ফটাঢোল

’ফেক’-অলকেশ ভাগৱতী

কৰ্মব্যস্ততাৰ বাবে মোৰ এজন বন্ধুৰ ফেচবুক একাউণ্ট নাছিল৷ দুসপ্তাহমান আগতেহে একাউণ্ট খুলিছে৷ কালি সন্ধিয়া একেলগে বহি থাকোতে দুপেগমান খোৱাৰ পিছত সি লাজ লাজকৈ ক’লে –

“ফেচবুক আচলতে ভালেই বস্তু বে৷ মই আগতেই খুলিব লাগিছিল৷ নতুন জগত এখনত সোমোৱা যেন লাগিছে৷ বহুত নতুন নতুন বন্ধু হৈছে৷ কিন্তু এটা কথা আচৰিত লাগিছে যে মোলৈ বহু অচিনাকি ছোৱালীয়ে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাই আছে৷ “

কথাষাৰ শুনি তালৈ পুতৌ উপজিল৷ বেচেৰা, নতুন নতুন সোমাইছে৷ ফেচবুকৰ জটিলতাবোৰ এতিয়াই বুজি পোৱা হোৱা নাই৷

নতুন পেগটো বাকী লৈ কটকৈ গিলি দি তাক ক’লো “চা দোষ্ট, এইবোৰ কমপ্লিকেটেড বস্তু৷ তোৰ প্ৰফেচনৰ দৰে ইমান ইজি নহয় যে stethoscope ডাল কাণত লগাই ললেই বেমাৰীৰ কি বেমাৰ গম পাই যাবি৷ ফেচবুকত থকা বেছিভাগ ছোৱালীৰ একাউণ্টেই ফেক৷ যধে মধে সকলো এক্সেপ্ত কৰি নিদিবি৷ প্ৰফাইলটো ভালকে চাই লবি৷ বাদ দে, তই এইবোৰ বুজি নাপাবি৷ কিবা ৰিকুৱেষ্ট আহিলে মোক কবি৷ মই চাই কৈ দিম সেয়া সঁচা একাউণ্ট হয়নে নহয়৷ আবে, ইমান বছৰ ফেচবুক কৰিলো, একাউণ্ট দেখিয়ে কৈ দিব পাৰো সেইটো ফেক নে জেনুইন৷ পেগ ঢাল৷ ৷ আৰে আমাৰ নজৰেই এনেকুৱা যে কিবা এটা দেখাৰ লগে লগেই সামান্য গোলমাল থাকিলেও চাৎকৈ চকুটো তাতহে পৰে৷ ওৱাক… থুই, পানী ঢাল চাল্লা, raw খাই দিলো৷ অ, কি কৈ আছিলো, আবে এক্সপেৰিয়েন্স৷ আমাৰ নজৰৰ পৰা কোনো ফেক সাৰি যাব নোৱাৰে৷ তই মোক সুধিবি, এক চেকেণ্ডত কৈ দিম ডুপ্লিকেট নে অৰিজিনেল৷ মই জেনুইন বুলি ছাৰ্টিফিকেট দিয়াৰ পিছতহে এক্সেপ্ত কৰিবি সেইবোৰ৷ নহলে ঠগ খাবি দোষ্ট৷ তহত এইবোৰ কথাত আমাৰ দৰে ইমান স্মাৰ্ট হৈ উঠিবলৈ অলপ টাইম লাগিব৷ চাওঁ, চানাটো দে ….“

অতিদৰ্পে হত লঙ্কা চাল্লা! ! এইমাত্ৰ দোকানত মিঠাতেল কিনিব গৈ গম পালো যে দুপৰীয়া বেলতলা বজাৰত বাল্টি দুটা কিনোতে দোকানী জনে পোকে খোৱা দাঁত দুটা উলিয়াই হাঁহি মাৰি ঘূৰাই দিয়া 500 আৰু 100 টকাৰ যি দুখন নোট মই ’এক্সেপ্ত’ কৰিছিলো, তাৰ ভিতৰৰ 500 টকীয়া নোটখন ’ফেক’! ! !■■

17 Comments

Leave a Reply to Dwipan Bhattacharjee Cancel reply

Your email address will not be published. Required fields are marked *