ফটাঢোল

সেই সৰু ল’ৰাটো-সদানন্দ ভূঞা

সেই সৰু ল’ৰাটো এতিয়া ডাঙৰ হ’ল। দুকুৰি দেওনা পাৰ হোৱা ল’ৰাটোৰ এতিয়া পত্নী, সন্তানসহ সুখৰ সংসাৰ। কাহিনীৰ নায়কৰ নাম উল্লেখ নকৰাকৈয়ে আৰম্ভ কৰিব ওলাইছোঁ সেই সৰু ল’ৰাটোৰ কিছু আমোদজনক কাহিনী। আহকচোন আমি সেই সৰু ল’ৰাটোৰ বিষয়ে কিছু জানি লওঁ।

সৰু ল’ৰাটোৰ জন্ম অসমৰে এখন গাঁৱত হৈছিল। গোঁসাই পৰিয়ালৰ সন্তান। ল’ৰাটোৰ জন্মৰ সময়ত গাঁওখনত উদুলি-মুদুলি পৰিবেশ হৈছিল। সকলোৱে ল’ৰাটোক হিয়া উজাৰি আশীৰ্বাদ দি গৈছিল। ককায়েকৰ আলাসৰ লাড়ু সেই সৰু ল’ৰাটোক ককায়েকে চকুৰ আঁতৰ হ’বলৈ দিয়া নাছিল। ককায়েকে স্কুললৈ যায় যদিও পঢ়া-শুনাৰ কিতাপ, বহী, ফলিত কেৱল ভায়েকৰ মুখখনহে দেখা পাইছিল। কেতিয়া স্কুল ছুটী হয়, কেতিয়া স্কুল ছুটী হয় ভাৱেৰে সময়বোৰ পাৰ হয়। স্কুলত যেনে-তেনে সময়বোৰ পাৰ কৰিছিল। উৎকণ্ঠাৰ অন্ত পেলাই স্কুল ছুটীৰ বে’ল বজাৰ লগে লগে ঘৰলৈ ভিৰাই লৰ মাৰিছিল। 

ককায়েকৰ অতি মৰমৰ সেই সৰু ল’ৰাটো পিচে ডাঙৰ হোৱাৰ লগে লগে ককায়েকৰ স্বভাৱৰ দৰে নহ’ল। ককায়েক যদি পূৱ দিশৰ, ভায়েক পশ্চিম দিশৰ। ভায়েকৰ ফলি-পুথি লোৱাৰ আদি সময়। স্বৰবৰ্ণৰ এটা আখৰৰ লগত ককায়েকৰ ভায়েকৰ সদায় মতৰ অমিল। ককায়েকে কয় ‘আ’,   ভায়েকে আকৌ কয় ‘অ ‘ত আ ‘কাৰে’ ‘আ’। ভায়েকৰ মতে যিহেতু  ‘অ’ ত আ-কাৰ দাল আছে গতিকে ‘অ’ ত আ-কাৰে ‘আ’। সেই যি শিকিলে এতিয়াও ভায়েকে ‘অ’ ত আ-কাৰে ‘আ’ বুলিয়েই কয়। সৰুৰে পৰা ককায়েক শান্ত-শিষ্ট আৰু ভায়েক মহা অঘাইটং। ককায়েকে যদি স্কুলৰ পৰা আহি ভৰি, হাত, মুখ ধুই ভাত কেইটা খাই এঘুমুটি মাৰে, ভায়েকে আকৌ ভৰি, হাত, মুখ ধোৱাতো বাদেই কাপোৰ-কানি নসলোৱাকৈয়ে নাকে-কাণে গোগ্ৰাসে ভাত কেইটা গিলি হয় খেল পথাৰত নহয় বগৰী, জলফাই আদি ফলমূলৰ গছৰ ওপৰত। দেওবাৰ দিনাখন যদি ককায়েকে ‘হলৌ উঠিল টকৌ গছত’ কবিতাটো পঢ়ে, ভায়েকে গছৰ ওপৰৰ পৰা ডিঙি মেলি মেলি ককায়েকক নিৰীক্ষণ কৰে। কিজানি ককায়েকে আকাৰে-ইংগিতে ঘৰৰ গুৰিয়ালসকলক তেওঁৰ কথাকেই কৈছে।

এইদৰে দিন বাগৰি বাগৰি সেই সৰু ল’ৰাটো এতিয়া বহুতেই ডাঙৰ হ’ল। অংক বুলিলে সাত জাঁপ মৰা সেই সৰু ল’ৰাটো এতিয়া অংক মাষ্টৰ। বিয়া-বাৰু কৰি সুন্দৰ সুখৰ সংসাৰ। গাঁৱলীয়া জীৱন অতিবাহিত কৰি অহা সেই সৰু ল’ৰাটোৱে নিজেও এজনী থলুৱা গাই গৰু পুহিছে। বছৰেকত চাৰি/পাঁচমাহ মান হ’লেও নিজৰ ঘৰৰে নিৰ্ভেজাল গাখীৰ খাব পাৰিব। পিচে অংক মাষ্টৰৰ কপাল বেয়া, গাইজনীয়ে চাৰি বছৰত চাৰিটা পোৱালী জন্ম দিলে যদিও আটাইকেইটা মতা পোৱালী। কাৰোবাৰ মুখেৰে গম পালে, কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম হোৱা মাইকী পোৱালী মাক হ’লে বেছি গাখীৰ উৎপাদন হয়। সেয়েহে আজি ন’মাহ দহ’দিন আগত ফটাঢোলৰ গৰু ডাক্তৰজনক মাতি কৃত্ৰিম প্ৰজননৰ দ্বাৰা গৰ্ভৱতীও কৰালে। আজি গাইজনীয়ে পোৱালী দিব। নিশা এপৰতে গাইজনীয়ে প্ৰসৱ বেদনাত চটফটাই আছে। কুকুৰা ডাকতে অংক মাষ্টৰে বিছনাৰ পৰা উঠি গৰু ডাক্তৰজনক মাতিবলৈ ঢাৰিয়ে-পাটিয়ে যেনে পোচাকত আছিল মুখ-হাত নোধোৱাকৈ যাবলৈ বাইকখনত চাবিপাত সুমুৱাই ষ্টাৰ্ট কৰিবলৈ বিচাৰিছেহে বিচাৰিছে, বাইক ষ্টাৰ্ট হোৱাৰ নামেই নলয়। বাইকখনৰ তেলৰ টেংকিটো চাই দেখে, টেংকিৰ তলত এক ফুটাও তেল নাই। চাইকেলখনকে লৈ যাওঁ বুলি চাইকেলখন বাহিৰলৈ উলিয়াই দেখে দুয়োটা চকাই পামচাৰ। নিৰুপাই হৈ অংক মাষ্টৰে দৌৰি দৌৰি আহি গৰু ডাক্তৰৰ চৰকাৰী কোৱাৰ্টাৰ পালেহি। আহিয়েই বাৰাণ্ডাৰ গ্ৰীলৰ গেটখনত ধৰি জোকাৰণি আৰম্ভ কৰি দিলে। কথাতে আছে বোলে… টোপনিৰ চিকুন পুৱা, মাছৰ চিকুন মোৱা। গৰু ডাক্তৰৰ কেঁচা টোপনি ক’ৰবাত পলাল। চকু দুটা মোহাৰি মোহাৰি চশমাযোৰ পিন্ধি আগফালৰ দুৱাৰখন খুলি দেখে… অংক মাষ্টৰ ফোঁপাই-জোপাই থৰথৰকৈ কঁপি আছে। একে উশাহে গৰু ডাক্তৰক গাইজনীৰ দুৰৱস্থাৰ কথা ক’লে। গৰু ডাক্তৰ বিমোৰত পৰিল। বেমাৰী দেহাৰে এই পুৱাতে যাবলৈও মন নাই, ইফালে আকৌ সেই সময়তে নগ’লেও বিপদ। অংক মাষ্টৰৰ খং উঠিল বুলিলে ৰক্ষা নাই। চৈধ্য পুৰুষ উদ্ধাৰ কৰি দিয়ে। নিৰুপাই হ’ল যদিও গৰু ডাক্তৰে যাবলৈ সাজু হৈ স্কুটীখন বাহিৰলৈ উলিয়াই ল’লে। পিচে সমস্যা এটাহে সেই সময়ত দেখা দিলে। আজি দুমাহ আগতে অংক মাষ্টৰে আপোনালোকক সোঁৱৰাই দিয়া সেই চুটকেচটোক লৈয়েই আপদে দেখা দিলে। গৰু ডাক্তৰৰ স্কুটীখনৰ ভৰি থোৱা ঠাইদোখৰত চুটকেচটো নোসোমায় । গৰু ডাক্তৰজনে কামলৈ গ’লে চাইকেলৰ টিউবেৰে পিছফালে চিটৰ ওপৰত বান্ধি লৈ যায়। এতিয়া কাক নিয়ে, কাক এৰে অৱস্থা। যদিহে চুটকেচটো নিয়ে তেন্তে অংক মাষ্টৰ থাকি যায়, আৰু যদিহে অংক মাষ্টৰক নিয়ে চুটকেচটো থাকি যায়। বুদ্ধিত বৃহস্পতি অংক মাষ্টৰে নিজে চুটকেচটো মূৰত লৈ স্কুটীখনৰ পিছফালে বহি দিয়াত সমস্যা টিলিকতে সমাধান হৈ গ’ল। গৰু ডাক্তৰে স্কুটী ষ্টাৰ্ট কৰি দুৰন্ত গতিত অংক মাষ্টৰৰ গৃহলৈ বুলি স্কুটী চলাই দিলে। ৰাতিপুৱাৰ সময়। ফটাঢোলৰ বহুজনেই মৰ্ণিং ৱাক কৰি আছে। পিলিঙা কেইটাই কিৰিলি পাৰিব ধৰিছে। আদহীয়া কেইজনে ৰ’বলৈ টেঁটুফালি চিঞৰিছে। আইদেউ, বাইদেউসকলে ঢেকঢেকাই পেটত খামোচ মাৰি হাঁহিবলৈ ধৰিছে। পিচে সেইবোৰলৈ ভ্ৰূক্ষেপ কৰিবলৈ না গৰু ডাক্তৰৰ সময়, না অংক মাষ্টৰৰ সময়। পিছতহে অৰ্চন শৰ্মা বোপাৰ পৰা গম পোৱা গ’ল যে, সেইসময়ত বোলে অংক মাষ্টৰৰ ধুতিৰ পোন্ধটো খুলি ৰ’ল ৰ’ল মাইনা পেণ্টটো ট টকৈ জিলিকি আছিল।  গৰু ডাক্তৰজনে অংক মাষ্টৰৰ ঘৰ পায়েই চুটকেচটো খুলি হাথিয়াৰবোৰ উলিয়াই নিজৰ কামত লাগি গ’ল। আধা ঘণ্টামান যুঁজাৰ পিছত তজবজীয়া পোৱালি এটা বাহিৰলৈ উলিয়াই আনিলে।  অংক মাষ্টৰে গৰু পোৱালিটোৰ নেগুৰদাল দাঙি চায়েই গৰু ডাক্তৰৰ ওপৰত টিঙিৰি তুলা হৈ উঠিল। ৰণডংকা বজাবলৈ আৰম্ভ কৰি দিলে। গৰু ডাক্তৰে কথাৰ আও-ভাও একো নুবুজি অংক মাষ্টৰৰ মুখলৈ ভেবা লাগি চাগি চাবলৈ ধৰিলে। কথাৰ একো আতি-গুৰি নোপোৱা গৰু ডাক্তৰে ভয়ে ভয়ে অংক মাষ্টৰক সুধিলে… হেৰি মোৰ ওপৰত যে ইমান ৰূদ্ৰমূৰ্ত্তি ধৰিছে, মইনো কি ভুল কৰিলোঁ। অংক মাষ্টৰে চকু ৰঙা কৰি ভেঁকাহি মাৰি… মইনো কি ভুল কৰিলোঁ, কথা ক’বলৈ আহিছে। আপুনি মোৰ সৰ্বনাশ কৰি দিলে। গৰু ডাক্তৰ পৰিল মহা বিপাঙত। জীৱিত অৱস্থাত সুন্দৰকৈ গৰু পোৱালিটো প্ৰসৱ কৰাই দিয়াৰ পিছত একো বুজিব নোৱাৰি আকৌ সুধিলে… সঁচাকৈ কৈছোঁ, মই একো বুজি পোৱা নাই। অংক মাষ্টৰে হাত দুখন মুঠি মাৰি… কি বুজি পোৱা নাই, কি বুজি পোৱা নাই হা। আপুনি মোৰ মনৰ আশা চুৰ্ণ-বিচুৰ্ণ কৰি দিলে। কত আশা কৰিছিলোঁ, এইবেলি এজনী মাইকী পোৱালী পাম। সেই আশাতে আপোনাৰ হাতেৰে গাইজনীক কৃত্ৰিম প্ৰজননো কৰাইছিলোঁ। ফটাঢোলৰ দেউজনক মাতি সোঁৱৰণি চাই মেলি পূজা এভাগো কৰাইছিলোঁ। গৰখীয়া ল’ৰা পাঁচটা মাতি গৰখীয়া সবাহ পাতি ভোগ এভাগিও খুৱাইছিলোঁ। দেউৱে পূজা-পাতল কৰি মাইকী পোৱালী হ’বই বুলি এশ শতাংশ গিৰাণ্টিও দিছিল। আপুনি আহি উলিয়াই দিলে মতা পোৱালি। আপুনি কিবা যাদু-মন্ত্ৰ জানে যেন লাগিছে। হাত দুখন ভিতৰত সুমুৱাই যাদু-মন্ত্ৰ কৰি মাইকী পোৱালীজনী মতা পোৱালি কৰি দিলে। গৰু ডাক্তৰে অনুমান কৰি ল’লে যে ফটাঢোলৰ কোনোবা দেউ এজনে অংক মাষ্টৰক বাৰুকৈয়ে টুপী পিন্ধাই থৈ গৈছিল। গৰু ডাক্তৰজনে কোনোমতে মুচকচ নোযোৱাকৈ সেমেনা-সেমেনিকৈ স্কুটীখনত উঠি নিজ কোৱাৰ্টাৰলৈ বুলি ৰাওনা হ’ল। আদবাটতে গৰু ডাক্তৰৰ লগত দেউ এজনৰ মুখামুখি হ’ল। দেউৱে যে পঞ্জিকা চাই কিছু বিধান দিয়ে সেয়া গৰু ডাক্তৰজনে জানে। দেউৱে বাইকখন ৰখাই গৰু ডাক্তৰৰ ভাল-বেয়া কিছু বতৰা লৈ অংক মাষ্টৰৰ ঘৰলৈ যে যাব সেইকথা গৰু ডাক্তৰক ক’লে। পিচে গৰু ডাক্তৰে অংক মাষ্টৰৰ মতা গৰু পোৱালিটো মাইকী গৰু পোৱালী হ’ল নে নাই সেইকথাহে নাজানিলে।

এতিয়া সামৰণিত আহকচোন আমি সকলোৱে জানো সেই সৰু ল’ৰাটোনো কোন আছিল। সেইজনেই ফটাঢোলত গৰু ডাক্তৰৰ চুটকেচ আৱিস্কাৰক অৰবিন্দ গোস্বামী। ভায়েকৰ পৰিচয় দিলোঁ যেতিয়া ককায়েকজনক  আপোনালোক সকলোৱে চিনি পায়েই চাগে। ফটাঢোলৰ গৰু ডাক্তৰজন এই অভাজনৰ বাহিৰে কোন হ’ব পাৰে আপোনালোকেই কওকচোন।

 অঁ ৰ’ৱ ৰ’ৱ, দেউগৰাকীৰ পৰিচয় দিবলৈ পাহৰিয়েই গৈছিলোঁ নহয়। ৰঞ্জিত কুমাৰ শৰ্মাদেউ এইফালে মাতষাৰ দিবচোন।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    অংক মাষ্টৰ ছাৰৰ অংকতেই কেণা লাগিল মানে।

    Reply
  • দেবজিত শৰ্মা

    বঢ়িয়া লাগিল পঢ়ি

    Reply
  • বিজয় মহন্ত

    সুন্দৰ লেখা,ভাল লাগিল পঢ়ি

    Reply
  • অৰবিন্দ গোস্বামী

    বাগৰি বাগৰি হাঁহিলো দেই!এয়াহে ব্যঙ্গ।বৰ ভাল লাগিল।বহুত দিনৰ মূৰত অন্তৰ খুলি হাঁহিলো।কাহিনীটো বহুদিনলৈ মনত থাকিব।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply
  • দেৱীভক্ত উপাধ্যায়।

    উৎকৃষ্ট। ভাল হৈছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *