ফটাঢোল

প্ৰাৰ্থনা মঞ্জুৰী-যোগেশ ভট্টাচাৰ্য 

: হে’ৰা চিত্ৰগুপ্ত, যমৰ তালৈ পঠিয়াব লগা অধমকেইটাৰ নামৰ লিষ্টখন মেইল কৰিলা নেকি?

লেপটপটোৰ স্ক্ৰীণত চকু ফুৰাই ভগবানে সুধিলে।

: নাই ৰ’ব প্ৰভু, আৰু দুটা ফাইল আছে।

: ঠিক আছে তেনেহ’লে। সেই দুটা ফাইলৰ কাম হ’লে প্ৰাৰ্থনা মঞ্জুৰীৰ ফাইল এটা আছে। আজিৰ দিনটোৰ লাষ্ট এইটো। মই আকৌ এবাৰ চকু ফুৰাই চাই লওঁ। ইম্পৰ্টেণ্ট ফাইল এইটো।

“অ’কে প্ৰভু” বুলি কৈ চিত্ৰগুপ্তই লেপটপত টাইপ কৰিবলৈ ধৰিলে। এইবোৰ চিত্ৰগুপ্তৰ সদায় কৰা কাম। ভগবানৰ মুখ্য সচিব হোৱা হেতুকে বেচ অভিজ্ঞতা হৈছে। কিছুমান কাম কাজ তেওঁ নিজেই কৰে, ভগবানৰ মাত্ৰ চহীটোহে যায়। কিন্তু মানুহৰ প্ৰাৰ্থনা মঞ্জুৰ কৰা কামটো ভগবানে কিদৰে মেনেজ কৰে সেইটো আজিলৈ তেওঁ বুজিব পৰা নাই। 

ফাইল দুটা চাই যমলৈ পঠিয়াব লগীয়া লিষ্টখন মেইল কৰি চিত্ৰগুপ্তই প্ৰাৰ্থনা মঞ্জুৰীৰ পৰ্টেলটো লেপটপত খুলি লৈ ক’লে,

: কওক প্ৰভু, কাৰ নাম চাৰ্চ কৰিম?

: অঁ, তুমি পানীৰামৰ নাম চাৰ্চ কৰাচোন।

: হয় প্ৰভু, কৰিলোঁ। তেওঁৰ প্ৰাৰ্থনা হ’ল যে, কাষৰ ঘৰৰ তুলাৰামৰ ঘৈণীয়েক তৰালীক তেওঁ নিজৰ কৰি ল’বলৈ খুজিছে। কিমান পাৰচেণ্ট গ্ৰাণ্ট কৰিম প্ৰভু?

: হাণ্ড্ৰেড পাৰ্চেণ্ট।

প্ৰভুৰ কথা শুনি চিত্ৰগুপ্তৰ চকু কপালত উঠিল। হাণ্ড্ৰেড পাৰ্চেণ্ট প্ৰাৰ্থনা মঞ্জুৰীৰ ঘটনা বৰ বিৰল। কাৰণ কোনোবাই কিবা প্ৰাৰ্থনা কৰিলে আন কোনোবাই তাৰ বিপৰীতে প্ৰাৰ্থনাও কৰিব পাৰে। বেছিভাগ স্কুলীয়া ল’ৰা-ছোৱালীয়ে টপাৰ হ’বলৈ প্ৰাৰ্থনা কৰে, সেইবুলিতো সকলোকে টপাৰ বনাই দিয়া নাযায়। এজনী ছোৱালীক পাবলৈ দহটাই প্ৰাৰ্থনা কৰে, সেইবুলিতো সকলোকে দ্ৰৌপদীৰ দৰে ‘বৰ’ দিব নোৱাৰি। এতিয়া পানীৰামে তৰালীক নিজৰ কৰিব খুজিলেই নহ’ব, তৰালীয়েও ইচ্ছা কৰিব লাগিব। তৰালীৰ আপত্তি থাকিলে আবেদন অগ্ৰাহ্য হ’ব যদিও ভগবানে পানীৰামক একেবাৰে নিৰাশ নকৰি 5% মান গ্ৰাণ্ট কৰি দিব। তেনেস্থলত হয়তো বাছত বা কোনোবা পাৰ্টিত লগ পাই দুই এষাৰ কথা পতাৰ সুযোগ পাব। তৰালীৰো যদি পানীৰামৰ প্ৰতি আসক্তি থাকে কিন্তু তৰালীৰ গিৰিয়েক তুলাৰামৰ সন্মতি নাথাকিলে ২০% মান গ্ৰাণ্ট হ’ব। হয়টো দুই এদিন চিনেমা চাবলৈ যাব পাৰিব। কেতিয়াবা অতি বেছি প্ৰাৰ্থনা কৰিলে, নাইবা সন্মতি নথকাজনৰ নিজৰো ৰেকৰ্ড বেয়া থাকিলে এনেবোৰ কেচত ভগবানে পলাই যোৱাৰ পাৰ্মিচন দি দিয়ে, কিন্তু পিছলৈ এনেকুৱা জ্বালা দিয়ে যে ভগবানক দিনে নিশাই চাকি জ্বলাই উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিব লগীয়া হয়। কিন্তু এইটো কেচত ১০০% গ্ৰাণ্ট কৰিবলৈ দিয়াই চিত্ৰগুপ্ত আচৰিত হ’ল।

: প্ৰভু, তৰালীৰ গিৰিয়েক তুলাৰামৰ আপত্তি নাই নেকি এইটো কেচত?

: নাই, বৰঞ্চ তেওঁ বিচাৰিহে আছে তৰালী গুচি যোৱাটো। তৰালী গ’লেই তুলাৰামে চেনীৰামৰ ঘৈণীয়েক চেনেহীক পলুৱাই আনিবলৈ পাঙি আছে।

: কিন্তু প্ৰভু, চেনীৰামে যদি আপত্তি কৰে।

: কিয় কৰিব? চেনীৰামে যোৱা দুবছৰ ধৰি তাৰ অফিচৰ চেক্ৰেটেৰী ৰঙিলীৰ লগত চেনী খাই আছে। গতিকে চেনেহীয়ে তুলাৰামৰ লগত গুচি গ’লেই চেনীৰামৰ ৰাস্তা মুকলি হয়৷ 

: প্ৰভু, আপোনাৰ হিচাপত কিবা ভুল হৈছে নেকি! ৰঙিলীৰচোন বয়ফ্ৰেণ্ড এজন আছেই। হৰেন দোকানীৰ লগত তাইৰ কলেজৰ দিনৰ পৰাই সম্পৰ্ক নাই জানো?

: অঁ, আছিল। কিন্তু এতিয়া হৰেণে চাকৰি বাকৰি গোটাব নোৱাৰা বাবে ৰঙিলীয়ে তাক এৰি নিজৰ অফিচৰ বচ চেনীৰামৰ প্ৰেমত পৰিছে। সঁচা কথা ক’বলৈ হ’লে, তাই চেনীৰামৰ চাকৰিটোৰ প্ৰেমত পৰিছে। 

: আচ্ছা প্ৰভু বুজিলোঁ বাৰু। পানীৰামে তুলাৰামৰ ঘৈণীয়েক তৰালীক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছে, আৰু তুলাৰামে চেনীৰামৰ ঘৈণীয়েক চেনেহীৰ বাবে প্ৰাৰ্থনা কৰিছে। চেনীৰামৰ লিলিমাই ৰঙিলীৰ লগত আৰু ৰঙিলীয়েও হৰেনক এৰি চেনীৰামকেই আপোন কৰিছে। ইয়াত কাৰো একো আপত্তি নাই, সেইটোও বুজিলোঁ কিন্তু হৰেণৰ প্ৰতি এয়া অন্যায় নহ’বনে?

: চোৱা, মই সকলো কথা চালি জাৰি চোৱাৰ লগতে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাবোৰো এবাৰ অনুমান কৰি চাইহে প্ৰাৰ্থনা মঞ্জুৰ কৰোঁ যাতে কাৰোবাৰ প্ৰাৰ্থনা মঞ্জুৰীৰ বাবে আন কাৰোবাৰ অনিষ্ট নহয়। হৰেণ দোকানী হ’ল সৎ লোক, আৰু সেইবাবেই ধনী ব্যৱসায়ী তুলাৰামৰ জীয়েক মালতীৰ প্ৰেম প্ৰস্তাৱ দুবছৰ ধৰি প্ৰত্যাখ্যান কৰি আহিছিল, কাৰণ সি ৰঙিলীৰ প্ৰতি দায়বদ্ধ হৈ আছিল। এতিয়া ৰঙিলীয়ে যিহেতু তাক ঠগিলে, সি মালতীৰ প্ৰস্তাৱ গ্ৰহণ কৰিব। 

: কিন্তু প্ৰভু, ইয়াত আৰু দুটা প্ৰব্লেম আছে। প্ৰথম কথা, হৰেনক মালতীৰ বাপেক তুলাৰামে চকু পাৰি দেখিব নোৱাৰে, দ্বিতীয়তে মালতীয়ে হৰেনৰ লগত বিয়া হৈ গ’লে হৰেণৰ ভায়েক বীৰেণৰ প্ৰাৰ্থনাটো কি হ’ব? বীৰেণে যে মালতীক বিয়া পাতিবলৈ প্ৰতি বৃহস্পতিবাৰে আপোনাক নৈবদ্য দি আহিছে। আকৌ বীৰেণক যে মনে মনে চেনীৰামৰ জীয়েক বকুলীয়ে পাবলৈ প্ৰতি সোমবাৰে ব্ৰত ৰাখি আছে, তাইৰ কি হ’ব প্ৰভু? এনেকৈ হ’লে এশ শতাংশ প্ৰাৰ্থনা  মঞ্জুৰী কেনেকৈ হ’ব? 

: ৰ’বা ৰ’বা, বীৰেণৰ চকু মালতীৰ ওপৰত নাই, তাৰ চকু মালতীৰ বাপেক তুলাৰামৰ সম্পত্তিতহে। এতিয়া তুলাৰাম আৰু তৰালীৰ বিবাহ বিচ্ছেদ হ’ব বুলি সি গম পাইছে কাৰণ হাইকৰ্টৰ উকীল বীৰেণক তুলাৰামে  ডিভৰ্চৰ কেচটো দিছে আৰু তাৰ পিছত চেনেহীৰ লগত কোৰ্ট মেৰেজ কৰোৱাৰ দায়িত্বও দিছে। বীৰেণে মোটামোটি এটা আইদিয়া কৰিব পাৰিছে যে তুলাৰাম আৰু তৰালীৰ ডিভৰ্চ হ’লে জীয়েক মালতীয়ে মাক তৰালীৰ লগতেই যাব, কাৰণ বাপেকৰ লগত তাইৰ ৰাহি-যোৰা নিমিলে। তাই মনে প্ৰাণে ভাল পোৱা হৰেণক বাপেকে সুযোগ পালেই তিৰস্কাৰ কৰা কথাটো তাই বেয়া পায়। গতিকে মালতীক বিয়া পাতিলে সি তুলাৰামৰ সম্পত্তিৰ ভাগ নাপায়। কিন্তু তুলাৰামে চেনেহীক বিয়া পাতিলে চেনেহীৰ একমাত্ৰ জীয়েক বকুলীয়েই তুলাৰামৰ উত্তৰাধিকাৰী হ’ব। গতিকে বীৰেণে এতিয়া মালতীক এৰি বকুলীক পাবলৈহে খাটি আছে। গতিকে বীৰেণৰো প্ৰাৰ্থনা মঞ্জুৰ, মালতীৰো প্ৰাৰ্থনা মঞ্জুৰ। বকুলীয়ে যিহেতু বীৰেণকেই বিচাৰিছে, তাইৰো প্ৰাৰ্থনা মঞ্জুৰ।

: হমম, বুজিছোঁ প্ৰভু। এতিয়া পানীৰামে তৰালীক বিয়া পাতিব, তুলাৰামে তৰালীক এৰি চেনেহীক বিয়া পাতিব, চেনীৰামে চেনেহীক এৰি ৰঙিলীক বিয়া পাতিব। ৰঙিলীয়ে হৰেনক এৰি দিয়া বাবে সি মালতীক বিয়া পাতিব আৰু বীৰেণে মালতীৰ সলনি বকুলী বিয়া পাতিব, কাৰণ তুলাৰামৰ উত্তৰাধিকাৰী নিজৰ জীয়েক মালতি নহৈ হ’বলগীয়া সতীয়া জীয়েক বকুলী হ’ব। ঠিকেই বুজিছোঁ নে প্ৰভু?

: একদম ৰাইট।

: এতিয়া আপোনাৰ মতে এই ঘটনাসমূহৰ লগত জড়িত আটাইকেইজন সুখী হ’বনে?

: কিয় নহ’ব আকৌ? বুঢ়া কাপল কেইটাই মনে বিচৰা পাৰ্টনাৰ পাব। তুলাৰামে জীয়েক মালতীক হৰেণৰ তালৈ বিয়া নিদিয়ে, কিন্তু এতিয়া পানীৰামহে মালতীৰ সতীয়া বাপেক, অৰ্থাৎ হৰেণৰ শহুৰেক হ’ব। পানীৰামৰ আকৌ হৰেণৰ লগত ভাল। বীৰেণে বকুলীক বিয়া পাতি তাইৰ হ’ব লগীয়া সতীয়া বাপেক তুলাৰামৰ সম্পত্তিৰ মালিক হ’ব, গতিকে সিও খুচ। তুলাৰামেও বীৰেণক পচন্দ কৰে।

: আচ্ছা প্ৰভু, আপুনি যেনেকৈ এই কাপলবোৰ মিলাইছে, পৰকীয়া প্ৰেমৰ প্ৰমোচন কৰা যেন লগা নাইনে? আপুনি ঈশ্বৰ হৈ এনেকুৱা সম্পৰ্কৰ হেপ্পী এণ্ডিং কৰিবলৈ খুজিছে কিয়? 

: শুনা চিত্ৰগুপ্ত। মই কাৰো প্ৰমো নকৰোঁ, কাকো বাধাও নিদিও। কাৰো অসুবিধা নোহোৱাকৈ কৰা প্ৰাৰ্থনা মঞ্জুৰ কৰোঁৱেই। এতিয়া সেই প্ৰাৰ্থনা মঞ্জুৰ কৰাৰ ফলত ভৱিষ্যতে হ’বলগীয়া পৰিস্থিতিৰ বাবে প্ৰাৰ্থনা কৰাজন নিজেই দায়ী হ’ব। নিজৰ কামৰ ফল নিজেই ভুগিব। 

: কেনেকৈ ভুগিব? মইচোন সকলোৰে ভৱিষ্যত সুখময় হ’ব যেনহে পাইছোঁ।

: মুঠেও নহ’ব। বিলাতী সুৰা খোৱা ধনী ব্যৱসায়ী তুলাৰামৰ ঘৈণীয়েক তৰালীয়ে গেলা খোৱা পানীৰামৰ মুখৰ গোন্ধত ৰ’ব নোৱাৰিয়েই এৰি পলাব চাবা। ইফালে চেনীৰামৰ ঘৈণীয়েক চেনেহীৰ নামটোহে চেনেহী, মুখখন যি চোকা, দিন বাগৰাৰ লগে লগে তুলাৰামক তুলাধুনা দিব তাই। ৰঙিলীতো সকলোৰে লগত ৰঙিলী। তাই চেনীৰামৰ লগত কিমান দিন টিকে ঠিকনা নাই। বীৰেণে তুলাৰামৰ সম্পত্তিৰ বাবে বকুলীক বিয়া পাতিব যদিও তাৰ হিচাপ অলপ ভুল হৈ আছে। তুলাৰামে গোটেই সম্পত্তি জীয়েক মালতীৰ নামত উইল কৰি থৈছিল। বীৰেণে সেইটো নুবুজি মালতীক এৰি তুলাৰামৰ হ’বলগীয়া সতীয়া জীয়েকক বিয়া পাতিবলৈ ওলাইছে কেৱল তুলাৰাম মৰিলে ব্যৱসায় বাণিজ্য নিজৰ হাত কৰিবলৈ। আচলতে এতিয়া সৎ আৰু নিষ্ঠাবান হৰেণহে তুলাৰামৰ সম্পত্তিৰ মালিক হ’ব, যদিও তাৰ সম্পত্তিৰ প্ৰতি একো লোভ নাই। গতিকে এতিয়া বুজি পাইছাই নিশ্চয়, মই কিয় এই মানুহকেইজনৰ প্ৰাৰ্থনা এশ শতাংশ এপ্ৰুভ কৰিছোঁ। সাময়িক ভাৱে সকলো সন্তুষ্ট হ’ব, কিন্তু সময়ত কৰ্মফল সকলোৱে পাব। 

: ৰ’ব প্ৰভু, এটা কনফিউজন ৰৈ গ’ল। সকলোৰে মন পচন্দত বিয়া বাৰু হৈ গ’ল, ঠিক আছে বাৰু। কিন্তু সতি সন্ততি নোহোৱা পানীৰামেও মালতীক জীয়েক হিচাপে পালে। কিন্তু পানীৰামৰ ঘৈণীয়েক পদুমীৰ প্ৰতি আপুনি কি ন্যায় দেখুৱালে প্ৰভু? তেওঁ গিৰিয়েকৰ প্ৰতি দায়িত্ব পালন কৰিও চোন এতিয়া অকলশৰীয়া জীৱন যাপন কৰিব লাগিব।

: অঁ, দেখাত তেনেকুৱাই লাগে। কিন্তু এই ঘটনাবোৰ ঘটি যোৱাৰ পিছত সবাতোকৈ লাভৱান তেঁৱেই হ’ব। পদুমীয়ে দুবছৰ আগত জইন কৰা ৰাজনৈতিক দলটোৱে এইবাৰ নিৰ্বাচনত নাৰী সৱলীকৰণক মুখ্য উদ্দেশ্য হিচাপে লৈছে। তাৰবাবে তেওঁলোকে মহিলা প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা  কৰাব বিচাৰিছে। পদুমীৰ ইমেজ এনেও ভাল। তাতে গিৰিয়েকে এৰি গুচি যোৱা নাৰী হিচাপে ৰাইজৰ সহানুভুতি গোটাই তেওঁক নিৰ্বাচনত জয়ী কৰাবলৈ দলে চেষ্টা কৰিব। পানীৰামৰ দৰে গেলা মদাহীক ভাত ৰান্ধি খুওৱাতকৈ ৰাইজৰ কাম কৰাটোহে তেওঁৰ বাবে ন্যায় হ’ব। 

: ৱাহ প্ৰভু, আপোনাৰ বিচাৰ অতুলনীয়। আজি বুজি পালোঁ মানুহৰ ইচ্ছা পূৰণ কৰাটো ভাতৰ লগত পানী খোৱা কথা নহয়। 

: ঠিক আছে বাৰু, এইটো ফাইলত চীল মোহৰ মাৰি পঠিয়াই দিয়া। কাইলৈ অলপ হাই লেভেলৰ ফাইল চাব লাগিব?

: কি ফাইল প্ৰভু?

: ইলেকচন ওচৰ চাপিছে, ডেৰ দুই হাজাৰ মানুহে প্ৰাৰ্থনা কৰি পঠিয়াইছে মিনিষ্টাৰ এম এল এ হ’বলৈ আশা পালি। কাইলৈ দেৰিলৈ কাম কৰিম বুলি আহিবা। সেইকেইটা ফাইলত চীল মোহৰ পৰেনে যমৰ ওচৰলৈ পঠিয়াব লগীয়া হয় ঠিক নাই। 

এইবুলি প্ৰভুৱে লেপটপ সামৰিলে। চিত্ৰগুপ্তইও হয় প্ৰভু বুলি মূৰ দুপিয়াই ঘৰলৈ যাবলৈ ওলাল। 

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *