ফটাঢোল

সংখ্যাৰ আঁৰৰ কথা – ঋতুপৰ্ণা মহন্ত

মাৰ্চ মাহৰ আৰম্ভণিতে ৰিণ্টুমনি দত্ত দাদাৰপৰা এটি বাৰ্তা আহিল, “ফটাঢোল আলোচনীৰ সম্পাদকৰ দায়িত্বভাৰ ল’ব লাগিব ভনী, সাজু হৈ থাকিবা।” প্রস্তাৱটি পোৱাৰ লগে লগে ভয় আৰু উৎকণ্ঠাৰ ভাৱে মনটো উগুল থুগুল লগালে। হওঁতে বৰ্ণাশুদ্ধিৰ কামত জন্মলগ্নৰেপৰা ফটাঢোলৰ সৈতে জড়িত হৈ আছিলো। কিন্তু কোনোবাদিনা যে আলোচনীখন সম্পাদনা কৰি উলিয়াব পাৰিম সেই কথা সপোনৰো অগোচৰ আছিল। নিজৰ সীমিত জ্ঞানৰ কথা ভাবি স্বাভাৱিকতে ইতঃস্ততঃবোধ কৰিলো। ৰিণ্টুমণি দত্ত দাদাই অভয় দিলে, “পাৰিবা, আমি সকলো লগত আছোঁ।” মোক এই গুৰুদায়িত্ব ল’ব পৰাকৈ উপযুক্ত বুলি ভবাৰ বাবে এই ছেগতে ফটাঢোল গোটৰ প্ৰকাশকমণ্ডলীক অশেষ ধন্যবাদ জনাইছোঁ।

দৰাচলতে মোৰ দৰে অল্পমতি এগৰাকীয়ে আলোচনী সম্পাদনা কৰাৰ আঁৰত যে কিছুসংখ্যক ব্যক্তিৰ প্ৰত্যক্ষ সহযোগিতা আছে, সেয়া নিশ্চয় সকলোৱে অনুমান কৰি ল’ব পাৰিছে। ৰিণ্টুমণি দত্ত দাদা, হেমন্ত কাকতি দাদা, জ্যোতিৰূপম দত্ত দাদা, সোণটো ৰঞ্জন বৰুৱা দাদা, অভিজিত কলিতা দাদা, দেৱজিত শইকীয়া দাদা, বিজয় মহন্ত দাদা, প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউৰ উৎসাহভৰা অভয়বাণীয়ে ভালেখিনি চিন্তা লাঘৱ কৰি তুলিছিল। সহায়ৰ বাবে সদা তৎপৰ হৈ থকা দিম্পল কলিতা আৰু মনিষা কাকতি বাইদেউৰ ওচৰত মই চিৰকৃতজ্ঞ।

সম্পাদনাৰ কাম ক’ৰপৰা কেনেকৈ আৰম্ভ কৰিম তাৰ একো উৱাদিহ বিচাৰি নোপোৱাৰ সময়চোৱাত হেমন্ত কাকতি দাদা, গীতিকা শইকীয়া বাইদেউ, পৰীস্মিতা গগৈ বাইদেউৱে সুন্দৰকৈ বুজাই দিছিল কেনেকৈ আগবঢ়াই নিব লাগিব সকলো কাম কাজ। “আমাৰ বাবে কিবা কাম থাকিলে বিনাদ্বিধাই ক’বা” বুলি কৈ সহায়ৰ বাবে আগবাঢ়ি আহিছিল জীমণি গগৈ বাইদেউ, চবিনা ইয়াচমিন বাইদেউ, বিকাশ শইকীয়া দাদা, বিজয় মহন্ত দাদা আৰু দিম্পল কলিতা। তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ।

দায়িত্বভাৰ লোৱা দিন ধৰি সকলো ক্ষেত্ৰতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে ৰিণ্টুমনি দত্ত দাদাক অশেষ ধন্যবাদ জনাইছোঁ। ই আলোচনী এখন সম্পাদনা কৰি উলিয়াবৰ বাবে প্ৰয়োজন হোৱা কাৰিকৰী জ্ঞান প্ৰায় শূন্যৰ ঘৰত আছিল। তেখেতে খুটি নাটি মাৰি সকলো কথা শিকাই বুজাই দিলে। তেখেতক অশেষ ধন্যবাদ।

কামবোৰ সুচাৰুৰূপে সম্পন্ন হোৱাত অৰিহণা যোগাইছিল জ্যোতিৰূপম দত্ত দাদা, দেৱজিত শইকীয়া দাদা, বিজয় মহন্ত দাদা, অভিজিত কলিতা দাদা আৰু প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউৰ সাৰুৱা দিহা পৰামৰ্শই। তেওঁলোকক শ্ৰদ্ধাভৰা কৃতজ্ঞতা জনাইছোঁ। সোণটো ৰঞ্জন বৰুৱা দাদাৰ অভয়বাণীয়ে বহুখিনি চিন্তা দূৰ কৰিছিল। আপোনালোকৰ সহায় সহযোগিতা অবিহনে আলোচনী সম্পাদনা কৰি উলিওৱাটো মোৰ পক্ষে অসম্ভৱৰ সমপৰ্যায়ৰ আছিল।
দৈনন্দিন ব্যস্ততা তথা কিছু কাৰিকৰী অসুবিধাৰ বাবে গোটৰ লেখাবোৰত চকু ফুৰাওঁতে কিছু পলম হৈছিল। এইক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছিল প্রণীতা গোস্বামী বৰঠাকুৰ বাইদেউ, হেমন্ত কাকতি দাদা, ৰিণ্টুমণি দত্ত দাদা, ধ্ৰুৱজ্যোতি অৰ্জুন দাদা আৰু দিম্পল কলিতা। এই আপাহতে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।

ফটাঢোল ই আলোচনীৰ পূৰ্বসূৰী সম্পাদকসকলে আগবঢ়োৱা সহায় সাৰথিৰ কথা ভাবিলে শ্ৰদ্ধাত মূৰ দোঁ খাই যাব খোজে। গীতিকা শইকীয়া বাইদেউ, জীমণি গগৈ বাইদেউ, চবিনা ইয়াচমিন বাইদেউ, পৰীস্মিতা গগৈ বাইদেউ, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য দাদা, বিকাশ শইকীয়া দাদা, দেৱজিত শইকীয়া দাদাই যথাসময়ত লেখনী দিয়াৰ লগতে প্ৰয়োজনীয় দিহা পৰামৰ্শ দি মোক কৃতাৰ্থ কৰিছিল। দৰাচলতে মোৰ বাবে অসম্ভৱ যেন লগা কাম এটা তেওঁলোকৰ সহায় সাৰথিৰ বাবেই সম্ভৱ হৈ উঠিছিল। ফটাঢোল আলোচনীৰ প্ৰত্যেকজন পূৰ্বসূৰী সম্পাদকৰ ওচৰত মই বিশেষভাৱে কৃতজ্ঞ।

এইমাহৰ আলোচনীখনৰ বিশেষ আকৰ্ষণ হ’ল, জনপ্ৰিয় লেখক বৈদুৰ্য্য বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। দৈনন্দিন ব্যস্ততাৰ মাজতো সময় উলিয়াই সাক্ষাৎকাৰটি যুগুত কৰি দিয়াৰ বাবে গোটৰ সক্ৰিয় সদস্য বৰ্ণালী ফুকন বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক সহযোগ কৰাৰ বাবে গোটৰে আন এগৰাকী সদস্য ৰূপালী গগৈ বাইদেউৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো।

সম্পাদনা কক্ষৰ বাহিৰত থাকি সহায় সহযোগিতা আগবঢ়োৱা, ভণ্টি মনালী গগৈ আৰু ভাইটি ধ্ৰুৱ কাশ্যপক অশেষ মৰম আৰু ধন্যবাদ জনালো। মোক দুঃশ্চিন্তাত পেলাই সম্পাদনাৰ কাম আৰম্ভ কৰাৰ দিন ধৰি আৰম্ভ হৈছিল বিদ্যুতৰ ভয়ংকৰ লুকা ভাকু। সেই দিনকেইটাত প্ৰায় প্ৰত্যেকদিনা আবেলি আধা কিলোমিটাৰ পথ অতিক্ৰম কৰি মোবাইল আৰু লেপটপটো সক্ৰিয় কৰি ৰাখিলে ভাইটি দীক্ষিত মহন্তই। তাক মোৰ অফুৰন্ত মৰম দিলো।

আলোচনীখনৰ কামত জড়িত হৈ থাকি এটা কথা উপলব্ধি কৰিলো যে অসমীয়া ভাষাৰ ভৱিষ্যৎ বাৰুকৈয়ে সুৰক্ষিত হৈ আছে। গোটৰ সদস্যসকলৰ লেখা মেলাৰ প্ৰতি থকা আগ্ৰহে আমাৰ এই বিশ্বাসত সাৰ পানী যোগালে। দৰাচলতে আলোচনী এখন সফল কৰি তোলে ইয়াৰ লেখনীসমূহে। যিসকল লেখকৰ সুন্দৰ লেখনীয়ে ফটাঢোল আলোচনীৰ পৃষ্ঠা শুৱনি কৰিলে, তেওঁলোক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। বহু সংখ্যক লোকৰে নাম ল’বলৈ থাকি গৈছে, কেইবাটাও লেখনী প্ৰকাশৰপৰা বিৰত থাকিবলগীয়া হৈছে। তাৰবাবে আমি ক্ষমাপ্ৰাৰ্থী।

আলোচনীখনৰ অলংকৰণ, অংগসজ্জা, বেটুপাত, লেখা আপলোড কৰাকে ধৰি সকলো ধৰণৰ কাৰিকৰী কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে মনিষা কাকতি বাইদেউ, ৰিণ্টুমনি দত্ত দাদা, দেৱজিত শইকীয়া দাদা, জ্যোতিৰূপম দত্ত দাদা, হেমন্ত কাকতি দাদা আৰু ৰিতুপৰ্ণ বৰা দাদাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফটাঢোলক সৰ্বাংগসুন্দৰ কৰি তোলাত আপোনালোকৰ অৱদান উল্লেখযোগ্য।

ফটাঢোল গোটৰ প্ৰশাসকবৃন্দ, গোটৰ সদস্যসকল তথা সম্পাদনা সমিতিৰ সদস্যসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ উৎসাহ, উদ্দীপনা তথা প্ৰেৰণাৰ বাবে। সকলোৱে আলোচনীখন আদৰি ল’লে নথৈ আনন্দিত হ’ম। অনিচ্ছাকৃত ভুল ভ্ৰান্তিসমূহ নিজগুণে ক্ষমা কৰিব বুলি আশা কৰিলো। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই সামৰণি মাৰিছোঁ।

ঋতুপৰ্ণা মহন্ত
সম্পাদক, ফটাঢোল ই আলোচনী
প্ৰথম বছৰ, দশম সংখ্যা
এপ্ৰিল, ২০১৮

☆★☆★☆

10 Comments

  • Bijoy Mahanta

    মোৰ নাম তিনিবাৰ মান ললে যে একো নকৰোতেই

    Reply
    • ঋতুপৰ্ণা

      আপোনালোক সকলোৰে সাহসতহে সাহসী হ’লো ইমান ডাঙৰ দায়িত্ব ল’বলৈ

      Reply
  • Manash Saikia

    অভিনন্দন৷
    মই ওপৰে ওপৰে চকু ফুৰাইছোঁ৷ ভাল হৈছে৷

    Reply
  • Gitika Saikia

    ভাল লাগিছে ঋতু। লিখাবোৰ পঢ়ি গৈ আছো। অতি সুন্দৰ হৈছে। পুনৰ অভিনন্দন জনালো তোমাক।

    Reply
  • আলোচনীখন সুন্দৰ হৈছে।

    Reply
  • ৰিণ্টু

    সৰ্বাংগ-সুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ ঋতুপৰ্ণা।

    Reply
  • সুন্দৰ এটি সংখ্যা উপহাৰ দিলা ভণ্টী৷ অভিনন্দন জনালোঁ৷

    Reply
  • ঋতু, তোমাৰ কষ্ট সাৰ্থক হৈছে। ভাল হৈছে আলোচনী।

    Reply

Leave a Reply to Sabina Cancel reply

Your email address will not be published. Required fields are marked *