ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – জীমনি গগৈ

সংখ্যাটোৰ আঁৰৰ কথা–জীমনি গগৈ

অক্টোবৰ মাহৰ শেষৰ ফালে প্ৰস্তাৱটো আহিছিল – ডিচেম্বৰ মাহৰ “ফটাঢোল” ই-আলোচনীখনৰ সম্পাদনাৰ দ্বায়িত্ব ল’ব লাগে। একে আষাৰে না কৰিছিলো। আনুষংগিক কেইবাটাও কাৰণৰ লগতে প্ৰধান কাৰণটো আছিল, ই-আলোচনী এখন সম্পাদনা কৰাৰ ক্ষেত্ৰত যিধৰণৰ কাৰিকৰী দিশসমূহৰ কথা থাকে, সেই সম্পৰ্কে নূন্যতম জ্ঞানখিনিও মোৰ নাছিল। কিন্তু মোৰ এই অজ্ঞতাক নসাৎ কৰি আলোচনীখনৰ লগত পূৰ্বৰে পৰা জড়িত থকা লোকসকলে গোটেই কথাবোৰ এনেকৈ সহজ কৰি বুজাই দি মোৰ আগত দাঙি ধৰিলে যে মনৰ মাজত ভাল কাম এটা কৰাৰ হেঁ‌পাহটোৱে উকমুকাই উঠিল। নতুন কিবা এটা কৰাৰ আগ্ৰহ আৰু সম্পাদনা সমিতিৰ সমূহ বিষয়-ববীয়াৰ উৎসাহক সাৰথি কৰি সম্পাদনাৰ গুৰু-দ্বায়িত্ব মূৰ পাতি ল’লো।

প্ৰথমেই মোক সম্পাদনাৰ দ্বায়িত্ব দি নজনা বহু কথা শিকিবলৈ-জানিবলৈ সুযোগ দিয়াৰ বাবে সম্পাদনা সমিতিক মোৰ অবিমিশ্ৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে “ফটা-ঢোল”ৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জনালো।

সম্পাদনাৰ দ্বায়িত্ব লোৱাৰ আৰম্ভণিৰ পৰা সামৰণিলৈ সকলো ক্ষেত্ৰতে পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াই মোক প্ৰতিটো কামৰ আঁ‌ত দেখুৱাই আগবঢ়াই নিয়াৰ বাবে শ্ৰদ্ধাৰ জ্যোতিৰূপম দত্ত, অভিজিত কলিতা, হেমন্ত কাকতি, দেৱজিত শইকীয়া, প্ৰণীতা গোস্বামী বৰঠাকুৰ, বিজয় মহন্ত আৰু সোনটো ৰঞ্জন বৰুৱালৈ মোৰ সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিলো। তেখেতসকলৰ সহায়-সহযোগিতাৰ অবিহনে মোৰ দ্বাৰা এই কাম কেতিয়াও সম্ভৱ হৈ নুঠিলেহেঁ‌তেন। কাৰিকৰী দিশৰ প্ৰতিটো সৰু-সৰু কথাৰ লগতে আলোচনীখনৰ আন সকলো ক্ষেত্ৰতে মোৰ দৰে একেবাৰে অনভিজ্ঞ এগৰাকীক শিকাই-বুজাই সহায় কৰা ৰিণ্টুমনি দত্তলৈ তেখেতৰ আন্তৰিক সহায় আৰু পথ-প্ৰদৰ্শনৰ বাবে অযুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। আলোচনীখন অলংকৰণ, অংগসজ্জা, বেটুপাত, শুভঙ্কৰ আদিৰে আকৰ্ষণীয়কৈ সজাই-পৰাই দিয়া ৰিতুপৰ্ন বৰালৈ আন্তৰিক কৃতজ্ঞতা জনালো।

আলোচনীখনৰ লেখাসমূহৰ বৰ্ণাশুদ্ধিকৰণৰ ক্ষেত্ৰত সহৃদয়তাৰে সহায় কৰা ঋতুপৰ্ণা মহন্ত, বন্দিতা গগৈ বৰা, তৃপ্তি বৰা, পৰিস্মিতা গগৈ, মনীষা কাকতি, উৎপলা কৌৰ,বিজু বৰগোহাঁই অসমী গগৈ, অঞ্জলী গগৈ বৰগোহাঁই, মুংচাজ’ বৰ্ণালী আমফি মান্তা আদি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলো। লগতে অন্যান্য সকলো ক্ষেত্ৰতে মোক সক্ৰিয়ভাৱে সহায় কৰা চবিনা য়াচমিন, ৰামানুজ গোস্বামী, হিমাংশু ভাগৱতী, অনুভৱ আকাশ, মানস শইকীয়া, সদানন্দ দত্ত, হেমেন ডেকা, বিকাশ শইকীয়া, যাজ্ঞ বল্ক্য দিম্পল কলিতা, ধ্ৰুৱ কাশ্যপ, প্ৰদীপ পাটগিৰি, পাৰ্থবিজয় ঠাকুৰ, মৌচুমী বৰুৱা,গীতিকা শইকীয়া আদি সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আলোচনীখনৰ কামত ব্যস্ত থকা সময়ছোৱাত মোক পাৰ্য্যমানে সহযোগিতা আৰু সস্নেহ অনুপ্ৰেৰণা আগবঢ়োৱা মোৰ গিৰিহঁ‌ত অমৰ হাজৰিকাকো এই আপাহতে অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলো। লগতে মাকক আমনি নকৰাকৈ কাম কৰিবলৈ আজৰি কৰি দিয়াৰ বাবে মোৰ পুত্ৰ অধিৰাজ দেৱৰ্ষি অমৰ (গুণগুণ)কো মোৰ স্নেহভৰা ধন্যবাদ জনালো।

পুনৰাই “ফটাঢোল” ই-আলোচনীৰ ষষ্ঠ সংখ্যাৰ সম্পাদনাৰ সময়ত মোক বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ দি উদ্গনি যোগোৱা “ফটাঢোল” গোটৰ সকলোটি সদস্যলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি সুহৃদ পাঠকলৈ “ফটাঢোল” ই-আলোচনীৰ এই সংখ্যাটি আগবঢ়ালো। আপোনালোকৰ আশিস আৰু শুভেচ্ছা কামনাৰে

জীমনি গগৈ

সম্পাদক, ফটাঢোল

ডিচেম্বৰ সংখ্যা, ২০১৭

2 Comments

Leave a Reply to জীমণি Cancel reply

Your email address will not be published. Required fields are marked *