মূল: বৰযাত্ৰী,লিখক:অজ্ঞাত,ভাবানুবাদ – অঞ্জু মহন্ত
যোৱাবছৰৰ কথা, বৰযাত্ৰী হৈ কইনা ঘৰলৈ গৈছিলোঁ। জানেইতো বৰযাত্ৰী হৈ যোৱা কি কষ্ট! গোটেই নিশা টোপনি ক্ষতি হয়। তেতিয়া এনেকুৱা
ভাব হয় যেন, কোনো মূৰ্গী ভেকচিন নোলোৱাকৈ তৰ্জুত উঠিছে।
মোৰ সমবয়সীয়া যিকেইটা গৈছিল, সিহঁত আটাইকেইটা নিজৰ নিজৰ ‘উহু উহুৰ’ লগত ফোনালাপত ব্যস্ত। সিহঁতে ৰাতি এনেকৈয়েই কটাই দিব। কিন্তু মোৰ! মই কি কৰোঁ! কেনেকৈ পাৰ কৰোঁ
ৰাতিটো? মই যে খাটি ঘিঁৰ দৰে খাটি চিঙ্গল!
ইফালে আকৌ ৰাতি অলপ হ’ল কি নহ’ল ব্ৰয়লাৰৰ দৰে টোপনিয়াবলৈ আৰম্ভ কৰি দিলোঁৱেই। অৱশ্যে বেছি সময় টোপনিয়াব লগা নহ’ল, কাৰণ এজনী বগা পৰী মোৰ ফালে আগুৱাই
আহিছে। আচলতে মোক উদ্দেশ্য কৰি নহয়, যাব হ’বলা অন্য ক’ৰবালৈ। মনে মনে ভাবিলোঁ এইজনীৰ লগতে ৰাতিটো কটাই দিব পৰা হ’লে। আই মিন, কথা পাতি পাতি ৰাতিটো কটাই দিব পাৰিলে! কিন্তু ছোৱালীৰ লগত কথা পাতিলে মোৰ এলাৰ্জি হয়! মানে লাজ লাজ ভাব আৰুনো কি? যদিও মই কলেজত পঢ়োঁ, কিন্তু ছোৱালী দেখিলে এলাৰ্জি হোৱা অসুখটো যোৱা নাই।
ছোৱালীজনী দেখিবলৈ অসাধাৰণ আৰু তাতকৈ অসাধাৰণ তাইৰ ষ্টাইল। ছোৱালীজনী অকলেই আছে। ময়ো ছোৱালীজনীৰ পিছে পিছে গ’লোঁ বিয়াঘৰৰ ভিতৰলৈ। তাই এখন চকীত বহিল। ময়ো তাইৰ কাষৰ চকী এখনত বহিলোঁ। প্ৰথমতে মই এনেকুৱা ভাব দেখুৱালোঁ যেন মই তাইক একো
পাত্তাই দিয়া নাই। কিন্তু যেতিয়া দেখিলোঁ ছোৱালীজনীয়ে মোৰ লগত কথা পতাতো দূৰৰে কথা মোৰ ফালে চোৱাও নাই, তেতিয়া অলপ ৰাস্তা সলনি কৰি
পেলালোঁ। মই উপযাচি তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। মই সুধিলোঁ,
: এই ঠাইখনৰ নাম কি?
বাচ…তাৰপিছতেই জমি গ’ল ক্ষীৰ, আৰম্ভ হৈ গ’ল গল্পৰ ভিৰ। বহুসময় কথা চলি থাকিল। কথা পাতোঁতে পাতোঁতে কেতিয়া যে দহ বাজিল সেয়া গমেই নাপালোঁ। মই ছোৱালীজনীৰ লগত এবাৰ দোকানলৈও গ’লোঁ। ছোৱালীজনীয়ে কেঁচুৱাৰ ডাইপাৰ কিনিলে। কোনোবাই কিনিবলৈ দিছে চাগৈ!
তেতিয়া ৰাতি প্ৰায়…. চৰী ৰাতিপুৱা ২টা। বিয়া চলি আছে। সকলোৱে বিয়া চাই আছে। আনন্দৰ কথাতো হ’ল, মোৰ লগত সেই ছোৱালীজনীও আছে। বাহঃ …… ইয়াকে কয় জীৱন। কিছুসময় পিছত এজন মানুহ আহি ছোৱালীজনীক ক’লে,
: বাবু টোপনিৰ পৰা সাৰ পালে, ব’লা কান্দিছে।
মই আচৰিত হৈ গ’লোঁ, ‘বাবু’ হা কি কয় মানুহজনে? ছোৱালীজনী বিবাহিত নেকি? ক’ত? সেন্দূৰ নাই! হাতত কেইপাতমান চুড়িৰ বাহিৰে শাখা-পলা একো নাই! দেখিবলৈও তেনেকুৱা একেবাৰেই লগা নাই! নীৰৱতা ভঙ্গ কৰি মানুহজনে ক’লে,
: দিয়া বাবুৰ ডাইপাৰ দিয়া।
মই এইবাৰ ঠিকেই শুনিলোঁ।
ছোৱালীজনীয়ে ক’লে,
: তুমি অলপ বহা দেই, মই আহি আছোঁ।
তাই মানুহজনৰ লগত গুচি গ’ল।
মই ভাবিছিলোঁ কাৰোবাৰ কেঁচুৱা চাগৈ। ইমান ধুনীয়া ইমান কিউটজনী বিবাহিত হ’বই নোৱাৰে। কিযে বাজে কথা ভাবিছোঁ। দেখিলেই গম পায় বয়স
২১ৰ বেছি নহয়। মই আকৌ ৰাতি টোপনি ক্ষতি কৰিব নোৱাৰোঁ। যি শুনিছোঁ বা ভাবিছোঁ সেয়া হয়তো তাৰেই চাইড এফেক্ট।
অলপ সময়ৰ পিছত ছোৱালীজনীয়ে এটা কেঁচুৱা লৈ আহিল। মই আকৌ ভাবিলোঁ কোনোবা সম্বন্ধীয়ৰ হয়তো! এনেকৈয়ে পাৰ হৈ গ’ল ছোৱালীজনীৰ লগত গোটেই ৰাতিটো কথা পাতি পাতি। কিযে ভাল লাগিল! তাই দেখিবলৈ যেনেকুৱা ধুনীয়া তেনেকুৱাই ধুনীয়া তাইৰ কথাবাৰ্তা। মইতো ইতিমধ্যে ফিদা হৈ গৈছোঁ। মোবাইল নম্বৰটোহে লোৱা হোৱা নাই। নম্বৰটো ল’ম বুলি ভাবোঁতেই, “অলপ পিছতেই আহি আছোঁ দেই”- বুলি কৈয়েই আকৌ ভিতৰলৈ গ’ল।
প্ৰায় আধা ঘণ্টামানৰ পিছত এগৰাকী মহিলাই কোলাত কেঁচুৱা লৈ আহি মোৰ কাষলৈ আহি ক’লে,
: চাহ খালা?
মই মন কৰিলোঁ যে কালি ছোৱালীজনীয়ে যিটো কেঁচুৱা কোলাত লৈ আছিল, সেই কেঁচুৱাটোৱেই। মই মনে মনে ভগৱানক ধন্যবাদ জনালোঁ। ৰক্ষা কেঁচুৱাটো ছোৱালীজনীৰ নহয়, আন কাৰোবাৰহে!
অলপ সময়ৰ পিছত আৱিস্কাৰ কৰিলোঁ যে, কালি মোৰ লগত পৰিচয় হোৱা ছোৱালীজনীয়ে যিটো ড্ৰেচ পিন্ধি আছিল, এই মহিলা গৰাকীয়েও একে ড্ৰেচ পৰিধান কৰি আছে। অলপ আচৰিত হ’লোঁ।
কিছুসময়ৰ পিছত মোৰ আৰু বুজিবলৈ একোৱেই বাকী নাথাকিল। কালিৰজনীয়েই এইজনী। কালিৰ
মেকআপত থকা ২১ বছৰীয়া চেহেৰা আজি মুহূৰ্তৰ ভিতৰতেই দ্বিগুণ হৈ প্ৰায় ৪২ হৈ গৈছে।
কালি যিজনীৰ ওপৰত ক্ৰাছ হৈছিল, আজি তাইলৈ ঘূৰি চাবলৈও মন যোৱা নাই। আৰে ভাই বিয়া কৰিছ কৰ, শাড়ী পিন্ধি আহ। সেন্দূৰ, শাখা পিন্ধি আহ। এনেকৈ পৰীৰ দৰে সাজি আহিবলৈ কিহে পাইছে? আৰু এইবাবেই আজিও মোৰ দৰে হাজাৰ ল’ৰাই মেকআপৰ আলোকত আলোকিত বয়স্কাৰ লগত পলাই গৈছে। পিছত আকৌ ভুল বুজি
পাই যাৰ বস্তু তাৰ ওচৰলৈ ঘূৰিও আহিছে। শপত খালোঁ, মই আৰু কেতিয়াও বিয়াঘৰত ছোৱালীৰ
পিছত নুঘূৰোঁ। ক’বতো নোৱাৰি, যুৱতী বুলি ভাবি বয়স্কা বুঢ়ীকেই যদি বিয়া কৰিব লগা হয়!
☆ ★ ☆ ★ ☆