ফটাঢোল

বিভিন্নজনৰ একলম -ৰামানুজ গোস্বামী

বৰ্তমান যুগৰ যান্ত্রিক জীৱনৰ পৰা কিছু নিলগত অকৃত্রিমভাৱে অকণমান হাঁহি-ধেমালি কৰাৰ উদ্দেশ্যৰে, সততে ফেচবুকৰ গোট বা ৱালত হৈ থকা তৰ্ক-বিতৰ্কৰ পৰিৱৰ্ত্তে, এমুঠিমান সমভাৱাপন্ন মানুহ লগ হৈছিলোঁ ফটা ঢোল নামৰ ফেচবুকৰ গ্ৰুপ এটাৰ জৰিয়তে। ইজনে-সিজনক বিশেষ চিনি নোপোৱাৰ পিছতো তেওঁলোকৰ মাজত চলিছিল নিৰ্দোষ ধেমালি…সৰু সৰু ধেমেলীয়া পোষ্টবোৰে হাঁহিৰ খোৰাক জগোৱাৰ লগতে প্ৰত্যেকৰে মাজত বাঢ়ি আহিছিল আন্তৰিকতা। আচলতে এই গ্ৰুপটোত কোনো বিশেষ সাহিত্যিকো নাছিল, কিন্তু প্ৰায় ১০% মান সদস্য আছিল নৱ প্ৰজন্মৰ সাহিত্য চৰ্চা কৰা কিছু লোক।

তেওঁলোকে মন কৰিলে যে ধেমালিৰ ছলেৰেই লিখা কথাবোৰ গঢ়াই-পিটি, চুঁচি-মাজি এখন ব্যঙ্গ ই-আলোচনী কৰিব পৰা যায়। তেওঁলোকৰ সৱল নেতৃত্বত আৰু গ্ৰুপৰ সদস্যসমূহৰ পূৰ্ণ সহযোগিতাত ২০১৭ চনৰ জুলাই মাহত ভূমিষ্ঠ হ’ল “ফটা ঢোল” নামেৰে ব্যঙ্গ ই-আলোচনী। পঢ়ুৱৈৰ মাজত ভিন্নজনে বিলাই দি যেতিয়া পাঠকৰ অভূতপূৰ্ব সঁহাৰি পালে এই ফটা ঢোল আলোচনীখনে, ই আৰু থমকি ন’ৰল। লাহে লাহে ব্যংগ সাগিত্য জগতৰ সুনামী সাহিত্যিক সকলৰ

সাক্ষাৎকাৰ তথা তেওঁলোকৰ লিখনিৰে সোণত সুৱগা চৰিবলৈ ধৰিলে আলোচনীখনত। প্ৰত্যেক মাহতেই নৱ-প্ৰজন্মৰ একো-একোজন অভিজ্ঞতাপুষ্ট সম্পাদকৰ বলিষ্ঠ সম্পাদনাত ন-পুৰণি আৰু দুই-এজন প্ৰথিতযশা অসমীয়া সাহিত্যিকৰ লেখাৰে জাতিষ্কাৰ হ’বলৈ ধৰিলে..আজি সেই সাফল্যযাত্রাৰ এবছৰ পূৰ্ণ হ’ব খোজা ক্ষণত অইন বহু সদস্যৰ দৰেই এই অভাজনো বহু সুখী, আৰু ‘ফটা ঢোলৰ’ জয়যাত্রাৰ শুভমূহুৰ্তৰ পৰা আজি পৰ্য্যন্ত প্ৰতিটো পলৰ এজন সাক্ষী হিচাৱে গৌৰৱান্বিত।

এই কথা বঢ়াই কোৱা নহয় যে, যিকোনো সমূহীয়া কামৰ সফলতাত দুজনমান নিঃস্বাৰ্থ লোকৰ অহৰহ প্ৰচেষ্টা, কষ্টস্বীকাৰ, স্বাভিমানী দায়িত্ববোধ সহ জড়িত হৈ থকা একান্ত নিষ্ঠা হৈছে এক বিশেষ কাৰক। সেই অনুৰূপে ‘ফটা ঢোলৰ’ প্ৰতিজন সম্পাদক নিৰ্বাচন কৰি সমগ্ৰ পৰিক্ৰমাটো আগুৱাই নিয়া সেই গুপ্ত নিষ্ঠাবান লোককেইজন হৈছে-শ্ৰদ্ধেয় ৰিণ্টুমনি দত্ত, জ্যোতিৰূপম দত্ত, হেমন্ত কাকতি, মৃদুল শৰ্মা, প্ৰণীতা গোস্বামী, ঋতুপৰ্ণা মহন্ত, ৰিতুপৰ্ন বৰা ইত্যাদি(অজানিতে বা ভুলতে কাৰোৰ নাম থাকি গ’লে মই দণ্ডৱতে ক্ষমাপ্ৰাৰ্থী)। শেষত এটা কথা ডাঠি ক’ব খুজিম যে, আজি যদি ‘ফটা ঢোল’ এখন ই-আলোচনী নহৈ একেখিনি ৰচনা সম্ভাৰেৰে এখন মাহেকীয়া প্ৰিণ্ট আলোচনী হ’লহেঁতেন, হয়তো অসমৰ সৰ্ব্বশ্ৰেষ্ঠ ব্যঙ্গ-আলোচনী বুলি সমগ্ৰ অসমে স্বীকৃতি

দিলেহেঁতেন। সময় আগলৈ বহু বাকী, তেনে সুদিন-সুখবৰ এদিন নিশ্চয় আহিব। লুইতৰ বহ্নিমান জলৰাশিৰ দৰেই অক্লান্তভাৱে আগুৱাই যাওক ‘ফটা ঢোল’…তাৰেই একান্ত কামনা সদায় ৰাখিম। জয়তু ‘ফটা ঢোল’।

 

☆★☆★☆

8 Comments

  • অনুৰূপ মহন্ত

    আপোনাৰ সৈতে সম্পূৰ্ণ একমত দাদা

    Reply
  • একমত দাদা।

    Reply
  • বুবুল

    একমত দাদা। আপোনাৰ লিখনিয়ে ফটাঢোলত সোণত সুৱগা চৰাইছে।

    Reply
  • আপোনাৰ দৰেই আমিও গৌৰৱান্বিত আৰু আশাবাদী ৰামানুজ দা

    Reply
  • ঠিকেই কৈছে ।

    Reply
  • Rintumoni Dutta

    ভাই, সকলো তোমালোকৰ সদিচ্ছাৰ বাবেই সম্ভৱ হৈছে।

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ। সুখে দুখে এইদৰেই লগ দি থাকিবা

    Reply
  • বৰ্ণালী ফুকন

    একেই মত পোষণ কৰিলোঁ৷

    Reply
  • Sankar Jyoti Bora

    কৃষ্ণ হৰিভকত৷বাকী আৰু একো নকওঁ৷

    Reply

Leave a Reply to Utpala Saikia Cancel reply

Your email address will not be published. Required fields are marked *