ফটাঢোল

গুড নাইট – প্ৰতিভূ দত্ত

প্ৰত্যেক সন্ধিয়া শ্ৰীমান দত্তই অফিছৰ পৰা উভতিবৰ সময়ত মোবাইলৰ মেচেজ বক্সৰ এটা বিশেষ sms চাই লয়৷ তাত যদি লিখা থাকে ’rice’ বা ’dali’ বা ’m. oil’ শ্ৰীমান দত্তই বুজি পায় যে ঘৰ গৈ সোনকালে পাব লাগিব৷ নহ’লে চাউল বা দাইল বা মিঠাতেলৰ অভাবৰ বাবে ঘৰৰ চৰু বন্ধ অৱস্থাত থাকিব৷ আনহাতে যদি তাত লিখা থাকে ’biscuits’ বা ’tiffin karone kiba’ শ্ৰীমান দত্তই বুজি পায় যে সেইখিনি বস্তু পাছদিনা পুৱাৰ বাবে লাগিব৷ গতিকে আড্ডা মাৰি লাহে ধীৰে ঘৰলৈ উভতিলেও অসুবিধা নাথাকিব৷ এই বাৰ্তাখিনি সদায়ে sms যোগেই আহে৷ কাৰণ whatsapp বা messenger আদিত বাৰ্তা দিলে নেট বন্ধ থাকিলে কেতিয়াবা ঘৰত উপস্থিত হোৱাৰ পাছতহে গম পোৱা যায় যে গাখীৰৰ পেকেট এটা আনিবলৈ আছিল৷

কালি সন্ধিয়া শ্ৰীমান দত্তলৈ sms আহিল, “good night“৷ শ্ৰীমানে হাত ঘড়ীটোলৈ চাই অলপ আচৰিত হ’ল, “কথাটো কি? আজি ইমান সোনকালে শুবলৈ ওলাল যে! গা বেয়া নেকি আকৌ! “

তেওঁ এটা ’ৰিপ্লাই’ দিলে, “iman xunkale je! gd nite“.

শ্ৰীমান দত্তই তাৰ পাছত চিন্তা কৰিলে, “সিফালৰ পৰা গুড নাইট আহিল যেতিয়া কিহৰ চিন্তা৷ আজি বহি দিয়া যাওক৷ “

শ্ৰীমান দত্ত গৈ বন্ধু দুজনমানৰ সৈতে বহি দিলে৷

নিশা ১১মান বজাৰ পাছত শ্ৰীমান দত্তৰ ফোনটো বাজি উঠিল৷ চাই দেখে পৰিবাৰৰ ফোন৷ শ্ৰীমান দত্তৰ গাটো বাজিল, “টোপণিৰ পৰা উঠি ফোন কৰিছে যে! “

বেছ চিন্তিত হৈ ক’লে, “অঁ, হেল্লো! কোৱাচোন! “

“কোৱাচোন মানে? তেতিয়াই smsৰ reply দিলা ইমান সোনকালে বুলি৷ আৰু ইমান দেৰীলৈ অহা নাই কিয়? “

খপজপকৈ ঠিয় হৈ উত্তৰ দিলে, “এই গৈ পাইছো আৰু দুই মিনিট! “

“অঁ অঁ, আৰু শুনা৷ মেচেজ কৰিছিলো নহয় গুড নাইট আনিবলৈ৷ আনিছা নহয়? নহ’লে আজি শুব নোৱাৰিবা৷ ইমান ডাঙৰ ডাঙৰ ….“

সিফালৰ কথা শেষ নৌ হওতেই শ্ৰীমান দত্তই ক’লে, “গৈ আছো৷ ফোন থোৱা এতিয়া৷ “

ফোন থৈ শ্ৰীমানে চিন্তা কৰিছে এতিয়া মাজনিশাখন Good Night বিচাৰি কোনফালে গ’লে ভাল হ’ব! ঘৰলৈ গৈ বেলেগ এখন Good Night আৰম্ভ হ’ব আছেই!

All Out নহ’লেই হয় আৰু!
(কাল্পনিক দেই! কোনো দত্ত নামৰ ব্যক্তিৰ সৈতে একো সম্বন্ধ নাই৷ )■■

7 Comments

Leave a Reply to RD Cancel reply

Your email address will not be published. Required fields are marked *