ফটাঢোল

বিয়ৈ মেল – মৃদুল কুমাৰ শৰ্মা

বেয়া হৈছে কথাবোৰ৷ তিতা গামোচাখন যেনিবা বিছনাত পেলাই থলোৱেই বা দিখৌ নৈখনতো কিবা বোৱাই দিয়া নাই৷ এই কথাটোকেনো কিটি পাৰ্টিত গাই ফুৰিব লাগেনে চেংৰা আপীকেইটাৰ আগত৷ নিজে দহটা বজালৈকে বিছনা নাপাৰি ফেচবুকাই থাকিব আৰু মোৰ খুঁত ধৰে বেটী৷ ৰহ দিম মজা এইবাৰ৷ ডাইমণ্ড নেকলেচ নহয় বিৰিণাৰ আঙুঠি এটাও নিদিওঁ এইবাৰ’- কৈলতাই চিয়েৰচ কৰিয়েই মুখখন বিকটাই কথাখিনি ক’লে৷

’হয় দিয়ক কৈলতাদা৷ চাওকচোন টিভিৰ গুৰিত বহি বোলে জোতাযোৰ খুলিলো তাতেই অপৰাধ হ’ল মোৰ৷ বোলো হেৰৌ দিনৰ দিনটো দেখা নাই, মুখখন চাওঁ বুলিয়েই কাষত বহিছো৷ নিজেতো টিভিৰ ছিৰিয়েলসোপা এৰি উঠি নাহই৷ কোনোবাদিনা বাপ্পেকে টিভিৰ তাঁৰদুডাল শ্বৰ্ট কৰাই থম বাপ্পেকে’- দত্তই ডাঙৰকে শোহা এটা মাৰি ক’লে৷

চাওক কৈলতাদা, দত্তদা- মোৰ কি দোষ আছিল কওকচোন৷ পাকঘৰত একো এটা বস্তু জেগাত নাথাকে৷ নিমখৰ ঠাইত চেনি, ডাইলৰ ঠাইত চাহপাত, গাখীৰৰ জেগাত ভিনেগাৰ, মিঠাতেলৰ জেগাত ছয়া চচ৷ বস্তুবোৰ বিচাৰোতে যিমান সময় যায় সিমান সময়ত চাগে আমাৰ এটা ফুল বটলেই শেষ হৈ যাব৷ আৰু চাওক, আমি মতা মানুহবোৰ বেছি চিকচাক৷ বাচন ধোঁওতে অলপ পানী ছিটিকি পৰিবই৷ হেৰৌ, তোৰ নিচিনাকৈ সুদা পানীৰে আওখালি নথওঁ নহয়৷ খালী লোকৰ তিৰীৰ আগত মোৰ বদনাম গাবি৷ গাড়ী শিকাবলৈ কৈ আছে, মূৰাটো শিকাম৷ ’- মহন্তই একে টানতে গোটেই গিলাচটো খালী কৰি দিলে৷

কি কব, চব তিৰী একেই বুজিছা৷ সিদিনা আমাৰজনীৰ লগত পেণ্টালুন গ’লো৷ ইটোৰ পিছত সিটো চাই, ইটোৰ দাম সোধে, সিটোৰ দাম দৰায়৷ আকৌ ঘূৰি আহে আগৰ এৰি থোৱা এটা বস্তু চাবলৈ৷ আকৌ ঘূৰি যায় বেলেগ এটালৈ৷ ছেলচগাৰ্ল কেইটাই যি হে চাৱনি দি আছিল মোৰ নিজৰে লাজ লাগি ক’লো, বোলো হেৰা অলপ সোনকালে কৰা৷ দোকান বন্ধ হ’বই এতিয়া৷ এওঁ পিছদিনা যিহে গালে বোলে কিটিপাৰ্টিত মোৰ কথা৷ মইহে হেনো মোবাইলত চেংৰা আপীৰ লগত মেছেজত চেনি খাই আছিলো বোলে৷ হ’ল বুলিনো নিজৰ মৰদটোৰ কথানো বেলেগৰ তিৰীৰ আগত বেয়াকে ক’ব লাগেনে৷ নাঃ, আৰু অতিষ্ঠ হৈ গৈছো৷ কিয় যে এই সংসাৰৰ মায়াত ফঁচিলো নিজকে ধিক্কাৰ দিওঁ এতিয়া৷ কোনোবাদিনা খং উঠিব বাপ্পেকে লিপষ্টিকত ভোট জলকীয়াৰ তেল সানি থম ৰবি বাপেৰক চিনি পোৱা নাই৷

চাল্লা, এই আপেল বোলা ল’ৰা টোলৈ হিংসাই হয়৷ না বিয়া পাতিছে না বোলে গাৰ্লফ্ৰেণ্ড এজনী আছে৷ কেনেকুৱা সুখ বে’ তাৰ৷ না ঘৈণীয়েকৰ বকবকনি শুনিছে না গাৰ্লফ্ৰেণ্ডৰ পেনপেননি সহ্য কৰিছে৷ তাৰ এইখন কপাল নহয় চোতাল বুজিছে’৷ – দুই নম্বৰ মহন্তই কপালখন পিহি পিহি দুই নম্বৰ পেগটো বাকিবলৈ ধৰিলে৷■■

5 Comments

  • এক নম্বৰৰ মহন্তজনক জানো; দুই নম্বৰৰজনো একেই নেকি—!!
    ৰসাল বৰ্ণনা।

    Reply
  • বৰ্ণালী ফুকন

    আপেল কিন্তু মিহি মিহি কৈ টেঙৰ দেই মিছা কলে কি ডাল হব ???কিন্তু তামাম লাগিল হলে দেই পঢ়ি

    Reply
  • বঢ়িয়া লাগিল৷ পিছে দুই নম্বৰ মহন্তকহে চিনি নাপালো৷

    Reply
  • ফাটাফাটি লিখিলে হে মৃদুল দা ✌

    Reply
  • অসমী গগৈ।

    ৰসে চৌ চৌ।

    Reply

Leave a Reply to অসমী গগৈ। Cancel reply

Your email address will not be published. Required fields are marked *