ফটাঢোল

ফটা প্ৰশ্ন

১) উৰ্বশী প্ৰান্তৰ ভাগৱতী:

 

কাঁ চলচিত্ৰ মহোৎসৱত আমাৰ অভিনেত্ৰীসকলে পিন্ধা ড্ৰেছবোৰ দেখিছেনে বাৰু? এওঁলোকে যে ডাবল বেডছিট একোখনৰ সমান পদূলি সাৰি যোৱা ফুলা লুচিৰ দৰে  ড্ৰেছবোৰ পিন্ধিছে!!! এইবোৰ বাৰু আকৌ কেতিয়াবা পিন্ধিবনে?নিপিন্ধিলে কি কৰিব বাৰু কাপোৰবোৰ?

 

উত্তৰঃ- সেইবোৰ মহোৎসৱ হৈ যোৱাৰ পাছত সমুখতে কেজি হিচাপত বিক্ৰী হয়। সেইফালে গ’লে কিনি আনি ফটাকানি কৰিব পাৰিব, বা পিছৰ বছৰ কেনেবাকৈ আপুনিও ৰেড কাৰ্পেট যোৱাৰ সুবিধা পালে, তাৰে এজোৰ পিন্ধি যাব পাৰিব।

 

২) জয়ন্ত কুমাৰ ডেকা:

 

নাৰী ঈৰ্ষাপৰায়ণ বুলি জগতে জানে । এগৰাকী মাতৃৰ ক্ষেত্ৰতো প্ৰযোজ্য এই কথা । নিজৰ পুত্ৰ‌ই ( পুত্ৰীৰ ক্ষেত্ৰত ইমান প্ৰযোজ্য নহয় কথাষাৰ ) আন এগৰাকী নাৰীক মাতৃ জ্ঞান কৰি অলপ সেৱা শুশ্ৰূষা কৰিলে জন্মদাত্ৰীগৰাকী জ্বলে । উদাহৰণস্বৰূপে শাহু মা আৰু নিজৰ মাতৃৰ সেৱা শুশ্ৰূষাত হোৱা মানসিক জটিলতা বোৰত প্ৰতিজন পুৰুষে ভুক্তভোগী ।

 

ফটাপ্ৰশ্নটো হ’ল শ্ৰীকৃষ্ণই পপুলাৰ হোৱাৰ আগতে মাতৃদিবস পালন কৰিলে কাৰ সৈতে ছেল্ফী তুলি ফেচবুকত আপলোড কৰিলেহেঁতেন? যশোদাৰ লগত নে দৈৱকীৰ লগত ?

 

উত্তৰঃ  প্ৰশ্নৰ উত্তৰ দিম বাৰু পিছে পৰে, পিছে সমগ্ৰ নাৰী জাতি ইৰ্ষাপৰায়ণ বুলি একে আষাৰে কৈ দিলে যে! অকণো বুকু নকঁপিল? 

 

৩ )  কমলা দাসঃ

 

ৰেড কাৰ্পেট কাক বোলে ?

 

উত্তৰঃ- সেইটো বহুত ওপৰৰ মাল, আমাৰদৰে এলাপেচা মানুহে বুজি নেপায়।

 

৪) মন্দিৰা শৰ্মাঃ

 

ফটাঢোলৰ আটাইতকৈ মৰমৰ ফটাঢুলীয়া ফটাঢুলীয়ানী কোন ?

 

উত্তৰঃ- ফটহু আৰু ফিটাহী।

 

৫) উৰ্বশী প্ৰান্তৰ ভাগৱতীঃ

 

মনলৈ অহা দুটি প্ৰশ্ন দেই

– মেগী নুদলছ বাৰু কাৰ কাৰ দুই মিনিটতে সিজিছে?

 

উত্তৰঃ সিজক নিসিজক, দুই মিনিট মানে দুই মিনিটেই, আৰু সিজোৱাত নাই, লাগিলে দাঁ‌ত ভাঙি যাওক, কথাবোৰ এনেকুৱাহে হ’ব লাগে।

 

– এইযে এন্টি এইজিং ক্ৰীমবোৰ, এইবোৰে সঁচাই বয়স ৰখাইনে ?

 

উত্তৰঃ- বয়সটো নৰখায়, বয়সৰ লক্ষণবোৰ লুকুৱায়।

☆ ★ ☆ ★ ☆

3 Comments

  • কমলা দাস

    মজাৰ উত্তৰ

    Reply
  • কৰবী দেৱী

    সুন্দৰ প্ৰশ্নোত্তৰ।

    Reply
  • Narayanee Narayanee

    মজা লাগিছে

    Reply

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published. Required fields are marked *