ফটাঢোল

উভতগোৰ-নীলাঞ্জনা মহন্ত

ক ক ক ক কককক্ক্…
ডাক দিলেই ছাগলীজনীয়ে
কুকুৰটোৱেও বোলে মিয়াওঁ
বৰুৱাই বোলে আজি দেওবাৰ
আজি এবেলা জিৰাওঁ৷
হেম্বে…..
কুকুৰাটোৱে পাৰিছে হ’বলা কণী
পুৱাই পাৰিছে আটাহ,
বৰুৱানীয়ে বৰুৱাক লাহেকৈ হেঁচুকি
কেতিয়াকে খাব পাম চাহ৷
ঔম জয় জগদীশ হৰি….
বি বি চিৰ ৰেডিঅ’ত হিন্দী ভজন
পুৱাই শুনা বৰুৱানীৰ কাম
সেই সময়তে বৰুৱাৰ গমন
গা পা ধুই ৰুটিভাজি খুৱাম৷
ওৱাক থু….
বৰুৱানীৰ মুখ ধুই হয়গৈ মানে
বৰুৱাৰো চাহৰ যোগাৰ হয়
দাইনিং টেবুললৈ আদৰি মাতে
চাহ লুচি ভাজি সজাই থয়৷
চেহ….
বৰুৱানীয়ে খবৰকাকত পঢ়ে
চাহৰ পিয়লাত চুমুক দি
বৰুৱাই উৰণি লৈ ঘৰ সাৰে
সোধে বেয়া খবৰ আছে নেকি?
চেটেপ চেটেপ….
খাই বৈ উঠি আমাৰ বৰুৱানীয়ে
বাথৰুমলৈ যায়
মুচি থোৱা মজিয়াৰ ওপৰেৰে
চেণ্ডেল চোঁচৰাই চোঁচৰাই৷
বৰুৱাই আকৌ মুচি মুচি কয়
বোলো গৰম পানী হোৱাই নাই,
বাথৰুমত টাৱেল কাপোৰো
দিবলৈ সময় পোৱা নাই৷
বৰুৱানীয়ে গোঁজৰি উঠে
সেইকাৰণে সোনকালে উঠিব লাগে
শৰ্মাক চাবা চাৰিটাতে উঠে
শৰ্মানীয়ে অফিচত জহাই থাকে৷
বৰুৱাই বোলে, হ’ব দিয়া
এইবছৰ মোক ফুৰাবলৈকে নিনিলা
শৰ্মাহঁতৰ নাই নুফুৰা জেগা
তুমিহে অফিচ-অফিচকে থাকিলা৷
বৰুৱানীৰ হ’ল একো নাই খঙত
অঁ মই যে মাৰিয়ে আছো বিয়াৰ ধাৰ
শৰ্মাই অনা নাই কি যৌতুকত
আকৌ বুজাব লাগিব সেইষাৰ?
ঘেটলেং ঠেং ঠেং দেনেনেনেনেনেহহহ্…
বৰুৱানীৰ হাতৰ ওচৰতে থকাৰ ফল
প্লেট এখনৰ তাণ্ডৱ নৃত্য পৰিবেশন
বৰুৱাই নীৰৱে মাথোঁ চাই ৰ’ল
বৰুৱানীৰ লগত পলাই অহাৰ ফল৷
কেচে কেচে কেচে ঘ্ৰাংং….
গাড়ীৰ মাতত হুঁচ আহিল বৰুৱাৰ
আছে এসোপামান ঘৰুৱা কাম
শান্তি নাই বুলি বন্ধবাৰ
তিৰি হৈ জন্ম নোলোৱাৰ পৰিণাম৷
বৰুৱানী পিছে ওলাই গ’ল
হয়তো বজাৰলৈকে যাব
ঘৰত কি কি নাই ক’বলৈ নহ’ল
মেচেজ দিয়ে লিষ্টখন জনাব৷
যৌতুকত বৰুৱাই মাথোঁ আনিছিল
এখন নে দুখন গামোচা
ডেকা থাকোঁতেই বাপেকে শিকাইছিল
তাতশাল আৰু ঘৰ সৰা মোচা
আইনাত চালেগৈ বৰুৱাই নিজকে
একো হোৱা নাই বুজালে নিজকে নিজে
চুলি-মোচ ফণিয়াই উঠিলে লাহেকে
টিভিত শহুৰ-জোঁৱাই চিৰিয়েল চলিছে৷

☆ ★ ☆ ★ ☆

One comment

  • কৰবী দেৱী

    হাঃ হাঃ হাঃ কি আপদীয়া সময়।
    বৰ সুন্দৰ আপদীয়া পদ্য।

    Reply

Leave a Reply to কৰবী দেৱী Cancel reply

Your email address will not be published. Required fields are marked *