাৰ অধিকাৰিণী। ন’হলেনো চৰকাৰী দপ্তৰটোৰ অফিচাৰ হোৱাৰ সুবাদতে ক্ষমতাৰ ৰাগীত মতলীয়া হোৱা তেওঁক  কেবাবাৰো জেল যোৱাৰ পৰা ৰক্ষা কৰিব পাৰেনে? আচৰিত  মেনেজ কৰা  ক্ষমতা ” মনৰ ভিতৰতে কথাবোৰ পাগুলি আৰাধনা বৰাৰ স্বামী সন্ধিয়াৰ  সেই  বিশেষ অনুষ্ঠানৰ বাবে  পত্নীক  দিবলৈ ওলোৱা  ছাৰপ্ৰাইজটোৰ বাবে  মোবাইল ফোনটো উলিয়াই লৈ এক নিৰ্দিষ্ট নাম্বাৰলৈ  ফোন  লগালে ।

বাথৰুমৰ  বেৰত লগোৱা প্ৰকান্ড  লুকিং মিৰৰ খনত চাই  চাই কপাহেৰে ৰাতিপুৱাই কপালত  লগোৱা সেন্দুৰৰ   ডাঙৰ ফোঁটটো লাহে লাহে পৰিষ্কাৰ কৰিলে । শিৰত  ডাঠকৈ লগোৱা সেন্দুৰ   সামান্য ভাবে মঁচি এক ক্ষীণ ৰেখাত পৰিণত কৰিলে।

“সন্ধিয়ালৈ অলপ আৰু ডাঙৰ কৈ লব লাগিব । এয়াৰ কন্ডিছনিং প্ৰেক্ষাগৃহ যেতিয়া চিন্তা নাই” 

ঢিলা পেন্ট  আৰু হলৌজলৌ টি ছাৰ্ট এটা পিন্ধি  বেডৰুমৰ  লুকিং মিৰৰ খনৰ  সম্মুখত থিয় দি  , আৰাধনা বৰাই  নিজে নিজকে ক’লে।       

ৰাতিপুৱাই এপেট  খাই   টিভি থকা ৰুমত ফুল ভলিউম  টিভি  চলাই , সমানে টিভি আৰু  মোবাইলত ব্যস্ত থকা গিৰিয়েকলৈ  বিৰক্তিৰে   চাই   তেওঁ এইবাৰ সচাঁ ব্ৰেকফাষ্ট কৰিবলৈ ডাইনিং টেবুলত বহিল।।

 সিজোৱা পাচলিৰ চুপ  আৰু  বইল কণী  এটাৰে  ব্ৰেকফাষ্ট সামৰি,  লাহে লাহে  তেওঁ  ড্ৰইংৰুমলৈ গল।।

“প্ৰসিদ্ধ   সমাজ সেৱিকা  আৰু লেখিকা আৰাধনা বৰালৈ  আজি  প্ৰদান  কৰা হব ………….সোঁৱৰণি বটা ।  উল্লেখযোগ্য যে  শিশুসকলৰ বাবে মাতৃভাষা কিমান প্ৰয়োজনীয় , তাক  মুখ্য বিষয় হিচাপে লৈ বিভিন্ন আটক ধুনীয়া  গল্পৰ মাজেৰে বিষয়টো সুন্দৰভাৱে উপস্থাপন কৰা তেওঁৰ  শিশু গ্ৰন্থ খনৰ বাবে এই বটা প্ৰদান কৰা হৈছে ।  বিভিন্ন আলোচনীত  প্ৰবন্ধ আদি প্ৰকাশিত হৈছে  যদিও  পূৰ্ণাংগ  ৰূপত এইখনেই তেখেতৰ  প্ৰথম  পুথি।   প্ৰথম  পুথিৰ  দ্বাৰাই  এই  সন্মান লাভ  কৰা  তেখেতলৈ  বিভিন্ন  দল সংগঠনে যাঁচিছে  শুভেচ্ছা ।।…….    ।” 

বহুল প্ৰচাৰিত  দৈনিক বাতৰি কাকত খনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিটোত  চকু  ফুৰাই   তেওঁৰ  মনটো  এক  গভীৰ সন্ত্তুষ্টি তথা  অহংকাৰৰ ঢৌ খেলাই  গল।

পিছ  মুহূৰ্ততে কিবা  এটা  ভাবি মোবাইল ফোনটো  উলিয়াই ” নন্দিতা ” বুলি  চেভ  কৰি থোৱা  নাম্বাৰটো ডায়েল কৰিলে। 

“সন্ধিয়াৰ  অনুষ্ঠানলৈ মোৰ  এন . জি. ও টোৰ সকলো কৰ্মচাৰী    অহাৰ কথা  আছে । তুমি জানো পাৰিবা অসুখীয়া লৰাক এৰি আহিব? ”  তেওঁৰ স্বেচ্ছাসেৱী সংগঠনটোৰ এগৰাকী  কৰ্মচাৰী ” নন্দিতা ” ক  সুধিলে ।

” আজি আইতাকে ৰাখিব তাক। মই পাৰিম দিয়ক বাইদেউ ।”

সিমুৰৰ পৰা  ইথাৰেৰে  ভাহি অহা প্ৰত্যুত্তৰত কেৱল   ” ও ” বুলি  শলাগি ফোনটো তেওঁ কাটি দিলে ।

পিন্ধি থকা চশমাযোৰ লাহেকৈ মুৰৰ ওপৰলৈ উঠাই  চেলাউৰিযোৰ কোঁচ   খুৱাই ,  অলপ আগলৈকে স্ফূৰ্তিত আৰু  অহংকাৰত   গদগদ হৈ থকা  মানুহজনী  কিবা এক গভীৰ চিন্তাত  নিমগ্ন হল।  

“নাই  একো ভয়  কৰিবলৈ নাই।  সকলো  সুন্দৰ পৰিকল্পনামতে  হৈছে।  আৰাধনা  বৰাই আজিলৈকে কোনো ধৰনৰ  কেঁচা  কাম  কৰিয়েই পোৱা নাই !!!! কোনো খুঁত নৰখাকৈ কাম কৰা তেওঁৰ বাওঁ হাতৰ কাম।  ন’হলেনো তেওঁৰ  সমাজত ইমান নাম হব পাৰেনে ? 

নন্দিতাহঁতৰ নিচিনা মানুহৰ বাবে জীৱনৰ তুলাচনীত সাাহিত্যচৰ্চাতকৈ  ল’ৰাৰ অসুখ যে   বহু বেছি গুণে গধুৰ ,সেয়া  তেওঁ  ভালদৰে জানে । তাৰেই  সুবিধাটো তেওঁ  লৈছে ,  তাতে নো  কিহৰ দোষৰ কথা!

স্বামীহাৰা নন্দিতাক অসুখীয়া  ল’ৰাৰ চিকিৎসাৰ বাবে    টকাৰ প্ৰয়োজন ,  বিনিময়ত তেওঁ জানো একো ন’লব?  ইয়াত   স্বাৰ্থপৰতাৰ প্ৰশ্ন  আহে  জানো?”

চকু  মুদি গভীৰ চিন্তাত নিমগ্ন হৈ থকা  আৰধনা  বৰাই  , কলিংবেলৰ  কৰ্কশ  শব্দত  উচপ  খাই  উঠিল ।   

আয়াজনীয়ে  খুলি  দিয়া  দৰ্জাৰে   ,  চহৰখনৰ  আন  এটা  মূৰত  বাস কৰা  ব্যৱসায়ী  পুত্ৰ আৰু বোৱাৰী সোমাই আহিল।  

মনৰ  মিলৰ  অভাৱৰ  বাবে   বেলেগে  থাকিবলৈ লোৱা , পুত্ৰ-বোৱাৰী আজি কিন্তু ঠিকেই  আহিছে সময়ত ,  একলগে সন্ধিয়াৰ  সেই  বিশেষ অনুষ্ঠানলৈ,  এক  পৰিয়াল  হিচাপে যাবলৈ।

  

কাৰণ আজি সিহঁতৰ বাবেও বিশেষ দিন!

 সমাজত  স্টেটাচ বৃদ্ধি হোৱাৰ দিন !

” মা,ডুগ্গু ক’ত ?”   বোৱাৰীয়েকৰ প্ৰশ্নত,মুখেৰে একো  নামাতি  টিভি  ৰুমলৈ  আঙুলিয়াই দিলে ।  নাতিয়েকক  ৰাতিপুৱাই  লৈ অনা হৈছিল,ৰেকৰ্ডিংৰ  বাবে। 

ন’হলেনো  সি  জানো  বিচাৰে  কেতিয়াবা  নিব  আইতা-ককাক ?

তেওঁৰ ও জানো  আছে  ব্যস্ততাৰ  বাবে সময় উলিয়াই নাতিয়েকৰ  সৈতে খেলিবলৈ?

