ফটাঢোল

আনহেপ্পী ভেলেণ্টাইন ডে’-বিনীতা বৰশইকীয়া

: ঐ লিখিলিনে ? 

: কিনো ? 

: কেলেই তোক মই জানুৱাৰী মাহতেই কৈ থোৱা নাছিলোঁ?

: কি কৈছিলিনো? 

: ৯৮ বাৰ দেখোন মনতো পেলাই দিছিলোঁ।

: আৰে ভাই, মোৰ ইমান কামৰ মাজত তইনো কি কি কৈছিলি গাহৰিয়েই থাকিলোঁ নহয়, অ’ নহয় পাহৰিয়েই থাকিলোঁ নহয়!

: খালি খালি খালি তই সৱ বৰবাদ কৰি দিলি। উস্ উস্ উস্ …

: কি হ’ল, ক’না বে…

: আৰে আজি উৰুকা নহয় জানো?

: কিহৰ?

: হেৰৌ, জনম জনমৰ ব্ৰহ্মচাৰী। আজি ভেলেণ্টাইন ডে’ৰ উৰুকা।

: কাইলৈ মই তাইক ক’বলগীয়াখিনি মুখস্থ কৰিবলৈ আছেই। তোক চাগে মই লক্ষবাৰ মনত পেলাই দিলোঁ। কেতিয়া লিখিবি? মই মুখস্থ কেতিয়া কৰিম কচোন?  মহব্বতৰ দুশ্মন। এতিয়াই লিখ্ মই কৈছোঁ লিখি মোক ৱাটচএপত পঠা। 

গোটেই ৰাতি আজি তোৰ বাবে মোৰ টোপনি খতি হ’ব।

: মই ইমান পটককে কেনেকৈ লিখিম?

: পটককে কেনেকৈ লিখিম? লিখ বুলিছোঁ নহয় লিখ …

: আৰে তই লিখ বুলিলেই কি লিখিব পাৰোঁ? ফিলিংটো আনি ল’বলৈ টাইম লাগিবতো। পিছত লিখি দিম হ’ব ? 

: ঐ গৰু, ভেলেণ্টাইন ডে’ হৈ যোৱাৰ পিছত মই সেইসোপা কাৰ আগত গাই শুনাম হা? কিবা চৰ্ত কাট আছে যদিও কৰ। মুঠতে মোক আজি লাগিবই। 

বন্ধুৰ তাগিদাত সি লিখিবলৈ বহি বিপাঙত পৰিল। মনলৈ একো নাহেহে নাহে। ইমান চেষ্টা কৰিছে। দীপলিনাৰ ফটো এখন শিতানত লৈ দুচকু মুদি ভাবিছে, কলমডাল কামুৰি কামুৰিও চাইছে। মাজতে কে.পি দুইপেকেটো খাই চাইছে , ‘দিল’, ”কহো না প্যাৰ হ্যে” চিনেমা কেইখনো মনলৈ আনি কিবা লিখিব পৰা ফাটাফাটি ওলাব নেকি বুলি বিছনাত গেৰেলা পেটটো পেলাই ভাবিছে।  নাই কোনোপধ্যেই কোনো কথাই মনলৈ নাহে। কি কৰা যায়! ইফালে বন্ধুৰ ফোনৰ উপৰি ফোন।

নাই, এনেকৈ থাকিলে নহ’ব। বন্ধুৰ চাৰিশ বিশ নম্বৰৰ চিৰাচৰিত মাৰ্কাটো অক্ষুণ্ন ৰাখিবলৈ সি ৰাত্রিৰ নিদ্ৰাক বিসৰ্জন দি হ’লেও য়াৰানা বাহাল ৰাখিব। ইণ্টাৰনেট খুঁচৰি খুঁচৰি সি মদনদেৱৰ কিবা ফটো-চটো পাই নেকি ধুমধাম বিচাৰিবলৈ ধৰিলে। ফটোখন পালেই ধূতি-কূৰ্তা পিন্ধি প্ৰাৰ্থনা এভাগী গাই মদন প্ৰভুক খুচ কৰি বিধাতাৰ অন্যতম সৃষ্টি, দেৱতায়ো মহিমা বুজি নোপোৱা প্ৰাণীবিধক একেকোবেই প্ৰেমৰ লাঙিজালত ফঁচাব পৰাকৈ  মন্ত্র এফাঁকি খুজিব পাৰিলেই তাৰ বিয়াগোম দায়িত্বভাগিৰ পৰা অব্যাহতি ল’ব পাৰিব।  কথামতেই কাম। টোপনিয়ে সাত বটল খাই মাতাল হোৱাৰ চেহেৰা এটাও তাক প্ৰদান কৰিছেহি। 

ফটোখন পাই গ’ল ইণ্টাৰনেটত। পাই তাৰ কিমান যে ফূৰ্তি! কাষতে বহি তাৰ সংগী হোৱাৰ  প্ৰমান দি টোপনিয়াই থকা বগী মেকুৰীজনীকে সাতবাৰমান ফূৰ্তিতে চুমাও খাই দিলে। ভাগ্যে মেকুৰী মাহীয়ে তাক দুই  থাপৰ নলগালে। তায়ো চাগে ভেলেণ্টাইন ডে’ৰ ৰাগীত মতলীয়া হৈ আছিল। 

ফটো পোৱাৰ পিছত হাতখন ধুই লওঁ বুলি বাহিৰত থকা দমকলৰ পাৰলৈ গ’ল।  মুখখন ধোৱাৰ কথা নাভাবিলে। হাতখন ধুলেই হ’ল। ধূপ দুডাল হাতেৰেহে জ্বলাব। মুখেৰে নজ্বলায় নহয়। হাত ধুই উঠি দেখিলে, বগা ধূতি কুৰ্তা পৰিহিত কোনোবা এজন তাৰফালে আগুৱাই আহিছে। সাইলাখ মদনদেৱ। অলপ আগতে ইণ্টাৰনেট খুঁচৰি পোৱা ফটোখন মনলৈ আনিলে। হয়তো মদনদেৱেই হয়। এইবাৰ সি আৰু ৰৈ নাথাকিল। সাষ্টাংগে প্ৰণাম কৰি কৈ উঠিল, 

: প্ৰভু মোৰ বিপদৰ কথা আপুনি কেনেকৈ জানিলে? সাক্ষাৎ আৱিৰ্ভাব হৈছেহি যে?

: তোৰ দেখোন বাৰ মাহেই তেৰটা  বিপদ চলিয়েই থাকে। সেইটো আৰু নজনা কথানে মোৰ?

: তেন্তে মোক এই বিপদৰ পৰা উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক প্ৰভু …

: তথাস্তু 

প্ৰভুয়ে তাৰ হাতত কিবা এখন গুজি দি অন্তৰ্ধান হ’ল।

সেইখন লৈ সি চকু দুটা মোহাৰি মোহাৰি প্ৰাণৰ বন্ধুলৈ ৱাটচএপত পঠিয়াই শুই পৰিল।

আনপিনে মুখস্থ কৰিবলৈ টেকেলিয়ে টেকেলিয়ে কফি খাই খাই ৰৈ থকা ফুল মাৰ্কা প্ৰেমিকে বাৰ্তা পোৱা মাত্রকে আই সৰস্বতীৰ নাম লৈ ধুমধাম মুখস্থ কৰিবলৈ লাগি গ’ল। 

পিছদিনা একেবাৰে সাজি-কাচি প্ৰেমিক সাজু। কুকুৰাৰ জ’ টোৰ নিচিনাকৈ তালুৰ ওপৰত হালধীয়া চুলিকেইডাল, ৰঙা জোতা, কামিহাড় দেখুৱাই  পিন্ধা মানুহৰ কংকাল অংকন হাত নথকা টি-চাৰ্ট, এই ওলাওঁ এই ওলাওঁকৈ থকা কঁকালৰ নিম্নাংশ প্ৰদৰ্শন কৰি পিন্ধা য’তে ত’তে দাখনেৰে ঘাপমৰাৰ দৰে পেণ্টটোৰে সৈতে  বনকুকুৰাৰূপী, থেৰোঁ-গেৰোঁকৈ প্ৰাথমিক বিদ্যালয়ৰ জপনা পাৰ হোৱা আধুনিক প্ৰেমিকৰ পিচে সলসলীয়াকৈয়ে মুখস্থ হ’ল লাঙিজালত ফঁচাব পৰাকৈ ধাৰ কৰা ৰঙা কলিজাৰ মন্ত্র ফাঁকি। নহ’বনো কিয়? দস্তুৰমত বন্ধুয়ে ছন্দ মিলাই মিলাই লিখি পঠিয়াইছে।  

এতিয়া কলিজাৰ প্ৰতিমা অহালৈ মুখত মুক্ত হস্তে সৰসৰকৈ বাকি ল’লে আঁহে আঁহে চুপ লৈ থকা কেশৰভৰা  দমদাৰ কণটিলৌ পেকেটৰ গুৰি।

সৌৱা তাই আহিছে। পাঠটো আওৰাই ল’লে শেষবাৰ। মিঠাপান এখন খুৱাম বুলি কোৱাত লগৰ এটাই হালধীয়া ফুল এথোপাও যতনাই আনি দিছে। এইবাৰ তাৰ লাইফ বনিবই বনিব। 

তাই তাৰ কাষত ৰোৱা মাত্রকে হালধীয়া ফুলৰ থোপা আগবঢ়াই দিলে আৰু লগা লগ বহু কষ্টেৰে একে ৰাতিতে মুখস্থ কৰা কবচ সদৃশ তাৰ মনৰ কথাখিনি সলসলীয়াকৈ গাই গ’ল …

তাৰ সেইভাগী গাই শেষ হ’ল কি নহ’ল কন্যাটিয়ে ফুলৰ থোপাটো তাৰ গালৈ সজোৰে  দলিয়াই দি ক’লে, 

: এয়া প্ৰেম নিবেদন হা? কাৰ বাৰীৰ লাইশাকৰ  ফুল বুটলি আনি প্ৰেম যতাবলৈ আহিছ? আৰু মনৰ কথা কৈছ এইবোৰ? এল.পি.স্কুলতে পঢ়ি অহা কবিতাটো মুখস্থ মাতি মনৰ কথা বুলি ক’বলৈ আহিছ?

“অ’ ফুল অ’ ফুল 

নুফুল কিয়? গৰুৱে যে আগ খায় মইনো ফুলিম কিয়?” হা ? এইবোৰ তোৰ মনৰ কথা? অকৰ্মন্য কৰবাৰ …

এয়া কেনেকৈ হ’ল, কিয়  হ’ল ভাবি ভাবি তাৰ অৱস্থা এতিয়া তথৈবচ।

☆ ★ ☆ ★ ☆

3 Comments

  • অৰবিন্দ গোস্বামী

    ভাল লাগিল।এনেই লাই শাকৰ ফুল পাত প্ৰেমে বাবে বৰ উপকাৰী।লগতে অ’ফুল….কি সুন্দৰ প্ৰেমৰ কবিতা!

    Reply
  • জিতু

    এনে মজাআআ।

    Reply
  • জিতু

    এএ মজাআআ।

    Reply

Leave a Reply to অৰবিন্দ গোস্বামী Cancel reply

Your email address will not be published. Required fields are marked *