ফটাঢোল

ৰণভংগ – নয়নমনি হালৈ

তেতিয়া মই কলেজত পঢ়ি থকা ল’ৰা৷ নতুনকৈ দাঢ়ি-মোছ গজিবলৈ আৰম্ভ কৰিছে, মনত ‘ডেকা ডেকা’ ভাব৷ কলেজত সোমাই প্ৰথমে একঘণ্টামান আড্ডা পিতোঁ, তাৰপিছত মন গলে ক্লাছত বহি হামিয়াই-হিকটিয়াই থাকোঁ৷ সেই সময়ৰে কথা, এদিন কেইটামান দাদা-দাদা টাইপৰ, চিনেমাৰ হিৰোৰ ষ্টাইলত থকা ল’ৰাৰ লগত বহি আড্ডা পিটি আছোঁ কলেজৰ মাজতে থকা ডাঙৰ গছডালৰ তলত৷ এনেতে এটা লেংপেং কৰে ওখ, কেটেৰ মেটেৰ চেহেৰাৰ ল’ৰা এটাই দৌৰি আহি ‘দাদা দাদা মোক মাৰিলে’ বুলি কান্দিব ধৰিলে৷ সি কয় আৰু কান্দে৷ আমি বোলো ‘কি হ’ল ভালকৈ ক’৷ ল’ৰাটোৱে কেবল কয় ‘দাদা মোক কমাৰ্চৰ ল’ৰা এটাই আহি মাৰি থৈ গ’ল৷ ’

আমাৰ গেংটোৰ (আড্ডাটোৰ) চৰ্দাৰ আছিল ৰঞ্জন ওৰফে ৰন ওৰফে ৰনি৷ তাৰ গা গৰম হৈ গ’ল ‘ইমান সাহ, কমাৰ্চৰ ল’ৰা আহি আমাৰ ক’লেজৰ কেম্পাছত আমাৰ ল’ৰাক মাৰি থৈ যাব’৷ ‘কেম্পাছত নহয় নেকি, ৰাস্তাতহে মাৰিছে নেকি..’ কোনোবা এটাই ভয়ে ভয়ে কবলৈহে পালে..৷ ‘ৰাস্তাটোতো আমাৰ কলেজৰ সন্মুখেৰেই গৈছে’ ৰনিয়ে গৰগৰাই উঠিল ‘ব’ল ব’ল সৱ ব’ল, চাই লম আজি কমাৰ্চৰ ল’ৰাৰ কিমান কলিজা আছে’৷ সেনাপতিৰ হুংকাৰত এজাক সৈন্যবাহিনীৰ গাৰ তেজ মুহূৰ্ততে উতলি উঠিল৷ প্ৰায় পচিশটামান ল’ৰাই সমস্বৰে হুংকাৰ দি উঠিল ‘ব’ল ব’ল আজি কমাৰ্চৰ ল’ৰাক ফালি পেলাম৷ ’

আমাৰ কলেজৰ পৰা নলবাৰী কমাৰ্চ কলেজলৈ দূৰত্ব এক কিলমিটাৰতকৈ বেছি নহয়৷ কলেজ ফিল্ডৰ কাষেৰে লুংলুঙীয়া বাটটোৰে গ’লে তাতকৈও কম৷ মাৰোৱাৰীৰ ল’ৰামখাই কমাৰ্চত পঢ়ে আৰু সিহতলৈ আমাৰ কলেজৰ ভোটা বুদ্ধিৰ ল’ৰামখাৰ সদায় খং৷ ‘মাৰোৱাৰীমখাই আমাক লুটি-পুটি খালে’ মনত এনেহেন ভাব৷ কাজিয়া কৰিব যোৱাৰ আগে আগে মোৰ পাটা-ঠাৰি হেন চেহেৰাটোৰ কথা চিন্তা কৰি অলপ পিছ হুহকি আহিলোঁ, ৰনিৰ চকুত পৰিল৷ ‘ক’ত পলাব আহিছ তই’ বুলি কালাৰত ধৰি একেচাতে টানি লৈ গ’ল৷ কম সময়তে ৰনিৰ অধীনত এটা সৰু-সুৰা সৈন্যবাহিনীৰ দল গঠন হৈ গ’ল আৰু আমি বীৰদৰ্পে কমাৰ্চ অভিমুখে আগবাঢ়িবলৈ ধৰিলোঁ৷ ‘কমাৰ্চৰ ল’ৰা আহি আমাৰ ল’ৰাক কলেজৰ কেম্পাছৰ ভিতৰতে মাৰি থৈ যাব, ইয়াতকৈ অপমানৰ কথা আৰু কিবা থাকিব পাৰে’.. নেতা টাইপৰ ল’ৰা দুটামানে মাজে মাজে জ্বলা জুইত ঘিউ ঢালে৷ ‘নলবাৰী কলেজৰ ল’ৰাক মেখেলা পিন্ধা বুলি ভাবিছে নেকি সিহতে’ ৰনি আৰু এখোপ চৰা৷ এনেহেন কথাত আমাৰ খোজৰ গতি বাঢ়ি ক্ৰমাত্‍ বাঢ়ি যায়৷

কলেজৰ গেটখন পাৰ হৈ কেইখোজমান গৈছিলোহে মাত্ৰ .. দলটোৰ এজনে মাত লগালে: ‘চেঃ মই চাইকেলখন বৰ বেয়া জেগাত থৈ আহিলোঁ নহয়৷ তহত আগবাঢ়, মই এই গ’লো, এই আহিলোঁ৷ ’ লগে-লগে যেন আৰু কেইটামানৰ চাইকেলৰ কথা মনত পৰি গ’ল৷ ‘অ’ অ’ মোৰখনো মোৰখনো’ বুলি তাৰ পিছে পিছে আৰু দুটামান বেগাবেগিকে দলটোৰ পৰা ওলাই গ’ল৷ আধামান বাট পাৰ হৈছোঁ, তেনেতে এটাই কেঞা আঙুলিটো প্ৰদৰ্শন কৰি ‘বৰ টানকৈ লাগিছে, তহত আগবাঢ় চোন’৷ লগে-লগে আৰু দুটামানে যেন একেবাৰে ৰব নোৱাৰা হৈ পৰিল৷ তলপেটত হেচি ধৰি সিহতো দলটোৰ পৰা তাৰাতাৰি ওলাই আহিল৷ আৰু অলপ দূৰ গৈছোঁ, এইবাৰ দুটামানে উজুটি খালে৷ বৰ দুখ পালে নেকি, সিহতো ৰাস্তাৰ কাষত বহি উঃ আঃ কৰি থাকিল৷

যি নহওক, আমাৰ সৈন্যদল গৈ কমাৰ্চ কলেজৰ সন্মুখ পালোঁ৷ এতিয়া কলেজৰ কেম্পাছৰ ভিতৰত প্ৰথম সোমাব কোনে? বিবুদ্ধিত পৰি গ’লো নহয়৷ অলপ সময় ইফালে-সিফালে চায়ে কটালো৷ দুটামানে কমাৰ্চ কলেজৰ সন্মুখত কেইদিনমান আগতে বনমন্ত্ৰীয়ে ৰুই থৈ যোৱা আৰু বৰ্তমানে ছাগলীয়ে-গৰুই আগগুড়ি খাই নহোৱা কৰি থোৱা গছৰ পুলি কেইটা নিৰীক্ষণ কৰাত লাগিল৷ যেন সিহত ‘নেচাৰ্চ বেকন’ৰ প্ৰকৃতি-প্ৰেমী সদস্যহে৷ এনেতে আমাৰ চকু কমাৰ্চৰ গেটৰ ভিতৰৰ ফালে গ’ল৷ লগে-লগে যেন আমাৰ মূৰত কোনোবাই হাতুৰীৰ কোব এটাহে সোধালে৷ প্ৰায় পঞ্চাশটামান ল’ৰাই-ছোৱালীয়ে দেখোন আমাৰ ফালে আগবাঢ়ি আহিব ধৰিছে৷ দেখি আমাৰ জিউ উৰি যোৱাৰ দৰে হ’ল৷ পিছফালৰ পৰা আমাৰ কোনোবা এটাই মাত দিলে ‘হে ভগৱান, আমি দেখোন পচিশটামান ল’ৰা ওলাই আহিছিলোঁ, এতিয়া দেখোন পাচটা ল’ৰাও নাই’৷

এৰা হয়তো, আমি দেখোন সংখ্যাত পাচটাও নাই৷ কি কৰা যায় এতিয়া! ‘মহাবীৰ ক্লাব’ত ‘ডাম্বল’ মাৰি হাত দুখন ‘হাতুৰী’হেন কৰি তোলা ৰনিয়েই এতিয়া আমাৰ ‘অগতিৰ গতি’৷ ৰনিৰ বুকুখন যেন বুকু নহয়, আহাৰ মাহৰ পথাৰৰ দুইচপৰা পকা মাটিহে৷ পুৱাই-গধূলী ‘মহাবীৰ ক্লাৱ’ত ব্যায়াম কৰা ল’ৰা ৰনি৷ ৰনি .. অ’ ৰনি! কিন্তু ৰনি ক’ত? ৰনি? তড়িত্‍ গতিৰে পিছঘূৰি চাই দেখো কলেজ ফিল্ডৰ কাষৰ ৰাস্তাটোৰে ৰনি প্ৰানটাকি দৌৰিছে৷ কি হ’ল তাৰ, যুদ্ধৰ আগতে গাটো গৰম কৰি লৈছি নেকি সি! নাই, সি কোনোফালে চোৱা নাই৷ কেবল দৌৰিছে৷ এইফালে হে হৰি, কমাৰ্চ কলেজৰ সৈন্যজাক আমাৰ কাষ পায়হে আৰু৷

মোৰ চেণ্ডেল যোৰ দুৰ্বল৷ ৰাতিপুৱা বাটা-চ’কত মুচি এটাৰ হতুৱাই চিলাই মাৰি আনিছিলোঁহে মাত্ৰ৷ মই সেইযোৰ হাতত তুলি ল’লোঁ৷ আৰু একচেকেণ্ডো ভবাৰ সময় নাই৷ ‘এক-দুই-তিনি’.. ৰনি যোৱা বাটটোৰে সেই যে দৌৰা আৰম্ভ কৰি দিলোঁ.. শিল, পানী, বোকা.. ভৰি ক’ত পৰিছে চোৱাৰ সময় নাই৷ কেবল দৌৰিছোঁ আৰু দৌৰিছোঁ ..৷

.. যেন সৰুসজাই ষ্টেডিয়ামত চাৰিশমিটাৰ ৰীলেতহে মই ভাগ লৈছোঁ৷■■

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *