ফটাঢোল

ফটাপ্ৰেম – কৌশিক ৰঞ্জন বৰা

মোৰ ফটা পিৰীতিৰ পুৰাণখন বেছিদিনীয়া নহয়। হাইস্কুলীয়া দিনৰে আৰু। ক্লাছ টেনৰ প্ৰথমতেই এগৰাকী সহপাঠীৰে প্ৰেমত পৰিলোঁ। পৰিলোঁ‌ মানে ইমানে বেয়াকৈ প্ৰেমৰ বোকাত সোমালোঁ‌ যে জে চি বিয়েও উঠাব নোৱাৰে আৰু। জানুৱাৰী মাহৰ কথা। ক্লাছবোৰ আৰম্ভ হৈছে। ঘৰত মা দেউতাহঁতৰ বুজনি, “ক্লাছ টেন পালিহি। পঢ়াত মন দে।”
চাওঁতে চাওঁতে সৰস্বতী পূজা পালেহি। হাইস্কুলৰ শেষৰটো সৰস্বতী পূজা। ইফালে আকৌ স্কুলৰ সাধাৰণ সম্পাদক। দায়িত্ব আছে বহুত।

পূজাৰ বহুদিনৰ আগৰপৰাই প্ৰস্তুতি চলালো মনৰ কথাবোৰ কৈ পেলোৱাৰ। তেতিয়া হীৰুদা আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পঢ়িবলৈ লৈছোঁ‌। প্ৰণৱদাৰ ঠাঁচত প্ৰয়াস কৰোঁ‌ দুটা এটা লিখাৰ। অৱশেষত পূজাৰ আগদিনা হীৰুদা আৰু প্ৰণৱদাৰ কবিতাৰ প্ৰেৰণাতে এখন চিঠি লিখিলোঁ‌।

কবিতা কবিতা লগা চিঠি। হাতৰ আখৰ বেয়া বাবে লগৰ এজনক কৈ গোট গোট আখৰেৰে লিখাই ল’লো চিঠিখন। ৰাতি শোৱাৰ সময়ত আকৌ এবাৰ চালোঁ‌।

দুৰু দুৰু কঁপিছে মনটো। পুৱা সাতবজাতে ঠাণ্ডা পানীৰে গা পা ধুই আজৰি হৈ ল’লো। মায়েও ভাবিছে ল’ৰা বোধহয় আজিৰপৰা সলনি হ’ল। আনকালে জগাই জগাই স্কুললৈ পঠিওৱা ল’ৰাটোৰ আজি যে ইমান পৰিৱৰ্তন।

আঠ বজাত গৈ বিদ্যালয় পালোগৈ। ইফালে মই সাধাৰণ সম্পাদক হিচাপে সকলো দায়িত্ব চম্ভালিব লাগে। পূজা আৰম্ভ হ’ল। ইটো সিটো আনিবলৈ দৌৰা দৌৰি কৰি ৰাতিপুৱাই পুৰা কাঢ়া ইস্ত্ৰি দি পিন্ধি অহা কুৰ্তাযোৰ বৰ্বাদ হৈছে সোতোৰ মোচোৰ হৈ।

পূজাৰ ব্যস্ততাৰ ফাঁকতে দেখিলো মোৰ টোপনি হৰাগৰাকী লগৰকেইজনীৰ লগত বহি আড্ডা দি আছে। মই বোলো এই সুযোগতে দুই এষাৰ কথা পাতি আহোঁ‌। সেইবুলি লগৰটোক টানি আজুৰি নি বহিছোগৈহে তেওঁৰ ওচৰত, শইকীয়া চাৰে চিঞৰ লগালেই, “ঐ তই পিছত আড্ডা দিবি। প্ৰসাদখিনি নাম গোৱা ঠাইলৈ অনাৰ ব্যৱস্থা কৰ।”

এইটোকেই চাগৈ ফুটা কপাল বুলি কয়। তেনেকৈয়ে পূজাৰ কাম কাজৰপৰা আজৰি হৈ সপোনৰ ৰাণীক বিচাৰিব ধৰিছো মনৰ কথাবোৰ ক’বলৈ। পিছে নাই। তেওঁ গ’লগৈয়ে চাগৈ। হতাশ মনেৰে পুনৰ বাকী থকা কামখিনি কৰিবলৈ ওলাইছোঁ‌, তেনেতে দেখিলোঁ‌ তেওঁ স্কুল তিনিআলিত ৰৈ আছে ঘৰলৈ যাবলৈ।

মই সৰ্বশক্তিৰে (যিকণ বাকী আছিলগৈ দিনটোৰ ব্যস্ততাৰ পাছত) দৌৰ মাৰিলোঁ‌। মোৰ সেইদিনাৰ দৌৰৰ বেগৰ আগত চাগৈ ওচাইন বল্টেও হাৰ মানিলেহেঁতেন। যি কি নহওক তেওঁৰ ওচৰ পাই হাঁহি এটা মাৰি ক’লো, “কথা এটা আছিল।”

এনেতে মোৰ নাম ধৰি সমীৰণৰ চিঞৰ, “ঐ তোক শইকীয়া চাৰে বিচাৰিছে। হিচাপ দাখিল কৰিব লাগে বোলে।”

উস্ এটা কামতো শান্তি নাই মানে। মনতে গুজৰি গুমৰি তেওঁক চিঠিখন দিলোঁ‌। ইমান দিনে আটোলটোলকৈ ৰখা সম্পদটোৰ লগতে হীৰুদাৰ সুগন্ধি পখিলাখন দি ক’লো, “কিবা এটা আছে ইয়াতে পঢ়িবা।”

তাৰ পাছত পুনৰ দৌৰিছোঁ‌ স্কুললৈ। শইকীয়া চাৰক হিচাপৰ কাগজখন দি চাইকেল ষ্টেণ্ডলৈ আহিবলৈ লৈছোঁ। তেনেতে চাৰে মোক মাতি ক’লে, “হিচাপৰ লিষ্টত আকৌ কবিতা কিয় লিখিছ? ভাল হৈছে বাৰু কবিতাটো পিছে হিচাপৰ লিষ্টখন দে।”

মই পকেট খুচৰিলোঁ‌। লিষ্টখন নাই। তাৰমানে লিষ্টখন তেওঁকহে দিলোঁ‌। মোৰ অৱস্থা আৰু ফাট মেলা বসুমতী পাতালে লুকাওঁ।

চাৰক কালিলৈ লিষ্টখন দিম বুলি কৈ লৰালৰিকৈ ওলাই আহিলো। চাৰে আকৌ মাত দিলে, “কালিলৈ তাইৰ সৈতে কমন ৰুমলৈ আহিবি। বিয়া পাতি দিম তোৰ।”

পিছদিনা স্কুলত শইকীয়া চাৰে তেওঁক আৰু মোক একাষৰীয়াকৈ মাতি প্ৰেমৰ অপকাৰিতা সম্পৰ্কে যিহে ভাষণ দিলে, সেইদিন ধৰি হাইস্কুলীয়া জীৱনত প্ৰেম কৰা আৰু ভাড়াঘৰত নাৰিকল গছ ৰোৱা একে কথা বুলি শইকীয়া চাৰৰ বাণী সাৰোগত কৰি তেওঁ মোৰ ফালে কেৰাহিকৈয়ো নোচোৱা হ’ল।

সেইবছৰৰ সৰস্বতী পূজাৰ হিচাপৰ লিষ্টখন বহুদিনলৈকে স্কুলৰ হট নিউজ হৈ থাকিল। লগৰবোৰে জোকাবলৈ ল’লে তেওঁৰ লগত। সন্তুষ্টি বুলিবলৈ সেয়াই হ’ল আৰু।

☆★☆★☆

 

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *