ফটাঢোল

ফটা প্ৰশ্ন

১)মৌচুমী গগৈ:

ফটহু কাই এনেকুৱা এটা বস্তুৰ নাম কওকচোন ,যাৰ মূৰ আৰু নেগুৰ আছে কিন্তু সি জীৱিত নহয় ?

ফটহু:- মৰা ঢোঁৰা সাপ।

২)নুটনদ্বীপ মোহন:

এককেজি মাগুৰ মাছৰ দাম ৮০০/- টকা হ’লে একপোৱাত কেইটা মাগুৰ পাম?

ফটহুঃ- প্ৰশ্ন স্পষ্ট নহয়, থাইলেণ্ড মাগুৰ নে লোকেল, সেয়া জানিলেহে উত্তৰ দিব পৰা যাব।

৩)ৰাজু কুমাৰ নাথ:

ফটহু কাই, “হিমা দাস”আমাৰ অসমৰ গৌৰৱ। এই কথাটোত মনোযোগ দিয়াতকৈ বহুতে বিশ্বকাপত গুৰুত্ব বেছি দিয়াত দুখ পাইছো। এনে আচৰণে আমাক ক’লৈ লৈ যাব?

ফটহুঃ- গৌৰৱ সকলোৱে কৰিছে হিমাক লৈয়ে,  এনেই ৰাইজে মেছিৰ দুখত দুখী হোৱা দেখুৱাই লেভেল দিছে বুজিছে। কিন্তু আমাৰ জুবিন দাই দুইফালে সমানে চলাই আছে, এফালে হিমাৰ ডায়েট চাৰ্ট বনাইছে, আনহাতে বিশ্বকাপ বাটাৰো ব্যৱহাৰ কৰিছে।

৪)অনুৰাগ হাজৰিকা:

ফটহু কাই এই বছৰ যে কঁঠাল গুটিয়ে বক্স অফিচত আগৰ সকলো ৰেকৰ্ড ভংগ কৰিছে ইয়াৰ কাৰণ কি?  আগতে কি অসমৰ মানুহে কঁঠাল গুটি খোৱা নাছিল?

ফটহু:- তাকে বোলে মাৰ্কেটিং। আৰু চচিয়েল মেডিয়াৰ শক্তি। কঁঠাল গুটিয়েও চাগে ভাৱিছে, মই ইমান ‘হেপেনিং’ বস্তু নে? যি হৈছে ভালেই হৈছে, ফটহুৱেও কঁঠাল গুটি বিজিনেছ কৰি দুপইচা ঘটিছে।

৫)হিতেশ বি বৰুৱা:

প্ৰেমত ল’ৰাই ঠগ খায় নে ছোৱালী?

ফটহু:- প্ৰেম বিফল হ’লে, যিজনেই সঁচা প্ৰেম কৰে তেঁৱেই ঠগ খায়। কিন্তু যদি প্ৰেম সফল হৈ বিবাহৰ ৰূপ লয়,  তেনে দুই পক্ষই ঠগন খায়।

৬) মিৰাজুল ৰছিদ:

ফটহু দাইটি, বুকুখন বৰকৈ জ্বলা-পুৰা কৰি আছে দুদিনমানৰ পৰা, এয়া প্ৰেমত পৰাৰ চিন নে গ্ৰেষ্টিকৰ প্ৰৱলেম?

ফটহু:- এয়া আপোনাৰ মানৱ দেহাটো গেষ্ট্ৰিকৰ প্ৰেমত পৰাৰ চিন, সোনকালে পাঠকাচাৰ্যৰ পৰামৰ্শ লওক।

৭)দ্বিজেন তামুলী:

ফটহু কাই নিজৰ বাইক বা কাৰত বেলেগ ছোৱালী বা তিৰোতাক লিফ্ট দিলে দেহাটো সাতখন আঠখন লাগে, কিন্তু নিজৰ ভাবী পত্নী বা পত্নীয়ে বেলেগৰ বাইক বা কাৰত যোৱা দেখিলে মনত কিবা চিৰিংকৈ মাৰে কিয়?

ফটহুঃ- ফটহুৱে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ বিছাৰি নোটচ, চাজেচন ঘূকটি থাকোতেই কোনোবা এটাই ৰিং মাৰি কৈ থৈ গ’ল- বোলে “চোৰেহে চোৰৰ ঠেং দেখে!” গতিকে এতিয়া ফটহুৱে উত্তৰ নিদিলেও হ’ব চাগে।

৮)ৰত্নদ্বীপ বৰা:

গ্রুপৰ সক্ৰিয় সদস্য সকলে কিয় মাজে মাজে ‘লেফ্ট’ লয় বাৰু?

ফটহুঃ- ফটাঢোলৰ সদস্য সকল এটা পৰিয়ালৰ দৰে,  কেতিয়াবা কোনোবাই ব্যস্ততা বা আন কিবা কাৰণত পৰিয়ালৰ পৰা কিছুদিন আঁতৰি থাকিব লগীয়াও হয়,  সেয়া একো আচৰিত কথা নহয়। কিন্তু পৰিয়ালৰ বান্ধোনটো কেতিয়াও ঢিলা নহয়।

৯)নাজিয়া হাছান:

ফটহু কাই, ফটাঢোলৰ লিখা পঢ়ি পাঠক পঠিকা সকল যদি হাঁহি হাঁহি পগলা হয়, তেতিয়া আপুনি ইয়াৰ দোষ কাক দিব বাৰু? ফটাঢোলক নে লেখক লেখিকাক?

ফটহু:- দোষ নিদিওঁ, সকলোকে শলাগৰ শৰাই দিম।

১০)বিউটি হালৈ:

ফটহু কাই … ফেচবুকৰ পৰা আমাজনলৈ কঁঠালগুটিয়ে তোলপাৰ লগোৱা সময়ত মই যে কঁঠালৰ গোন্ধও ল’ব নাপালো পাই। এতিয়া কথা হ’ল যমদূতে হেনো কঁঠালগুটি নোখোৱাখিনিক ফটাবাকৰিতে ৰেহাই হিচাপত থৈ যাব বিচাৰিছে। হয় নে কথাটো?

ফটহুঃ- ময়ো খোৱা নাই এইবাৰ। ভালেই হ’ল দিয়ক, সকলোকে যমে নিয়াৰ পাছত আমি দুজনে পৃথিৱীত ৰাজত্ব কৰিম।

১১)হিমাশ্ৰী দেৱী:

মোৰ মানে কেইটামান কথাত অলপমান খূ-দুৱনি লাগি আছিল৷ সেয়েহে ভাবিলো ফটহুৱে জ্ঞান চক্ষু মুকলি কৰাই দিয়েইবা৷ ক)প্ৰেম বিবাহ আৰু আয়োজিত বিবাহ(এৰেঞ্জ মেৰেজ)ৰ কোনটো বেছি সফল আৰু ব্যাপক?  প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক।   খ) সাধাৰণতে ল’ৰা ছোৱালীৰ ভুল হ’লে মাকৰ প্ৰতিপালনত আঙুলি কিয় উঠে ?  গ) ছোৱালী বা মাইকী মানুহৰ পেটত কথা নাথাকে বুলি কিয় কোৱা যায় ?  ঘ) কোন বেছি সহিষ্ণু পতি নে পত্নী ?  ঙ) প্ৰেম সকলোৰে জীৱনলে আহেনে ?

ফটহু: কিমান নম্বৰ আছে বাৰু প্ৰশ্নটোত?  পাঁচটাৰ ভিতৰত দুটাৰ উত্তৰ কৰা ধৰণৰ কিবা সুবিধা আছে নে? গোটেই কেইটাৰ উত্তৰ চমুকৈ দি দিছো, আপুনি নিজগূণে শুদ্ধকেইটা বিচাৰি উলিয়াই যথোপযুক্ত নম্বৰ দিয়ে যেন।

ক) প্ৰেম বিবাহ বুলি কোনো  বস্তু নাই,  প্ৰেমৰ সমাধিতহে হোমৰ জুই জ্বলে। গতিকে আয়োজিত বিবাহেই ব্যাপক বুলিব লাগিব। বাকীখিনি প্ৰশ্নৰ বাবে ইমৰাণ খানৰ তৃতীয়  বিবাহে কি ৰূপ লয় চাই লব লাগিব। খ) বাপেকবোৰে ল’ছালি প্ৰতিপাল নকৰেই আকৌ, কৰিলেহে ভাল বা বেয়া বুলি ক’ব পৰা যায়। গ) যুধিষ্ঠিৰৰ শাও আছে বাবে আকৌ। ঘ) পতি। ঙ)আহে, কেতিয়াবা দেখাহে পোৱা নেযায়।

১২)জয়ন্ত শৰ্মা:

হ’ব পাৰে পুৰুষসকল চোকা জলকীয়াৰ দৰে, কিন্তু মহিলাই এওঁলোকক আচাৰ বনাই থয়। এই বাক্যশাৰী বাৰু গৰিহণাৰ যোগ্য নহয়নে ?

ফটহু:- মুঠেও নহয়, কাৰণ আচাৰ কৰিলে জলকীয়াৰ চোক বাঢ়েহে। বিহজলকীয়াৰ আচাৰৰ তেল এটোপা চাকি চালেই গম পাই যাব।

১৩)তবিবৰ ৰহমান:

ফটহু কাই- বাইকেৰে অকলে অকলে গৈ থাকিলে এজন মতা মানুহে যদি ৰখাই সোধে মইও অমুকলৈ আপোনাৰ লগত যাব পাৰিম নে, তেতিয়া আৰোহী জনে সেইফালে যোৱা স্বত্বেও নাযায় বুলি কয়। কিন্তু যেতিয়া এজনী সুন্দৰী মহিলাই ৰখাই সোধে অমুকলৈ যাব নেকি মইও যাব লাগিছিলহে। তেতিয়া আৰোহীজনে সেই অমুকলৈ নোযোৱা স্বত্বেও যাম বুলি উঠাই লৈ যায়। কিয়?

ফটহুঃ- মৰমতে যায় আকৌ। আৰু সেই  কাৰণেই ‘হনী ট্ৰেপিং’ বোলা ব্যৱসায়টো চলি আছে।

১৪)হৃষিকেশ ডেকা:

ফটহু কাই যদি ফটাঢোল গ্ৰুপৰ পৰা ফটাঢুলীয়ানীসকল ওলাই যায় তেন্তে ফটাঢোলত কি পৰিস্থিতিৰ উদ্ভৱ হ’ব?

ফটহুঃ- আন কি হয় নহয় নেজানো, ফটহুৱে কিন্তু এই গোটত ভৰি দিবলৈয়ো নাহে তেনে ক্ষেত্ৰত।

১৫)দীপ্তি বিনা হাজৰিকা:

পুৰুষসকলক সবল আৰু নাৰীসকলক অবলা, দুৰ্বলা বুলি আখ্যা দিয়া হয়। কিন্তু সেই সবল পুৰুষ সকলৰ যদি পত্নী বিয়োগ হয় তেওঁ অকলে সংসাৰৰ দায়িত্ব পালন কৰিব নোৱাৰি দুমাহ / তিনিমাহৰ পাছতে দ্বিতীয় বিবাহ কৰায় আৰু ঘৰ তথা সমাজেও সেই কথা মানি লয় কিন্তু দুৰ্বলা নাৰীসকলৰ যদি স্বামীৰ মৃত্যু হয় তেতিয়া কিন্তু সেই অবলা নাৰী গৰাকীয়ে অকলেই সংসাৰ দায়িত্ব পালন কৰে। সেই নাৰীয়ে দ্বিতীয় বিবাহতো দূৰৈৰ কথা আন পুৰুষৰ লগত কথা পাতিলেও সমাজে ভাল চকুৰে নাচায়। আমি পুৰুষ আৰু নাৰীক কিয় সম দৃষ্টিৰে নাচাওঁ?

ফটহু:- হে হে! কথাষাৰ পোনে পোনে কলেও আকৌ পুৰুষ সংহিতা অৱমাননা কৰা হয়, পিছে নকলেও  নহয়। এই নাৰী অবলা, পুৰুষ সবল, পুৰুষে কৰিলে লীলা, নাৰীয়ে কৰিলে . . . ইত্যাদি নিয়মবোৰ উলিয়াইছে কোনে? পুৰুষ সকলেই নহয় জানো?  নিজৰ সুবিধাৰ বাবে। টেঙৰ পুৰুষে আৰু কৰিছে কি,  এই নিয়মবোৰ  বৰ্তাই ৰখাৰ কামটোৱো নাৰী সমাজৰে কিছুক দিছে, আৰু তেওঁলোকেও যুগ যুগ ধৰি তাকে পালন কৰি মহাসুখে আছো বুলি ভাৱিছে। সম দৃষ্টি ক’ৰ পৰা হ’ব?

এতিয়া ফটহুৱে সেইবোৰ বেয়া বুলি কৈ পুৰুষ নাৰী দুইপ‍‍ক্ষৰে গালি শুনিলেহে হ’ব।

১৬)মৃদুল শইকীয়া:

ফটহুকাই, এজন অন্ধ মানুহক আপুনি ৰঙৰ ধাৰণা কেনেকৈ দিব ?

ফটহুঃ- চকু কেইটা অস্ত্ৰোপচাৰৰ সহায়ত ভাল কৰি লৈ।

(বি.দ্ৰ. : আজিকালি বহু লোকে নিজৰ অংগ বিলাক দান কৰি যায়, চকুও দান কৰিব পাৰি। এয়া এক মহৎ কাৰ্য, মৃ্ত্যুৰ পাছত মূল্যবিহীন হৈ পৰা চকুকেইটাই কাৰোবাৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনিব পাৰে। আহকচোন কথাবোৰ অলপ বেলেগকৈ ভাবি চাওঁ।)

১৭)ধৰিত্ৰী শৰণীয়া:

ফটহু ডাৰ্লিং, পুৰুষসকলে নাৰীৰ মেকআপ সাজ-সজ্জালৈ বহুত সমালোচনা কৰে, কিন্তু তেওঁলোকৰ চকু কিন্তু ধুনীয়া সাজ-পাৰ আৰু মেকআপত থকা মহিলাৰ প্ৰতিহে যায়। গতিকে মোৰ প্ৰশ্ন হ’ল তেওঁলোকে কি বিচাৰে?

ফটহু: ডাৰ্লিং! তেনেকৈ ক’লে ফটহুৰ বুকুখন খুন্দা মাৰি ধৰে আকৌ। পিছে সি যি কি নহওক, পুৰুষ সুন্দৰী সুসজ্জিতা মহিলাৰ প্ৰতি আকৰ্ষিত হয়েই, সেয়া প্ৰকৃতিৰ নিয়ম। কিন্তু পুৰুষজনাৰ পত্নীয়ে কেনেবাকৈ গম পালে কেজেংখন লাগি পৰিব বুলি লোকক দেখুৱাই সমালোচনা কৰে। সাপো মৰক, লাঠিও নাভাগক।

১৮)পৰিস্মীতা গগৈ:

প্ৰেম হেনো অন্ধ। কিন্তু কথা হ’ল আজিৰ চিকিৎসা শাস্ত্ৰৰ ইমান অগ্ৰগতিৰ দিনতো প্ৰেমৰ চকুকেইটা ঠিক কৰিব কিয় পৰা নাই ?

ফটহু:- সঁচাকৈ অন্ধ হ’লেহে চিকিৎসা কৰি ভাল কৰিব পৰা যায়, প্ৰেম হ’ল সকলো দেখিও জোৰকৈ চকু মুদি থকা অন্ধ, গতিকে ইয়াৰ প্ৰতিকাৰ নাই।

১৯)সৌৰভ শৰ্মা:

এজন যোগ্য যুৱকে বীমা প্ৰতিস্থান এটাত চাকৰিৰ সাক্ষাৎকাৰ দিলে। তাক অভিজ্ঞতা নথকা বাবে নিৰ্বাচকে মকৰল নকৰো বুলি কলে। সি ওলাই আহিব ধৰোতে মজিয়াত এটা পেপাৰ পিন পৰি থকা দেখি, উঠাই লৈ নিৰ্বাচকসকলৰ টেবুলত থকা মেগনেট পিনবক্সত থৈ উভতি আহিল। পিচৰ পৰা এজন নিৰ্বাচকে তাক মাতিলে আৰু চাকৰিত মকৰল কৰিলে। কিয় মকৰল কৰিলে ?

ফটহুঃ- বীমা কোম্পানীত এনে কণজুচ, মক্ষীচুচ, কৰাইচ মানুহেই লাগে।

২০) নৱকৃষ্ণ বৰুৱা:

ফটাঢোলৰ ঢুলীয়া নাচনীসকল দিনে দিনে অলস, ৰুচিহীন আৰু ভাগৰুৱা হৈ পৰাৰ কাৰণ কি বুলি ভাবে ফটহু কাই ?

ফটহুঃ- ক’তনো দেখিলে হে? ৰাইজে নেবাও বুলিও সাত চাপৰ বাই আছে, আপুনি আকৌ অলস হোৱা দেখিলে!

২১)পৰীস্মিতা দাস:

আমাৰ হিন্দুসকলে যে সাতজনমৰ বাবে বিবাহপাশেৰে বান্ধ খায়, সাত জনম শেষ নোহোৱালৈকে পতি-পত্নীয়ে বাৰু মানুহ হৈয়েই জন্ম পাই থাকে নেকি?

ফটহুঃ- বিয়া পাতিবলৈ মানুহ হোৱা জৰুৰী জানো? ফটহুৱে নিজে বিয়া পতাৰ পাছত অনুভৱ কৰিছে, আচলতে এই মানুহ বুলি ভুলতে ভাৱি থকা জনমটো গাধৰ জনম হে।

২২)ৰাজশ্ৰী শৰ্মা:

যদিহে গোটেই পৃথিৱীতেই এটাই মাত্ৰ ভাষা প্ৰয়োগ হয় আৰু সেই ভাষাটো অসমীয়া হয়, তেতিয়া আমি ফটাঢোলৰ মানুহখিনিয়ে কিবা আন্তৰ্জাতিক সন্মিলন পাতি সভাপতি কাক পাতিলে ভাল হ’ব?

ফটহুঃ- ফটহুক।

২৩)নিমিষা সোণোৱাল ফুকন:

ফটহু কাই, ফটাঢোলৰ মাত আৰু নফটাঢোলৰ মাতৰ ভিতৰত কোনটো মাত ৰাইজে ভাল পাব? নফটাঢোলত যদি চাপৰ মাৰি নাচনী ভন্টিক ঢুলীয়াই মাতি থাকে তেওঁ গজং গজং জাকৈ থেকেচ মৰাৰ নিচিনাকৈ আহিবনে নে গছৰ ঠাল ঠেঙুলী বতাহত লৰাৰ দৰে হালি – জালি আহিব বাৰু?

তেনে সময়তে বেৰত ওলমা ফটাঢোলটো কান্ধত লৈ —” এ আহাঁ আইদেউ এ আইদেউ আহাঁ নাচি নাচি বুলি কোবাই কোবাই নাচনীৰ ওচৰ চাপে, তেনে কি ধৰণৰ চেও দি দি নাচনীগৰাকী কাষ চাপি আহিব বাৰু?

ফটহুঃ- ইংলিছ মিডিয়ামত পঢ়ি এচমিজ লেংগুৱেজ নজনা নাচনী হলে নফটা ঢোলৰ ফালেই যাব লাগিব, লাগিব, ফটাঢোলৰ মাতে নিজৰ ভাষা সংস্কৃতিক ভাল পোৱা, নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰা নাচনীকহে আকৰ্ষণ কৰে।

 

 

☆★☆★☆

 

14 Comments

  • হৃষীকেশ ডেকা

    মোৰ উত্তৰ পালো, ফটহু কাই আপোনাক ধন্যবাদ জনালোঁ

    Reply
  • অবিনাশ

    উত্তৰবোৰ ধুনীয়া

    Reply
  • Miraz

    অতি সুন্দৰ দৌ… ফটহু দাইটি জয় হৌ…

    Reply
  • উত্তৰ বোৰ ৰসাল হৈছে, মোৰ উত্তৰটোত সন্তুষ্টি লভিলোঁ। ধন্যবাদ।

    Reply
  • মৃদুল শইকীয়া

    মোৰ প্ৰশ্নটোৰ ইমান সুন্দৰ উত্তৰ পাই বৰ ভাল লাগিল৷ ফটহুকাইক অশেষ ধন্যবাদ৷

    Reply
  • হেমন্ত কাকতি

    মজ্জা লাগিল ফটহুকাই৷

    Reply
  • Rintumoni Dutta

    কি সাংঘাতিক উত্তৰ ফটহুকাইৰ। মানুহজন কোন জানিব পাৰিম নেকি

    Reply
  • ৰাস্না বৰা

    প্ৰশ্ন ,উত্তৰ দুয়োটাই একেবাৰে সম্পূৰ্ণ নম্বৰ পাইছে।ভাল লাগিল পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ উত্তৰ ফটহু ককাই।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া উত্তৰ দিলে দেই ফটহু দেদাই এ।

    Reply
  • Raju Kumar Nath

    সুন্দৰ উত্তৰ দিলা ফটহুকাই।এমোনা ধন্যবাদ দিলো।

    Reply
  • Mousumi gogoi

    ফটহু কাই য়ে মোৰ প্ৰশ্নৰো উত্তৰ দিয়া বাবে ধন্যবাদ জনালো ।কিন্তু প্ৰকৃত উত্তৰটো হৈছে এটা মুদ্ৰা ।মানে এটা মুদ্ৰাৰ এফালে হেড আৰু আনফালে টেইল থাকে ।

    Reply
    • অভিজিত কলিতা

      মোৰ মতে কিন্তু মৰা ঢোঁৰা সাপ টোও শুদ্ধই হৈছে। মৰা ঢোঁৰা সাপৰো নেজ আৰু মুৰ থাকে, ফটহু তেনেকুৱাই আৰু।

      Reply
  • Manisha Kakati

    yo yo fotohu

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *