ফটাঢোল

শিল্পী দিৱসত এদিন-ৰঞ্জিত কুমাৰ শৰ্মা

কেইবছৰমান আগৰ কথা৷ সেইদিনা আছিল শিল্পী দিৱস৷ ঘটনাটো সেইদিনাৰেই৷ ঘটনা মানে একো মাৰপিট, খেদা-খেদি, পলাই যোৱা, পলুৱাই নিয়া আদি একো ঘটা নাছিল৷ ঘটনা মানে লটিঘটিৰ কথাহে ক’বলৈ বিচৰা হৈছে৷ লটিঘটি খুওৱা মানুহ এই অমুকা নহয়, খোৱা মানুহহে৷ গতিকে লটিঘটিটো নিজৰেই৷ বাৰু, তেতিয়াহ’লে ভি ডি অ’টো আৰম্ভ কৰোঁ৷ অহ্‌, কিবাহে কৈছোঁ৷ লটিঘটি আখ্যানটো আৰম্ভ কৰোঁ৷

শিল্পী দিৱসৰ এসপ্তাহমান আগতে এটা সংগঠনৰ জিলা পৰ্যায়ৰ নেতা এজনে এখন নিমন্ত্ৰণী পত্ৰ লৈ মোৰ ওচৰলৈ আহিল৷ বয়সত তেওঁ মোতকৈ দুবছৰমান সৰু হ’ব৷ ছাত্ৰনেতাই আগবঢ়াই দিয়া লেফাফাটো খুলি তাৰ ভিতৰত যিখন পত্ৰ আৱিষ্কাৰ কৰিলোঁ সেই পত্ৰখনৰ মতে শিল্পী দিৱসৰ অনুষ্ঠান এটাত শ্ৰীযুত শৰ্মা মুখ্য অতিথি হ’ব লাগে৷ তেতিয়ালৈকে অমুকাই আমন্ত্ৰিত অতিথিৰূপে বা বক্তাৰূপে জিলাৰ বাহিৰলৈ যোৱাতো দূৰৰ কথা, চহৰৰ বাহিৰলৈকে গৈ পোৱা নাই৷ নিজৰ চহৰতে ঠায়ে ঠায়ে মেলে-মিটিঙে অৱশ্যে দুই-চাৰি আষাৰ কৈ এই শৰ্মাই ভাষণ দিয়াৰ অভ্যাসটো গঢ় দিয়াৰ চেষ্টা নকৰাকৈ থকা নাই, কৰিছোঁ৷ তাৰেই ফলশ্ৰুতিত হয়তো এই নিমন্ত্ৰণী পত্ৰখন আহি পালে৷ হওক বাৰু, ছাত্ৰনেতাজনে যে ৰত্ন চিনি পালে, সেইটোৱেই ভাল লগা কথা৷ মনটো প্ৰফুল্লিত হ’ল যদিও গহীন হোৱাৰ চেষ্টা কৰি ছাত্ৰনেতাজনক ক’লোঁ,

: মোক কিয় মাতিব লাগে হে? আন কাৰোবাক ক’ব পাৰিলা হয়৷

: ল’ৰাবোৰে বিচাৰিছে৷

ছাত্ৰনেতাজনে ক’লে৷

: ঠিক আছে, যাম দিয়া৷ কিন্তু যাম কেনেকৈ?

সন্মতি জনাই সুধিলোঁ৷

: মোৰ গাড়ীতে যাম৷ দুই বজাত সভা৷ আমি ডেৰ মান বজাত ইয়াৰ পৰা ওলাই যাম৷ ওলাই থাকিলেই হ’ল৷ মই ঘৰৰ পৰাই আপোনাক লৈ যাম, চিন্তা নাই৷

তেওঁ ক’লে৷

শিল্পী দিৱসৰ অনুষ্ঠান হ’ব লগা গাঁওখন দুখন জিলাৰ সীমামূৰীয়া৷ আমি চহৰৰ সদৰৰ পৰা তালৈ যাবলৈ ত্ৰিশ মিনিটমান লাগিব, গতিকে যোৱা সময়টো ঠিকেই আছে বুলি ভাবিলোঁ৷ এনেও অসম মূলুকত নিৰ্ধাৰিত সময়মতে সভা আৰম্ভ হোৱাৰ নজিৰ নাই৷ আমি ৩০-৪০ মিনিট পলমকৈ গ’লেও হ’ব যেন লাগিল যদিও এইবিষয়ে একো নক’লোঁ৷ ছাত্ৰনেতাজনৰ গাড়ীতেই যাম যেতিয়া সঠিক সময়ত যোৱাটোৱেই ভাল হ’ব বুলিলেই ভাবিলোঁ৷ তেওঁ হয়তো সময়মতে যাবই লাগিব৷ 

সভা দীঘলীয়া হ’ব নেকি বুলি ছাত্ৰনেতাজনক সোধাত তেওঁ জনালে যে সভা বেছি দীঘলীয়া নহয়, ডেৰঘণ্টামানতে শেষ হ’ব৷ তেওঁ এইবুলিও জনালে যে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে, গতিকে তেওঁ মোক আনি থৈ পুনৰ তালৈ যাব লাগিব৷ তেওঁৰ কথা-বতৰাৰ পৰা নিশ্চিত হ’লোঁ যে মোক অনা-নিয়াৰ সম্পূৰ্ণ দায়িত্ব তেওঁকেই দিয়া হৈছে৷ নিমন্ত্ৰণী পত্ৰখন মই গ্ৰহণ কৰাত আৰু অহা-যোৱাৰ কথাখিনি থিৰাং হোৱাত সেইদিনা ছাত্ৰনেতাজন গ’লগৈ৷

শিল্পী দিৱসৰ আগনিশা অলপ পঢ়াশুনা কৰিলোঁ৷ পঢ়াশুনা মানে ঘৰত থকা জ্যোতিপ্ৰসাদ সম্পৰ্কীয় দুখনমান গ্ৰন্থত চকু ফুৰালোঁ৷ (তেতিয়াতো আৰু আজিৰ দৰে হাততে পাব পৰাকৈ এণ্ডৰ’ইড ম’বাইল ফোন, আই ফোন বা ইণ্টাৰনেটৰ সুবিধা নাছিল নহয়৷) পঢ়াশুনা নকৰাকৈও যাব নোৱাৰি৷ গাঁৱত যদি জনা মানুহ ওলায়? বিশেষকৈ শিক্ষক শ্ৰেণীটোকে ভয় লাগে৷ এটুকুৰা কাগজত কিছু কথা সৰু সৰুকৈ লিখিও ল’লোঁ৷ 

শিল্পী দিৱসৰ দিনা ডেৰমান বজাত সভালৈ যাবলৈ সাজু হ’লোঁ৷ পিচে ছাত্ৰনেতাজন হাজিৰ হ’ল দুইমান বজাতহে৷ দুই-এপদ বস্তু গোটাবলগা হোৱাৰ বাবে পলম হোৱা বুলি তেওঁ জনালে৷ তেওঁ এইবুলিও জনালে যে সভা আৰম্ভ হোৱাত কিছু পলম হ’ব, গতিকে আমি সময়মতেই গৈ পাম৷ খুৱ বেছি বিয়লি চাৰিমান বজাত তাৰপৰা উভতিব পাৰিম বুলি সময় গণনা কৰি মই বিশেষ চিন্তা নকৰি ছুৱেটাৰ এটাকে ল’লোঁ৷ চাৰিচকীয়া গাড়ীতেই অহা-যোৱা কৰিম যেতিয়া ঠাণ্ডা লগাৰ বিশেষ চিন্তাও নকৰিলোঁ৷ মাঘবিহুৰ পাছত ৰ’দটো দিনটোত প্ৰথমবাৰৰ বাবে ভালকৈ ওলাইছে৷ দুই বাজি পাঁচ মিনিটত আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ যাওঁতে ক্ষন্তেক সময় ছাত্ৰনেতাজনে এবাৰ পথৰ কাষত এটা স্থানত গাড়ীখন ৰখাই আলু-পিঁয়াজৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান এটাত ভূমুকি মাৰি আহিল৷

আবেলি ২ বাজি ৪৫ মিনিটত আমি গন্তব্যস্থান পালোঁ৷ কিন্তু তাত উপস্থিত হৈহে আচৰিত হ’লোঁ৷ হাজাৰ হাজাৰ মানুহ, সময়মতে আৰম্ভ হোৱা সভাৰ মঞ্চত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, মঞ্চত সমবেত কণ্ঠত জ্যোতিসংগীত…৷ ৰ’ব ৰ’ব, আচৰিত নহ’ব, এইবোৰ  একোৱেই দেখা নাপালোঁ৷ এইখিনিৰ দহ শতাংশও যদি দেখিলোঁহেঁতেন! খালী মঞ্চ এখন, দুজনমান কৰ্মকৰ্তা, এডাল দীঘল দণ্ডৰ ওপৰত উৰি থকা এখন পতাকা, এখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো, ফটোখনৰ সন্মুখত নুমাই থকা এগচি চাকি, জ্বলি শেষ হোৱা ধূপকাঠি কেইডালমান…, এইবোৰহে প্ৰত্যক্ষ হ’ল৷ মঞ্চখনৰ পাছফালে থকা বিদ্যালয় এখনৰ কোঠা এটাত আমাক বহিবলৈ দিয়া হ’ল৷

সময় আগবাঢ়িল৷ সভা আৰম্ভ হোৱাৰ নাম-গন্ধই নাই৷ লগত যোৱা ছাত্ৰনেতাজনে কোঠাটোলৈ মাজে-সময়ে অহা-যোৱা কৰি থাকিল৷ গাঁৱতে পোৰা পিঠা-লাড়ুৰে দুবাৰ চাহো খালোঁ৷ সভা কেতিয়ালৈ আৰম্ভ হ’ব বুলি দুবাৰমান সোধাৰ পাছত পিছলৈ সেয়াও নোসোধা হ’লোঁ৷ অস্বস্তি, বিৰক্তি, অশান্তি আদিয়ে দেহ-মনক ঘেৰি ধৰিলে৷ দুবাৰমান বাহিৰলৈও ওলাই গ’লোঁ, নাই এজনো সমজুৱা নাই৷ সভালৈ আন কোনো অতিথি মতা নাই নেকি সেয়া জানিব বিচৰাত সংগঠনটোৰ কৰ্মকৰ্তা এজনে ক’লে যে তেনেকৈ কাকো মতা নাই, গাঁও পঞ্চায়তৰ সভাপতি আৰু স্থানীয় হাইস্কুলৰ অধ্যক্ষগৰাকীক মতা হৈছে৷ বাকী সংগঠনটোৰ দুজনমান জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতাতো থাকিবই৷ কৰ্মকৰ্তাজনৰ শেষৰ বাক্যটো আছিল এনেধৰণৰ,

‘আৰু আপুনিতো আছেই৷’ 

এইখিনি শুনাৰ পাছত এই অমুকাই গৰ্বই কৰিব নে ৰুমালেৰে নাকেই ঢাকিব সেয়া থিৰাং কৰাও টান হৈ পৰিল৷ এনেদৰে দুঘণ্টা পাৰ হ’ল৷ অ’ ইয়াৰ মাজতে এবাৰ বিদ্যালয়খনৰে শিক্ষয়িত্ৰী এগৰাকীৰ অনুৰোধমৰ্মে তেওঁৰ ঘৰৰ পৰা ফুৰিও আহিলোঁ৷ পাঁচ বজাৰ পাছতহে আঠ-দহজনমান লোক সভাস্থলীত গোট খালে৷ মোক লৈ যোৱা ছাত্ৰনেতাজনক ঘৰলৈ ওভতাৰ কথা ক’লোঁ৷ 

‘আৰম্ভ কৰিমেই৷ একেবাৰে চুটি প্ৰগ্ৰাম হ’ব৷ আৰু অলপ পাছত যাবই পাৰিম৷’- ভাৱলেশহীন ধৰণে তেওঁ উত্তৰ দিলে৷ 

ইতিমধ্যে শিল্পী দিৱস উদ্‌যাপন সমিতিয়ে কাৰ্যসূচী কিছু সলাই পেলালে৷ সভালৈ মানুহ যিহেতু অহা নাই, গতিকে সংস্কৃতিক সন্ধিয়া আৰু সভা একেলগে পতাৰ সিদ্ধান্ত লোৱা হ’ল৷ সভা মানে সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পাছত এটি সমবেত সংগীত থাকিব আৰু তাৰ পাছতে এগৰাকী অতিথি মুখ্য অতিথিয়ে চমু ভাষণ দিব৷ ইয়াৰ পাছতে সভাপতিয়ে চমু বক্তব্যৰে সভা সামৰিব৷ সভা শেষ হোৱাৰ পাছতেই সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ’ব৷ কথাখিনি মুখ্য অতিথি মানে শ্ৰীযুক্ত শৰ্মাকো জনোৱা হ’ল৷

অৱশেষত দীঘলীয়া অপেক্ষাৰ অন্তত জীৱনৰ প্ৰথম মুখ্য অতিথি হোৱা বহু প্ৰত্যাশিত সভাখন আৰম্ভ হ’ল৷ হাতৰ ঘড়ীটোলৈ চালোঁ, সন্ধিয়া ছয় বাজিবলৈ কেইছেকেণ্ডমানহে আছেগৈ৷ জীৱনত প্ৰথমবাৰৰ বাবে সভাৰ মুখ্য অতিথি হৈ মঞ্চত উঠিলোঁ৷ পিচে মঞ্চত উঠিহে মনৰ ভিতৰত ফুলি থকা গৰ্বৰ বেলুনটো থুচ…কৈ পাম্প গৈ একেবাৰে লেৰেলা হৈ পৰিল৷ মঞ্চৰ সন্মুখত দহ-বাৰজনমানহে মানুহ গোট খাইছে৷ মঞ্চত সভাপতি, আমন্ত্ৰিত শিক্ষকগৰাকী, মোক লৈ অহা ছাত্ৰনেতাজন আৰু মুখ্য অতিথিকে ধৰি চাৰিজন ব্যক্তি৷ মঞ্চত আসন গ্ৰহণ কৰাৰ পাছত কৰ্মকৰ্তা এজনে কাণৰ কাষত ফুচফুচাই ক’লে,

‘বেয়া নাপাব দাদা৷ মানুহবোৰ একেবাৰে কালচাৰেল ফাংচন চাবলৈকে আহিব বোধকৰো৷ কিন্তু মিটিংখন নাপাতিলেও নহয়৷ চমুকৈ কিবা অলপ ক’ব আৰু৷ ফাংচনলৈ সময়টো কিছু কাটি গ’লেই হ’ব৷’

সম্বৰ্দ্ধনা পৰ্বৰ পাছত সমবেত সংগীত আৰু উদ্দেশ্য ব্যাখ্যা শেষ হ’ল৷ ইয়াৰ পাছতে মঞ্চত বহি থকা তৃতীয়জন ব্যক্তিয়ে দুৱাষাৰমান বক্তব্য দাঙি ধৰিলে৷

দিনত ৰ’দ ভালকৈয়ে ওলাইছিল যদিও গধূলি হৈ অহাৰ লগে লগে ক’ৰপৰা যে চেঁচা বতাহৰ আগমণ হ’ল ঐ! বতাহ ডাঙৰ নহয়, মলয়াৰ দৰেই৷ গ্ৰীষ্মকালত হ’লে গা জুৰ পেলালেহেঁতেন, কিন্তু এতিয়া জাৰ লগাইছে৷ সভাস্থলীৰ ওচৰতে ডাঙৰ বিল এখন আছে৷ বোধহয় সেইবাবেই গধূলি সময়ত চেঁচা বতাহে বাও দিছে৷ চেঁচা বতাহে মুখ্য অতিথিৰ দেহত কঁপনি তুলিলে৷ পাতল চুৱেটাৰটোৱে ঠাণ্ডা আঁতৰ কৰিব পৰা নাই৷ মাজে-সময়ে দাঁত দুপাৰিয়ে ট ট ট টকৈ পৰস্পৰে পৰস্পৰক টোকৰ দিয়াৰ উপক্ৰম হ’ল৷ খোলা মঞ্চ বাবেই ঠাণ্ডা বেছি লাগিল৷ বাকীসকলৰো নিশ্চয় ঠাণ্ডা লাগিছে! কিন্তু নিজকেই চম্ভালা টান হৈ পৰিছে, আনৰ কথা কি ভাবিম? তদুপৰি মঞ্চত আসন গ্ৰহণ কৰা আনসকলে ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈ মোতকৈ অধিক সাজু হৈও আহিছে৷ সন্মুখত বহি থকা মুষ্টিমেয় দৰ্শকসকলৰো একাংশই ঠাণ্ডাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ উঠিছে৷ তেনে অৱস্থাতে সভাপতিৰ অনুৰোধত ‘ভাষণ’ দিবলৈ উঠিলোঁ৷ দহ-বাৰজন দৰ্শকৰ সন্মুখত ভাষণনো কি দিম? আৰু সাৰগৰ্ভ ভাষণ বকিলোঁৱেই যেনিবা, কিনো হ’ব? এইবোৰ ভাবি-চিন্তি আগদিনা নিশা লিখা কাগজৰ টুকুৰাটোক জেপৰ পৰাই নুলিয়ালোঁ৷ থাকক বেচেৰা জেপতে, বাহিৰলৈ আহি ঠাণ্ডা খাব নালাগে৷ ৭-৮  মিনিটমান কিবাকিবি কৈ জ্যোতি আখ্যান সিমানতে সামৰিলোঁ৷ সভাপতিৰ চমু বক্তব্যৰ পাছত শিল্পী দিৱস উদ্‌যাপন সমিতিৰ সম্পাদকে শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত সভা ভংগ হ’ল৷ ৬.৪০ মান বজাত সভা শেষ হ’ল৷ মঞ্চৰ পৰা নামি অহাৰ সময়তে কৰ্মকৰ্তা এজনে কোৱা বাক্য এষাৰি কাণত পৰিল,

‘সময়টো ভালদৰে ‘মেকাপ’ হ’ল৷ আধাঘণ্টামান পাছত কালচাৰেল প্ৰগ্ৰেম আৰম্ভ কৰিব পৰা যাব৷’

দুজনমান কৰ্মকৰ্তা আৰু মোক অনা-নিয়াৰ দায়িত্ব লোৱা ছাত্ৰনেতাজনে কিছুসময় সাংস্কৃতিক অনুষ্ঠান চাই যোৱাৰ কথা ক’লে৷ কিন্তু একো চোৱা বা খোৱাৰ কোনো ইচ্ছা তেতিয়ালৈকে দেহ-মনত নাছিল৷ ‘নাই নাই বহুত পলম হ’ল, সোনকালে ঘৰ পাব লাগে৷ ঠাণ্ডাও লাগিছে’ বুলি তেওঁলোকক বুজাই উভতিবলৈ সাজু হ’লোঁ৷ ছাত্ৰনেতাজনে গাড়ী সাজু কৰিলে৷ উদ্যোক্তা আৰু উপস্থিত অতিথিসকলৰ পৰা বিদায় লৈ গাড়ীত উঠিলোঁ৷ ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধকো আহি পাইছে৷ দুই-এগৰাকীকৈ শিল্পীৰো আগমণ ঘটিছে৷ 

সভাস্থলীৰ পৰা ওলাই অহাৰ সময়ত দেখিলোঁ, সভাস্থলীলৈ মানুহ আহিবলৈ লৈছে৷ পিচে, বুজাত আমাৰ অসুবিধা নহ’ল, তেওঁলোক আহিছে ‘ফাংচন’লৈ৷ তেওঁলোক আহিছে ‘কালচাৰেল নাইট’ চাবলৈ৷

☆ ★ ☆ ★ ☆

2 Comments

  • ভাষণ শুনি সময় নষ্ট নকৰে ৰাইজে।‌‌ নাচ-গানহে ভাল পায়। শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাভাৱ নায়েই…!

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ঠিকেই৷ ধন্যবাদ জনালোঁ আপোনাক৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *