ফটাঢোল

ফটাপ্ৰশ্ন

(১) ৰঞ্জিত কুমাৰ শৰ্মাঃ- ফটহু ডাঙৰীয়া, মানুহে ঘাঁহ খাই জীয়াই থকা হ’লে আপোনাৰ কি লাভ হ’লহেতেন?

ফটহুঃ- কিডাল লাভ হ’বহে;  লোকচানহে হ’লহেঁতেন। তেতিয়া ঘাঁহৰ ওপৰতো GST, চিণ্ডিকেট টেক্স, দাদাগিৰি হফ্টা সেইবোৰ দিব লগা হ’লহেঁতেন, ল’ৰা-ছোৱালীক চাইনীজ মেডিচিন মাৰি ৰাতিৰ ভিতৰতে দুফুট ওখ হোৱা ঘাঁহ খোৱাব লগা হ’লহেঁতেন। এতিয়া তেও দুখীয়া নিচলাই ভাত খাবলৈ নেপালে-টেক্স নিদিয়াকে ঠাণ্ডা পানীৰ লগত ঘাঁহ দুডাল চোবাই ৰাতিটো শুই থকাৰ ব্যৱস্থাকণ আছেগৈ, তাকো অৰ্গেনিক ঘাঁহ।

(২) ধৰিত্ৰী শৰণীয়াঃ- ফটাঢোলৰ বৰলাই কিয় বৰলী বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতি হৈছে?

ফটহুঃ-আপোনাৰ প্ৰশ্নটোত কাৰিকৰী বিসংগতি আছে। বৰলী এজনী বিচাৰি পোৱা নাই কাৰণেই তেওঁক বৰলা বুলি কোৱা হৈছে, যিদিনাই পাব সেইদিনাই বৰলা/বৰলী গুচি ‘ইন এ ৰিলেচনশ্বিপ’  বা ‘ইন অপেন ৰিলেচনশ্বিপ’ হৈ যাব ৷ ( যদিহে বৰলীও বহল মনৰ হয়)

(৩) দিপাংক বৰাঃ-  যদি আপোনাক আত্মহত্যা কৰিবলৈ সুযোগ দিয়া হয় তেন্তে আপুনি  কেনেধৰণে আওমৰণে মৰিবলৈ পছন্দ কৰিব ?
ক) চুপাৰ হিট আচামিজ ভিডিঅ’ চংচৰ আমেজ লৈ
খ) আচামিজ নিউজ চেনেল চাই বিৰক্ত হৈ
গ) চিপজৰী লৈ

ফটহুঃ- আৰু এটা উপায় আছে, প্ৰেমত পৰিলেও হৈ যাব। আজিকালি প্ৰেমত পৰিলে আওমৰণে মৰাৰ চান্স বাঢ়ি গৈছে।

(৪) পল্লৱী কলিতাঃ-  এজনী ছোৱালীৰ তিনিজন  বয়ফ্ৰেণ্ড আছে — এজন বৰ ধনী, এজন বৰ ধুনীয়া আৰু এটা পঢ়াত খুব চোকা। এতিয়া ছোৱালীজনীয়ে কাক বিয়া পাতিব আৰু কিয়?

ফটহুঃ- একেবাৰে সহজ প্ৰশ্ন, তেওঁ ধনীজনৰ লগত বিয়া হ’ব। তেওঁ নিজৰ চেহেৰাটো প্লাষ্টিক চাৰ্জাৰী কৰি ধুনীয়া কৰি ল’ব আৰু পঢ়াত চোকাজনক নিজৰ তলত চাকৰি দি তেওঁৰ মেধা আৰু বেছি ধনী হ’বৰ বাবে ব্যৱহাৰ কৰিব।

(৫)পৰিশ্মিতা গগৈঃ-  অলপতে এখন বিয়া হৈ গ’ল। দৰা ৫২ বছৰীয়া আৰু কইনা ২৭ বছৰীয়া। বিয়াখনৰ, অকল পুৰুষসকলকহে বিৰুদ্ধাচৰণ কৰা দেখা গৈছে। ইয়াৰ অন্তৰালত থকা কাৰণ কি হ’ব পাৰে বাৰু?

ফটহুঃ- কেঁকোৰা মানসিকতা ৷

(৬) নিলাক্ষী কাকতিঃ- পুৰুষসকলে মচি থোৱা ঘৰটোত জোতা পিন্ধি আহি,জাপি থোৱা কাপোৰখিনিৰ ওপৰত তিতা কাপোৰ থৈ অশান্তি কৰে ৷ কিয়? আৰু নিজে ক্ৰিকেট যেতিয়াই তেতিয়াই চাই থাকিব বিচাৰে আৰু মহিলাসকলে চিৰিয়েল এখন চালেও ইমান ইতিকিং কৰে কিয়??

ফটহুঃ- এই কামবোৰ যেনে-জোতা পিন্ধি ঘৰ সোমোৱা, বা ক্ৰিকেট খেল, এই সকলোবোৰ এদিন শেষ হয়। কিন্তু একতা বাইদেউৰ চিৰিয়েল চিৰন্তন, চিৰস্থায়ী, চিৰপ্ৰৱাহমান- কেতিয়াও শেষো নহয়, কাহিনীও সলনি নহয়।

(৭) ধ্ৰুৱজ্যোতি অৰ্জুনঃ-   নাৰীসকলে বিউটি প্লাছ আৰু কেজিয়ে-কেজিয়ে মেকআপ কৰি কিয় পখিলীজনী হৈ থাকে ? ইফালে আমি অকঁৰা লাগি চালেও গালি দিয়ে ? তেওঁলোকে আমি চোৱাটো বিচাৰে নে নোচোৱাটো বিচাৰে ?

ফটহুঃ-আপুনি এইবাৰ ‘অঁকৰা’ লাগি চোৱাতকৈ, ‘টেঙৰ’ লাগি চাবলৈ চেষ্টা কৰিব পাৰে; হয়তো সুফল পাব।

(৮)ধৃতিশ্মিতা বৈশ্যঃ-  ল’ৰাবোৰে আচলতে তেওঁলোকৰ অৰ্দ্ধাঙ্গিনী কেনেকুৱা হোৱাটো বিচাৰেনো? বিয়াৰ আগতে অৰ্দ্ধাঙ্গিনী এজনী বুক কৰিলে কেইদিনমান পিছত আনৰ অৰ্দ্ধাঙ্গিনীলৈ চকু দি হা-হুমুনিয়াহ কাঢ়ি থাকে৷ তাৰ কাৰণটো কি?

ফটহুঃ- ল’ৰাবোৰে এনে অৰ্ধাংগিনী বিচাৰে যি বিয়াৰ পাছত ল’ৰাজনে আনৰ অৰ্ধাংগিনীলৈ চাই হা-হুমুনিয়াহ কাঢ়ি থাকিলেও বেয়া নেপায় বা কাজিয়া নকৰে। ইংৰাজীত ইয়াত ‘স্পৰ্টিং স্পিৰিট’ বুলি কোৱা হয়।

(৯)বিজয় মহন্তঃ-  সকলোতে অভিজ্ঞতাৰ প্ৰয়োজন। চাকৰিৰ বাবে বিজ্ঞাপন দিওতেও অভিজ্ঞতাকহে গুৰুত্ব দিয়ে। সংসাৰ এখন চলাবলৈও অভিজ্ঞতাৰ প্ৰয়োজন নহয় জানো? এতিয়া মোৰ প্ৰশ্ন হ’ল-সকলোতে যেতিয়া ইমান অভিজ্ঞতাৰ প্ৰয়োজন,বিয়াৰ ক্ষেত্ৰত কিয় অভিজ্ঞতাক গুৰুত্ব দিয়া নহয়? ছোৱালীজনী তিনিজনৰ লগত বিয়া হোৱাৰ অভিজ্ঞতা আছে। আপুনি নিয়ক। সংসাৰ ভালদৰে চলাব জানিব। ল’ৰাজনে চাৰিজনী বিয়া পতা, গতিকে সংসাৰ ভালদৰে চলাব জানিব ৷ এনেকুৱা কিয় নহয়?

ফটহুঃ- চাকৰিত অভিজ্ঞতা থাকিলেও ইণ্টাৰভিউৰ প্ৰথম প্ৰশ্নটো সদায় হয়- আপুনি আগৰ চাকৰিটো কিয় এৰিলে বা এৰিব খুজিছে। এই প্ৰশ্নটোৰ সন্তোষজনক উত্তৰ পালে বিয়াৰ ক্ষেত্ৰতো অভিজ্ঞতাক গুৰুত্ব দিব পৰা যাব।

(১০)শেখৰজ্যোতি বৰাঃ-  ঠাণ্ডাদিনৰ বিয়াবিলাকত দেখা যায় যে পুৰুষসকলে গৰম কাপোৰ পিন্ধে ঠাণ্ডা নালাগিবৰ বাবে, তাৰ বিপৰীতে মহিলাসকলে হাঁড়-কপোৱা ঠাণ্ডা হ’লেও গৰম কাপোৰ নিপিন্ধে । তেওঁলোকৰ ঠাণ্ডা নালাগে নেকি নে আন কিবা  ?

ফটহুঃ- এইটো বস্তুকে “পইচাৰ গৰম” দেখুৱা বুলি কোৱা হয়। বৰপেৰা চেপি খুন্দি উলিওৱা পইচা কেইটাৰে কিনা কাপোৰ – গহনাবোৰ এনেই বিৰাট গৰম হৈ থাকে।

(১১) হিমাংশু ৰাজখোৱাঃ-  ‘কুচ কুচ হোতা হ্যেঁ’ নামৰ চিনেমাখনে আমাৰ মুলুকত জনপ্ৰিয় কৰা ‘Friendship Day’ ৰ শুভেচ্ছা সকলোকে জনালোঁ। আগষ্ট মাহৰ প্ৰথম দেওবাৰ friendship day ৷ লাখটকীয়া প্ৰশ্নটো হল,চিনেমাখনত কলেজখন কিয় দেওবাৰে খোলা আছিল????

ফটহুঃ- কুচ কুচ হোতা হ্যেঁ চিনেমাখনৰ শ্বুটিং কৰিবলৈ।

(১২) দেৱজিত শইকীয়াঃ-  প্ৰেমৰ গভীৰতা জোখা মেচিন থকা হ’লে কি হ’ল হয়?

ফটহুঃ- তেনেকুৱা এটা মেচিন ফটহুৱে কেতিয়াবাই সাজি থৈছে। কিন্তু সমস্যা হ’ল-মেচিনটোৱে প্ৰেমৰ গভীৰতাৰ জোখ দিয়াৰ লগতে সেই গভীৰ পানীৰ তলৰ কাঁইটবিলাকো জলজল-পটপটকৈ দেখুৱাই দিয়ে। কাঁইটবিলাক দেখাৰ পাছত ৰাইজে ভয়তে প্ৰেমত পৰিবলৈকে বাদ দিব বুলি ফটহুৱে মেচিনটো লুকুৱাই থৈছে। কাৰণ প্ৰেম যিমানেই ঝেং বস্তু নহওক কিয়- প্ৰেম নহ’লে এই দুনীয়া মিছা।

 (১৩) অভিজিত কলিতাঃ-  পৃথিৱীখন চাৰিচুকীয়া হোৱা হয় আমেৰিকাত বৰ্তমান কেইটা বাজিল হয়?

ফটহুঃ- পৃথিৱীখন চাৰিচুকীয়া হোৱা হ’লে আমেৰিকাখন অসমৰ তলতীয়া জিলা এখন হ’লহেঁতেন, গতিকে আমেৰিকাই GMT মানে ‘গুৱাহাটী মীন টাইম’ মানি চলিব লাগিলহেঁতেন। অৰ্থাৎ অসমত যি সময় হ’লহেঁতেন, আমেৰিকাতো সেই সময়েই হ’লহেঁতেন।

(১৪) হেমন্ত কাকতিঃ-  ফটহু ডাঙৰীয়া, আপুনি যদি এদিনৰ বাবে মিঃ ইণ্ডিয়াৰ দৰে ‘গাইপ’ হৈ যোৱাৰ মন্ত্ৰটো পায়,তেন্তে প্ৰথম কামটো কি কৰিব?

ফটহুঃ- যন্ত্ৰটো পোৱাৰ লগে লগে মোৰ প্ৰথম কামটো হ’ব যন্ত্ৰটো পৰীক্ষা কৰি চোৱা ৷ সেইটোৱে আচলতে কাম কৰে নে নকৰে। আজিকালি এনেবিলাক কথা কৈ টুপী পিন্ধোৱা মানুহৰ অভাৱ নাই। কেনেবাকে মিছাতে অদৃশ্য হৈ আছোঁ বুলি ভাবি মোৰ কাৰনামাবিলাক আৰম্ভ কৰি দিলে গণ-ধুলাই খাব লাগিব।

(১৫) বন্দিতা গগৈ বৰাঃ-  আপুনি টিভি, টেলিফোন এইবোৰ কোনে আৱিষ্কাৰ কৰিছিল জানে। কিন্তু চেঁপা( মাছ ধৰা যতন), খৰাহী আদি আৱিষ্কাৰ কৰোঁতেও কম কষ্ট হোৱা নাছিল। মোৰ প্ৰশ্ন হ’ল চেঁপা-খৰাহী আদি লাগতীয়াল বস্তুবোৰ কোন অসমীয়াই আৱিষ্কাৰ কৰিছিল?

ফটহুঃ- সহজ প্ৰশ্ন ; উত্তৰটো ফটহুৱে জানে। কিন্তু সমস্যা হ’ল ‘অসমীয়া কোন?’ সেই কথাটো নজনা বাবেহে। ফটহুৱে ঘপকৈ নামটো কৈ দিব, পিছত সেইজনৰ এন আৰ চিত নাম নোলাব- গণ্ডগোল হৈ যাব। চেঁপা খৰাহী আৱিষ্কাৰ কৰাজন অসমীয়া বুলি কনফাৰ্ম হ’লেই আপোনাক নামটো জনোৱা হব।

(১৬) ধ্ৰুৱ কাশ্যপঃ-  ধৰক আপুনি আগদিনা বিয়া এখনত ভালদৰে মাছে-মঙহে দকচি খালে – কিন্তু পিছদিনা পুৱাতে আপোনাৰ আকৌ প্ৰচণ্ড ভোক লাগিল। এনে কিয় হয়? এদিন খালে তিনি চাৰিদিনলৈ ভোক নলগাকৈ থকাৰ ব্যৱস্থা নাই কিয়?

ফটহুঃ- মানুহবোৰ খাই খাই পেটুলা হৈ হাই প্ৰেচাৰ ডায়েবেটিছ হৈ পৰিব লাগে যে, নহ’লে জনসংখ্যা বিষ্ফোৰণ নহ’ব জানো ?

(১৭) ৰিণ্টুমণি দত্তঃ-  নাৰী আৰু পুৰুষৰা মাজত বন্ধুত্ব সম্ভৱনে? যদি সম্ভৱ, তেনে সেই বন্ধুত্বৰ দৈৰ্ঘ্য কি কি উপাদানৰ সমানুপাতিক আৰু কি কি বস্তুৰ ব্যস্তানুপাতিক?
ফটহুঃ-  নহয়।
(বিঃ দ্ৰঃ- নাৰী আৰু পুৰুষৰ মাজত বন্ধুত্ব সম্ভৱ হয় নে নহয় ফটহুৱে নেজানে৷ কোনো দিন এইবিলাক কথাত মাথা মৰা নাই। কিন্তু সম্ভৱ বুলি লিখিলে আৰু বহুত কিবা কিবি লিখিব লাগিব- কিবা সমানুপাত, ব্যস্তানুপাত। গতিকে ফটহুৱে চিধা ‘নহয়’ বুলি কৈ কাম সামৰিলে- অসম্ভৱ বুলি ক’লেই যেতিয়া প্ৰশ্নৰ বাকীখিনি অংশ অপ্ৰাসংগিক হৈ পৰিল৷)

(১৮) ড° পাৰ্থসাৰথি ভূঞাঃ-  সৰুতে পঢ়িছিলোঁ- পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, ওখ ঘৰত বহি থাকিল গোটেই শুকুৰবাৰ। আজিলৈকে বুজি নেপালোঁ নদীৰ পাৰত থকা ঘৰটোৰ মূধত পাৰ চৰাইটো গোটেই শুক্ৰবাৰটো কিয় বহি থাকিল?

ফটহুঃ- এয়া বয়সৰ দোষ- কাৰণ নদীৰ সিটোপাৰৰ ঘৰটোত পাৰ চৰাইটোৰ প্ৰেমিকাজনী আছিল আকৌ। তাতে তেতিয়া হোৱাটচ্এপ, হাইক, ফেচবুক নাছিল নহয়। প্ৰেম কৰিবলৈ হ’লে ‌ফিজিকেলি প্ৰেমিকাৰ ওচৰলৈ গৈ লাইন মাৰিব বা প্ৰপ’জ কৰিব লাগিছিল।

(১৯) জোনমণি বৰুৱা ডেকাঃ-  যদি জুবিনদাৰ বাণী- “মই কাকো ঘেণ্টাও খাতিৰ নকৰোঁ”, হিমন্ত বিশ্ব শৰ্মা চাৰৰ – “কেঞ্চাৰ পূৰ্বজন্মৰ পাপৰ ফলত হয়”, তৰুণ গগৈদেৱৰ –“বাদ দিয়া হে”, তেনে ফটহু কাইৰ ট্ৰেডমাৰ্ক বাণী এটা ৰাইজে জানিব পাৰিব নে?

ফটহুঃ-  ফটহুৰ বাণী- “বাদ দিয়া হে, পূৰ্বজন্মৰ পাপৰ ফলত কাৰোবাৰ কেঞ্চাৰ হলেও মই ঘেণ্টাও কেয়াৰ নকৰোঁ, লাগিলে মতা মাছ ফ্ৰাই কৰি খাম-তথাপি সাংবিধানিক ৰক্ষাকৱচ নেৰোঁ আৰু স্বাধীনতাৰ প্ৰশ্নত আপোচ নকৰোঁ। ‘মা মাটি আৰু মানুষে’ৰ ‘অচ্ছে দিন’ নহালৈকে যে  ‘পাপ্পু কেণ্ট ডেন্স’ সেয়া নিশ্চিত।”

(২০)তবিবৰ ৰহমানঃ-  মানুহৰ মাজত মৰম-চেনেহবোৰ নেথাকিলে মানুহৰ অৱস্থা কি হ’লহেঁতেন?

ফটহুঃ- হেৰি, ক’ত আছে আপুনি? শুই আছে নেকি? সেইকেইপদ বস্তু কেতিয়াবাই হেৰাল- আজিকালি মিউজিয়ামতো নেপায়। তথাপিও ৰাইজ বিন্দাছ জীয়াই আছে।

(২১)ভাষ্কৰজ্যোতি দাসঃ-  যিহেতু পেট্ৰ’লৰ দাম দিনক দিনে বাঢ়ি গৈ আছে,গতিকে এইবাৰৰ হাইয়াৰ ছেকেণ্ডাৰী পাছ কৰা ল’ৰা-ছোৱালীয়ে পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিং পঢ়িলে সুফল পাবনে ?

ফটহুঃ- পেট্ৰ’লৰ মূল্য যিমানে বাঢ়িছে,তাতকৈও বহুগুণে বাঢ়িছে ইঞ্জিনিয়াৰৰ সংখ্যা ৷ পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙ নিশ্চয় পঢ়িব পাৰে,কোনেনো বাধা দিব ! পিছে ‘সুফল’ পাব নে ‘কুফল’ পাব-সেইটোহে দাঠি ক’ব পৰা নাযাব৷ কাৰণ-কলেজত ‘ছিট’ এভেইলেবল হ’লেও দেশত ‘চাকৰি’ এভেইলেবল নহয়৷

(২২) সুষ্মিতা দাসঃ-  আমি সকলোৱে জানো,সৰস্বতী পূজা দিনত আৰু লক্ষ্মী পূজা ৰাতি হয়, কিয় সৰস্বতী পূজা ৰাতি আৰু লক্ষ্মী পূজা দিনত নাপাতে?

ফটহুঃ- সৰস্বতী পূজা ৰাতি পাতিলে মানুহে মেক-আপ আৰু নতুন কাপোৰ ভালকৈ দেখাই নেপাব দেখোন। আৰু টিভিত হেলোজেন লাইটতকৈ নেচাৰেল লাইটত ভিডিঅ’বোৰ ভালকৈ ওলায়। গধূলি গল্ডেন লাইট পালেতো কথাই নাই। গতিকে সৰস্বতী পূজা ৰাতি পতাৰ প্ৰশ্নই উঠিব নোৱাৰে।
আকৌ দুই-নম্বৰী ধাণ্ডা আৰু ইনকাম সদায় ৰাতি হয়, লক্ষ্মী আইয়ে যাতে সেইবোৰ দেখা নেপায় সেইবাবে তেখেতক দিনতে আপ্যায়ন কৰি বিদায় দিয়া হয়।

(২৩) দীপাঞ্জলী দাসঃ-  পুৰুষসকলে যদি এদিনৰ বাবে শ্ৰীকৃষ্ণৰ মোহিনী ৰূপ পায়,তেন্তে কি হ’ব?

ফটহুঃ- গোটেই জীৱন নাৰীয়ে পুৰুষক নচুৱাই ফুৰাৰ প্ৰতিশোধ সেইদিনাই লৈ ল’ব।

(২৪) দ্বিজেন তামুলীঃ-  ফটহু ডাঙৰীয়া,ভাৰত এখন পিতৃ-প্ৰধান দেশ৷ ইয়াত মহিলাসকলে পুৰুষৰ কথা মতে চলিব লাগে কিন্তু বেছিভাগ পুৰুষে মহিলাৰ কথা মতে চলে কিয়?

ফটহুঃ- সেই ‘প্ৰধান পিতৃ’জনা কাৰ কথামতে চলিছিল বা চলে  সেয়া চাই ল’লেই হ’ল। এইবোৰ একদম মিছা কথা, পিতৃপ্ৰধান বুলি কোনো প্ৰথা নাই। ক’ৰবাত পিতৃভাষা বুলি শব্দ এটা শুনিছে নেকি? মাতৃৰ আগত পিতৃৰ মুখৰ মাতেই নোলায়, শিশুৱে কেৱল মাতৃৰ মাতহে শুনে৷ তাকে শিকে,বুজে। গতিকে মাতৃভাষা হয়গৈ। পিতৃ-প্ৰধান শব্দটো পুৰুষক আভুৱা ভৰাৰ কৌশল মাত্ৰ।

(২৫) হেমন্ত কুমাৰ বৰাঃ-  এলবাৰ্ট পিন্টুৰ খং কিয় উঠে?

ফটহুঃ- বহুত কাৰণ আছে যেনে
– ষ্টেলা ডিকষ্টাই তাৰ ফোন উঠোৱা নাই। তাৰ সন্দেহ হৈছে-তাইৰ আৰু কাৰোবাৰ লগত চক্কৰ আছে।
– ৰাতি ক’ৰবাত পাৰ্টি কৰি দেৰিকৈ ঘৰ সোমোৱাৰ বাবে বাপেকে পুৱাই তাক জাৰণ দিছে৷
– বাপেকে তাক দিল্লীত গৈ এক্সপৰ্ট-ইম্পৰ্ট বিজিনেছ কৰিবলৈ পইচা দিয়া নাই৷
– আজি ভাতৰ লগত চিকেন নাই৷
– তিনিসপ্তাহৰ পাছত পৰীক্ষা আছে- আৰু সি আজিলৈকে এটাও ক্লাছ কৰা নাই। ডিছকলেজিয়েট লিষ্টত তাৰ নাম ওলাইছে।
– আজি ডমিনিকৰ ঘৰত পাৰ্টি কৰাৰ কথা ফাইনেল আছিল, ডমিনিকৰ মাক-বাপেক বিয়া খাবলৈ যাব হেনো। এইমাত্ৰ গম পাইছে- তেওঁলোক নেযায়!
– তাৰ লেটেষ্ট প্ৰফাইল ফটোখনত মাত্ৰ ২১ টা লাইক আৰু তিনিটা কমেণ্ট পৰিছে। ইত্যাদি

[সম্পাদকৰ একাষাৰ:- সমূহ প্ৰশ্নকৰ্তালৈ অশেষ ধন্যবাদ। এইবাৰ নতুনকৈ আৰম্ভ কৰা শিতানটোলৈ আপোনালোকে আশাতীত সহযোগিতা আগবঢ়াইছে। কিন্তু স্থানাভাৱৰ বাবে সকলো প্ৰশ্নৰে উত্তৰ দিয়া সম্ভৱ নহ’ল। তাৰ বাবে আমি দুঃখিত। আপোনালোকৰ সকলো প্ৰশ্নৰে উত্তৰ ফটাঢোলৰ পৰৱৰ্তী সংখ্যাবোৰত দিয়া হ’ব। আশাকৰোঁ, শিতানটোৱে সদায়েই আপোনালোকৰ আশীৰ্বাদ পাই থাকিব।]

☆★☆★☆

2 Comments

  • Kamal neog. Tezpur.

    ফটা প্ৰশ্নকেইটা আৰু ফটা উত্তৰকেইটা পঢ়িলোঁ। ভালেই লাগিল। শিতানটো চলি থাকিলে ভাল হ’ব।

    Reply
  • কমলা দাস

    বৰ ধুনীয়া কৈ উত্তৰ বিলাক দিছে।

    Reply

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published. Required fields are marked *