ফটাঢোল

ডিচকাউণ্ট : অমিতাভ মহন্ত

অৱস্থাটো বৰ্ণনা কৰিলে হাহাকাৰ অৱস্থা বুলিয়েই ক’ব লাগিব৷ দিহিঙে দিপাঙে ঘূৰি ফুৰিছোঁ৷ যেন সৰু-সুৰা যাযাবৰ৷ মাজে মাজে ঘপহকৈ ৰৈ যাওঁ৷ মানে ৰৈ যাবলৈ বাধ্য কৰোৱা হয়৷ কেতিয়াবা ভাৱ হয়, বৃটিছে কহিনুৰ টুকুৰা চাগে ইংলেণ্ডলৈ নিনিলে৷ ইয়াতেই থৈ দিছে, ৬৫% ডিচকাউণ্টত৷

পাচে সেইটুকুৰা ৯৯% কমাই দিলেও ল’ব নোৱাৰিম৷ বৰ্তমানৰ কাহিনীটো এটা টেবুল লেম্পৰ৷ ডিজিটেল, এল ই ডি টেবুল লেম্প৷ সন্মুখত এটা গাঁতৰ দৰে কিবা আছে৷ সেয়া হেনো পেনষ্টেণ্ড৷ লেম্পটোৱে হৰেক ৰকমৰ পোহৰ নিৰ্গত কৰে৷ ব্লু টুথৰ সুবিধাও আছে৷ কপিলদেৱে ক্ৰিকেট এৰাৰ পাচত ভাৰতবৰ্ষই এনে অলৰাউণ্ডাৰ আৰু ক’ৰবাত দেখিছিলনে নাই সেয়া লৈ মোৰ সন্দেহ আছে৷

সমস্যাটো হ’ল বৰ্তমান মোক কোনো ধৰণৰ টেবুল লেম্পৰ প্ৰয়োজন নাই৷ না মোৰ ব্লু টুথৰ অভাৱ হৈছে৷ কিন্তু চল্লিশ পাৰ্চেণ্ট ডিচকাউণ্ট! এই ডিচকাউণ্ট শব্দটোৰ দৰে মায়াবী শব্দ চাগে এই ধৰাত আৰু নাই৷ পঢ়া দিনৰেপৰা মোক টেবুল লেম্পৰ দৰকাৰ নহ’ল, ভৱিষ্যতেও যে হ’ব তাৰো আশা নাই৷ কিন্তু বৰ্তমান মোৰ এমাজন শ্বপিং কাৰ্টত টেবুল লেম্পটো বিৰাজমান৷ চল্লিশ শতাংশ ডিচকাউণ্ট, চাৰিটা তৰাযুক্ত ৰিভিউ৷ ধেমালি কথা? তাকো বিয়া পাতি বাসত্তৰটা বাতি চেট উপহাৰ পোৱা সমাজত কোনোবাই এনেকৈ পানীৰ দৰত টেবুল লেম্প এটা দি আছে৷ ভগৱান আছে৷ এইবোৰেই প্ৰমাণ৷

কাৰ্টত এটা ম’বাইল ফোনো থৈ দিছোঁ৷ ডিচকাউণ্টৰ লগতে এক্সচেঞ্জ ব’নাচো আছে৷ হাতত থকা সুস্থ আৰু মজবুত ম’বাইল ফোনটো দেখিলেই কিবা খং উঠি আহে৷ যেন অশ্বত্থামাৰহে আয়ুস লৈ আহিছে৷ এইফালে এমাজন, ফ্লিপকাৰ্টৰ অফাৰ যাওঁ যাওঁ অৱস্থা৷

দিনবোৰ সদায় এনেকুৱা নাছিল৷ সেই সময়ত আধা জিবি ডেটা কিনিবলৈ আমি সোণৰ আঙুঠি বন্ধকত থ’ব লগীয়া অৱস্থা৷ তেতিয়া খুব মন আছিল যে যিদিনা কম দামত ডেটা কিনিবলৈ পাম, সেইদিনা দিনে ৰাতিয়ে জ্ঞানবৰ্ধক ভিডিঅ’বোৰ চাই মেলি নিজৰ জ্ঞানভাণ্ডাৰ বঢ়াম৷ আৰু আজি? আম্বানীৰ কৃপাত যোৱা এঘণ্টা ধৰি ম’বাইল ফোনৰ ৰিভিউ চাই আছোঁ৷ অমুক ফোনৰ ঢলা-শদিয়াৰ আকাৰৰ ৰেম, তমুক ফোনৰ কেমেৰাৰে মঙ্গল গ্ৰহৰ পানী চাব পাৰি৷ তাৰোপৰি ডিচকাউণ্ট! এক্সচেঞ্জ বনাচ! অথচ মোক ফ’নৰ কোনো দৰকাৰেই নাই৷ ধিক্কাৰ এই জীৱন৷

দৰাচলতে একো কিনিবলৈ নাই৷ কিন্তু মনে মনা নাই৷ মাজে মাজে এমাজন, ফ্লিপকাৰ্টত সোমাইছোঁ, অদৰকাৰী বস্তু বাহিনীৰে কাৰ্টখন ভৰ্তি কৰিছোঁ৷ আই পি এলৰ প্ৰতিটো অভাৰৰ মাজে মাজে, অফিচৰ মেইলৰ মাজে মাজে, ভাত ৰান্ধি থাকোঁতেও এয়াই চলি আছে৷ কিনিয়েই পেলাম নেকি বাৰ জোৰ মোজা আৰু ব্লুটুথ, হেডফোন? সত্তৰ পাৰ্চেণ্ট ডিচকাউণ্ট!

হেন সময়তে গণি গণি দুটা মেছেজ৷ গাড়ীৰ ইন্সিউৰেন্স আৰু জীয়ৰীৰ এডমিশ্যনৰ তাগিদা৷ প্ৰায় পয়ত্ৰিশ হাজাৰৰ তাগিদা৷

ম’বাইলটো একেবাৰে টিপটপ হৈয়েই আছে৷ বাৰ জোৰ মোজাৰে মই কৰিমনো কি? থাকক এতিয়া এইমখা আপদ৷ ধনতেৰাছৰ সময়ত ডিচকাউণ্টত দামী কিবা এপদ লৈ ঘৰত হৈ চৈ লগাই দিম বাপ্পেকে৷

অফিচৰ বাহিৰত বহা চানাৱালাজনৰ পৰা দহটকাৰ চানাচুৰ লৈ পদব্ৰজে সৌৱা ঘৰমুৱা মইজন!

*****

4 Comments

  • Anjan Sadhanidar

    ভাল লাগিল ৷একদম চেইম একে কাহিনী৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    মজা লাগিল। মোৰ এতিয়াও কাৰ্ট ভৰ্ত্তি হৈ আছে অলাগতিয়াল বস্তু ৰে🤣🤣

    Reply
  • প্ৰিয়ম চাংমাই চুমু

    ডিচকাউন্ট সচায়ে বৰ ডেঞ্জাৰাছ বস্তু

    Reply
  • জিতু

    ভাল লাগিল

    Reply

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *