ঋতু আহে,ঋতু যায়-দেবজিত শৰ্মা
“বিজয় মহন্ত প্ৰেমত পৰিব”- বাচ ইমানেই কথা৷ ইয়াতকৈ অধিক ব্যাখ্যাৰ প্ৰয়োজন নাই৷ ঠিক পৰীক্ষাৰ যি কোনো এটা উত্তৰ বাছনি কৰিবলৈ দিয়া প্ৰশ্নটোৰ দৰেই চিধা উত্তৰ,মানে আদিত্য বৰঠাকুৰ, শেখৰ বৰা, ভাস্কৰ শৰ্মাহঁতৰ বাবে৷ সময় আজিৰ পৰা দুটা দশক আগৰ৷ তিতাবৰৰ এই বিস্তীৰ্ণ অঞ্চলত আদিত্য,বিজয়,ভাস্কৰ, দুলাল আদিৰ গেংটোত সমীহ নকৰা মানুহ নাই বুলিলেও ভুল কৰা নহ’ব৷ মেট্ৰিক পাছ কৰি কলেজত নাম লগোৱা গেঙৰ সকলোৰে নিজৰ নিজৰ নেটৱৰ্ক স্থাপন হৈছিল যদিও বৰলা বা একো নোহোৱাকৈ থকা মাত্ৰ এটায়েই আছিল- বিজয় মহন্ত৷ বহু ৰূদ্ধদ্বাৰ বৈঠক, আলোচনা, তদন্ত সমিতি গঠন কৰিও গেঙটোৱে বিজয়ক মূলসুঁতিলৈ অনাৰ পথ প্ৰসস্ত কৰিব পৰা নাছিল৷ সদায়েই কৰবাত নহয় কৰবাত কেণা লাগি যায়৷ অৱশেষত গেঙৰ লগত মাজে মাজে চাহ তামোলৰ জুতি লৈ আদ্দা দিয়া, চিদানন্দ বৰাৰ মাগদৰ্শনে কিঞ্চিত আশাৰ বাট দেখুৱালে৷ চিদানন্দ বৰা মূলত: সৰু পৰ্দাৰ দুই এখন টেলিফিল্মৰ সহ- অভিনেতা ৰূপে মানুহৰ মাজত বিখ্যাত হৈছে৷ ৰাজদূত দৌৰাই ফুৰা চিদা দায়ে খবৰ দিলে চাৰিআলিৰ পেট্ৰ’ল পাম্পৰ কাষৰ মানুহঘৰলৈ ছোৱালী এজনী আহিছে, মেট্ৰিক দি৷ সেইখন ঘৰৰে ডাঙৰ ল’ৰাজনৰ লগত চিদা দাৰ ভাল,বিজয়ে সাহস কৰিলে কথা আগবঢ়াব পাৰে৷
কিন্তু এটা চৰ্তত,খোৱা বোৱাৰ ভাল খৰচ এটা বিজয়ে বহন কৰিব লাগিব৷
পুনৰ ৰূদ্ধদ্বাৰ বৈঠক বহিল৷
কৃষ্ণ দাস: চোৱা বিজয়৷ খৰচ পাতি নকৰিলে কাম নহ’ব৷ তাতে তুমি এইটো ফিল্ডত নতুন৷
ভাস্কৰ শৰ্মা: গুলি মাৰা হে খৰচ৷ বিজয় তুমি চিনাকি হৈ কথা পতা আৰম্ভ কৰা৷ পাছত পলুৱাই আনিব লগা হ’লে মই আছো৷
আদিত্য: ৰ’বা হে৷ খৰচ পাতি বিজয়েও চাই চিতি হে কৰিব লাগিব৷ চিদা দাৰ ৰাজদূতৰ তেল- মবিলৰ খৰচ,খানা পিনাৰ নামত বহুত খৰচ নহ’বনে! তাতকৈ আমি নিজে আগবাঢ়ো৷ খৰচটো বিজয়ে অলপ দিয়ক,কিবা লাগিলে আমি মিলাই লম৷ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু( অলপ জোৰ দিয়ে ক’লে শেষৰ বাক্যটো)
শেষৰ বাক্যটোৱে সকলোকে জোকাৰি গ’ল৷ চৰজমিন তদন্তৰ বাবে আদিত্য বৰঠাকুৰকে নিৰ্বাচিত কৰা হ’ল৷ বিজয়ৰ টিউচনৰ বাবে ঘৰৰ পৰা দিয়া ২০০ টকা( সেইখিনি সময়ৰ ২০০ টকা,এতিয়াৰ ১০০০-১২০০ টকাৰ সমপৰ্য্যায়ৰ)৷ লগতে ভাস্কৰ,কৃষ্ণ দাস,দুলাল আৰু আদিত্যৰ অংশ মিলি মুঠ ৩০০ টকা৷ প্ৰথম পৰ্য্যায়ত নাম,ধাম সুধি বিজয়ৰ লগত চিনাকি কৰি দিব৷ মোহিনী বাণ মাৰি দিয়া তামোলৰো যোগাৰ কৰাৰ দায়িত্ব কৃষ্ণ দাসে ল’লে৷ এই তামোল খাই কিমান বিয়া হৈ যোৱা চকুৰ আগতে দেখিছে, এইবোৰৰ আগত বিজয় কোন কুটা৷
অভিযান আৰম্ভ হ’ল৷ আদিত্যই ক্ষীপ্ৰতাৰে দুদিনৰ ভিতৰতে নাম,ধাম সকলোবোৰ সংগ্ৰহ কৰিলে৷ কন্যাৰ নাম ঋতু, এইবাৰ মেট্ৰিক দিছে৷ খুব সহজ,সৰল৷
“সহজ সৰল বুলি কেনেকৈ গম পালে!”- কৃষ্ণ দাসৰ সহজে যি কোনো কথা বিশ্বাস কৰা মানুহ নহয়৷
” আৰে মই কেঁচা তামোল দেখিলেই গম পাও,পনীয়া নে গোটা৷ মুৰত ধৰিব নে নধৰে৷ এইবোৰ মোৰ বাবে সৰু কথা হে”- সাংঘাটিক বিশেষজ্ঞৰ ভংগীমা এটাৰে আদিত্য বৰঠাকুৰে উত্তৰ দিলে৷
“এইবোৰ কৰি থকাতকৈ চিধাচিধি ভালপোৱাৰ কথা কৈ,পলুৱাই লৈ আনো বলক হে”- ভাস্কৰ শৰ্মাৰ প্ৰস্তাৱ৷
তিনিওৰ ধমকিত ভাস্কৰৰ প্ৰস্তাৱটো তল পৰিল যদিও এটা কথাত মুখেৰে ফুটাই নকলেও চাৰিও উপলব্ধি কৰিলে যে দেৰি কৰি থকাটো ভাল নহ’ব৷
অৱশেষত দিন কাল চাই পৰৱৰ্তী দিনাখনেই বিজয়ে গৈ চিনাকি হোৱাৰ কথাটোত মোহৰ লগোৱা হ’ল৷
°°°°°°
” আহিব টো?- আদিত্য বৰঠাকুৰলৈ চাই বিজয়ে প্ৰশ্ন কৰিলে৷ বুকুত তাৰ অযুত ধুমুহা৷ কিমান বাৰ যে কালিৰে পৰা আইনাত নিজকে চাইছে! কিমানবাৰ যে হিন্দী গীতবোৰ গুণগুনাইছে৷ ভাস্কৰ আৰু কৃষ্ণ দাসৰ যৌথ পৰিকল্পনাত লিখা চিঠি এখন আগদিনাখনে ঋতুৰ হাতত পৰাৰ ব্যৱস্থা হৈছে৷ পোনপতীয়াকৈ প্ৰেমৰ প্ৰস্তাৱ নাথাকিলেও দুই তিনিবাৰ পঢ়িলে ইংগিতটো যে হোমৰ গুৰিৰ পিনেই পোনাইছে ধৰিব পাৰি৷ চিঠিতে উল্লেখ কৰা হৈছিল,আজি আবেলি ৩ বজাত গোঁহাই দাৰ সৰু চাহ ভাতৰ হোটেলৰ সন্মুখতে লগ কৰাৰ৷
পুনৰ এবাৰ বিজয়ে হোটেলৰ বেৰত লাগি থকা ঘড়ীটোলৈ চালে,তিনি বাজি পাছ মিনিট গ’ল৷ সামান্য দুখ,সামান্য বিৰক্তি বুকুলৈ উজাই আহিব খোজোতেই চাৰি পাছজন মান ৪০ৰ উৰ্ধৰ মানুহ হোটেলখনলৈ গপগপাই সোমাই গৈ কেছ কাউন্টাৰত বহি থকা গোঁহাই দাক প্ৰশ্ন কৰিলে
“কোনোবা বিজয় নামৰ মানুহক চিনি পায় নেকি? পালে ঠেং ভাঙি দিম৷ আমাৰ ঋতু মাহীক প্ৰেমপত্ৰ দিছে৷ দুনীয়াখন বৰ বেয়া হৈ গৈছে৷”
ধুমুহাৰ বেগেৰে ঘৰলৈ দৌৰ দিয়া বিজয় মহন্তয়ে সমগ্ৰ পথচোৱা দুটা কথায়েই ভাবি থাকিল
– ঘৰৰ মানুহ উঠাৰ আগতেই তামোল দুই ঠোক তিতাবৰৰ বজাৰত বেছি টিউচনৰ হিচাপ মিলাব লাগিব
– ভাস্কৰ,কৃষ্ণ দাস আৰু আদিত্য বৰঠাকুৰহঁতৰ কথাক চকুমুদি বিশ্বাস কৰাৰ আগতে এইকেইদিনত তিনিওটায়ে পিন্ধা নতুন চানগ্লাচ কেইযোৰ ক’ৰ পৰা আহিল,সেইটো কথা প্ৰথমে জানি লোৱা হ’লে ভাল আছিল
☆ ★ ☆ ★ ☆
2:32 pm
উত্তম
8:15 am
মজা লাগিল
8:42 am
হা হা। মজা লাগিল।
7:36 pm
হাঃ হাঃ, অৱশেষত সেয়াহে হ’লগৈ।
বৰ সুন্দৰকৈ লিখিলে ।
11:54 pm
হাঃ হাঃ