দেউতাৰ ছাতিটো-অসীমা শইকীয়া দত্ত
নতুনকৈ খোলা দোকান এখন। মালিক চিনাকি।বৰষুণত তিতি সুমাই সুধিলোঁ,
: মানুহ আহেনে?
গপচত কৈছে,
: আহে। বৰষুণ দিলে বেছি হয়৷ থোপা পাতি সুমাবলৈ। নিকিনে একো। এইগালে বৰষুণ দিলে অকল মোৰ দোকানখনহে পায়।
ময়ো বৰষুণ দেখি সুমাইছিলোঁ, ওলাই দিলোঁ হেৰৌ। আমাৰ মানুহজনতকেও মুখ চোকা, কাৰ ভাগৰ সম্পত্তি সুধিবলৈ ন’হল।
মনত পৰিল, এবাৰ বৰষুণত তিতি মানুহ এজনী আমাৰ ঘৰত সোমালহি৷ দেতাই কৈছে,
: তিতিলিয়েই, ঘৰটো দুঘৰৰ সিফালেহে। আমাৰ ঘৰত ৰ’দ দিয়া নাইতো। চাহগালে তামোলে চোবাবলৈ সোমালি?
মানুহজনীয়ে ছাতি এটা খুজে, যাবগৈ। দেতাই কৈছে,
: নি লগে লগে ঘূৰাবিহি।
মানুহজনীয়ে কৈছে,
: দিলেহি ছাতিটো যাম কেনেকৈ?
কিৰণ দাই কৈছে,
: তাতকে চাহকে খাওক। অঙ্কটো খেলিমেলি তেনেই। ছাতি নি পাহৰিলে আমাৰ কোম্পানীয়ে সুদাই নেৰে।
মানুহজনীয়ে কৈছে,
: পাহৰিমনো কেলৈ, ককাইদেৱে আনিবলৈ পিছে পিছে তিতি, কচুপাত মূৰত লৈ হ’লেও যাবই।
দেতাই ছাতি এটা দিয়েহি। মানুহজনীয়ে কেনি মেলে বুলি ঘূৰাই পকাই আছে, দেতাই কৈছে,
: সৈটো মেলখোৱা ছাতিয়েই। মেলিহে দিছোঁ। তই তলপিনে ছাতিৰ নালডালত ধৰ, ওপৰপিনে হুকটোত ধৰি ল। ন’হলে ওপৰৰ ফালৰ পা তললৈ দোঁ খাই আহে। তোৰ হাতী মূৰণী, ঢাক খাব যা। গৈ থাক তলে ওপৰে ধৰি।
মায়ে সুধিছে,
: তাইৰ দুইটা হাত বন্দী হ’লে যাব কেনেকৈ?
দেতাৰ ভেকাহি,
: তাই হাতেদি খোজকাঢ়ি যাবনি? ভৰি দুটা আছেতো মুকলি হৈ।
মানুহজনীয়ে ছাতিটো দাঙি ধৰে ওপৰলৈ, দুডাল পাটি ভঙা৷ ছাতিৰ কাপোৰখন লোৱাটোৰ থুতৰিত লাগে। ভঙা পাটি দুডাল মূৰত লাগে। এডাল পাটি ওপৰলৈ দাং খাই ভগা, সেইখিনিত ছাতিৰ কাপোৰখনে সৰগলৈ চাই চেধা মলি আছে। বাকী তাৰে এডাল পাটি ভাঁজলোৱা, ছাতিৰ কাপোৰখন তাত সুমাই আছে ভিতৰলৈ ভৰ দি, মাত্ৰ এডাল পাটি ভাল, সিয়ে ধৰি আছে ছাতিটো কামোৰ মাৰি। ন’হলে ছাতিৰ কাপোৰ আৰু পাটিৰ দিভোৰ্চ দুখ লগাকৈ হৈ আছে। দেতাৰ ছহীটো নাই মাত্ৰ, বিচ্ছেদৰ কাগজত সেয়ে চলি আছে সিহঁতৰ সংসাৰখন। নালটো নাই ছাতিৰ। দেতাই প্লাষ্টিকৰ বটল এটাত নালডাল ভৰাই থৈছে কায়দা কৰি।
সেই ছাতিটোৰ ভিতৰত মানুহজনীয়ে মূৰতো ভৰাই সুধিছে,
: মই মূৰতো ভৰালোঁ হয়, উলিয়াব পাৰিমনে, ভিতৰখন তেনেই জোঙ দেখোন। কিৰণ ঐ মোক কি দিলি এইটো, কিবা যুদ্ধৰ অস্ত্ৰৰ ভাণ্ডাৰত সুমুৱাৰ দৰে লাগিছে। তাকো শব্দও কৰে ভঙা পাটি গালে কৰক কৰক। ৰাম! তিতিয়েই যাওঁ হেৰৌ। মই ছাগলী আনিবলৈ ইয়াতকে ভাল ছাতি নিওঁ।
দেতাই কৈছে,
: এইটো মই গৰু অনা ছাতিয়েই থ। বৰ বেলেষ্টাৰজনী। মখমলৰ ছাতিহে লাগে।
মায়ে ছাতিটো খুজি লৈ, ভাল পাটিডালো ভাঙে দুডোখৰকে, পাটিডালে লাঙখাই পৰি নমস্কাৰ দিয়ে যেন, “খুইদৌ, মোৰ পৰিয়ালটোৰ হাতভৰি ভঙা, অকল মই ভাল হৈ আছিলোঁ। ভালেই কৰিলে ভাঙি মুক্তি দিলে। আজিপা আমি মৰিলোঁ…। ইহলোকলৈ গমন কৰিলোঁ। খুৰাদৌক বলেৰে জীয়াবলে মানা কৰিব। আমি আৰু কোনোপধ্যেই মেল নাখাওঁ৷”
☆ ★ ☆ ★ ☆
2:41 pm
ভাল লাগিল
3:19 pm
ছাতিটোৰ ছবিখন কল্পনা কৰি অকলে অকলে হাঁহি আছো ৷ বেচেৰা ছাতিয়েও তধা মধা খাই গৈছেগে ৷
8:07 pm
হা হা। আপোনাৰ ষ্টাইলটো সুকীয়া।
8:34 am
😂😂, ভাল লাগিল