ফটাঢোল

ষড়যন্ত্ৰ-জয়ন্ত দাস

গাঁওখনৰ খোৱাপানীকণৰ সমস্যাটো আজি কেইবামাহো ধৰি  সমাধান নহ’ল৷ যোৱা প্ৰায় ৮-১০ মাহ ধৰি বিশুদ্ধ খোৱাপানীৰ নামত চৰকাৰখনে কেৱল ঘোলাপানীহে যোগান ধৰিলে৷ পানীৰ সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি গাঁওৰ মানুহখিনিয়ে এখন দৰ্খাস্ত লিখি জীতেনৰ হাতত নগৰৰ কাৰ্য্যালয়টোলৈ পঠিয়াই দিলে৷ জীতেন গাঁওখনৰ আটাইতকৈ শিক্ষিত আৰু ভদ্ৰ ল’ৰা৷ সিয়ো গাঁওখনৰ বাবে এইখিনি দ্বায়িত্ব ল’বলৈ পাই ভালেই পালে৷

অসমীয়া আমাৰ মাতৃভাষা৷ অনুগ্ৰহ কৰি সকলোৱেই অসমীয়া ভাষাতেই নিজৰ কামবোৰ কৰে যেন৷

কাৰ্য্যালয়টোৰ নাম ফলকৰ তলত লিখা কথাখিনি পঢ়ি জীতেনে বৰ ভাল পালে৷ তাৰ বৰ গৌৰৱবোধ হ’ল৷ 

ভিতৰলৈ সোমাই গ’ল সি৷

: চাৰ, আছেনে?

কোঠাৰ বাহিৰত বহি থকা পিয়নজনক সুধিলে৷

: চাৰে, এতিয়া চাহ খাই আছে৷ অলপ সময় অপেক্ষা কৰিব লাগিব৷

: কিমান সময়? 

পিয়নজনৰ উত্তৰত সি পুনৰ সুধিলে৷

: কিমান সময় ক’ব নোৱাৰিম৷ কিন্তু তেওঁ চাহ খোৱা শেষ হ’লেই কলিং বেলটো বজাই দিব আৰু তেতিয়াহে কোনো মানুহ ভিতৰত প্ৰবেশ কৰিব পাৰিব৷

: বাৰু, বাৰু হ’ব দিয়ক৷ প্ৰয়োজন যেতিয়া মোৰ, অপেক্ষাটো কৰিবই লাগিব৷ 

জীতেনে হাঁহি মাৰি পিয়নজনক ক’লে৷

সি মোবাইলটো উলিয়াই লৈ ফটাঢোলৰ ই-আলোচনীখন পঢ়িব ধৰিলে৷ বহুসময়লৈকে বেলটো নবজাত সি বিৰক্ত হ’ল৷

: কি হ’লহে চাহাবৰ চাহ খোৱা শেষেই নহ’ব নেকি?

: ইমান অধৈৰ্য্য কিয় হৈছে?  কৈছোঁৱেই চোন, তেওঁৰ চাহখোৱা হ’লে বেলটো বজাব বুলি৷

ঠিক সেই সময়তেই চাৰৰ কোঠাৰ দৰ্জাখন খোল খালে আৰু এজনী প্ৰায় ২১-২২ বছৰীয়া ছোৱালী কোঠাটোৰ পৰা হাঁহি হাঁহি উলাই আহিল আৰু কাৰ্য্যালয়টোৰ অইন এটা কোঠালৈ সোমাই গ’ল৷

: চাৰৰ চাহখোৱা হ’ল নিশ্চয়৷ সাজু হৈ লওক৷ এতিয়াই তেখেতে বেল বজাব ৷ 

পিয়নজনৰ কথা শুনি জীতেনেও  তাৰ মূৰৰ চুলি কেইডাল আঙুলিৰে এনেই ঠিকঠাক কৰি ল’লে৷ 

সঁচাকৈয়ে সেই সময়তেই বেলটো বাজি উঠিল৷ পিয়নজনে কোঠাৰ দৰ্জাখন খুলি জীতেনক ভিতৰলৈ প্ৰবেশ কৰিব দিলে৷

সি ভিতৰলৈ সোমাই গ’ল৷ এজন মস্ত শকত-আৱত মানুহ চকীখনত বহি আছে৷ তেওঁৰ প্ৰকাণ্ড শৰীৰৰ ভৰটো চকীখনে কোনোমতেহে  ধৰি ৰাখিব পাৰিছে৷ 

: অঁ, কি অসুবিধা হ’ল তোমাৰ?

বিষয়াজনে জীতেনক ভৰিৰ পৰা মূৰলৈ নিৰীক্ষণ কৰি সুধিলে৷

মানুহজনৰ মাত শুনি জীতেন আচৰিত হ’ল৷ দেখিবলৈ যিমান শকত-আৱত তাৰ তুলনাত মাতটো যথেষ্ট সৰু৷ যেন কোনোবাই মুখত সোপা মাৰিহে ধৰিছে৷ কথাখিনি কোনোমতেহে ভিতৰৰ পৰা ওলাই আহিছে৷ 

: চাৰ, আমাৰ গাঁওখনত খোৱাপানীৰ খুব অসুবিধা হৈ আছে৷ সমস্যাটোৰ বিষয়ে অৱগত কৰিবলৈ আৰু লগতে স্থায়ী সমাধানৰ বাবে এখন দৰ্খাস্ত দিব আহিছিলোঁ৷

: ঠিক আছে বহা৷ চাওঁ, দিয়া দৰ্খাস্তখন৷ 

: এইখন চাৰ৷ অনুগ্ৰহ কৰি সমস্যাটোৰ শীঘ্ৰেই সমাধান কৰে যেন৷ 

কথাখিনি কৈয়েই  জীতেনে দৰ্খাস্তখন বিষয়া জনৰ ফালে আগবঢ়াই দিলে৷

: আৰে এয়া কি লিখি আনিছা? কিহৰ দৰ্খাস্ত এইখন? 

বিষয়াজনৰ কথাত জীতেনে কিবা ক’ব খোজাৰ আগতেই তেখতৰ ফোনৰ ৰিং ট’নটো বাজি উঠিল৷

“তু ইচ তৰহ মেৰে জিন্দেগী মে চামিল হ’৷ যাহা ভী যাওঁ ইয়ে লগতা হে ” . …. 

সম্পূৰ্ণ ৰিং ট’নটো বাজি উঠাৰ পিছতহে তেওঁ ফোনটো ধৰিলে৷

: আৰে বিজিত তই? 

বিষয়াজনে  ইমান জোৰে চিঞৰ উঠিল যে জীতেন চক খাই উঠিল৷ কোনোমতেহে চকীৰ পৰা নপৰাকৈ থাকিল৷ এই মানুহজনে ইমান জোৰত চিঞৰি কথা ক’ব পাৰিছেনে? তাৰ সন্দেহ হৈ গ’ল৷

: আৰু ক, ইমান দিন ক’ত আছিলি তই? কেনেকৈ মনত পৰিল?

 ফোনত সিফালৰ পৰা উত্তৰ শুনি এইবাৰ  তেওঁ ঢেকঢেকাই হাঁহিব ধৰিলে৷

: আৰে তই ফোন কৰা বাবে বিৰাট ভাল লাগিছে দোষ্ট৷  এনেদৰেই প্ৰায় আধা ঘণ্টামান ফোনত কথা পাতি পাতি ফোনটো ৰাখিলে৷

: অঁ, তুমি কি কামত আহিছিলা?

জীতেনৰ ফালে চাই বিষয়াজনে সুধিলে৷

: চাৰ, খোৱাপানী সমস্যাৰ সমাধান বিচাৰি দৰ্খাস্ত এখন দিব আহিছিলোঁ৷

: হয় হয় মনত পৰিছে৷ পিচে দৰ্খাস্তখন ক’ত?

: চাৰ ফাইলটোৰ কাষত সেইখন৷ 

জীতেনে দেখুৱাই দিলে৷

: আৰে এয়া কি? অসমীয়াত যে লিখি আনিছা, এইখন পঢ়িব কোনে?

: তাৰমানে? 

জীতেনে আচৰিত হৈ সুধিলে৷

শুনা এনেকুৱা সমস্যাবোৰ মই সমাধান কৰিব নোৱাৰোঁ৷ মোৰ ওপৰৰ বিষয়াজনেহে কিছু সহায় কৰিব পাৰিব৷ কিন্তু তেখেতে অসমীয়াতে লিখা এইখন পঢ়িব কেনেকৈ?

: কিয়? অসমত অসমীয়া ভাষাত  নিলিখি জাৰ্মান ভাষাত লিখিম নেকি? আৰু আপোনাৰ ওপৰৰ বিষয়াজনে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ জানো এইটো চাকৰি লাভ কৰা নাই?

: ধেই, তুমি চাগৈ দেশখনত কি হৈ আছে গমেই নোপোৱা ৷ আজিকালি অসম লোকসেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অসমীয়া জনাৰ যে প্ৰয়োজন নাই জানা নে নাজানা? আমাৰ কাৰ্য্যালয়ৰ এই বিষয়াজনৰ সাতপুৰুষ অনা অসমীয়া৷ অৱশ্যে এখেতৰ পৰিয়ালটি বহুদিনৰ পৰা অসমত বাস কৰি আছে ৷ শুনা, তুমি দৰ্খাস্তখন লৈ যোৱা৷ পাৰিলে ইংৰাজী নহ’লে হিন্দীত লিখি আনিবা৷

: কিন্তু চাৰ বাহিৰৰ ফলকখনত দেখোন অসমীয়াতে . …. 

জীতেনৰ কথা শেষ হ’বলৈ নাপালে৷ বিষয়াজনে সুধিলে,

: তুমি কোনো দেৱালত“ ইয়াত প্ৰস্ৰাৱ কৰা নিষেধ”  বুলি লিখি থোৱা দেখা নাইনে? 

সি একো বুজিব নোৱাৰি উত্তৰ দিলে৷ “ হয় দেখিছোঁ”৷

: কোৱাচোন তাত জানো মানুহে প্ৰস্ৰাৱ কৰা বন্ধ কৰে? মই নিজেই তেনেকুৱা কিমানবাৰ কৰিছোঁ৷ গতিকে লাভ নাই। তাতকৈ তুমি এটা কাম কৰা…., কথাখিনি শেষ হ’বলৈয়ে নাপালে পুনৰ ফোনৰ ৰিংটনটো বাজি উঠিল “ তু ইচ তৰহ মেৰে জিন্দেগী মে …”

: এক মিনিট ৰ’বা দেই৷ শ্ৰীমতীৰ ফোন আহিছে৷ 

এক মিনিট বুলি এইবাৰ বা আকৌ কিমান মিনিট কথা পাতে! তথাপিও জীতেন এটা আশাত বন্দী হৈ ৰ’ল যে অন্তত: মানুহে নিজৰ স্ত্ৰীৰ লগত ফোনত বেছি দিঘলীয়া কথা নাপাতে৷ পৰস্ত্ৰীৰ লগত অৱশ্যে কথাটো সুকীয়া৷

সি আশা কৰা ধৰণেই সোনকালেই ফোনটো ৰাখিলে তেওঁ৷ তাৰপিছত জীতেনৰ ফালে চাই সুধিলে,  

: এতিয়া এই দৰ্খাস্তখনৰ কি হ’ব কোৱাচোন? তুমি এনেকুৱা এটা ভাষাত লিখি আনিলা,  যিটো মোৰ বাহিৰে ওপৰৰ কোনো বিষয়াই পঢ়িব নোৱাৰে৷ গতিকে তুমি এইখন লৈ যোৱা৷ পাৰা যদি অইন ভাষাত লিখি আনিবা৷ দৰ্খাস্তখন ভাজ কৰি তেওঁ জীতেনৰ হাতত দিলে৷

এনেতে চাহ খোৱা মেডামজনী পুনৰ কোঠাটোলৈ সোমাই আহিল৷

: আৰে চাৰ, এওঁ যোৱাই নাই?

: নাই ৰে মেঘালী৷ অসমীয়াতে দৰ্খাস্ত এখন লিখি আনি মোৰ মূৰটো চোবাই আছে এতিয়াও৷

বিষয়াজনৰ কথাত জীতেনৰ ধৈৰ্য্যৰ বান্ধ চিগি গ’ল৷ প্ৰছণ্ড খং উঠিল তাৰ৷ চকুকেইটা ৰঙা হৈ পৰিল ৷ ধমনীত ৰক্ত প্ৰবাহৰ গতি বাঢ়ি গল৷ হাতৰ শক্তিশালী মুঠিটোৰে বিষয়াজনক প্ৰচণ্ড ঘোচা কেইটামান দি সি কোঠাটোৰ পৰা ওলাই আহিল৷

“এয়া অসমীয়া জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ নেকি”? 

জীতেনে ভাবিবলৈ ধৰিলে৷

☆ ★ ☆ ★ ☆

One comment

  • ডলী

    বহুত ভাল লাগিল গল্পটো। ধন্যবাদ

    Reply

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *