ফটাঢোল

বৰ বাবুৰ বুদ্ধি-প্ৰান্তৰ ভাগৱতী

যোৱাটো শতিকাৰ সত্তৰ দশক মানৰ কথা। সত্তৰ আশীৰ দশকলৈকে চাহবাগিচা বিলাকত যিবোৰৰ মালিক বৃটিছ সকল আছিল, সেই বাগানবোৰত মেনেজাৰ হিচাপে একোজন বৃটিছ চাহাব আছিল।‌সাধাৰণতে ডেকা বিয়া নকৰোৱা বৃটিছ চাহাবসকলহে তেতিয়াৰ অসমৰদৰে  দুৰ্গম ঠাইত মেনেজাৰ হিচাপে কাম কৰিবলৈ আহিছিল। আহি প্ৰথম প্ৰথম তেওঁলোকৰ ভাষাক লৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। না তেওঁলোকে সোনকালে হিন্দী বা অসমীয়া ভাষা শিকিবলৈ পাৰিছিল না তেওঁলোকে কোৱা বৃটিছ কায়দাৰ ইংৰাজী ভাষা বাগানৰ বনুৱা, লগুৱা আদিয়ে বুজি পাইছিল। সাধাৰণতে বাগানবোৰত বৰ বাবুৰ দায়িত্ব  কলিকতাৰ বেংগলী ‌শিক্ষিত চালাক ব্যক্তি এজনকে‌ দিছিল বাগানৰ মালিকসকলে।‌ বাগানৰ কলঘৰৰ অফিচ, মেনেজাৰৰ বাংলা আদিত সাধাৰণতে কেইবাজনো বনুৱা দাৰোৱান , মালী , ৰান্ধনী , বেহেৰা আদি থাকিছিল। বনুৱাসকলে মেনেজাৰসকলক বৰ ভয় কৰিছিল আৰু যি কয়,যেনেকৈ কয়, তেনেকৈয়ে কামবোৰ কৰিছিল। তেনে এজন ডেকা বৃটিছ চাহাবৰ কাহিনী এটা শুনক।

এজন ডেকা বৃটিছ চাহাব উজনি অসমৰ এখন বাগানলৈ নতুনকৈ মেনেজাৰ হিচাপে কাম কৰিবলৈ আহিছিল। আহি প্ৰথম না তেওঁ হিন্দী বা অসমীয়া ভাষা ক’ব পাৰে, ‌না তেওঁৰ দাঁতভঙা বৃটিছ কায়দাৰ ইংৰাজী বনুৱা, লগুৱা, বেহেৰা , অফিচৰ দাৰোৱান আদিয়ে বুজি পায়। কেৱল বেংগলী বৰ বাবুৱেহে তেওঁৰ লগত অলপ অচৰপ কথা পাতিব পাৰিছিল। চাহাবৰ বাংলাত কামবোৰ লগুৱাকেইটাই  যেনে তেনে আগৰ মেনেজাৰক কৰি দিয়াৰ দৰে কৰি দিছিল। পিছে অফিচতহে ডেকা বৃটিছ চাহাব বৰ বিপদত পৰিল। মেনেজাৰ চাহাবৰ কোঠালীৰ দাৰোৱানজনে চাহাবে কি কয় একো বুজি নাপায়। সি অলপ অচৰপ হিন্দী ভাষা বুজি পায় । সেয়েহে আগৰ মেনেজাৰকেইজনে হিন্দীতে হুকুম দিছিল। সিও সেইমতেই চাহাবৰ কোঠালীৰ দুৱাৰ খোলা আৰু বন্ধ কৰিছিল। সেয়েহে মেনেজাৰ আৰু দাৰোৱান বৰ সমস্যাত পৰিল। বিশেষকৈ চাহাবৰ কোঠালীত যিকোনো ব্যক্তিৰ সোমোৱা নিষেধ। দাৰোৱানে সোমাবলগীয়া ব্যক্তিক দৰ্জা খুলি নিদিয়ে আৰু সোমাবনলগীয়া ব্যক্তিক দৰজা খুলি দিয়ে। চাহাবৰ মূৰ গৰম ইয়াকে লৈ। চাহাবে

“Open the door ” বা  ” Shut the door ”  বুলি ক’লে দাৰোৱানে একো বুজি নাপায়। চাহাবো আহিছেহে কেইদিনমানৰ আগতে বাগানলৈ। গতিকে হিন্দীও শিকাই হোৱা নাই ভালকৈ। গতিকে চাহাবে সমস্যাটো বৰ বাবুৰ লগত আলোচনা কৰিলে। বৰ বাবুৱে চাহাবক হিন্দীত দুৱাৰ খোলা আৰু বন্ধ কৰা ক’বলৈ শিকাবলৈ চেষ্টা কৰিলে যদিও চাহাবৰ মুখত নুফুটে। সেয়েহে বৰ বাবু‌ৱে নাকটো মোহাৰি বুদ্ধি এটা উলিয়ালে। বৰ বাবুয়ে চাহাবক ক’লে যে যেতিয়া চাহাবে দাৰৱানক দুৱাৰ খুলিবলৈ হুকুম দিব, তেতিয়া চাহাবে দাৰৱানক ক’ব …

” There was a cool day “…

চাহাবেও বৃটিছ কায়দাৰ ইংৰাজীত দাৰোৱান হুকুম দিলে

“দেৰৱাজা খুল দে ” .. 

দাৰোৱানে লগত লগত দুৱাৰ খুলি দিলে !! চাহাব আচৰিত !! 

এতিয়া সমস্যা হ’ল দুৱাৰ বন্ধ কৰিবলৈ চাহাবে কি বুলি হুকুম দিব। বৰ বাবুয়ে পুনৰ নাকটো মোহাৰি বুদ্ধি এটা উলিয়ালে। তেওঁ চাহাবক ক’লে যে চাহাবে যেতিয়া দাৰোৱানক দুৱাৰ বন্ধ কৰিবলৈ হুকুম দিব, চাহাবে দাৰৱানক ক’ব…..

” There was a Brown Crow “..

চাহাবেও বৃটিছ কায়দাৰ ইংৰাজীত দাৰোৱানক হুকুম দিলে….

” দেৰৱাজা ব্ৰন কৰঅ”…

দাৰোৱানেও লগত লগত দুৱাৰ বন্ধ কৰি দিলে ….

চাহাব Shocked বৰ বাবু Rocked..

☆ ★ ☆ ★ ☆

4 Comments

  • ডলী

    হা হা। দেৱাৰ ৱাজ আ খোল দে। বহুত হাঁহিলোঁ।

    Reply
  • Ranjan kr Das

    Bahut hahilu dei…bhal lagil

    Reply
  • কৰবী দেবী

    হা হা হা, কি সাংঘাটিক প্ৰশিক্ষণ।
    সুন্দৰ লিখনি।

    Reply
  • মুনমুন

    বৰবাবুৰ বুদ্ধিৰ শলাগ লৈছোঁ দেই😄

    Reply

Leave a Reply to মুনমুন Cancel reply

Your email address will not be published. Required fields are marked *