ফটাঢোল

অসমৰ গৰীয়াসকল আৰু তেওঁলোকৰ বিবাহ অনুষ্ঠান: এটি চমু আলোকপাত – ড৹ চাহিন জাফ্ৰি

গৰীয়াসকলৰ এটি চমু পৰিচয়:

অসমৰ মুছলমান সকল অসমৰ মূল জাতি সত্তাৰ এক অবিচ্ছেদ্য অংগ। পুৰণি অসমীয়া মুছলমান সকলে অসমৰ জাতীয় জীৱনলৈ বৰঙণি দি অসমীয়া জাতি সত্তাৰ বুকুতে সােমাই আছে। অসমৰ সামাজিক
সাংস্কৃতিক জীৱনত সন্মিলিত হৈ যােৱা অসমৰ মুছলমান সকলে অসমীয়া জাতীয় সংস্কৃতিক আঁকোৱালি লােৱা দেখা গৈছে। আহােম সকল অসমলৈ অহা বহু বছৰৰ আগতে আনুমানিক ১২০৫ চনত প্ৰথমজন অসমীয়া থলুৱা ব্যক্তি মেচ জনগােষ্ঠীৰ প্ৰধান ‘আলী মেচ’ নামৰ লােকজনে ইছলাম ধর্ম গ্রহণ কৰাৰ সময়ৰ পৰাই অসমত অসমীয়া মুছলমানৰ আৰম্ভণি হয় বুলি কোৱা হয়। তাৰ পৰৱৰ্তী সময়ত চীন দেশ আক্রমণ কৰিবলৈ
আহােতে কিছু তুর্কী যােদ্ধা অসমত থাকি যায় আৰু কালক্ৰমত অসমকে আপােন বুলি ভাবি নিগাজীকৈ বসবাস কৰিবলৈ লয়। এনেকৈয়ে অসমত মুছলমান সমাজৰ সৃষ্টি হ’ল বুলি ভবাৰ থল আছে। ভাষা সংস্কৃতি,বৃত্তি আদিৰ ভিত্তিত অসমীয়া মুছলমান সকলক কেইটামান ভাগত ভগাব পৰা যায়।সেইকেইটা তলত উল্লেখ কৰা হল –

১। গৰীয়া
২। চৈয়দ-দাৱন
৩ | মৰীয়া
৪। দেশী
৫। মণিপুৰী
৬| জোলা আৰু
৭। পূর্ববংগীয় মূলৰ মুছলমান

   অসমত বসবাস কৰা এই মুছলমান সকলৰ বিভিন্ন বিভাগ সমূহৰ ভিতৰত অন্যতম হৈছে গৰীয়াসকল। অসমৰ পুৰণি থলুৱা মুছলমান বুলি ক’লে বিশেষকৈ গৰীয়া সকলকে বুজা যায়। তেওঁলােকে নিজকে অসমীয়া মুছলমান বুলি কোৱাতকৈ ‘গৰীয়া’ শব্দৰদ্বাৰা নিজৰ পৰিচয় দিবলৈ বিচাৰে কাৰণ ‘গৰীয়া’ শব্দতে
সােমাই আছে তেওঁলােকৰ প্রাচীনত্ব তথা অসমীয়া জাতিবােধ। বিশিষ্ট লেখক আব্দুৰ ৰউফৰ মতে মংগােলীয়মূলৰ জনগােষ্ঠী সমূহৰ পৰা বিভিন্ন কাৰণত মূল সমাজৰ পৰা বাদ পৰা লােক সকলক গৰীয়া বুলি কোৱা
হৈছিল। তেওঁলােকৰ দ্বাৰাই গঠিত হৈছিল গৰীয়া সমাজ। গৰীয়াৰ লগত মােগল, পাঠান, তুর্কী আদিৰ কোনাে সম্পর্ক নাই। সি যি কি নহওঁক এই গৰীয়া মুছলমান সকল অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ। অসমীয়া
জাতি তথা সমাজখনক মহীয়ান কৰি তােলাত তেওঁলােকৰ অৱদান যথেষ্ট।গৰীয়া সকল হাড়ে হিমজুৱে অসমীয়া। তেওঁলােক ইছলামধর্মী হলেও তেওঁলােকৰ দৈনন্দিন জীৱন তথা সামাজিক জীৱনত ইছলামীয় প্রভাৱতকৈ থলুৱা প্ৰভাৱ অধিক দেখা যায়। তেওঁলােকৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ ভিতৰত অন্যতম হৈছে বিবাহ অনুষ্ঠান। তেওঁলােকৰ বিবাহ অনুষ্ঠানলৈ মন কৰিলে দেখা যায় বিবাহৰ কিছুমান ৰীতি-নীতিৰ বাহিৰে বেছিভাগ পৰম্পৰাই অসমীয়া থলুৱা হিন্দু সকলৰ সৈতে একেই হােৱা পৰিলক্ষিত
হয়। গতিকে এই গৱেষণা মূলক আলােচনাৰ জৰিয়তে অসমৰ গৰীয়া মুছলমান সকলৰ বিবাহৰ পৰম্পৰা তথা ৰীতি-নীতি সমূহৰ ওপৰত আলােকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

  বিষয়বস্তুৰ আলােচনা :
গৰীয়াসকলৰ বিবাহ অনুষ্ঠান:
বিবাহ হৈছে প্ৰতিটো জাতি জনগােষ্ঠীৰেই এক আনন্দদায়ক সামাজিক অনুষ্ঠান। পৃথিৱীৰ প্ৰতিখন দেশৰে জাতি-জনগােষ্ঠী সমূহৰ বিবাহৰ ৰীতি নীতি তথা পৰম্পৰা সমূহৰ মাজত পার্থক্য পৰিলক্ষিত হলেও কিন্তু ইয়াৰ মূল উদ্দেশ্য একেই। অসমত বসবাস কৰা বিভিন্ন জনগােষ্ঠী সমূহৰ ভিতৰত অন্যতম গৰীয়া মুছলমান সকলৰ সমাজতাে বিবাহক অতি গুৰুত্বপূর্ণ তথা শুভ অনুষ্ঠান হিচাপে গণ্য কৰা দেখা যায়। ইতিমধ্যে উল্লেখ
কৰি অহা হৈছে যে গৰীয়া সকল অসমৰ পুৰণি থলুৱা বাসিন্দা সেয়েহে তেওঁলােকৰ দৈনন্দিন জীৱন যেনেঃ- ভাষা, সাজ-পােছাক, খাদ্যাভ্যাস, সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি সম্পূর্ণ অসমীয়া। তেওঁলােকৰ বিবাহ অনুষ্ঠানৰ সৈতে সংযুক্ত অনেক আচাৰ নীতিও অসমীয়া থলুৱা হিন্দুসকলৰ সৈতে হুবহু মিল থকা দেখা
যায়। গৰীয়া মুছলমানসকলে বিবাহক ‘নিকাহ’ বুলি কয়। নিকাহৰ মূল নীতি নিয়মৰ ক্ষেত্ৰতহে ইছলাম ধৰ্মক অনুকৰণ কৰাৰ বাহিৰে আঙুঠি পিন্ধোৱা, মূৰত তেল দিয়া, বিবাহ উপলক্ষে অভ্যর্থনাৰ আয়ােজন, ঘৰ উঠা আঠমঙলা আদি অসমীয়া হিন্দু সকলৰ দৰে গৰীয়া মুছলমান সকলৰাে বিবাহৰ এক অপৰিহার্য অংগ। তেওঁলােক ইছলামধর্মী হােৱাৰ বাবে তেওঁলােকৰ প্ৰতিটো ক্ষেত্রতে ইছলামিক প্ৰভাৱ পৰিছে যদিও তেওঁলােক অসমীয়া বৈশিষ্ট্যৰ পৰা আঁতৰি যােৱা নাই। বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই তেখেতৰ অসমীয়া মানুহৰ ইতিহাস” নামৰ গ্ৰন্থ ৩৫৭ নং পৃষ্ঠাত অসমীয়া গৰীয়া সকলৰ বিষয়ে কৰা আলােচনাত উল্লেখ কৰিছে “বিয়াবাৰুৰ ক্ষেত্ৰত ছােৱালীৰ ঘৰত শৰাইত তামােল-পাণ দি ছােৱালী খােজাৰ পৰা, জোৰােণত সেন্দুৰৰ বাহিৰে পাট-মূগা, কপাহী
ৰিহা-মেখেলা চাদৰ আৰু খাৰু, বেনা, দুগদুগী, থুৰীয়া (এতিয়া কাণফুল) আদি অলংকাৰ দিয়ালৈকে আৰু নিকাহৰ আগে-পিছে বিয়ানাম গােৱালৈকে অসমীয়া হিন্দুসকলৰ সদৃশ নীতি-নিয়ম মানিছিল আৰু এতিয়াও কম-বেছি পৰিমাণে মানি আহিছে।
গৰীয়া সকলৰ বিবাহৰ সামাজিক ৰীতি-নীতি আৰম্ভ হয় ছােৱালী খােজা পৰম্পৰাৰে। প্রথমে দৰাঘৰৰ মানুহে কইনা ঘৰত গৈ কইনা পছন্দ কৰে তাপ পাছত কইনা পক্ষক দৰাৰ ঘৰলৈ নিমন্ত্রণ দিয়ে। এই পর্বতে সকলাে দিশতে দুয়াে পক্ষৰ সন্মতি থাকিলে জোৰােণ বা আঙুঠি পিন্ধোৱাৰ দিন ঠিক কৰা হয়।
গৰীয়া সমাজত বিবাহৰ পূর্বে জোৰােণ বা আঙুঠি পিন্ধোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিবাহ বা নিকাহৰ কেইমাহ মান আগত এই অনুষ্ঠান পতা হয়। আঙুঠি পিন্ধোৱাৰ নিদিষ্ট দিনটোত দৰাঘৰৰ লােকসকল কইনা ঘৰত উপস্থিত হয়। দৰা ঘৰৰ পৰা পাঁচ বা সাতখন কঁহৰ থালত থলুৱা পিঠা-পনা, কেক, কাজু, কিচমিচ,আদি কৰি বিভিন্ন মিঠাই আৰু ফল মূলেৰে আটক ধুনীয়াকৈ সজাই কন্যা পক্ষলৈ আগবঢ়োৱা হয়। এই থালিকেইখন কইনাৰ মাকে বা পৰিয়ালৰ কোনাে জেষ্ঠ মহিলাক দিয়াটো নিয়ম। দৰাপক্ষক কইনা পক্ষৰ লােকে স-সন্মানেৰে আদৰি আনি ৰভাৰ তলত বহিবলৈ দিয়াৰ পাছত চাহ-মিঠাইৰে আপ্যায়ন কৰা হয়। চাহ পর্ব শেষ হােৱাৰ পিছত প্রথমে কইনা পক্ষৰ পৰা তামােলৰ বঁটা আগবঢ়াই তেওঁলােকৰ আগমনৰ উদ্দেশ্য সােধা হয়।দৰাপক্ষইও প্রত্যুত্তৰত তামােলৰ বঁটা আগবঢ়াই তেওঁলােকৰ আগমনৰ উদ্দেশ্য ৰাজহুৱাকৈ সকলােৰে আগত অৱগত কৰে। কইনাপক্ষৰ পৰা অনুমতি লাভ কৰাৰ পাছতেই দৰাৰ মাকে কইনাৰ অনামিকা আঙুলি সােণৰ আঙুঠি পিন্ধাই এক নতুন সম্পর্কৰ শুভাৰম্ভণি কৰে। আঙুঠি পিন্ধোৱা এই পর্বত দৰাৰ মাকৰ গুৰুত্ব যথেষ্ট বেছি কাৰণ কইনাক মূল আঙুঠি পিন্ধোৱা কার্য দৰাৰ মাকৰ দ্বাৰা সম্পন্ন কৰা পৰম্পৰা তেওঁলােকৰ সমাজত অতীজৰে পৰা চলি আহিছে। অৱশ্যে মাকৰ অনুপস্থিতিত দৰাৰ পৰিয়ালৰ কোনাে জেষ্ঠ মহিলাৰ দ্বাৰা এই কার্য সম্পাদন কৰা হয়। এই অনুষ্ঠানত কইনাক প্রয়ােজনীয় সকলাে সামগ্রী দৰাঘৰৰ পৰা দিয়া।যেনেঃ- বিযােৰীয়া সংখ্যাৰ (৭, ৯, ১১) কাপােৰ, প্রসাধন, সামগ্রী, চেণ্ডেল,অন্তর্বাস, ভেনিটি বেগ আদি। কইনাক দিয়া প্রধান সাজযােৰ হৈছে পাটৰ মেখেলা চাদৰ। বর্তমান ঠাই বিশেযে দুযােৰ চুৰিডাৰ-কামিজ দিয়াও দেখা যায়। আঙুঠি
পিন্ধোৱা পর্ব শেষ হােৱাৰ পাছত কইনাক দৰাঘৰৰ পৰা দিয়া সাজযােৰ পিন্ধাই দৰাপক্ষৰ সকলােৰে লগত চিনাকী কৰাই দিয়া হয়। কইনাই এই চিনাকী পৰ্বত সকলােকে একোখনকৈ তামােল যাচে আৰু সকলােৱে কইনালৈ একোটি উপহাৰ আগবঢ়ায়। তাৰ পাছত সকলােৱে মিলি আহাৰ গ্ৰহণ কৰে। আহাৰ গ্ৰহণ কৰা সময়ত
দৰাৰ মাকে কইনাৰ মাকক একেলগে আহাৰ গ্ৰহণ কৰিবলৈ আহবান জনােৱাতাে এক পুৰণি পৰম্পৰা। জোৰণত উপস্থিত থকা সকলােকে দৰা আৰু কইনা উভয় পক্ষৰ পৰা মিঠাইৰ টোপােলা আগবঢ়োৱা হয়। মিঠাইৰ
টোপােলাত খুব সুন্দৰকৈ দৰা কইনাৰ নামৰ সৈতে জোৰণৰ তাৰিখ লিখা থাকে। উজনি অসমৰ ফালে জোৰণৰ দিনাখনেই দুয়ােখন সমাজৰ আৰু পৰিয়ালৰ লােক সকলে আলােচনা কৰি বিবাহৰ তাৰিখ, সময়, দৰাৰ লগত আহিবলগীয়া মানুহৰ হিচাপ আদিকে ধৰি মােহনাও (দৰাই কইনালৈ আগবঢ়োৱা এক আর্থিক নিৰাপত্তা)ধার্য্য কৰে। অৱশ্যে মধ্য অসমৰ বিশেষকৈ নগাওঁ জিলাত দেখা যায় আঙুঠি পিন্ধোৱাৰ কেইমাহমানৰ পিছতহেদৰা ঘৰৰ পৰিয়ালে কইনাৰ ঘৰলৈ গৈ বিবাহৰ তাৰিখৰ পৰা মােহনা পর্যন্ত ঠিক কৰা দেখা যায়। বিয়াৰ দিন ঠিক কৰাৰ ক্ষেত্ৰতাে কিছুমান নিয়ম তেওঁলােকে অতীজৰে পৰা মানি আহিছে যেনে -কইনাৰ জন্ম, বাৰ আৰু মাহ, চত, ভাদ আদি মাহৰ উপৰিও শণিবাৰে বিবাহ দিন ধার্য কৰা নহয়। এনেদৰে ক্ৰমশঃ এটা নিশ্চয়তাপূর্ণ প্রস্তুতিৰে বিয়াখন অনুষ্ঠিত হােৱাৰ দিশে আগবাঢ়ে। বিদায়ৰ সময়ত কইনাপক্ষই কেক, পিঠা-পনা, মিঠাই,ফলমূল আদিৰে সুসজ্জিত কৰি দৰাঘৰৰ পৰা দিয়া থালকেইখন উভতাই দিয়াটো নিয়ম।বিবাহৰ দিন ধার্য্য হােৱাৰ পিছত কইনাক ওচৰ চুবুৰীয়াই, মিতিৰ কুটুম্বৰ ঘৰলৈ মাতি এসাজ ভাত খাবলৈ নিমন্ত্রণ জনােৱা প্ৰথা গৰীয়া সমাজত অজীতৰে পৰা প্রচলিত। তাৰপিছতেই বিবাহৰ দিন চমু চাপি
অহাৰ লগে লগেই ওচৰ চুবুৰীয়াই তথা পৰিয়ালৰ লােকসকলক তামােল পাণেৰে বিয়ালৈ নিমন্ত্রণ জনােৱা হয়।বর্তমান বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ দ্বাৰাও নিমন্ত্রণ জনােৱা দেখা যায়। দৰা আৰু কইনা উভয় পক্ষৰ মুৰব্বীয়ে উভয়পক্ষকে বিবাহলৈ নিমন্ত্রণ জনাব লাগে। তাৰ পিছত বিবাহৰ এক সপ্তাহ বা দহদিনৰ আগত উভয় পক্ষই শুক্রবাৰে নামাজৰ দিনা নিজৰ স্থানীয় মছজিদলৈ গৈ তামােল পাণেৰে সকলােকে বিবাহলৈ নিমন্ত্রণ জনায় ।এনেকৈয়ে তেওঁলােকৰ সমাজত নিমন্ত্রণী পর্বৰ কিছুমান ৰীতি-নীতি মানি চলা হয়।

    অতীজত যেতিয়া বিবাহ পেণ্ডেলৰ জাকজমকতা নাছিল তেতিয়া গাওঁ সমূহত কইনা ঘৰৰ ৰভাতলত এটা কলপুলি পােতাৰ নিয়ম আছিল। কলপুলিতে যাতে সহজে উভালিব নােৱাৰে তাৰবাবে পুলিটোৰ গুৰিত
বাঁহৰ গোজ মাৰি থৈছিল। ঘৰ উঠিবলৈ অহাৰ দিনা দৰাজনক সেইটো উভালিবলৈ দিয়া হৈছিল। হাঁহি-ফুৰ্ত্তিৰ বাবেই অতীজত এনে পৰম্পৰা প্ৰচলিত আছিল। বর্তমান ৰভাৰ ঠাই পেণ্ডেলে লােৱাৰ লগে লগেই এনেধৰণৰ
পৰম্পৰা সমূহাে নােহােৱা হৈ পৰিছে।
গৰীয়া সমাজৰ বিবাহৰ লগত সংগতি ৰাখি “বুঢ়া মেথা চপােৱা” নামৰ আন এক পৰম্পৰাৰাে প্রচলন আছে। বিশেষকৈ গাঁও অঞ্চলত এই পৰম্পৰা প্রচলিত। গাঁৱৰ ডেকা আৰু বুঢ়া সকলক এক নির্দিষ্ট দিনত নিমন্ত্রণ
জনায় বিয়াৰ যা-যােগাৰৰ কথা অৱগত কৰি তেওঁলােকৰ দিহা পৰামৰ্শ বিচৰাৰ লগতে অতিথিক সােধা-পােচা আৰু আপ্যায়নৰ দায়িত্ব অর্পণ কৰা হয়। কিছু বছৰ আগলৈকে বিয়াৰ বাবে খৰি ফালিবলৈ, ৰভা দিবলৈ কইনাৰ বেই সাজিবলৈ ডেকা সকলক আমন্ত্রণ জনােৱা হৈছিল। আকৌ কেতিয়াবা দেখা যায় কোনাে দৰিদ্ৰ পৰিয়ালত
পৰিয়ালে কৰিব নােৱাৰা যা-যােগাৰৰ পৰা আদি কৰি বেছিভাগ কামেই ৰাইজে দায়িত্ব লৈ কৰি দিছিল। উজনি অসম বিশেষকৈ শিৱসাগৰ জিলাত দেখা যায় বুঢ়া মেথা চপােৱাৰ দিনা ৰাইজক মালিতাৰে (পানী পিঠা বনাই সৰু সৰু টুকুৰা কৰি গুড়ত সিজাই মালিতা তৈয়াৰ কৰা হয়) আপ্যায়ন কৰাতাে এক অলিখিত পৰম্পৰা।গৰীয়া সমাজৰ বিবাহৰ আন এক গুৰুত্বপূর্ণ অংশ হৈছে মূৰত তেল দিয়া পৰম্পৰা। এই নিয়ম নিকাহৰ
এদিন বা দুদিন আগত পালন কৰা হয়। এই নিয়মতে সাত বা ন গৰাকী সধৱা মহিলাই অংশগ্রহণ কৰে। এখন কাঁহৰ কাঁহীত এচিৰা ধান, অলপ কেঁচা মিঠাতেল, কেঁচা মাহ হালধি বতা অলপ, এখন গামােছা আৰু এটা সােণৰ আঙুঠিৰে সাজু কৰি লােৱা হয় তাৰ পাছত কইনা গৰাকীক মাকে এখন চাদৰেৰে চাকি ৰভাৰ তলিলৈ উলিয়াই আনে। কাহীখনত সাজু কৰি থােৱা ধানচিৰা সােণৰ আঙুঠিটোৰ মাজত সুমুৱাই কইনাৰ মূৰত থৈ তাৰ ওপৰত তেল দিয়া হয়। মূৰত তেল দিয়া কার্য প্রধানকৈ মাকৰ দ্বাৰা সম্পন্ন কৰা হয় তাৰ পিছত মাকৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ লােক সকলে কইনা গৰাকীক মাহ হালধি সানে। কইনাৰ ঘৰৰ দৰে দৰাৰ ঘৰতাে দৰাক
মাহ হালধি সনা হয়। কইনা আৰু দৰাক মাহ হালধি সনাৰ পাছত পৰিয়ালৰ লােকসকলে এজনে আনজনক মাহ-হালধি সানি আনন্দ কৰে। তাৰ পাছত দৰা আৰু কইনাক গা ধুৱাবলৈ নিয়া হয়। গা ধুই উঠাৰ পিছত দৰা-
কইনাক ভায়েক বা ককায়েকে দাঙি লৈ অহাৰ নিয়ম। তাৰপাছত উভয়ে নতুন সাজ-পাৰ পিন্ধিব লাগে। এই নিয়মৰ দিনাখন ঠাইবিশেষে বিয়ানামাে গােৱা হয়। শিৱসাগৰ জিলাত প্রচলিত এফাকি বিয়ানাম তলত উল্লেখ কৰা হৈছে –

হাতত পাণৰ বঁটা লৈ।
যােৱা ভিতৰলৈ
মাৰাক কোৱাগৈ, মা মই ওলালোঁ
মাত হে লগালাে
ঘৰৰ প্রতি বস্তু ভণ্টিকহে গতালোঁ।
কৰিছে মিনতি মৰমৰ মা জান।
ৰাখাচোন এৰাতি
মায়ে নাৰাখে মনৰ দুখত
তাত বৈ থাকোতে পৰিব মনত (সংগৃহীত)

   আধুনিকতাৰ পৰশত বর্তমান বিয়ানাম গােৱাৰ পৰম্পৰা নােহােৱা হৈ গৈছে কাৰণে মুছলমান সকলৰ সমাজৰ পৰা বিয়ানাম প্রায় লুপ্ত হৈ পৰিছে।ছােৱালী খােজা পর্বৰ পৰা আৰম্ভ কৰি মূৰত তেল দিয়া পৰম্পৰালৈকে বিবাহ প্রক্রিয়াৰ এই আনুষ্ঠানিকতা
সমূহৰ শেষত আহি পৰে নিকাহৰ বিশেষ দিনটো। মুছলমান সমাজৰ “চৰিয়ত” আদর্শ-বিধান অনুযায়ী নিকাহ কার্য সম্পন্ন হয়। নিকাহৰ দিনা কইনা গৰাকীয়ে পাটৰ মেখেলা চাদৰ আৰু অসমীয়া গহণা আদিৰে নিজকে সজাই তােলে। দৰাজনৰ প্ৰধান সাজপাৰ হৈছে চেৰৱানী আৰু পাগুৰি। কইনা ঘৰলৈ অহাৰ আগত দৰাক পায়স খাবলৈ দিয়া হয় আৰু দৰাৰ দেউতাকে দৰাৰ মূৰত পাগুৰি পিন্ধাই দিয়া নিয়ম। তাৰ পিছত দৰাই
সকলােকে তছলিম বা সেৱা জনাই কইনাৰ ঘৰলৈ ৰাওনা হ’বলৈ সাজু হয়। নিকাহৰ দিনা দৰাৰ লগত এজন দৰাৰ বন্ধু যায়। তেওঁক তামূলী বুলি কোৱা হয়। তামূলীজন মুছলমান হ’ব লাগিব বুলি কোনাে ধৰা বন্ধা নিয়ম
নাই। বহু বিবাহত হিন্দু তামুলী হােৱাৰাে উদাহৰণ পােৱা যায়। সি যি কি নহওঁক, সেইদিনা তামূলীজনৰাে কিছুমান দায়িত্ব থাকে। তামূলীজনে অতিথিক তামােল পাণ দিয়াত সহায় কৰাৰ লগতে কইনা ঘৰীয়াৰ হাঁহি তামাছাৰ আঁৰত থকা শলঠেকৰ পৰা দৰাক ৰক্ষা কৰে। দৰাই পােনছাটেই কইনা ঘৰৰ চোতালত প্রৱেশ কৰিব নােৱাৰে। কইনাৰ ভায়েক-ভনীয়েক আদিয়ে দৰাৰ আগত কিছুমান দাবী ৰাখে। সেই দাবী পূৰণ কৰাৰ পিছতহে দৰাক প্ৰৱেশৰ অনুমতি দিয়ে। আনন্দ ফুৰ্তিৰ বাবেই এইধৰণৰ প্রথা প্রচলিত যদিও বর্তমান এনে প্রথাত শিথিলতা
আহি পৰা দেখা গৈছে। তাৰ পিছতেই কইনা পক্ষই দৰাক আদৰে। দৰা, আদৰা তেওঁলােকৰ এক আর্কষণীয় অনুষ্ঠান আছে। দৰাই কন্যাঘৰৰ পদূলিমূখত ৰােৱাৰ পিছতেই দৰাক গুলাবজল ছটিওৱা হয়। কইনাৰ ভায়েক ভনীয়েক আদিয়ে দৰাৰ গাত আতৰ সানে আৰু লগতে গাখীৰ, চৰৱৎ, মিঠাই আদি দৰা আৰু তামূলীক খুৱাই দিয়ে। তাৰ বিনিময়ত দৰাই সামথ্য অনুযায়ী একোটিকৈ উপহাৰ দিয়ে। তাৰপিছত কইনাৰ ভায়েকে দৰাক হাতত ধৰি ৰভাৰ তললৈ আদৰি আনে। দৰাই আহি নির্দিষ্ট আসন গ্রহণ কৰাৰ পাছত দৰা পক্ষক চাহ মিঠাইৰে আপ্যায়ন কৰা হয় আৰু তাৰ পিছতেই নিকাহৰ নীতি-নিয়ম আৰম্ভ হয়।নিকাহ পর্ব আৰম্ভ হয় উভয় পক্ষৰ তামােল-পাণৰ বঁটা বিনিময়ৰ জৰিয়তে। তামােল পাণৰ বঁটা আগবঢ়াই আগমণৰ উদ্দেশ্য সকলােৰে আগত অৱগত কৰা হয়। তাৰ পিছত ৰাইজে বিয়াৰ প্ৰস্তাৱ কইনাক অৱগত কৰাৰ বাবে এজন উকীল আৰু দুজন সাক্ষী হিচাপে সন্মানীয় লােকক নিয়ােগ কৰে। সাক্ষী দুগৰাকীৰ ভিতৰত এগৰাকী কইনা পক্ষৰ আৰু আনগৰাকী দৰাপক্ষৰ হ’ব লাগে। এনেদৰে উকীল আৰু সাক্ষী নিযুক্ত হােৱাৰ পাছত উকীলে দুইগৰাকী সাক্ষীৰ উপস্থিতিত দৰাই কিমান মােহনা দিবলৈ ইচ্ছুক সেই বিষয়ে জানি লয়। সেইখিনি জানি
লােৱাৰ পিছত উকীল আৰু দুজন সাক্ষীৰ ওচৰলৈ যায়। নিকাহৰ এই সময়ছােৱাত কইনাই দৰা-ঘৰৰ পৰা দিয়া কাপােৰ আৰু মূৰত এখন চূর্ণী বা ওৰণা লােৱাটো নিয়ম। উকীলে সাক্ষীৰ উপস্থিতিত কইনাৰ আগত দৰাৰপ্রস্তাৱ উত্থাপন কৰে এনেদৰে “অমুক গাঁৱৰ/চহৰৰ অমুকৰ জেষ্ঠ/মাজু/কণিষ্ঠ পুত্র অমুকে ইমান মােহৰণা আদায় প্রতিশ্রুতিৰে তােমাৰ সৈতে নিকাহ কৰাৰ আৰজ কৰি আমাক উকীল ধৰি আমাৰ জৰিয়তে তােমালৈ নিকাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই প্রস্তাৱত তুমি ৰাজি আছানে?” কইনাই ৰাজি আছোঁ বুলি সন্মতি জনােৱাৰ পাছত উকীলে সাক্ষী সহ দৰাৰ ওচৰলৈ গৈ কইনাই সন্মতি জনােৱাৰ কথা অৱগত কৰে। তাৰ পিছত কইনাৰ সন্মতিৰ কথা সকলােৰে আগত ঘােষণা কৰাৰ পাছতেই দৰা আৰু কইনাই সামাজিক ভাৱে পতি-পত্নীৰ স্বীকৃতি পায়। নিকাহ সুকলমে সমাপ্ত হৈ যােৱাৰ পাছত উপস্থিত সকলােৱে আল্লাৰ ওচৰত দোৱা কৰে। নিকাহৰ পিছত দৰাঘৰীয়াক বিভিন্ন ব্যঞ্জনেৰে আপ্যায়ন কৰে আৰু কইনাঘৰীয়াই দৰাপক্ষৰ পৰা কইনাক দিয়া কাপােৰ গহণা আদি কইনা পক্ষক দেখুৱাই। নিকাহৰ পাছত দৰাই নিজ বন্ধুবৰ্গৰ সৈতে গ্ৰহণ কৰা ভােজন পর্বক ‘দৰাখানা’ বুলি কোৱা হয়। ভােজনৰ পূর্বে কইনাৰ ভনীয়েকে দৰাক কেক কাটিবলৈ আহ্বান জনায়। এই পর্বত দৰাৰ লগত অলপ হাঁহি ধেমালি কৰা হয়। ভােজনৰ পাছত দৰাক কইনা পক্ষৰ সকলােৰে লগত চিনাকী কৰাই দিয়া হয়। দৰাই সকলােকে এখন তামােল যাচে আৰু দৰাকো সকলােৱে একোটিকৈ উপহাৰ প্ৰদান কৰে। তাৰপিছত কইনাক দৰাৰ হাতত গতাই বিদায় দিয়া হয়। কইনা ওলাই যােৱাৰ পিছতেই ঘৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়াৰ নিয়ম, নহ’লে ঘৰৰ লক্ষী ওলাই যায় বুলি তেওঁলােকৰ বিশ্বাস। কোনাে কোনাে ঠাইত কইনা ওলাই যােৱাৰ পৰত পিছলৈ তিনিবাৰ চাউল ছটিয়াই দিয়াৰাে নিয়ম।
কইনা দৰাৰ সহিতে দৰাঘৰত উপস্থিত হােৱাৰ পাছত দৰাৰ ভনীয়েকে কইনাৰ ভৰি ধুৱাই কইনাক আদৰে কইনাই ভৰি ধুওৱাৰ বাবদ কেইটামান খুচুৰা পইচা লাহেকৈ দলিয়াই দিয়ে। ন-কইনাক ভিতৰলৈ আদৰি পােনছাটেই পাকঘৰলৈ নি হেতাৰে চৰু স্পর্শ কৰােৱা হয়। চৰু স্পর্শ কাৰােবাৰ পাছত গৰীয়া সমাজত দেখা যায় দৰাৰ মাকৰ কোলাত দৰা আৰু কইনাক বহিবলৈ দি প্রশ্ন সােধা হয় এনেদৰে “পাে গধুৰ নে বােৱাৰী
গধুৰ” মাকে উত্তৰ দিয়ে ‘ঘৰে দুৱাৰে বােৱাৰী গধুৰ, মেলে, মিটিঙে পাে গধুৰ। তাৰপাছতেই কইনাই দৰা পৰিয়ালৰ লােক সকলক মান ধৰে। মান ধৰােতে দৰাৰ মাকক পাটৰ মেখেলা চাদৰ দিয়াৰ নিয়ম তেওঁলােকৰ
সমাজত প্রচলিত।নিকাহৰ পাছদিনা কইনা ঘৰৰ দুজনমানে দৰাঘৰলৈ গৈ দৰা-কইনাক ঘৰ উঠিবলৈ নিমন্ত্রণ জনায়। ঘৰ উঠা পর্ব সাধাৰণতে নিকাহৰ তিনিদিন বা পাঁচদিনৰ দিনাখন পালন কৰা হয়। ঘৰ উঠাৰ দিনা দই কইনা পৰিয়ালৰ লােকসকলক মান ধৰিব লাগে। দৰাৰ মাকৰ দৰে কইনাৰ মাককো পাটৰ কাপােৰ দিয়াটো নিয়ম। ঘৰ উঠা পর্ব পালন নকৰালৈকে ছােৱালী ঘৰৰ ৰভা ভাঙিব নাপায় বুলি গৰীয়া সমাজত বিশ্বাস কৰা হয়। এই পর্ব শেষ হােৱাৰ পাছত দৰা-কইনা উভয়ে উভতি যায়। ঘৰ উঠা পর্বৰ পাছত গৰীয়া সকলৰ সমাজত ন-কইনাক পতী গৃহত পাকঘৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ইয়াকে তেওঁলােকে “ৰান্ধনী লােৱা” বুলি কয়।সেইদিনা ভােজ ভাতৰ আয়ােজন কৰা হয় আৰু কইনাৰ পৰিয়ালকো নিমন্ত্রণ জনােৱা হয়।গৰীয়া সকলৰ বিবাহ অনুষ্ঠানৰ একেবাৰে শেষৰটো পর্ব হ’ল আঠমঙলা। আঠমঙলাৰ দিনাখনাে কইনাই দৰা সমন্বিতে মাকৰ ঘৰলৈ যায়। এই পর্বতে দৰা-কইনাই সম্পর্কীয় লােকসকলৰ ঘৰলৈ ফুৰিবলৈ যায়। এই পৰ্বৰ পাছতে তেওঁলােকৰ বিবাহৰ সৈতে জড়িত সকলাে পৰম্পৰা তথা অনুষ্ঠান সমূহৰ অন্ত পৰে।

     ওপৰৰ আলােচনাৰ পৰা দেখা গ’ল গৰীয়া সকলৰ বিবাহৰ সৈতে জড়িত বেছিভাগ পৰম্পৰাই অসমীয়া থলুৱা হিন্দু সমাজখনৰ সৈতে সম্পূর্ণ একেই। বর্তমান কিছু কিছু ক্ষেত্ৰত নতুনত্ব পৰিলক্ষিত হলেও কিন্তু ঘাই
শিপাডালৰ পৰা তেওঁলােক বিছিন্ন হৈ যােৱা নাই। বিষয়টি আলােচনাৰ শেষত কেইটামান সিদ্ধান্ততো উপনীত হ’ব পৰা যায়। সিদ্ধান্তসমূহ এনেধৰণৰ ―

*অসমত বসবাস কৰা বিভিন্ন জনগােষ্ঠীসমূহৰ দৰে গৰীয়া সকলৰ সমাজতাে বিবাহক এক গুরুত্বপূর্ণ সামাজিক
অনুষ্ঠান হিচাপে গণ্য কৰা হয়।

*গৰীয়া মুছলমান সকলে বিবাহক ‘নিকাহ’ বুলি কয়।

** যিহেতু গৰীয়া সকল অসমৰ পুৰণি থবা মুছলমান সেয়েহে তেওঁলােকৰ বিবাহত ইছলামীয় প্রভাৰতকৈ থলুৱা প্ৰভাৱ অধিক দেখা যায়।

* অসমৰ থলুৱা হিন্দু সকলৰ দৰে জোৰণ বা আঙুঠি পিন্ধোৱা, মূৰত তেল দিয়া, মাহি হালধি সনা, ঘৰ উঠা,আঠ মঙলা আদি সমূহ বিবাহৰ অপৰিহার্য অংগ আৰু ৰীতি-নীতি সমূহাে বহুখিনি একেই।জোৰণ বা আঙুঠি পিন্ধোৱা পর্বত দৰাৰ মাকৰ গুৰুত্ব অধিক কাৰণ কইনাক আঙুঠি পিন্ধোৱা কাৰ্য তেওঁৰ
দ্বাৰাই সম্পন্ন কৰা হয় ।

* বিশেষকৈ জোৰণৰ দিনাখনেই বিবাহৰ দিন ধার্য্য কৰা হয় যদিও ঠাই বিশেষে জোৰণৰ কেইমাহ মান পাছতাে বিবাহৰ দিন ঠিক কৰা দেখা যায়।

* জোৰণৰ পাছত কেইমাহমান বিৰতিৰ পাছতহে বিবাহৰ দিন ঠিক কৰাটো তেওঁলােকৰ সমাজৰ এক মনকৰিবলগীয়া দিশ।

* জোৰণত দৰাপক্ষৰ ফালৰ পৰা কইনাক দিয়া প্রধান সাজযােৰ পাটৰ মেখেলা চাদৰ।

* বিয়াৰ নিমন্ত্ৰণৰ ক্ষেত্ৰতাে কিছুমান পৰম্পৰা তেওঁলােকে অতীজৰে পৰা পালন কৰি অহা দেখা গৈছে।

* গৰীয়া সকলৰ বিবাহত তামােল পাণৰ এক বিশেষ গুৰুত্ব আছে। ছােৱালী চোৱা পৰ্বৰ পৰা নিকাহলৈকে তামােল পাণে এক গুৰুত্বপূর্ণ ভূমিকা লােৱা দেখা গৈছে।

* ঠাইবিশেষে গৰীয়া মুছলমান সকলৰ বিবাহৰ লগত সংগতি ৰাখি বুঢ়া মেথা চপােৱা নামৰ এক পৰম্পৰাৰ প্রচলন আছে।

* বিবাহ বা নিকাহৰ এদিন বা দুদিনৰ পূর্বে মূৰত তেল দিয়া অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানাে কিছুমান নির্দিষ্ট ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হয়।

* নিকাহৰ দিনাখন কইনা গৰাকীক পাটৰ মেখেলা চাদৰ আৰু অসমীয়া গহনা আদিৰে সজাই তােলা হয় আৰু দৰাৰ প্ৰধান সাজযােৰ হ’ল চেৰৱানী আৰু পাগুৰি। নিকাহৰ সময়ত কইনা গৰাকীয়ে পাটৰ মেখেলা চাদৰ পিন্ধাৰ উপৰিও দৰা ঘৰে দিয়া এখন চুর্ণী বা ওৰণা মূৰত লােৱাটো নিয়ম।

* গৰীয়া সমাজত দৰাৰ বন্ধুজনক তামূলী বুলি কোৱা হয়।

* তেওঁলােকৰ মূল নিকাহ কার্য ইছলামীয় নীতি নিয়মেৰে সম্পন্ন কৰা হয়।

* নিকাহৰ বাবে এজন উকীল আৰু দুজন সাক্ষীৰ প্রয়ােজন হয়। এই উকীল আৰু সাক্ষী দুজন ৰাইজে বাচনি কৰে।

* নিকাহৰ তিনিদিন বা পাঁচদিন যােৱাৰ পাছত ঘৰ উঠা পর্বৰ পালন কৰা হয়।

* নিকাহৰ একেবাৰে অন্তিম পর্বটো হ’ল আঠমঙলা। এই পর্বেৰে তেওঁলােকৰ বিবাহ বা নিকাহ অনুষ্ঠানৰ লগত সংগতি থকা সকলাে অনুষ্ঠান তথা ৰীতি-নীতিৰ সামৰণি পৰে।

        ●●●●●●●●●●●●●●●●●●●●●

প্ৰসংগসূত্র:
১। নগেন শইকীয়া, অসমীয়া মানুহৰ ইতিহাস, পৃঃ৩৫৭

সমল ব্যক্তি:
বৃত্তি
বয়স
নাম
১। আছিকুৰ ৰহমান বৰমুল্লাহ,উকীল, বয়স ৩৫
২। অলিউৰ ৰহমান,উকীল,বয়স ৭০
৩। মেহজুবিন আখতাৰ ৰহমান,উকীল, বয়স ২৮

গ্রন্থপঞ্জী:
১। কায়স্থ, পুতলী (সম্পাঃ)। অসমৰ বিভিন্ন জনগােষ্ঠীৰ বিবাহ পদ্ধতি। প্রকাশ, ভৱানী বুক, ভৱানী কমপ্লেক্স,হাতীশিলা, পানীখাইতী, গুৱাহাটী।
২। গগৈ, লীলা। অসমৰ সংস্কৃতি। প্রকাশক, মাখন হাজৰিকা, বনলতা, গুৱাহাটী।
৩। দাস, নাৰায়ণ (সম্পাঃ)।ৰাজবংশী, পৰমানন্দ (সম্পাঃ)। অসমৰ সংস্কৃতি কোষ। অসমীয়া বিভাগ, প্রাগজ্যোতিষ মহাবিদ্যালয়।
৪। নেওঁগ, হৰিপ্ৰসাদ, গগৈ, লীলা। অসমীয়া সংস্কৃতি। প্রকাশক, অসম সাহিত্য সভা, বনলতা ডিব্ৰুগড়।

*****

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *