ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – পৰিস্মীতা গগৈ

ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা সন্ধিয়া দেৱজিত শইকীয়া(দাদা)ৰ ফোন আহিল, “পৰিস্মীতা, কথা এটা আছে। মাৰ্চমাহৰ ‘ফটাঢোল’ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব তোমাক দিলোঁ‌।” কথাষাৰ শুনিয়ে কিছু সময় নিতাল মাৰিলো। “পৰিস্মীতা শুনিছানে? হেল্ল’…” আকৌ দেৱজিতদাৰ মাততহে সম্বিৎ ঘূৰাই পালোঁ‌। আচলতে কেনেদৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম, সেই মূহুৰ্তত মোৰ বাবে ই এক সম্পূৰ্ণ অজ্ঞাত বিষয় আছিল। প্ৰথম কথা, আলোচনী এখনৰ সম্পাদক হ’ব পৰা দক্ষতাই কওঁ‌ক বা যোগ্যতাই কওঁক, মোৰ যে নাই সেই সম্পৰ্কে মই নিশ্চিত। তাতে আকৌ ‘ই আলোচনী’। ই আলোচনী এখনৰ সম্পাদক হ’বলৈ হ’লে ইন্টাৰনেট, কম্পিউটাৰ আদিত পাৰ্গত নহ’লে নহ’ব। কিন্তু, মোবাইলটোত টিপি টিপি লিখাৰ বাদে কম্পিউটাৰৰ সন্মুখত এমাহত এদিন বহা মানুহ মই। তাতে আকৌ সাহিত্যৰ পথাৰখনত মই একেবাৰে অচিনাকি। পঢ়ি ভাল পাওঁ, কিন্তু লেখা মেলাৰ পৰা এতিয়াও বহু যোজন দূৰৈত। শিকিহে আছো।

এনেবোৰ বহু কথাই একেলগে জুমুৰি দি ধৰিলত মোৰ অৱস্থা তথৈবচ হৈছিল। হয়তো মোৰ অৱস্থা তেওঁ অনুমান কৰিব পাৰিছিল। সেয়ে সান্ত্বনা দিবলৈ ক’লে, “একো চিন্তা নকৰিবা। আমি আছো নহয়। কম্পিউটাৰ আনুষংগীক কামবোৰ আমি শিকাই দিম। ড’ন্ট ৱৰি।” কথাষাৰত সাহস পালোঁ‌ যদিও থেৰোঁ-গেঁৰো কৰিবলৈ নেৰিলো। দেৱজিতদাৰ মৃদু ধমক এটা ফোনৰ সিটো মূৰৰ পৰা উফৰি আহিল, “পাৰিবা। মই কৈছো নহয়, তুমি পাৰিবা। আৰু সহায়ৰ বাবে আমি আছো নহয়।” ___এইবাৰ আৰু ৰক্ষা নাই, ভাবি “হ’ব দিয়ক” বুলি সন্মতি প্ৰদান কৰিলোঁ।

তাৰ পিছদিনা ৰিণ্টুমণিদাৰ ৱাটচআপত এটা মেচেজ আহিল, “পৰিস্মীতা, ‘ফটাঢোল’ ই আলোচনীৰ অহা মাহৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ বাবে তোমাক ধন্যবাদ আৰু অভিনন্দন জনালোঁ‌। কম্পিউটাৰ কামখিনি মই, দেৱজিত আৰু জ্যোতিৰূপমে শিকাই দিম।” মেচেজটোৱে সকাহ দিলে। দুঃচিন্তাবোৰৰ পৰা মুক্তি দিলে। সেই যে মেচেজটো আহিল, তাৰ পিছৰ পৰা আৰম্ভ হ’ল মোৰ সম্পাদনাৰ যাত্ৰা। সম্পাদকৰ দৰে গধুৰ দায়িত্ব এটা পালন কৰিবলৈ পাৰিম বুলি মোৰ প্ৰতি থকা বিশ্বাসৰ বাবে এই আপাহতে ফটাঢোলৰ প্ৰশাসকমণ্ডলীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

এনেদৰে, শ্ৰদ্ধাৰ জ্যোতিৰূপম দত্ত, দেবজিত শইকীয়া, ৰিণ্টুমণি দত্তৰ সহযোগত কম্পিউটাৰৰ কামখিনি শিকি ল’লো। এই আপাহতে তেওঁলোক তিনিওজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কম্পিউটাৰৰ কামখিনিৰ পিছত ফটাঢোল গ্ৰুপত চোকা দৃষ্টি ৰাখি অপেক্ষা কৰিলোঁ। ইমান প্ৰতিভাবান লেখক-লেখিকা থকা গ্ৰুপত নিতৌ নতুন নতুন সুন্দৰ লেখা আহে। কিন্তু, যদিও নিজৰ দৃষ্টি নিবব্ধ কৰি ৰাখিলো তথাপি নিজৰ দৈনন্দিন ব্যস্ততাৰ ধামখুমীয়াত কেতিয়াবা দুই এটা লেখা চকুৰ পৰা সাৰি যোৱা যেন অনুভৱ কৰিলোঁ। কিন্তু মোক সেই বিপদৰ পৰাও ৰক্ষা কৰিবলৈ আগুৱাই আহিল গ্ৰুপৰ এডমিন প্ৰণীতা গোস্বামী বৰঠাকুৰ বা আৰু ধ্ৰুবজ্যোতি অৰ্জুনদাদা। আপোনালোক দুয়োজনৰ এইকণ সহায় পাহৰিব নোৱাৰিম।

তাৰোপৰি লেখা বিচাৰি ফোন কৰোঁতে এবাৰতে দিম বুলি কোৱা শ্ৰদ্ধাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰী চাৰ, ডাঃ বিকাশ বৰুৱা চাৰ, কুল শইকীয়া চাৰ, সৌমিত্ৰ যৌগী চাৰ আপোনালোকৰ মহানুভৱতাৰ কথা পাহৰিব নোৱাৰিম। ইমান ব্যস্ততাৰ পিছতো সুন্দৰ গল্প এটা লিখি দিয়া শ্ৰদ্ধাৰ সমুদ্ৰ কাজল শইকীয়া, অমিতাভ মহন্ত, অভিজিত কলিতা আপোনালোকক অশেষ ধন্যবাদ।

গীতিকা শইকীয়া বা আপোনাৰ সহায়বোৰ সঁ‌চাকৈ পাহৰিব নোৱৰা। কি কৰিম, কাৰ লেখা আনিম আদিবোৰ ভাবি বিপাঙত পৰোঁতেই আপুনি পৰামৰ্শ দি সহায় কৰিলে। চুণ্টু ৰঞ্জন বৰুৱা দাৰ নাম নল’লে অপৰাধে চুব। লেখা বিচাৰি দিয়াৰ পৰা কাৰ্টুন যোগাৰ কৰালৈকে যিখিনি কৰিলে সঁ‌চাকৈ তেওঁ ধন্যবাদৰ পাত্ৰ। মনিষা কাকতি, বিজয় মহন্তদা আপোনালোকৰ সহায়বোৰ সদায় মনত ৰাখিম। বিকাশ শইকীয়া, ৰিতুপৰ্ণা মহন্ত, বিজু বুঢ়াগোঁ‌হাঞি, জিমি শইকীয়া, শ্ৰদ্ধাৰ প্ৰদীপ পাটগিৰি, উৎপলা কৌৰ, চাবিনা ইয়াস্মিন, সঞ্জীব কুমাৰ ভট্টাচাৰ্য, তৃপ্তি বৰা, আপোনালোকৰ সহায় সহযোগৰ বাবে চিৰদিন ধৰুৱা হৈ থাকিম।

সম্পাদনা কক্ষৰ বাহিৰত থাকি সহায় কৰা দীপিকা ডেকা, মাধুৰীমা গগৈ, মানস জ্যোতি চলিহা তোমালোকলৈ থাকিল অফুৰন্ত মৰম আৰু ধন্যবাদ। কামবোৰ আগবাঢ়িছেনে নাই বুলি ঘনাই খবৰ লোৱাৰ লগতে আলোচনীখন আপলোডিঙৰ কামত সহায় কৰা শ্ৰদ্ধাৰ হেমন্ত কাকতি, জ্যোতিৰূপম দত্ত, ৰিণ্টুমণি দত্ত আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ।
আলোচনীখনৰ বাবে লোৱা সাক্ষাৎকাৰটোৰ কামত প্ৰতিপল সহায় আগবঢ়োৱা দিম্পল কলিতা আৰু বিস্মিতা শইকীয়া(বৌ)ৰ সহায় সঁ‌চাকৈ শলাগিবলগীয়া। আলোচনীখনৰ অলংকৰণ, বেটুপাত আদি আকৰ্ষণীয়কৈ সজাই তোলা শ্ৰদ্ধাৰ ৰিতুপৰ্ণ বৰা আৰু দেৱজিত শইকীয়ালৈ থাকিল আন্তৰিক ধন্যবাদ।

সদৌ শেষত, ফটাঢোল গ্ৰুপৰ সমূহ প্ৰশাসকমণ্ডলী, সম্পাদনা সমিতিৰ সমূহ সদস্যবৃন্দৰ লগতে গোটৰ প্ৰতিজন সদস্যলৈ থাকিল অশেষ ধন্যবাদ। আশা কৰোঁ, প্ৰথম বছৰৰ নৱম সংখ্যাৰ আলোচনীখন আন্তৰিকতাৰে আদৰি ল’ব। অজানিতে ৰৈ যোৱা ভুলৰ বাবে আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।

আপোনালোকৰ আশীষ আৰু শুভকামনাৰে

পৰিস্মীতা গগৈ।

সম্পাদক, ফটাঢোল ই আলোচনী নৱম সংখ্যা, প্ৰথম বছৰ, মাৰ্চ ২০১৮

☆★☆★☆

10 Comments

  • অভিনন্দন পৰিস্মীতা৷

    Reply
  • Biman Ch Gogoi

    কথাখিনি জানি ভাল লাগিল।

    Reply
  • ৰাজীৱ শৰ্মা

    অভিনন্দন

    Reply
  • পৰিস্মিতা বৰদলৈ

    আটক ধুনীয়া হৈছে এইবাৰৰ সংখ্যাটো ৷ বহু অভিনন্দন!

    Reply
  • অভিনন্দন

    Reply
  • দিম্পল

    খানা এটা হব লাগে

    Reply
  • সঞ্জীৱ

    ধুনীয়া হৈছে আলোচনী।অভিনন্দন পৰিস্মীতা।

    Reply
  • চিদানন্দ বৰা

    বৰ সৰল ভাৱত ধুনীয়াকৈ প্ৰকাশ কৰালা নিজকে ৷ সাহস পাব আন দহ জনেও ৷

    Reply
  • Jeetendra Jeetu Saika

    সাহসী কামটো সফলতাৰে সমাপন কৰাৰ বাবে অভিনন্দন।

    Reply
  • deepjyoti handique

    পঢ়ি আছো খুব ভাল হৈছে । উন্নত মানদণ্ডৰ লেখাবোৰে সৌস্থৱ বহাইছে ।

    Reply

Leave a Reply to সঞ্জীৱ Cancel reply

Your email address will not be published. Required fields are marked *