ফটাঢোল

লটাৰী-দেবজিত শৰ্মা

ধূৰ্জ্জতি, চিদা দা,বিজয় মহন্ত, অভিজিত গোস্বামী প্ৰায় সকলোৱে এইকেইদিন ৰাস উপলক্ষ্যে পতা উপহাৰ কুপনৰ টিকেট লৈছে৷ টিকেট নোপোৱাৰ ভিতৰত সৰ্বহাৰাৰ প্ৰতিনিধি আদিত্য বৰঠাকুৰ হে আছে গৈ!

সকলোৰে বিৰাত উৎকণ্ঠা! ৰিজাল্টত যদি প্ৰথম পুৰস্কাৰ BMW খন লাগি যায়!! খবৰটো আদিত্যই আনিলে, চিদা দাৰ ভাগ্যত BMW লাগিছে৷ শুনিয়েই ৰাইজৰ মনলৈ ভাঁহি আহিল চিকচিকাই থকা “ব্লেক BMW” লৈ ৰাজকীয় গতিৰে চুটবুট লগাই পাছৰ চিটত বহি ইণ্ডিয়া টুডে পঢ়ি যোৱা চিদা দাৰ ছবিখন৷ নিজৰ মাজৰে কোনোবাই পোৱাত সকলোৰে ভালো লাগিছে৷ তথাপি খবৰটো চিদা দাক দিয়াৰ আগতে সকলোৱে সিদ্ধান্ত ল’লে পোনপতীয়াকৈ কোৱাৰ পৰিৱৰ্তে অলপ কৌশল খতুৱাই কথাটো চিদা দাক অৱগত কৰা যাওক৷ ঘপহকৈ ইমান ভাল খবৰ এটা শুনিলে মুৰ ঘূৰায়ো যাব পাৰে! দায়িত্বটো ভাস্কৰ শৰ্মাকে দিলে,ধৰ্ম সংক্ৰান্তীয় দুই এটা কথাৰ মাজতে লটাৰীৰ পুৰস্কাৰৰ খবৰটোও দিব৷ ভাস্কৰ গৈ চিদা দাৰ ঘৰত উপস্থিত হ’ল৷ 

: অঁ, ভাস্কৰ! আহা,বহা৷ হেৰা,ভাস্কৰ আহিছে হে”- আথে বেথে চিদা দায়ে ভাস্কৰক আগবঢ়াই নি বহিবলৈ দিলে৷

কথা বতৰা চলি থাকিল৷ একেবাৰে গোপী উদ্ধৱ সংবাদৰ পৰা লতাকতা ৰণলৈকে৷ কথা পাগত উঠিছে,এই খন্তেকীয়া জীৱনত যে সকলো মায়া মোহ সেয়া চিদা দাৰ মুখেৰে প্ৰকাশ হৈছে৷ ভাস্কৰে উপলব্ধি কৰিলে এয়াই উপযুক্ত সময় খবৰটো প্ৰকাশ কৰাৰ৷ লাহেকৈ মাত দিলে

: চিদা দা,ধৰক আপুনি লটাৰীত ১০ লাখমান পালে কি কৰিব টকাখিনি?

: কিনো কৰিম, গুৱাহাটীৰ দৰে ঠাইত দহলাখ টকাৰেনো কি হ’ব! ঘৰুৱা প্ৰয়োজন পূৰণ কৰাৰ ওপৰিও আমাৰ চিনাকিবোৰক লৈ খানা এটা পাতি দিম- নিৰূদ্বেগ স্বৰত চিদা দাৰ উত্তৰ

: ধৰক ৫০ লাখ পালে তেতিয়া?- ভাস্কৰৰ হাফ ভলি,অফষ্টাম্পৰ বাহিৰত!

: অঁ,পঞ্চাশ লাখ পালে ঘৰটো অলপ ভালকৈ সজাব পাৰিম৷ বেংককৰ বৌদ্ধ মন্দিৰ দৰ্শন কৰিবলৈ যাব পাৰিম৷- চিদা দাৰ আত্মবিশ্বাসী কভাৰ দ্ৰাইভ

(ভাস্কৰৰ ধৈৰ্য্য কম৷ কিমান আৰু পেঘেনিয়াই থাকিম বুলি পোনপতীয়াকৈ বাউন্সাৰেই দিবলৈ ঠিক কৰিলে এইবাৰ)

: অ’ চিদা দা,ঘূৰাই পকাই কথা কৈ লাভ নাই৷ আপুনি লটাৰীত BMW খন পালে৷ কি খোৱাব কওত এতিয়া৷

: ধেই,মই আৰু লটাৰীত কিবা পাব পাৰোনে! যদি পাইছো, সেইখন তুমিয়ে লৈ ল’বা যোৱা৷ এই বয়সত আৰু কি গাড়ী চলাই ফুৰিম!!- চিদা দাৰ আগৰ দৰেই নিৰূদ্বেগ উত্তৰ৷

…হেৰা,এইফালে আহা হে৷ ভাস্কৰচোন চকীতে মুৰ ঘূৰাই পৰি গ’ল( মুহুৰ্ততে চিদা দাৰ ঘৰত তেল পানী লৈ ভাস্কৰ শৰ্মাৰ মুৰত দি সুস্থ কৰিবলৈ সকলো ব্যস্ত হৈ পৰিল৷ অলপ সুস্থ হোৱা ভাস্কৰে তেতিয়াও বিৰবিৰাই আছিল “BMW ৰ মাইলেজ কিমান,পেট্ৰেল নে ডিজেলত চলে…!)

** আগতে পঢ়া কৌতুক এটাৰ আলমত

☆ ★ ☆ ★ ☆

One comment

  • ডলী

    হা হা। ভাস্কৰ মুৰ ঘুৰি পৰি যোৱাটো কল্পনা কৰিছো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *