ফটাঢোল

সৰগত হুৱাদুৱা – সোণটো ৰঞ্জন বৰুৱা

চেন্ট ভেলেন্টাইন এতিয়াও ক’মাত। ইফালে ভেলেন্টাইন ডে’ পালেহিয়েই! আনফালে তেখেত যোৱাবছৰ ক’মাত গৈছিল যি গ’লেই, এতিয়াও হুচ অহা নাই। যোৱাবছৰৰ কথা, চেন্ট ভেলেন্টাইনে ভাবিলে,  এতিয়াতো চৌদিশে মোৰ নামৰ জয়জয়কাৰ,  এবাৰ পৃথিবীলৈ গৈ ইঁহতে মোৰ নামত থকা দিনটো কেনেকৈনো পালন চাই অহা ভাল হ’ব। ভবা মতেই কাম,  মুহুৰ্ততে চেন্ট ভেলেন্টাইনৰ বাহন ধৰাত। লেন্ডিং কৰিলেহি ভাৰতত। য’ত লেণ্ডিং কৰিলেহি তাৰ নাতিদূৰতে দোকান এখনৰ বৃহৎ হ’ৰ্ডিংখনত নিজৰ নামত অফাৰ দেখি আচৰিত হ’ল। কিহৰ কিনো অফাৰ বুলি, ভু-ভাকে লঁও বুলি কাঁচৰ দৰ্জাখন ঠেলি ভিতৰলৈ সোমাই গ’ল। চৌ-কোণে ভেলেন্টাইন কাৰ্ড,  টেডি বিয়েৰ,  গ্ৰাহকে গিজগিজাই আছে দোকানখন। একো আঁওভাঁও নাপাই চেন্ট চুচুকচামাককৈ কাউন্টাৰৰ ওচৰ চাপোতেই মূৰ নোতোলাকৈ চেলচমেন এজনে প্ৰশ্ন কৰিলে-” কওঁক চাৰ, কি লাগিব?  3000ৰ নৰমেল নে 12000ৰ পেক উইথ টেডি বিয়েৰ প্লাছ ফাইভ কাৰ্ড হট লভ পেক ?”

 ” নৰমেল, হট লভ ?” -একো বুজি নাপাই চেন্টে প্ৰশ্ন কৰিলে।

“চাওঁক চাৰ, নৰমেল পেকত এটা টেডি,  এখন কাৰ্ড,  এটা চকলেট,  এপাহ গোলাপ থাকে। এগৰাকীক দিব পাৰিব। এনে পাঁচটা পেক মিলাই এটা হট পেক,  পাঁচ গৰাকীক দিব পাৰিব। নৰমেলটো কিনিলে 3000 ,  হটপেকত 12000। অৰ্থাৎ হট পেক কিনিলে চাৰিটা পেকৰ মুল্যত পাঁচটা পেক পাই যাব আপুনি। বুজিলে নে ? এতিয়া কওঁক কোনটো দিম ? “

“আৰে, ইহঁতে দেখোন গাধোৱা চাবোনৰ ইক’নমি পেকৰ দৰে ভালপোৱাকো চাৰিডোখৰ কিনিলে এডোখৰ ফ্ৰি পোৱা টাইপৰ পেকেজ বনাই দিলে!  আচৰিত হৈ চেন্ট আকৌ সুধিলে,-“বেছিকৈ কাৰ্ড কিনিলে আৰু সুলভ হ’ব নেকি “?

“ইয়েছ,  আপুনি যদি একেলগে 20 টা পেকেজ কিনে তেন্তে চুপাৰ ইক’নমি পেকেজৰ মতে 14 টা পেকেজৰ দাম দিলেই হ’ব”।

“কিন্তু মানুহৰ ভালপোৱা এজনৰ লগতেই হয়। এজনক 20টা পেকেজৰ প্ৰয়োজন কিয়?  ভালপোৱাও কি ইয়াত হ’লচেল টাইপত হয় নেকি? ” – আচৰিত হৈ আকৌ সুধিলে।

“আমাৰ ওচৰত হ’লচেল পেকেজো আছে চাৰ। লগতে “লভ চেঞ্জ আৰু এক্সেঞ্জ” অফাৰো আছে।”

“তুমি মোৰ লগত মাৰ্কেটিঙৰ কথা কৈছানে ভালপোৱাৰ বিষয়ে বাৰু ?”- পাগল হোৱাদি হৈ চেন্টে সুধিলে।

“হয় চাৰ, ভালপোৱাৰ মাৰ্কেটিঙৰ বিষয়েই কৈছোঁ। এতিয়া কওঁক কোনটো পেকেজ দিম।”

“কিন্তু মোৰ ওচৰততো এটকাও নাই?  অকল ভালপোৱাহে আছে।”

“হাঁ হাঁ হাঁ চাৰ,  অকল ভালপোৱাৰে টকা নাপাই নহয়। কিন্তু আপোনাৰ ওচৰত যদি টকা থাকে যিমান মন যায় ভালপোৱা কিনি ল’ব পাৰে আজিকালি,  হ’লচেলত।”

টকা নথকা চেন্ট ভেলেন্টাইন দোকানৰ পৰা ওলাই টলৌ-টলৌকৈ চহৰখন ফুৰি প্ৰেমিক-প্ৰেমিকাৰ ৰেহৰূপ চাই শেষত ডিস্কো’ বাৰ এখনৰ সন্মুখ পালেগৈ।

বাহিৰত লিখা আছিল “ভেলেণ্টাইন ডে’ স্পেচিয়েল ল’ভ পেকেজ- কেৱল মাত্ৰ ১৫০০০”(Valentin day special love package- 15000 only)। ইয়াতো টকাৰেই কাৰোবাৰ। তথাপিও ভিতৰত কি হয় তাকে চোৱাৰ শেষ চেষ্টা এটা কৰোঁ বুলি বাউঞ্চাৰক ভয়ে ভয়ে সুধিলে, -” চোৱা ভাই, আজিৰ দিনটো মোৰ নামত পালন কৰা হয়। সেইবাবে এই পেকটো মোৰ বাবে বিনামূলীয়া হ’ব নেকি? ” “

ফ্ৰিত ভালপোৱা নহয় চাৰ। এখন কাৰ্ড যেতিয়া হাজাৰ টকাৰ হয়গৈ,  তাত আপুনি ল’ভ পেকেজ ফ্ৰিতে বিচাৰিছে?  হা হা হা, যাওঁক যাওঁক আঁতৰি দিয়ক বাটৰ পৰা।”

তাতো বিমুখ হৈ চেন্ট লাহে লাহে তাৰ পৰা আঁতৰি আহি থাকোতে দুটি কিশোৰৰ কথোপকথন শুনি ৰৈ গ’ল। দুয়োটিয়ে ভেলেন্টাইন ডে’ৰ বিষয়ে কথা পাতি আছিল।

“আটচা,  এই ভেলেনটাইন ডে’ৰ দিনা ইজনে-সিজনৰ হাতত ধৰাধৰিকৈ কিয় খোজ দিয়ে ?”

আনটো কিশোৰে উত্তৰ দিয়াৰ আগতেই চেন্টে টপকৈ উত্তৰ দিলে, –

“ভালপোৱাৰ বাবে বাচা।”

ইটো কিশোৰে তেখেতৰ বাক্যক মিথ্যা বুলি কৈ উঠিল, -“সেইবাবে নহয়, আচলতে সিহঁতে যি মুল্যৱান আঙুঠি গিফ্ট পাইছিল সেইটো সৰি পৰে বুলি ভাবিহে হাতত ধৰি খোজ দিয়ে। ভালপোৱাৰ কথা কোনে চিন্তা কৰে! তুমি জেপত ভালপোৱা লৈ ঘুৰি ফুৰা,  আঙুঠি নোপোৱা। কিন্তু আঙুঠি কিনিব পৰা টকা জেপত ৰাখা,  ভালপোৱা আপোনা-আপুনি আহি যাব।”

তাৰ কথা শুনি ঠাইতে যি ক’মাত গ’ল যি গ’ল,  সেই ক’মাৰ পৰা আজিও চেন্ট ভেলেন্টাইন সাৰ পোৱা নাই। ভাগ্যে ৰথৰ সাৰথিজন আছিল বুলিহে নহ’লে …….

☆★☆★☆

11 Comments

  • Moni Das

    খুৱ ভাল হৈছে দাদা….

    Reply
  • অসমী গগৈ।

    আধুনিক প্ৰেমৰ স্বৰূপ। ভাল লাগিল।

    Reply
  • Rajdeep Borah

    সুন্দৰ ব্যঙ্গ ! প্ৰেম এতিয়া বজাৰ হ’ল !

    Reply
  • জিমী শ‌ইকীয়া

    এৰা দেই!!ভাল চিন্তা কৰিছা।

    Reply
  • ভাল লাগিল৷ সুন্দৰ লেখনি৷ কিন্তু মই কেৱল কাহিনীৰ নিৰ্মাণৰ দিশটোৰ কথাহে কৈছো৷কাহিনীৰ নিৰ্মাণত নিপুণতা বিৰাজমান৷ হ’লেও প্ৰকৃত প্ৰেম পৃথিৱীত এতিয়াও আছে৷

    Reply
    • নাই বুলি কোৱা নাই যদিও বজাৰিকৰণ হৈ গৈছে নহয়

      Reply
  • Lakhimi

    ভাল লাগিল।

    Reply

Leave a Reply to Suntu Cancel reply

Your email address will not be published. Required fields are marked *