ফটাঢোল

মূল : বনফুল,কবি-বলাইচাঁদ: ভাবানুবাদ- ৰাজশ্ৰী শৰ্মা

জানেনে? আমি আগতে আছিলো সিংহ

                    মধ্য এছিয়া দেশত,

যদিও এতিয়া ইফালে সিফালে

                   ঘূৰিছো এই বেশত।

চকুত আমাৰ আছিল অগনি

               শিৰত কেশৰৰ তাজ,

নখত জ্বলিছিল দীপ্ত সূৰুয

               কণ্ঠত বাজিছিল বাঁজ।

লম্ফ জম্ফ কৰি হৈছিলোঁ

             পৰ্বত মৰুভূমি পাৰ,

একে হাতোৰাই মাৰিলো কত

             হাতী ঘোঁৰা আৰু গঁড়।

নাজানো আমাৰ পূৰ্বপুৰুষৰ

             কি যে বিস্মৃতি হ’ল,

খাইবাৰ পাচ অতিক্ৰম কৰি

             এই দেশলৈ আহি গ’ল।

বহু শতিকা এই শীৰ্ণ দেশত

             বাস কৰাৰ হৈ গ’ল,

এই দশা হৈছে হায় আমাৰ

            কণ্ঠত আৰু নাই জোৰ।

ধোঁৱাৰ ভয়তে পলাওঁ এতিয়া

           চৰাইৰ পাখিৰ বতাহতে পৰোঁ,

আন্ধাৰে আবুৰে লুকাই থাকো

             শিশুৰো চাপৰতে মৰো!

এয়াই দুৰ্দশা হৈছে আমাৰ

          এই পৰিবেশৰ গুণত—

মোৰ কাণে কাণে কুনকুনালে মহজনীয়ে

          অবাক হৈ শুনি ৰ’লো।।

সমাপ্ত

কবি পৰিচয়:- বনফুল- বলাইচাঁদ মুখোপাধ্যায় ( ১৮৯৯ –  ১৯৭৯ ) এগৰাকী বঙালী কথাসাহিত্যিক,নাট্যকাৰ তথা কবি। চিকিৎসা বিজ্ঞানৰ ছাত্র মুখোপাধ্যায় ছাত্ৰ জীৱনৰ পৰাই সাহিত্য সৃষ্টিত ব্ৰতী আছিল। নিজৰ শিক্ষক সকলৰ পৰা লুকাবলৈ তেওঁ ‘ বনফুল’ ছদ্মনামত লিখিবলৈ আৰম্ভ কৰে আৰু তেনেদৰেই বঙালী সাহিত্য জগতত সুপৰিচিত হৈ পৰে। তেওঁ চুটি গল্প আৰু কবিতা ঘাইকৈ ৰচনা কৰিছিল। ব্যংগ কবিতা আৰু পেৰডী কবিতা পুথি  ‘শনিবারের চিঠি’ ৰ পৰাই তেওঁ সাহিত্য জগতত নিজৰ আসন স্থায়ী কৰে। তেখেতে লাভ কৰা বিভিন্ন বঁটা বাহনৰ ভিতৰত ৰবীন্দ্ৰ পুৰস্কাৰ আৰু পদ্মভূষণ বঁটা উল্লেখযোগ্য।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *