ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – গীতিকা শইকীয়া

সংখ্যাটোৰ আঁৰৰ কথা

”ফটাঢোল ”ৰ ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ সমান যোগ্যতা যে নাই সেয়া মোৰ বাৰুকৈয়ে জ্ঞাত। সেয়েহে ডিচেম্বৰৰ মাজভাগত প্ৰশাসকসকলৰ এজন ৰিণ্টুমণি দত্তই মোক আলোচনীখনৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যাটোৰ সম্পাদনাৰ গুৰু দায়িত্ব ল’ব লাগিব বুলি জনোৱাত অলপমান থতমতেই খালো। সাহিত্যৰ ক্ষেত্ৰখনত মই আচলতে ন-শিকাৰু। শিকিবলৈহে চেষ্টা চলাই আছো। গোটত প্ৰতিভাৱান লিখক-লিখিকা বহুত আছে। তেওঁলোকৰ লিখাৰ গুণগত মানদণ্ড বহু উন্নত। তাৰ লগতে অসমৰ সাহিত্য ক্ষেত্ৰৰ ভালেকেইজন পুৰোধা ব্যক্তিয়েই এই আলোচনীখনত তেওঁলোকৰ লিখনি দি থাকে। তেনে অৱস্থাত এয়া মোৰ বাবে ভয় খোৱাৰে কথা। সেয়ে অলপ ইতঃস্থতঃবোধ কৰিছিলো। কিন্তু ৰিণ্টুমণি দত্ত আৰু হেমন্ত কাকতিদাৰ অভয় বাণীত মনতে সাহস গোটালো। আচলতে এয়া মোৰ বাবে সাহিত্যৰ বেদীত পূজা-অৰ্চনা আগবঢ়োৱাৰ দৰে এক মহান কাম। এনে এক মহান কাম মোলৈ আগবঢ়াই দিয়াৰ বাবে ৰিণ্টুমণি দত্ত, হেমন্ত কাকতি, অভিজিত কলিতা, জ্যোতিৰূপম দত্ত, দেৱজিত শইকীয়া, বিজয় মহন্ত, সোণটো ৰঞ্জন বৰুৱা, প্ৰণিতা গোস্বামী বৰঠাকুৰ আদিকে ধৰি প্ৰশাসকমণ্ডলীৰ সকলোলৈকে পোনপ্ৰথমে মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালো।

“ফটাঢোল” গোটত মোক “এড” কৰাইছিল উত্পলা কৌৰে, বোধহয় যোৱা বছৰৰ মে মাহত। সেইসময়ত বিশেষ কিবা ব্যস্ততাৰ বাবে এদিন মাথো চাইছিলো কিনো গোট এইটো বুলি! দুটামান পোষ্ট পঢ়ি হাঁহি উঠিছিল। পিচে ব্যস্ততাৰ বাবে তাৰ পাছৰ কিছুদিন একো চোৱা নাছিলো। বোধহয় জুলাই মাহৰ শেষৰফালেহে লাহে লাহে পোষ্টবোৰ পঢ়িবলৈ ল’লো। গোটেইখন হাঁহিৰে আৱৰা পৰিবেশ। দৈনন্দিন জীৱনৰ তয়া-মঁয়া যুঁজখনৰ মাজত ”ফটাঢোল ”ৰ লিখনিবোৰত বিচাৰি পাইছিলো জীৱনৰ কিছুমান নিৰ্দোষ ধেমালী। লগতে আছিল ক্ৰমে হেৰাই যাবলৈ ধৰা আমাৰ কথন-পঠনৰ কিছুমান আপুৰুগীয়া ভাষাৰ পুনৰুদ্ধাৰৰ প্ৰয়াস। প্ৰথমে কেৱল পঢ়িছিলো যদিও লাহে লাহে দুই-এটা মন্তব্য দিবলৈ ধৰিলো। সকলোৱে সেই মন্তব্যবোৰতেই স্বাগতম জনালে। ভাল লাগিছিল। তাৰপাছত দুই-এটা লিখনি দিবলৈ ধৰিলো। সকলোৰে উত্সাহ-উদ্দীপনাই মন ভৰাই তুলিলে। অসমৰ বাহিৰত থকাৰে প্ৰায় দুটা দশক হ’বহি! ফেচবুক, হোৱাট্চ এপৰ বেছিভাগ গোটেই অসমৰ বাহিৰৰ ঠাইৰে। নিজৰ নিজৰ লগা ভাবটোৰ অভাৱ আছিল। “ফটাঢোল”ৰ ভিতৰখনৰ আত্মীয়তা দেখি মুগ্ধ হ’লো। সেই আত্মীয়তাত ডুব যাবলৈ মন গ’ল। এতিয়া এনে হ’লগৈ যে “ফটাঢোল”হে মূল গোট, বাকী ফেচবুকৰ আন বিভিন্ন গোটবোৰৰ বহুতৰে পৰা আঁতৰি আহিলো আৰু বহুততে কোনো ধৰণৰ আগভাগ নোলোৱাৰ ফলত নিজে নিজেই নোহোৱা হৈ গ’ল।  “ফটাঢোল”ৰ এই আত্মীয়তাৰ সতে পৰিচয় কৰি দিয়াৰ বাবে বান্ধৱী উত্পলালৈ মোৰ অন্তৰ ওপচাই কৃতজ্ঞতা আৰু মৰম জনাইছো।

এই ছেগতে প্ৰশাসকসকলে প্ৰথমৰে পৰা মোক উত্সাহ-উদ্দীপনা, তথা পৰিকল্পনাত যিদৰে সহায় কৰিলে তাৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ জনাইছো। বিশেষকৈ ৰিণ্টুমণি দত্ত, হেমন্ত কাকতি দা আৰু জ্যোতিৰূপম দত্তৰ সহায়ৰ কথা সদায়েই মনত থাকিব। আপোনালোকক কৃতজ্ঞতা জনাইছো।

অতিকৈ ব্যস্ত চেতনা দাস বাইদেউৰ সাক্ষাত্কাৰ লোৱাৰ বাবে নিজৰ নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে সময় উলিয়াই, চেতনা বাইদেউৰ সময়ক অগ্ৰাধিকাৰ দি ইমান সুন্দৰ আলাপটো পাঠকলৈ আগবঢ়োৱাৰ বাবে ৰামানুজ গোস্বামী আৰু সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যক মোৰ হিয়াভৰা কৃতজ্ঞতা জনাইছো।

এই আপাহতে বিচাৰোঁতেই লিখনি দিয়া সমূহ বয়োজেষ্ঠ, বিশিষ্ট ব্যক্তিসকল ক্ৰমে ড০ অসমৰজ্যোতি চৌধুৰী, ডাঃ ভৃংগেশ্বৰ শৰ্মা, ড০ বিকাশ বৰুৱা, পূণ্য শইকীয়া আদি নমস্য ব্যক্তিসকলৈ মোৰ শ্ৰদ্ধা জনাইছো। এয়া মোৰ পৰম সৌভাগ্য যে আপোনালোকৰ লিখনিৰে এই সংখ্যাটি সজাব পাৰিছো।

”ফটাঢোল” গোটৰ সকলোৰে লিখাৰ প্ৰতি আগ্ৰহ দেখি বৰ আনন্দিত হৈছো। লিখাৰ আগ্ৰহ তথা সকলোৰে পৰা পোৱা এই সঁহাৰিয়ে এটা কথাই প্ৰতীয়মান কৰিলে যে অসমীয়া ভাষাৰ ভৱিষ্যত ভালকৈয়ে সুৰক্ষিত হৈ আছে। গোটৰ কেইগৰাকীমান সদস্যৰ নাম বিশেষভাৱে ল’ব লাগিব। তেওঁলোকৰ ভিতৰত ৰিতুপৰ্ণা মহন্ত, সদানন্দ দত্ত দাদা, মানস শইকীয়া, তৃপ্তি বৰা, পৰী পাৰবীন অন্যতম। আপোনালোক সকলোকে অশেষ ধন্যবাদ। বিশেষকৈ ৰিতুপৰ্ণা, তোমালৈ মোৰ হিয়াভৰা মৰম যাঁছিলো। মানস শইকীয়া, আপোনাৰ সহায়ৰ কথা মনত থাকিব। বিচাৰোঁতেই অতি ব্যস্ততাৰ মাজতো গল্প লিখি পঠিওৱাৰ বাবে দিগন্ত কুমাৰ ভট্টাচাৰ্য, পৰী পাৰবীন তথা সঞ্জীৱ মজুমদাৰলৈ ধন্যবাদ জনালো। কেইদিনমানৰ বাবে ঘৰলৈ যোৱাৰ মাজতেই বিকাশ শইকীয়াই যিখিনি সহায় আগবঢ়ালা তাৰ বাবে তোমাকো অশেষ ধন্যবাদ।

পূৰৱী কটকী, জিমী শইকীয়া, পৰিস্মীতা গগৈ, চাহিন জাফ্ৰী, তোমালোকৰ কথাও বিশেষকৈ লিখিবই লাগিব। পূৰৱীয়ে প্ৰথমে অনুবাদ কৰা গল্পটো ইতিমধ্যে প্ৰকাশ হৈ গৈছিল। জানিব পাৰি তিনিদিনতে আকৌ এটা গল্প ইমান সুন্দৰকৈ অনুবাদ কৰিলে যে মন ভৰি গ’ল। জিমীয়েও প্ৰথমে বেলেগ এটা লিখা দিছিল। মোৰ অনুৰোধত মই বিচৰা ধৰণেৰে তথ্য-সমৃদ্ধ লিখাটোৰ বাবে জিমী তোমালৈ হিয়াভৰা মৰম যাঁছিলো। সেইদৰে পৰিস্মীতা আৰু চাহিনেও মোক কৰা সহায় সদায় মনত ৰাখিম। তোমালোকলৈও মৰম জনালোঁ। লগতে বিকাশ শইকীয়া, ৰাজদ্বীপ বৰা, জয়ন্ত শৰ্মা, ৰাজীৱ শৰ্মা, মানবেন্দ্ৰ কুমাৰ শৰ্মা, চিদানন্দ বৰা, বন্দিতা গগৈ বৰা, মুনীন্দ্ৰ মহন্ত, যুগল লোচন দাস, বৰ্ণালী ফুকন, ধ্ৰুৱজ্যোতি অৰ্জুনা আদি সকলৰ নাম আদৰেৰে লৈছো। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো। বহুতৰে নাম উল্লেখ কৰিবলৈ থাকি গ’ল। বহুতৰে লিখনি হয়তো চাবলৈ সময় নোহোৱাত ৰৈ গৈছে। সেই সকলোকে তাৰ বাবে ক্ষমা বিচাৰিছো।

আলোচনীখনৰ অলংকৰণ, অংগসজ্জা, বেটুপাট আদিৰে অন্যন্য সুন্দৰ কৰি তোলাৰ বাবে ৰিতুপৰ্ণ বৰা আৰু দেৱজিত শইকীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। দেৱজিতে ইয়াৰ লগতে লিখনি তথা বিভিন্ন দিহা-পৰামৰ্শৰেও সহায় কৰিলা। বহুত ধন্যবাদ।

নিজৰ চাকৰিক লৈ অত্যন্ত ব্যস্ততাৰে পাৰ কৰিবলগীয়া হোৱা পৰিস্থিতিৰ মাজতো মোক সম্পাদনাৰ কামখিনি কৰিবলৈ উত্সাহ, সহায় কৰাৰ বাবে মোৰ জীৱনসংগী জ্যোতিৰ্ময় শইকীয়ালৈ কৃতজ্ঞতা জনালো। লগতে উল্লেখ কৰিবই লাগিব যে মোৰ ল’ৰা দুটাৰ সমস্ত দায়িত্ব লৈ মোক নিয়াৰিকৈ সম্পাদনাৰ কামখিনি কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে দেউতা-মা ক্ৰমে শ্ৰী দীননাথ শইকীয়া আৰু জুনুপ্ৰভা শইকীয়ালৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। এইখিনিতে দুয়োটি ল’ৰা ক্ৰমে একাগ্ৰ শইকীয়া আৰু সমগ্ৰ শইকীয়াই ৩১ তাৰিখলৈকে মা ব্যস্ত থাকিব, গতিকে মাক কোনো ধৰণৰ আমনি নিদিবলৈ ইটোৱে-সিটোক বুজোৱাৰ যি দায়িত্ব ল’লে তাক নশলাগি নোৱাৰিলো। সোণহঁত, তোমালোকৰ সেই কথাখিনিয়েই মোক দুগুণ উত্সাহেৰে কাম কৰিবলৈ অণুপ্ৰাণিত কৰিলে।

পুনৰ উল্লেখ কৰিব খুজিছো যে সংখ্যাটোৰ প্ৰথমৰে পৰা নেৰা-নেপেৰাকৈ জড়িত থাকি সকলো ক্ষেত্ৰতে সহায় কৰা ৰিণ্টুমণি দত্তলৈ অলেখ কৃতজ্ঞতা জনালো। লগতে জ্যোতিৰূপম দত্তৰ পৰা কাৰিকৰী তথা সম্পাদনাৰ ক্ষেত্ৰত পোৱা সহায় সদায়েই স্মৰণীয় হৈ ৰ’ব। অশেষ কৃতজ্ঞতা থাকিল। আপোনাৰ লিখনিৰ বাবেও অশেষ ধন্যবাদ। হেমন্ত কাকতি দাদাইও যেতিয়াই বিচাৰো কথা পাতি, মেচেজ দি মোৰ চিন্তাখিনি লাঘৱ কৰি মোক কৰা সহায়ৰ বাবে শ্ৰদ্ধা ভৰা কৃতজ্ঞতা জনাইছো। সময়মতে লিখনি দিয়াৰ বাবে আপোনালৈও ধন্যবাদ। সোণটো ৰঞ্জণ বৰুৱা আৰু বিজয় মহন্ত, তোমালোক দুয়োজনেই যিকোনো সময়তে সহায় কৰিবলৈ প্ৰস্তুত থকাৰ বাবে, লিখনি, কাৰ্টূন বিচাৰি আনি দিয়াৰ দিয়াৰ বাবে অশেষ কৃতজ্ঞতা জনালো। এই আপাহতে বহু ব্যস্ততাৰ মাজতেই সময় মিলাই লিখনি দিয়াৰ বাবে অভিজিত কলিতা দালৈও বিশেষভাৱে কৃতজ্ঞতা জনাইছো। প্ৰণিতা গোস্বামী বৰঠাকুৰ, তোমাকো অশেষ ধন্যবাদ।

শেষত ফটাঢোল ই-আলোচনীৰ প্ৰথম বছৰৰ অষ্টম সংখ্যাটিৰ সম্পাদনাৰ সময়ত মোক এনেদৰে বিভিন্ন দিহা-পৰামৰ্শ দি সহায় কৰাৰ বাবে ”ফটাঢোল ” গোটৰ সমূহ প্ৰশাসকবৃন্দ তথা সকলো সদস্যলৈ পুনৰ মোৰ হিয়াভৰা কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোক সকলো সুহৃদ পাঠকলৈ বুলি আলোচনীখনৰ এই সংখ্যাটি আগবঢ়ালো।

আশা কৰোঁ আকোৱালী ল’ব। লগতে অনিচ্ছাকৃতভাৱে হ’ব পৰা ভুল-ভ্ৰান্তিৰ বাবে আপোনালোকৰ ওচৰত ইয়াৰ জৰিয়তে আগতিয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰিলো।

আপোনালোকৰ আশীষ আৰু শুভ কামনাৰে

গীতিকা শইকীয়া

সম্পাদক, ফটাঢোল, ই-আলোচনী

অষ্টম সংখ্যা, প্ৰথম বছৰ, ফেব্ৰুৱাৰী, ২০১৮

☆★☆★☆

 

16 Comments

  • বন্দিতা গগৈ বৰা

    ধন্যবাদ।

    Reply
  • Rajdeep Borah

    আপোনালৈ অশেষ ধন্যবাদ ! বৰ সুন্দৰ আলোচনী এখন পঢ়াৰ সুযোগ দিলে আমাক ।

    Reply
  • হেমন্ত কাকতি

    সুন্দৰ সংখ্যা এটা উপহাৰ দিলা৷ বহুত কষ্ট স্বীকাৰ কৰিছা জানিছোঁ, সেয়ে ফলো মিঠা হৈছে৷ বৰ ভাল হৈছে আলোচনীখন৷

    Reply
  • জিমী শ‌ইকীয়া

    ধন্যবাদ গীতিকা বা মেগাজিন খন সকলোকে উপহাৰ দিয়া বাবে আৰু শুভেচ্ছাও জনালোঁ কামটো সুচাৰুৰূপে সম্পন্ন হৈ উঠা বাবে।জয়তু ফটাঢোল।

    Reply
  • Anima Das

    সুন্দৰ আলোচনী এখন উপহাৰ দিয়া বাবে আপোনাক ধন্যবাদ জনালোঁ।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    এটা কথাই কব বিচাৰিছো, “জয়তু ফটাঢোল”৷ ফটাঢোল পৰিয়ালটোৱেই এনেকুৱা৷সহায়কাৰীৰ তালিকাত নিজৰ নামটো থকা হলে আৰু ভাল লাগিলহেঁতেন৷পৰৱৰ্তী সংখ্যাবোৰত সাধ্যানুসৰি সহায় আগবঢ়াবলৈ চেষ্টা কৰিম৷সুন্দৰ সংখ্যা এটা উপহাৰ দিয়াৰ বাবে অভিনন্দন জনালো৷

    Reply
  • তোমাকো অশেষ ধন্যবাদ আমাক এখন সৰ্বাংগ সুন্দৰ আলোচনী সুন্দৰকৈ সম্পাদনা কৰি পঢ়িবলৈ সুযোগ দিয়া বাবে।

    Reply
  • এখন সুন্দৰ আলোচনী পঢ়িবলৈ সুযোগ দিয়া বাবে অশেষ ধন্যবাদ।

    Reply
  • ৰিণ্টু

    সৰ্বাংগসুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ গীতিকা

    Reply
  • Manash saikia

    আলোচনীখন সৰ্বাংগসুন্দৰ হোৱাটো সকলো ফটাঢুলীয়াৰ কাম্য৷ এইক্ষেত্ৰত আপুনি সফল৷ তাৰ বাবে আপোনাক অভিনন্দন জনালোঁ৷

    Reply
  • অভিজিত কলিতা

    সঁচাকে এখন সৰ্বাংসুন্দৰ আলোচনী হৈছে। একেলগতে অসমীয়া ব্যংগ সাহিত্যৰ তিনিজনকৈ পুৰোধা ব্যক্তিৰ লেখনি আগতে পঢ়া মনত নপৰে।

    Reply
  • পৰিস্মিতা বৰদলৈ

    এখন সৰ্বাংজ সুন্দৰ আলোচনী হৈছে বা ৷ সম্পাদকীয় পঢ়ি বৰ ভাল লাগিল

    Reply
  • পৰিস্মিতা বৰদলৈ

    এখন সৰ্বাংগ সুন্দৰ আলোচনী হৈছে বা ৷ সম্পাদকীয় পঢ়ি বৰ ভাল লাগিল

    Reply
  • Papari Barman

    পঢ়ি আছো সময় পালে । খুব ধুনীয়া হৈছে ।

    Reply
  • purabi kotoky

    বৰ সুন্দৰ হৈছে আলোচনীখন, আজিহে ভালকৈ চাব পাৰিছো। তোমালৈ অশেষ ধন্যবাদ বা ।

    Reply
  • বিকাশ শইকীয়া

    অভিনন্দন সুন্দৰ হৈছে আলোচনী।

    Reply

Leave a Reply to পৰিস্মিতা বৰদলৈ Cancel reply

Your email address will not be published. Required fields are marked *