ফটাঢোল

কুইজ – অসীম বৰা

ৰ’ব! কুইজ শব্দটো দেখিয়ে ফটাফট উত্তৰ দি পুৰস্কাৰ ল’ম বুলি আশা নকৰিব৷ আজি মই ইয়াত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সলনি মোৰ জীৱনৰ কুইজৰ অভিজ্ঞতাহে বৰ্ণনা কৰিবলৈ লৈছোঁ৷

ওচৰৰ খুড়া এজনৰ কৃপাত প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই কুইজৰ প্ৰতি এক ৰাপ গঢ়ি উঠিছিল। স্কুলৰ বছৰেকীয়া খেল-ধেমালি, ওচৰে-পাজৰে অনুষ্ঠিত হোৱা ৰাভা দিৱস, শিল্পী দিৱস, বিহুমেলা আদিত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ঠ পুৰস্কাৰ আদিও পাইছিলোঁ। সেই সময়ত অৱশ্যে গাঁৱে-ভূঞে কুইজৰ এক পৰিৱেশ গঢ়ি উঠিছিল আৰু  কেতিয়াবা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগীসকলক উৎসাহ যোগাইছিল।

মই তেতিয়া ক্লাছ ছেভেনত, আমাৰ ওচৰৰ ৰমেনদা ক্লাছ নাইনত৷ সেইবাৰ ৰমেনদা স্কুলৰ “সাংস্কৃতিক সম্পাদক “৷

(ৰমেনদা, আমাৰ ল’ৰালিৰ চেঙেলীয়াকালৰ গুৰুজী, বৰ্তমান বন্ধু, তাৰ লগত জীৱনত হোৱা কাহিনীবোৰ লিখিলে মহাভাৰতেই হ’বগৈ এখন, তাৰ অনুমতি পালে লিখিম কেতিয়াবা)

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ভাদৈ হাইস্কুলত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ওচৰ-পাজৰৰ সকলোকে হাইস্কুললৈ নিমন্ত্ৰণ জনালে। প্ৰতিযোগিতাৰ দিনা স্কুললৈ “OIL” ৰ বাছ আহিল৷ দৰ্শক তথা প্ৰতিযোগী নিবলৈ৷

টিম চিলেক্ট কৰাৰ দায়িত্ব ৰমেনদা আৰু সাধাৰণ সম্পাদক নিখিলৰ হাতত৷ সেই সময়তে দাড়িয়ে থুতিওৱা ৰমেনদাৰ আগত নিখিল কোন কুটা। গতিকে তিনিজনীয়া কুইজ টিমত কোন যাব সেই ডিচিছন ৰমেনদায়েই ল’ব৷

লিষ্টত প্ৰথম নাম মোৰ, দ্বিতীয়তে জোনমণিবা, তৃতীয়তে “অপৰূপা” (নামটো সলনি কৰি দিছোঁ)। দলৈছাৰৰ প্ৰথম পিৰিয়ডটো  শেষ কৰি কমন ৰূম পাওঁ মানে ৰমেনদাৰ লিষ্ট ফাইনেল৷

য’তে হ’লেও দলীয় কুইজত আমাৰ টীমত থকা “পৰাগৰ” নামটোৰ সলনি অপৰূপাৰ নাম দেখি মোৰ মাথা ঘূৰাই গ’ল। 

: ঐ, এইজনীক কাৰ মূৰটো কৰিবলৈ লৈছ? এইজনীয়ে কেতিয়া কুইজ প্ৰতিযোগিতাত গৈছে৷ পৰাগক নল’লে ময়ো নাযাওঁ।

ৰমেনদাক পূৰা খঙত ক’লোঁ৷

: বাদ দে পৰাগ চৰাগ৷ তাৰ ওস্তাদি বহুত। তই আছ, লগতে জোনমণি আছেই। পৰাগক কেলেই? তাৰ সলনি অপৰূপাক লৈছোঁ। অলপটো বুজি পা৷ 

: হ’ব চব বুজিছোঁ, তই তাইক পটাইছ যে সেই কাৰণে নিব লৈছ৷ সেইজনীৰ লগত মই কুইজত নবহোঁ।

 : ধেই৷ তই থাকোঁতে বাকীবোৰ কেলৈ লাগে৷ এনেই মাথা গন্তি কৰিবলৈ ৰাখি থ৷ আৰু অহা দেওবাৰে বজাৰত তোক মই গাহৰি ভাজি খোৱাম দে৷ (ৰমেন দাই তেল মাৰিছে লগতে প্ৰলোভন)

বৈষ্ণৱপন্থী আমাৰ গাঁওখনত সেই সময়ত গাহৰি খোৱাটো আজিৰ দিনত চেঙেলীয়া ল’ৰাই লুকাই-চুৰকৈ চিগাৰেট হোপাৰ সমপৰ্যায়ৰে ৰোমাঞ্চ আছিল৷ গতিকে দেওবৰীয়া বজাৰত গাহৰি ভাজি খাবলৈ পোৱাৰ লোভত ৰমেনদাৰ কথাত সন্মত হ’লোঁ৷

ৰমেনদাই (চুটীৰ পাৰ্মিচনৰ বাবে)লিষ্টখন হেডছাৰৰ হাতত দিলেগৈ। হেডছাৰৰ পাৰ্মিচন লৈ বাছত উঠি সমৰ্থকসহিতে ভাদৈ হাইস্কুল পালোঁগৈ৷ যথা সময়ত কুইজ আৰম্ভ হ’ল। 

ৰাজনীতি, বুৰঞ্জী, খেল, তথ্য-প্ৰযুক্তি আদি কেইবাৰাউণ্ডত প্ৰতিযোগিতা হ’ব৷ প্ৰত্যেক দলৰ বাবে মঞ্চত একোখনকৈ বেঞ্চ দিছে৷ 

প্ৰথম ৰাউণ্ডসমূহত আমাৰ অগ্ৰগতি লাভ কৰিলোঁ৷ মঞ্চৰ তলত ৰমেনদাসহিতে আমাৰ সমৰ্থকৰ তামাম ফূৰ্তি। ফূৰ্তিত ৰমেনদাই মুখত আঙুলি সুমুৱাই হুইচেল বজায়ো দিছে৷

শেষত মাত্ৰ দুটা ৰাউণ্ড৷ তথ্য-প্ৰযুক্তি আৰু খেল।

তথ্য-প্ৰযুক্তিৰ ৰাউণ্ডত বেছিভাগ প্ৰশ্ন সুধিলে কম্পিউটাৰ, ইণ্টাৰনেটৰ আদিৰ বিষয়ে। সেইসময়লৈকে আমি কম্পিউটাৰ চুই পোৱাটো দূৰৰ কথা ওচৰৰ পৰা দেখিও পোৱা নাছিলোঁ৷ জীৱনত তেতিয়ালৈকে মাথো দুটা কম্পিউটাৰেই দেখিছোঁ তাকো টিভিত।

প্ৰথমটো- গেণ্ডাস্বামীয়ে মিছাইল লঞ্জ কৰা কম্পিউটাৰটো, যিটোৰ মিছাইলবোৰৰ “ফিউজ কণ্ডাক্টৰ”বোৰ যে ব্ৰিগেডিয়েৰ সূৰ্যদেৱ সিঙে খুলি দিছিল৷

দ্বিতীয়টো- কাপালাই শক্তিমানক ভিতৰত বুদ্ধি কৰি  সোমোৱাই টুকুৰা-টুকুৰ কৰি দিয়াটো৷ পাছত যে গীতা বিশ্বাসে কীবৰ্ডখন টিপি শক্তিমানক জইন কৰি দিছিল সেইটো।

প্ৰত্যাশিতভাৱেই সেই ৰাউণ্ডত আমি পিছ পৰি ৰ’লোঁ আৰু টাউনীয়া দল “অইল হায়াৰ চেকেণ্ডেৰী” আগুৱাই গ’ল। আমি দ্বিতীয় স্থানলৈ অৱনমিত হ’লোঁ৷ 

শেষত আহিল খেলৰ ৰাউণ্ড৷ খেলৰ প্ৰতি তামাম নিচা থকা পৰাগক বহু মিচ কৰিছোঁ। এতিয়া পৰাগৰ খালী ঠাই অপৰূপাই পূৰাব পাৰিবনে? তামাম টেনচন৷

খেলৰ ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো আহিল আমাক উদ্দেশ্যি,

“সদ্যসমাপ্ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট চিৰিজত কোনজন ভাৰতীয় বলাৰে সৰ্বাধিক উইকেট দখল কৰিছিল?”

: কোন আছিল? কোন আছিল? হৰভজন সিং নে শ্ৰীনাথ? 

বুকুৰ ঢপঢপনি বাঢ়ি গৈছে৷ জোনমণিবাক কাণে কাণে সুধিছোঁ “কোন বাৰু?” 

সেইসময়তে আমাক আচৰিত কৰি ঘপকৈ কুইজ মাষ্টৰৰ হাতৰ পৰা মাইক্ৰ’ফোনটো টানি অপৰূপাই উত্তৰটো দি দিলে,

“ৰাহুল দ্ৰাবিড়।”

ৰমেনদালৈ চালোঁ, ৰমেনদা কিলবিচৰ নিচিনাকৈ ছেকেণ্ডতে গায়েব।

☆ ★ ☆ ★ ☆

One comment

  • অভিজিত কলিতা

    এজন ক্ৰিকেটাৰৰ নামেই জানিছিল বেছেৰীয়ে, তাকো খেলৰ বাবে নহয়, হেণ্ডচাম আছিল বাবেহে। মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *