ফটাঢোল

ফটাঢোল সম্পাদনা সমিতি

ফটাঢোল সম্পাদনা সমিতি


হাস্য ব্যংগৰ মাহেকীয়া ই-আলোচনীখন আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ আলোচনীখনত "ফটাঢোল" গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখা সংগ্ৰহ কৰি সম্পাদনা কক্ষত বৰ্ণাশুদ্ধিকে আদি কৰি অলংকৰণ, আপল'ডিং আদি বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আপোনাসৱৰ আগত প্ৰকাশিত ৰূপত আহি পৰেহি৷ ইয়াত সম্পাদকৰ লগতে সম্পাদনা কক্ষৰ প্ৰতিজন ব্যক্তিৰ মাহজোৰা প্ৰচেষ্টা তথা পৰিশ্ৰম নিহিত থাকে৷ আহকচোন, আপোনাসৱক হাঁহি বিলোৱাৰ আমাৰ এই চালুকীয়া প্ৰচেষ্টাৰ আঁৰত ওতঃপ্ৰোত ভাবে জড়িত থকা সদস্যসকলক চিনাকি কৰাই দিওঁ৷

 

মুখ্য ব্যৱস্থাপক(CEO): ৰিণ্টুমনি দত্ত

সম্পাদনা মণ্ডলী : হেমন্ত কাকতি, অভিজিত কলিতা,  ৰিণ্টুমনি দত্ত আৰু সম্পাদক

এই মাহৰ সম্পাদক : ৰীতা লীনা সোণোৱাল

কাৰিকৰী সমিতি : হেমন্ত কাকতি, ৰিণ্টুমণি দত্ত, দেবজিত শৰ্মা, ৰিমঝিম বৰঠাকুৰ, মনিষা কাকতি

অলংকৰণ : চন্দন বড়ি, আৰাধনা বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্য,  নিভা কাকতি

বৰ্ণাশুদ্ধি : চবিনা ইয়াছমিন, পৰীস্মিতা গগৈ, ঋতুৰ্পণা মহন্ত, প্ৰণীতা গোস্বামী বৰঠাকুৰ

প্ৰচাৰ : চন্দন বৰি, যোগেশ ভট্টাচাৰ্য

প্ৰশাসকসকল : হেমন্ত কুমাৰ কাকতি, প্ৰণীতা গোস্বামী বৰঠাকুৰ, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত, দেবজিত শইকীয়া, বিজয় মহন্ত, চবিনা ইয়াছমিন, ৰিমঝিম বৰঠাকুৰ, দেবজিত শৰ্মা

মডাৰেটৰ : ডলী তালুকদাৰ, নীলাক্ষী কাকতি, দিম্পল কলিতা, যোগেশ ভট্টাচাৰ্য,ৰাজশ্ৰী শৰ্মা

বিশেষ কৰ্মকৰ্তা(OSD): সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

আমাৰ যোগাযোগৰ ঠিকনা ::

[email protected]

26 Comments

  • Gitimallika Gohain

    পঢ়িলো, ভাল লাগিল। এনেধৰণৰ আলোচনী এখন প্ৰকাশ হ’ব পাৰে বুলি ম‌ই কল্পনাই কৰা নাছিলো । সুশৃংখল, সুপৰিকল্পিত, সুন্দৰ হৈছে।
    আলোচনিখনৰ বাবে কষ্ট কৰা সকলোকে ধন্যবাদ জনাইছো এনে গঠনমূলক কাম কৰাৰ বাবে আৰু অভিনন্দন জনাইছো
    গীতিমল্লিকা গোঁহাই(বৈবাহিক পৰিচয়)
    (গীতিমল্লিকা গগৈ-সামাজিক পৰিচয়)

    • অভিজিত কলিতা

      সঁচাকৈয়ে বহুত কষ্ট কৰিছে সকলোৱে। ব্যংগৰ দৰে এটা বিষয় লৈ এনে উচ্চমানৰ আলোচনী উলিওৱা আৰু তাক সুদীৰ্ঘ দিন ধৰি চলাই অহা এক বৃহৎ প্ৰত্যাহবান।

      • Bhaskar Jyoti Sarma

        অভিজিত দা এই প্ৰত্যাহ্বান গ্ৰহণ কৰি প্ৰতি মাহতেই ইখনৰ পাছত সিখন আলোচনী পঢ়িবলৈ উলিয়াই দিয়াৰ বাবে সমূহ সম্পাদনা মণ্ডলীক ধন্যবাদ জনালোঁ।

    • ৰিণ্টু

      অশেষ ধন্যবাদ। আপোনালোকৰ শুভাশীষেই আলোচনীখনৰ চালিকা শক্তি

    • Anonymous

      আগতে কেতিয়াও ফটাঢোল পঢ়া নাছিলোঁ।নিজৰ কথা ওলোৱাৰ কাৰনে এইবাৰ পঢ়ি চালো।খুব ভাল লাগিল।লিখনি বিলাকো অতি উন্নত মানদণ্ডৰ হৈছে।এইছেগতে মই কাবেৰী মহন্ত আৰু যোগেশ শইকীয়া দেৱক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।লগতে ফটাঢোলৰ উন্নতি কামনা কৰিলো।
      ত্রিদিব মহন্ত
      নাহৰকটীয়া

  • অনুৰূপ মহন্ত

    সকলো লৈকে আন্তৰিক অভিনন্দন জনাইছোঁ

  • ডাঃ সঞ্জীৱ শৰ্মা

    চচিয়েল মেডিয়া বেয়া বুলি ভবা সকলৰ বাবে এনে গঠনমূলক কাম এক যোগ্য প্ৰত্যুত্তৰ। ই আলোচনীৰ যোগেদি এতিয়া সাহিত্য চৰ্চা, গঠনমূলক আলোচনা আদি কৰা সহজ হব, যিখিনি ফেচবুক, ৱাটচআপ, টুইটাৰ আদিত অসুবিধা জনক আছিল। বেলেগৰ কথা নাজানো, প্ৰযুক্তি আৰু যোগাযোগৰ সহজ মাধ্যমে মোক নিজকে আবিস্কাৰ কৰাত সহায় কৰিছে।
    আলোচনীৰ লগত জড়িত সকলোকে ওলগ জনালোঁ

  • Anonymous

    সুন্দৰ পদক্ষেপ । সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো ।

  • Anjan Sadhanidar

    এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিয়া সকলোকে কৃতজ্ঞতা জনালো৷

  • Mousumi gogoi

    বৰ সুন্দৰ কৈ আলোচনীখন আগবঢ়াই নিছে ।সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো।

  • উষা মহন্ত

    আগতে group ত সোমালো যদিও লিখনি পঠোৱা নাছিলোঁ । প্ৰথম এইবাৰ পঠালো ।ৰাইজে আদৰি লোৱা দেখি ভাল লাগিছে ।আলোচনীখন দীৰ্ঘায়ু আৰু পৰিবৰ্ধন আশা কৰিলোঁ ।

  • hkkakati

    মন্তব্যৰ বাবে সকলোকে ধন্যবাদ৷ পঢ়ক আৰু পঢ়ুৱাওক৷

  • সৌৰভ শৰ্মা

    সম্পাদক ৰিণ্টুমণী দত্তৰ সম্পাদনাত জুন ২০১৯ সংখ্যাটো বিশেষ সন্ত্ৰাস সংখ্যা ৰূপে স্মৰণীয় হব।

  • ববিতা বৰুৱা

    আটাইলৈ আন্তৰিক অভিনন্দন জনালো

  • মনিষা ফুকন

    প্ৰথমে সদস্যসকলৰ অধিকাংশকে কিশোৰ কিশোৰী দেখি ভাৱ হল আমাৰ দৰে আদহিয়া সকল চাগে ইয়াত আদৰণীয় নহব. কিন্তু লাহে লাহে ভুল ভাগিল. এতিয়া এই আটক ধুনিয়া আলোচনী. অশেষ শুভকামনা তথা অভিনন্দন

  • CHANDRA MOHAN DAS

    ভাল লাগিল।খুব সুন্দৰ হৈছে।

  • শৰৎ মহন্ত ।

    সুন্দৰ ।ভাল হৈছে।

  • মানসী বৰা

    আলোচনীখন সৰ্বাংগসুন্দৰ ৰূপত সজাই তোলাত সম্পাদনা সমিতিখনৰ যথেষ্ট অৰিহণা আছে।সকলোকে আন্তৰিক অভিনন্দন।জয়তু ফটাঢোল,জয়তু অসমীয়া ভাষা ।

  • গৌৰীশংকৰ শৰ্মা

    প্ৰতি মাহৰ ১ তাৰিখে ঠিক ১০ বজাৰ লগে লগে যে আমি এখন সৰ্বাংগসুন্দৰ আলোচনী পঢ়িবলৈ পাই আহিছোঁ তাৰ মূলতেই আলোচনী সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যৰ অক্লান্ত পৰিশ্ৰম, সেৱা মনোভাৱ আৰু গোটটোৰ প্ৰতি থকা অগাধ ভালপোৱা। আপোনাসৱৰ নিৰলস প্ৰচেষ্টাক প্ৰণাম জনাইছোঁ আৰু পুণৰ এখন সুন্দৰ আলোচনী আমালৈ আগবঢ়াই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ ও অভিনন্দন জনালোঁ।

  • Anima Das

    সুন্দৰ সম্পাদকীয়।

  • মানসী বৰা

    অতি উচ্চমানৰ হাস্য-ব্যংগৰ আলোচনী এই ফটাঢোল।সৰ্বাংগসুন্দৰ ৰূপত পাঠকৰ বাবে সজাই তোলাত সম্পাদনা সমিতিৰ যথেষ্টখিনি শ্ৰম নিহিত হৈ আছে। আটাইলৈ অভিনন্দন আৰু কৃতজ্ঞতা জনালোঁ।

  • চন্দন বৰি

    সম্পাদনা সমিতিৰ লগত কাম কৰিবলৈ পাই নিজকে গৌৰৱবোধ কৰিছোঁঁ৷ ফটাঢোল দীৰ্ঘজীৱি হওক৷

  • Anonymous

    ভাল লাগিছে।

  • মুকুট শৰ্মা

    প্ৰতি মাহৰ এক তাৰিখে ৰাতিপুৱা দহ বজাত অকনো হীন-দেৰী নোহোৱাকৈ আলোচনী খন প্ৰকাশ কৰা বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ বাদ জনালো। লগতে ভবিষ্যতেও যাতে আমি এই উচ্চ মানদণ্ডৰ হাস্য ব্যংগ আলোচনী খন নিয়মিত ভাবে পঢ়িব লৈ পাওঁ সেই আশা কৰিলো। লগতে ফটাধোলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো।

  • চন্দন বৰি

    ভাল লাগিল

  • কৰবী দেৱী, নগাঁও ।

    ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰসাল কাহিনীবোৰৰ দৰেই হাঁহিৰ সুবাস বিচাৰি পাওঁ হাস্য ব্যংগ অন্যতম আলোচনী “ফটাঢোল” ত ।
    এইক্ষেত্ৰত সম্পাদনা সমিটিৰ ত্যাগ আৰু পৰিশ্ৰমৰ শলাগ নিশ্চয়কৈ ল’ব লাগিব।সহস্ৰ ধন্যবাদ আৰু অভিনন্দন । এই যাত্ৰা অবিৰাম হওক ….