“নাই  নাই  এইবোৰ  ইমপ্ৰেকটিকেল  কথাক  ইমান গুৰুত্ব দি  থাকিলে  জীৱনত  আগুৱাই যাব নোৱাৰি! আজি যি স্হানত আছে বহুতে সেই  স্হান  লবলৈ  সাত জনম  ল’ব লাগিব ।”মনলৈ  অহা ভাব  তৎক্ষনাত দুৰ কৰি তেওঁ ড্ৰইং ৰুমৰ বহি থকা  চকীৰ পৰা  উঠিল।

” হেৰা  , কেনে  লাগিছে। তোমাক  ছাৰপ্ৰাইজ  দিম  বুলি  আজি  অৰ্ডাৰ কৰি  আনিছো। ” গোটেই   গাতে   গুণাৰ  সৰু সৰু  বুটাৰে  ভৰা  মুগাৰ  সাঁজযোৰ তেওঁৰ হাতত  তুলি  দিয়া  স্বামীৰ মুখলৈ চাই  তেওঁ  হাঁহি  এটা  মাৰিলে ।

“সুন্দৰ” গাত  কাপোৰযোৰ  লৈ  তেওঁ  শলাগিলে।    

” আজি  এইযোৰ  পিন্ধিবা”  বহু  কেলেংকাৰীৰ পৰা  কিবাকৈ  মেনেজ  কৰি জেলৰ ভাত খোৱাৰ পৰা,  কেবল তেওঁৰ বাবে    ৰক্ষা পোৱা   স্বামীৰ  পৰা  দামী  উপহাৰ  পাই  তেওঁ  একো   বিশেষ প্ৰতিক্ৰিয়া  নেদেখুৱালে। 

“তুমি  মোৰ  হাতত ধৰা ”  তেওঁৰ  সন্মানাৰ্থে  আয়োজিত সভাখন   অনুষ্ঠিত কৰিবলৈ  ওলোৱা  সুসজ্জিত প্ৰেক্ষাগৃহটোৰ  সম্মুখত স্বামী,  পুত্ৰ-বোৱাৰীসহ  গাড়ীৰ  পৰা নমাৰ  পিছত  ,  নাতিয়েকলৈ  চাই  ক’লে।

অসংখ্য কেমেৰাৰ  লাইটৰ  মাজত নাতিয়েকক  হাতত ধৰি  সুখী  পৰিয়াল  হিচাপে  তেওঁ   ভিতৰত সোমাল।  

সুনিৰ্দিষ্ট কৰি থোৱা আসনত  বহাৰ  লগে লগে  এক গৰ্বৰে বুকু ভৰি গল ,তেওঁৰ।  

নকল কৰি  ডিগ্ৰী লোৱা বুলি  ফুচফুচাই  তেওঁক  সমালোচনা কৰা বোৰৰ বাবে  তেওঁৰ এই প্ৰত্যুত্তৰ! সেই  প্ৰত্যুত্তৰ যেনেকৈ  যোগাৰ কৰা নহওঁক কিয়!

 

জাউৰিয়ে জাউৰিয়ে মৰা হাত চাপৰি ৰ  মাজত বটা গ্ৰহণ কৰি  , আৰাধনা বৰা  আগবাঢ়ি গল  বটা  প্ৰাপকৰ  বাবে  ৰাখি থোৱা  সভাৰ এক  নিৰ্দিষ্ট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ।।

” মাতৃভাষা মাতৃদুগ্ধ সম।।আজিৰ শিশু,  কাইলৈৰ দায়িত্বশীল  নাগৰিক ।   পৰিয়ালৰ  সকলো হব লাগিব এই ক্ষেত্ৰত  সদা  সচেতন।  ককা-আইতাকৰ মুখেৰে  নিৰ্গত সাধুবোৰ হব পাৰে এই ক্ষেত্ৰত  এক  বিশেষ     আহিলা। আমি …..”

 মঞ্চত ভাষণ দি  থকা বটা প্ৰাপকৰ কথাত  ৰজনজনাই যোৱা  প্ৰেক্ষাগৃহ টোত  সমাবেশ  হোৱা  এক  অতুৎসাহী সাংবাদিককে    পৰম আগ্ৰহেৰে আগুৱাই গল  আৰাধনা বৰাৰ  নাতিয়েকৰ  ফালে ।।

” তোমাৰ দৰে  শিশুসকলৰ বাবে  ইমান সুন্দৰ  পুথি  লিখি  পুৰস্কাৰ পোৱা   আইতাৰ  কিতাপ পঢ়ি  তোমাৰ কি  অনুভৱ,  আমাক  জনালে  আমি  নথৈ আনন্দিত হম” ।

তলমুৰকৈ  মোবাইল ত  ভিডিঅ গেমত  ব্যস্ত থকা  নাতিয়েকে  কোনোমতে মোবাইলৰ স্ক্ৰীনৰ পৰা চকু আতৰাই, মূৰটো  দাঙি   উত্তৰ  দিলে “ছৰী , আই  কান্ট  ৰীড্  এন্ড ৰাইট  আচামীজ টোটেলী। (ছৰী ,মই অসমীয়া পঢ়িব আৰু  লিখিব নাজানো  )।’

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *